ৰাষ্টাৰ নীতি-নিয়ম আৰু ভদ্ৰতা – বি জে ৰঞ্জন
বিষয়টো অলপ আমনিলগা, কিন্তু দৰকাৰী৷
অলপৰ কথা৷ চিনাকি ভদ্ৰলোক এজনে নতুনকৈ এচ.ইউ.ভি. এখন লৈছে৷ ৰঙীন চশমা সহ ড্ৰাইভিং চিটত তেখেতেৰ ভাৱ-ভংগী দেখিবলৈ অতি সুন্দৰ, চিনেমাৰ লেখিয়া৷
বৰষুণ দিলে ভদ্ৰলোকে এচ.ইউ.ভি.খনেৰে বাচ্চা থবলৈ বা আনিবলৈ স্কুললৈ যায়৷ অ’টো, বাইক, স্কুটাৰ, অন্যান্য গাড়ীৰে স্কুলৰ সমুখত অজস্ৰ ভীৰ৷ সেইখিনিত গাড়ী ঘুৰোৱাৰ প্ৰশ্নই নাহে৷ ভদ্ৰলোকে কিন্তু গুৰু-গম্ভীৰতাৰে তাতেই তেখেতৰ গাড়ীখন মহা আয়াসত ঘুৰাবলৈ লয়৷ গাড়ী ডাঙৰ, গতিকে মুহূৰ্ততে আগে পিছে চাৰিওপিনে ‘জাম’ লাগি এখন মহা হাহাকাৰ লাগি যায়৷ তেখেতৰ কাণষাৰ নাই৷ বোধকৰো সমুখৰ এল.ই.ডি. চাই নিশ্চিন্ত মনে গাড়ী অগ-পিছা কৰে৷ কাৰণ মূৰ উলিওৱা দেখা পোৱা নাই আজিলৈ৷
তাহানিতে, ক্লাচ টেনত এ.জি. গাৰ্ডিনিয়াৰৰ “অন দ্যা ৰুল অব দ্যা ৰ’ড” পঢ়িছিলো, মনত পৰি যায়৷
আন এদিন৷ ৰাষ্টাৰে গাড়ী চলাই গৈ দেখিলো বিপৰীত দিশৰ পৰা গাড়ী এখন সাংঘাতিক ধৰণেৰে আহি আছে৷ আৰোহী এগৰাকী ভদ্ৰ-মহিলা৷ গাড়ী এনে ধৰণেৰে চলাইছে যেন গোটেই ৰাষ্টা তেখেতে নিজৰ নামত ম্যদী পট্টা কৰি লৈছে৷ ব্যস্ত হৈ কেইবাবাৰো হৰ্ণ বজাইও কামত নাহিল৷ কোনোমতে মোৰ গাড়ী ৰাষ্টাৰ কাষত ৰখাব পাৰিলো হে, চুৱো-নুচুৱোকৈ ভদ্ৰ মহিলাৰ গাড়ী পাৰ হৈ গ’ল ফুল-স্পীডত৷ চিনাকি মানুহ এজনে দেখি আছিল, ক’লে-“আপুনি ৰখাই দি ভালেই কৰিলে, নহ’লে লগায়ে দিলেহেঁতেন৷ ” মনতে ভাৱ হয়- এইবোৰতো জনা-বুজা, লেখা-পঢ়া মানুহেই হয়, তেওঁলোকে বাৰু “অন দ্যা ৰুল অব দ্যা ৰ’ড” পঢ়ি একো বুজি পোৱা নাছিল নেকি?
