ৰিউমেট'লজী

লেখক- মৃদু পৱন ৰাজখোৱা

ৰিউমেট’লজী শব্দৰ প্ৰকৃত অসমীয়া প্ৰতিশব্দ আছেনে নাই মই অজ্ঞ, গতিকে rheumatology ক‌ ৰিউমেট’লজী বুলিয়েই উল্লেখ কৰিম।ৰিউমেট’লজীকেল বেমাৰসমূহ প্ৰত্যক্ষভাৱে আমাৰ দেহৰ প্ৰতিৰক্ষা তন্ত্ৰ(Immune System)টোৰ সৈতে জড়িত। আমাৰ দেহক যদি বাহিৰৰ কোনো বীজাণুৱে আক্ৰমণ কৰে, তেন্তে এই প্ৰতিৰক্ষা বিভাগটোৱে সেই বীজাণুখিনি‌ ধ্বংস কৰি দিয়াৰ ভূমিকা পালন কৰে।প্ৰতিদিনে আমি অগণন অনুজীৱ উশাহত উজাই লওঁ, অসংখ্য বীজাণু খাদ্যৰ সৈতে গিলি দিওঁ; কিন্তু প্ৰতিৰক্ষা বিভাগটো থকাৰ বাবে আমাৰ বেমাৰ নহয়। কোনো কাৰণত এই যুঁজখনত বীজাণুৰ জয় হ’লেই আমাৰ সংক্ৰমক ৰোগ(Infective disease) বোৰ হয়।

 

ৰিউমেট’লজীত কিন্তু তাৰ ওলোটা।ইয়াত এতিয়ালৈকে অজ্ঞাত বিভিন্ন কাৰণত আমাৰ দেহৰ প্ৰতিৰক্ষা তন্ত্ৰটো অতি সক্ৰিয় হৈ যায়। কেতিয়াবা বাহিৰৰ বীজাণুৰ সৈতে আমাৰ দেহৰ কোনো এটা অংগৰ কিবা যৌগিক সাদৃশ্য (Molecular Mimicry) থাকে যাৰ বাবে আমাৰ প্ৰতিৰক্ষা বিভাগে ভাবি লয় সেয়া কোনোবা বীজাণুৰ আক্ৰমণ।তেতিয়া, প্ৰতিৰক্ষা তন্ত্ৰটোৱে আমাৰ দেহৰ নিজৰ অংগবোৰৰ বাবেই অনিষ্টকাৰী অনু (Cytokine,Antibody) আদি প্ৰস্তুত কৰে আৰু অৱলীলাক্ৰমে শৰীৰৰ সেই অংগসমূহৰ বিস্তৰ ক্ষতিসাধন হয়।

 

ৰিউমেট’লজীকেল বেমাৰ সমূহ কোনো‌ এটা অংগপ্ৰধান হ’ব পাৰে‌, যেনেকৈ হাড়ৰ সন্ধিবোৰত হোৱা ৰিউমেটইড আৰ্থাইটিছ(Rheumatoid arthritis) অথবা গোটেই শৰীৰটোক ক্ষতিকৰা “SLE”  বোলা বেমাৰটো। দ্বিতীয় ভাগটো তুলনামূলকভাৱে মাৰাত্মক,‌কিয়নো উপযুক্ত চিকিৎসা নাপালে অতি কম দিনৰ ভিতৰত শৰীৰৰ সকলো তন্ত্ৰক ক্ষতি কৰি ই এগৰাকী ৰোগী মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে।

 

আমাৰ প্ৰতিৰক্ষা বিভাগটোক দমন কৰাটোৱেই হৈছে ইয়াৰ মূল চিকিৎসা।প্ৰায়খিনি বেমাৰৰে সম্পূৰ্ণ প্ৰতিকাৰ নাই, কিন্তু উপযুক্ত চিকিৎসাৰে এগৰাকী ৰোগীয়ে অন্য সুস্থ মানুহৰ দৰে স্বাভাৱিক জীৱন নিৰ্বাহ কৰিব পাৰে।ৰিউমেট’লজীকেল বেমাৰৰ লক্ষণ দেধাৰ আৰু অংগভেদে বেলেগ বেলেগ,কৈ অন্ত কৰিব নোৱাৰি। কিন্তু বহুকেইটা বেমাৰৰ এটা প্ৰধান আৰু উমৈহতীয়া লক্ষণ হব পাৰে হাড়ৰ গাঁঠিৰ বিষ।

 

আপোনাৰ অথবা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ যদি এনে বেমাৰ আছে,তেন্তে এগৰাকী মেডিচিন বিশেষজ্ঞৰ তত্বাৱধানত আপুনি নিয়মিত ঔষধ সেৱন কৰি থাকক, তেওঁ প্ৰয়োজনবশত আপোনাক ৰিউমেট’লজিষ্ট (rheumatologist)ৰ ওচৰলৈ‌ Refer কৰিব। ৰিউমেট’লজিষ্ট(‌যিয়ে মেডিচিন অথবা শিশু ৰোগ বিশেষজ্ঞ হোৱাৰ পাছত পুনৰ তিনি বছৰ rheumatology বিষয়টি অধ্যয়ন কৰিছে)ৰ consultation ৰ অপৰিসীম গুৰুত্ব আছে; জীৱনৰ প্ৰতি ভাবুকি অহাৰ সময়ত,দীঘলীয়া সময়ৰ বাবে সেৱন কৰিবলগীয়া ঔষধৰ প্ৰকাৰ,সময় নিৰ্ধাৰণ ইত্যাদিৰ বাবে। কিন্তু,পৰিতাপৰ কথা, গুৱাহাটীৰ বাহিৰে অসমৰ অন্যান্য চহৰত ৰিউমেট’লজিষ্ট পোৱাটো দুৰূহ।

 

ষ্টেৰ’ইডৰো(মই এই বিষয়ে ‌আগতে লিখিছো) এই চিকিৎসাত উল্লেখনীয় আৰু জীৱনদায়িনী ভূমিকা আছে; কিন্তু বহুতো পাৰ্শ্বক্ৰিয়াৰ সৈতে। ষ্টেৰ’ইডবোৰ কমদামী হোৱাৰ বাবে বহুতো অসৎ মানুহ আৰু ক’ম্পেনীয়ে গাঁৱলীয়া আৰু আয়ুৰ্বেদিক ঔষধৰ নামত ষ্টেৰ’ইডৰ টেবলেট মিহলি কৰা দৰব খুৱাই আপোনাৰ গাঁঠিৰ বিষ প্ৰশমিত কৰি ৰাখিব পাৰে, কিন্তু অজস্ৰ পাৰ্শ্বক্ৰিয়াৰ বিনিময়ত।এনে চক্ৰৰ পৰা আঁতৰি থাকক।পুনৰ কওঁ, যিজনে চিকিৎসাৰ RISK আৰু BENIFIT নিৰূপণ কৰিব পাৰে তেওঁৰ পৰাহে চিকিৎসা গ্ৰহণ কৰক।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!