ৰাসলীলা: চমু বিশ্লেষণ (মৃণালজ্যোতি গোস্বামী)

ৰাসলীলাৰ ‘ৰাস’ শব্দটো নিষ্পন্ন হৈছে ‘ৰস’ৰ পৰা। ৰস শব্দই ব্যুৎপত্তিগতভাৱে ‘ৰসিত’ বা আস্বাদিত অৰ্থ নিৰূপণ কৰে। সাহিত্য দৰ্পণত বিশ্বনাথ কবিৰাজে মন্তব্য কৰিছে- ‘ৰস্যতে ইতি ৰসঃ’ – যিটো ৰসিত বা আস্বাদিত হয় সিয়ে ৰস। লৌকিক অৰ্থত জিভাৰে আস্বাদিত বিভিন্ন অনুভূতি বা উপলব্ধিকেই আমি ৰস বুলি মন্তব্য কৰোঁ। কিন্তু কাব্যত কবিয়ে অনুভৱ কৰা পৰম আনন্দৰ স্বৰূপ পাঠক-শ্ৰোতাৰ হৃদয়লৈও সঞ্চাৰিত কৰি তুলিব বিচাৰে। এই আনন্দৰ স্বৰূপ লোকোত্তৰ। ৰস শব্দটি ঋগবেদতো পোৱা যায়। উপনিষদৰ দিনত ইয়াৰ অৰ্থৰ সলনি হৈছে। ঋগবেদত জুলীয়া বস্তুক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী কালৰ উপনিষদত ৰসৰ অৰ্থৰ পৰিৱৰ্তন ঘটি ই হ’ল- ‘সাৰ পদাৰ্থ’। তৈত্তিৰীয় উপনিষদত আছে- ‘ৰসো বৈ সঃ ৰসং হ্যেৱায়ং লব্ধা আনন্দীভৱতি’- অৰ্থাৎ ৰস মানে আনন্দ। আনন্দময়ী মহাসত্তাক উপলব্ধি কৰিবলৈ উপনিষদৰ যুগৰ ঋষিমুনিসকলে কঠোৰ তপস্যা কৰিছিল। তেওঁলোকে পৰিশেষত উপলব্ধি কৰিছিল দুখ-শোকৰ অতীত এক পূৰ্ণানন্দ অৱস্থা। ইয়াৰ আলম লৈয়ে পৰৱৰ্তী কালৰ আচাৰ্যসকলে ৰসৰ অৰ্থ নিৰূপণ কৰিলে- ৰস হ’ল সৌন্দৰ্যবোধৰ পৰা সৃষ্টি হোৱা অতি জাগতিক আনন্দময়ী অৱস্থ। ইয়াক কেৱল মানসিকভাৱেহে উপলব্ধি কৰিব পাৰি। এই ৰসৰ পৰাই ৰাস শব্দটো উৎপত্তি হৈছে- ‘ৰাসস্যায়ং ৰাসঃ’ – অৰ্থাৎ পৰমব্ৰহ্মৰ সহিতে জীৱাত্মাৰ সম্বন্ধই হৈছে ৰাস। আকৌ কৈছে- ‘ৰসানাং সমূহো ৰাসঃ’ – অৰ্থাৎ সকলো ৰসৰ সমাবেশেৰে সৃষ্টি হোৱা ব্ৰহ্মানন্দই হৈছে ৰাস।
আনহাতে ৰাসৰ লগত জড়িত হৈ আছে কৃষ্ণৰ নাম। আমি কৃষ্ণ শব্দটো অৰ্থ বিস্তাৰ কৰিলে দেখা পাওঁ যে ‘কৃষ’ ধাতুৰ লগত ‘ণ’ যোগ হৈ এই শব্দটো সৃষ্টি হৈছে। কৃষ ধাতুৰ অথৰ্ৰ হ’ল- ভূ অৰ্থাৎ সত্তা বা অতিসত্ব আৰু ‘ণ’ৰ অৰ্থ নিবৃত্তি অৰ্থাৎ পৰমানন্দ। সাধাৰণভাৱে আমি ক’ব পাৰোঁ- যি পৰম বস্তুক লাভ কৰিলে জীৱই পৰমানন্দ লাভ কৰে সেই পৰমাত্মাৰ সৈতে সত্তা বা আত্মাৰ যি মিলন সেয়েই কৃষ্ণ; কাৰণ – কৃষ্ণবস্তু ভগৱান স্বয়ম।
ভগৱান বিষ্ণুৰ ৰাম অৱতাৰত দণ্ডকাৰণ্যবাসী ঋষিসকলে শ্ৰীৰামক দেখি মুগ্ধ হোৱাৰ লগতে তেৰাৰ প্ৰেয়সীৰূপে তেৰাক সেৱা কৰিবলৈ বাঞ্ছা কৰিছিল। ভগৱনত ৰামে সেই সময়ত তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ নকৰি পৰৱৰ্তী অৱতাৰত পূৰ্ণ কৰিব বুলি কথা দিলে। ভগৱান সদয়েই ভক্তৰ অধীন। সেইবাবে দ্বাপৰ যুগত ভগৱন্তই কৃষ্ণ অৱতাৰ ধাৰণ কৰোঁতে সেই ঋষিসকলেই গোকুলৰ গোপী ৰূপে জন্ম গ্ৰহণ কৰিছিল আৰু শৰতৰ পূৰ্ণিমা ৰাতি তেওঁলোকৰ সৈতে ৰাসলীলা সম্পন্ন কৰে। প্ৰসংগক্ৰমে স্মৰণযোগ্য যে কৃষ্ণ অৱতাৰৰ বস্ত্ৰহৰণৰ কালতো তেওঁ গোপীনীসকলক ৰাসলীলা কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। দশমত উল্লেখ আছে- শৰত কালৰ ৰাত্ৰি অতি বিতোপন। ৰাসক্ৰীড়া(?) কৰন্তে কৃষ্ণৰ ভৈল মন।।