এজনক জানো যিয়ে নিজকে সুদক্ষ চালক বুলি সুবিধা পালেই দাবী কৰে৷ পিছে তেওঁৰ কি বেমাৰ আছে নাজানো- ৰাষ্টাত তেওঁৰ গাড়ীৰ আগে আগে আন গাড়ী যাব নোৱাৰে৷ তেওঁ অভাৰটেক কৰিহে এৰিব৷ অইনে তেওঁৰ গাড়ী অভাৰটেক কৰাতো সপোনৰো অগোচৰ৷ বিকৃত ধৰণে হৰ্ণ বজাই, গাড়ীৰ বাম্পাৰে বাম্পাৰে যেন চুমাহে খোৱাব, এনেকৈ গৈ গৈ হঠাতে সামান্য ঠাই অকণ পালেই হ’ল আৰু, অভাৰটেক কৰি উঠি তাচ্ছিল্যৰ হাঁহি মাৰি দিয়ে-“কেনে? ফেৰ মাৰিবি আৰু মোৰ লগত? ”
কেতিয়াবা দেখা পাওঁ- অত্যাধুনিক, বিলাসী গাড়ী চলাই গৈ থকা ভদ্ৰলোক এজনে হঠাতে মাজ ৰাষ্টাতে গাড়ী ৰখাই দিছে- কাৰণ চিনাকি কাৰোবাক তেখেতে দেখা পাইছে৷ তেখেতে পিছে মুঠেই ভাবিবলৈ ইচ্ছা কৰা নাই এনেকে মাজ ৰাষ্টাত গাড়ী ৰখাৰ ফলত আগৰ-পিছৰ অন্য যাতায়তকাৰীৰ অসুবিধা হ’ব পাৰে বুলি৷ লগে-লগে যান-জোঁট৷ ভদ্ৰলোক কিন্তু সাক্ষাত বুদ্ধৰ অৱতাৰ, স্থিতপ্ৰজ্ঞ৷ আগে-পিছে, চৌপাশে হৰ্ণ বাজিয়ে আছে, বাজিয়ে আছে, আৰু তেখেতে ৰাষ্টাৰ মানুহজনৰ সৈতে কথা পাতিয়ে আছে, পাতিয়ে আছে……..৷
হায়, হায়! “অন দ্যা ৰুল অব দ্যা ৰ’ড” কিয় যে পঢ়িছিলোঁ!
কিছুমানৰ গাড়ীৰ স্পীড আকৌ বৰষুণ বতৰত ৰাষ্টাৰ মাজত জমা হোৱা পানী দেখিলেই বাঢ়ি যায়৷ চকা, মাডগাৰ্ড আদি বিনা-পইচাই যি চাফা হয় হওক বুলি ফৌচকৈ যিদৰে বোকা-পানী চটিয়াই থৈ যায়, গাড়ী মলিমুক্ত হওক -নহওক, অইন পথচাৰীৰ কাপোৰ-কানি যে বোকা-পানীৰে ভৰি পৰে তাকে লৈ সমূলি চিন্তা নাই৷ বাৰু, কেতিয়াবা ভুলতে সেইটো হৈ গ’ল বুলি তেওঁলোক দুঃখিত হৈছে বুলি ভাবিছে নেকি? নাভাবিব, কাৰণ – গাড়ী চলাইছে ভাই তেওঁলোকে গাড়ী চলাইছে, কেইবা লাখটকীয়া চাৰিচকীয়া হয়(আছে ক’ত আপুনি? )৷
অৱশ্যে গাড়ী জোৰকৈ চলাবলগীয়া অৱস্থা হয় চবৰে কেতিয়াবা৷ তেতিয়া আমি হৰ্ণ বজাওঁ, চিগনেল দি আগৰ গাড়ীৰ পৰা চাইদ বিচাৰো৷ চাইদ যদি পাই যাওঁ, তেন্তে অভাৰটেক কৰো৷ সিদিনাও দৌৰাদৌৰি কৰি স্কুললৈ ল’ৰাক আনিবলৈ গ’লো৷ ভুল মোৰেই, স্কুল ছুটিৰ সময় পাহৰি গৈছিলোঁ৷