ৰাসলীলা আখ্যানভাগ আমি পাওঁ শ্ৰীমদ্ভাগৱতত। অষ্টদশ পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ তথা পুৰাণ সূৰ্য হিচাপে স্বীকৃত এইখন গ্ৰন্থত উল্লেখ কৰিছে যে- ধানৰ বাকলিৰ তলত যেনেদৰে অন্ন (চাউল) লুকাই থাকে এই ৰাসক্ৰীড়াটো(?) ভগৱন্তৰ সৈতে ভক্তাৰ অন্তৰিক মিলন হে বৰ্ণিত হৈছে। ৰাসক্ৰীড়াৰ(?) বাহিৰৰ অৱৰণত শৃংগাৰ বা আদি ৰসে প্ৰাধান্য লাভ কৰিছে যদিও ইয়াৰ মাজতে অন্ন ৰূপী আত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ কথাখিনি প্ৰচছন্ন হৈ আছে। সাংসাৰিক আসক্তিত পৰি সাধাৰণ লোকে ভগৱানৰ প্ৰতি আকৃষ্ট নহ’বও পাৰে সেয়ে বহু সময়ত লৌকিক ৰসৰ জৰিয়তে ভগৱৎ ভক্তিলৈ সবৰ্সাধাৰণৰ মন ঢাল খোৱাবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰা হয়। সেইবাবেই মহাপুৰুষ শংকৰদেৱে ৰাসলীলাৰ বিষয়ে লিখিছে- শৃংগাৰ ৰসে আছে যাৰ ৰতি।
আকে শুনি হৌক নিৰ্মল মতি।। আনহাতে তেৰাৰ মতে এয়া হ’ল- ‘‘কামজয় নামে ইটো কেশৱৰ কেলি।’’

প্ৰসংগক্ৰমে স্মৰণযোগ্য যে ৰাস প্ৰধানতঃ এক নৃত্য বিশেষ। মণ্ডলাকাৰে এই নৃত্য অসংখ্য নৰ্তকীয়ে পৰিৱেশন কৰে আৰু এজন নৰ্তকে কেন্দ্ৰত স্থিতি লৈ নৃত্য কৰে। এই নৃত্যক হল্লীশক নত্য বোলা হয়। এই হল্লীশক নৃত্যই বিবিধ তাল, গতি, চলন সমন্বিতে পৰিৱেশন হ’লহে ই ৰাসনৃত্য নাম লাভ কৰে। আৰু এটা কথা মন কৰিবলগীয়া যে ভাগৱতত ‘ৰাধা’ নামৰ চৰিত্ৰটোক এই নৃত্যৰ প্ৰসংগত উল্লেখ কৰা হোৱা নাই; কিন্তু আন কেইবাখনো পুৰাণত; যেনে- ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ, নাৰদ পঞ্চাৰাত্ৰ, গাৰ্গৰ সংহিতাত ৰাধাৰ কথা বিস্তৃতভাৱে উল্লেখ কৰিছে। সেয়ে সমালোচকসকলে ৰাধা চৰিত্ৰটি পৰৱৰ্তী কালৰ সৃষ্টি বুলি মত পোষণ কৰে।

বহু সমালোচকে ৰাসৰ লগত মানৱ দেহাৰো সম্বন্ধ আছে বুলি ক’ব খোজে। তেওঁলোকে বৃন্দাবনৰ ২৫ খন বনৰ লগত মানৱ দেহৰ ২৪ তত্ত্ব আৰু মনৰ কথা উল্লেখ কৰে। ‘‘মনৰ সৈতে থকা ২৪ তত্ত্ব অৰ্থাৎ ২৫ খন বন সদৃশ দেহ জগতত জীৱাত্মাৰ প্ৰতি যি দুৰ্বাৰ আকৰ্ষণ সেয়ে ৰাসক্ৰীড়া(?)।’’ যমুনাৰ পাৰৰ ৰাসক্ৰীড়াৰ(?) দৰে হৃদয়ত প্ৰেমৰ লীলা যমুনাক লৈহে জীৱাত্মা (গোপীসকল) আৰু পৰমাত্মাৰ (কৃষ্ণ)ৰ মিলনৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব পাৰে। শ্ৰদ্ধাভক্তিৰে ৰাসলীলাৰ অমৃত সিন্ধু পান কৰাজনে পৰমজনৰ লগত একাত্ম হৈ পৰমানন্দত নিমজ্জিত হ’ব পাৰি বুলিয়েই বিশ্বাস কৰি আজিও অতি শ্ৰদ্ধা সহকাৰে শৰতৰ পূৰ্ণিমাত ৰাস উৎসৱ পালন কৰা হয়।

3 thoughts on “ৰাসলীলা: চমু বিশ্লেষণ (মৃণালজ্যোতি গোস্বামী)

  • September 15, 2017 at 10:22 pm
    Permalink

    বৰ ভাল বিশ্লেষণ

    Reply
  • November 16, 2019 at 6:22 pm
    Permalink

    ৰাস উৎসৱৰ পৰত কৃষ্ণৰ হাতত বধ হোৱা অসুৰ এজন আছিল বুলি কোৱা হয়!তেওঁ কোন?

    Reply
    • October 26, 2021 at 7:51 am
      Permalink

      শঙ্খচূড়

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!