আগে আগে এগৰাকী মহিলাই গাড়ী চলাই গৈ আছে৷ হৰ্ণ বজাই বুজাবলৈ চেষ্টা কৰিলো- যাবলৈ দিয়ক বাইদেউ, মোৰ আজি দৌৰাদৌৰি৷ নাই, মহিলাগৰাকীয়ে না মোক যাবলৈ দিছে না তেখেতে বেগেৰে গৈছে৷ অথচ বহল ৰাষ্টাটোত চাইড দিবলৈ ঠাই আছে বহুত৷ মাজ ৰাষ্টাৰে এনেভাৱে চলাই গৈ আছে যেন তেখেতৰ মনৰ কথাটো শুনি নাপালেও ইয়াত বাদে বেলেগ নহয়-“চাইড-ফাইড মই দিব নোৱাৰো, যেনেকে মৰা মৰা৷ ” যদি মই স্পীড বঢ়াই ওচৰলৈ গৈ চাইড বিচাৰো, তেখেতেও স্পীড বঢ়ায়, আৰু যদি স্পীড কমাও তেখেতেও স্পীড কমাই দিয়ে৷ কঁপাল! দুই কিলোমিটাৰ বাট এনেকে কামোৰ খাই খাই স্কুল পালোগৈ৷
কি কম, এই পৃথিৱীত ৰকম ৰকমৰ চালক আছে৷ এচাম আছে যিয়ে টাউনত, বজাৰৰ ভীৰৰ মাজতো ‘কাৰ-ৰেচ’ কৰি ভাল পায়৷ তেতিয়া নভবাকৈ “লোকেল-কম্ফু”ৰ ডাইলগটো মনলৈ আহি যায়৷ তেখেতসকলে কৰে কি- হৰ্ণ বা চিগনেল নিদিয়াকৈ পথাচাৰীৰ একেবাৰে গাৰ ওচৰলৈ গাড়ীখন আনি হঠাত ভৌউতকৈ হৰ্ণ বজাই দিয়ে৷ “খুন্দিয়ালে ঔ” এনে ভাৱত পথাচাৰীজনে যে একেজাঁপে ৰাষ্টাৰ কাষ পায় সেইটো দৰ্শন কৰি তেখেতসকলে এক আদিম তৃপ্তি অনুভৱ কৰে৷
চাৰি বছৰ আগতে কহিমালৈ গৈছিলো৷ তাত অনাৱশ্যক হৰ্ণ বজোৱা নিষেধ৷ ৰাষ্টা অতিক্ৰম কৰোতে পথচাৰীৰ “প্ৰিফাৰেন্স” সদায় প্ৰথম৷ কিমান শান্তিপূৰ্ণভাৱে তাত গাড়ী-মটৰ চলে নেদেখিলে ভাবিব নোৱাৰি৷
অসমত আকৌ জিলাৰ পৰা গৈ গুৱাহাটীৰ ৰাষ্টাত উধাই-মুধাই গাড়ী চলাই আমাৰ মানুহেই গৰ্ব কৰে- “ইয়াত মানে, চিটিত গাড়ী অলপ দাদাগিৰি কৰি নচলালে অন্য গাড়ীয়ে পাট্টাই নিদিয়ে হে৷ ”
শেষত– প্ৰথমতে কোৱা, বৰুষুণ দিলেহে এচ.ইউ.ভি. উলিওৱা মিতব্যয়ী (নিজকে বৰ খৰচীৱালা বুলি বাহাদুৰি নাই মৰা বাৰু, খঙতহে কৈছো এতিয়া) ভদ্ৰলোকজনক সিদিনা স্কুলৰ আগত দেখিলো৷ তেখেতে স্কুটীখন চলাই ৰাষ্টা পাৰ হ’বলৈ সুৰুঙা বিচাৰি আছে৷ এপাকত মোৰ গাড়ীৰ ওচৰলৈ আহি ৰাষ্টাৰ যানজঁটৰ প্ৰতি তীব্ৰ বিষেদাগাৰ কৰিলে-“দেখিছেনে হেৰি, কেনেকৈ চলাইছে? একো নজনাকৈয়ে কিছুমানে গাড়ী চলায় হে ৰাষ্টাত৷ ”■■