ৰুদ্ধ কণ্ঠত প্ৰেমৰ বীজ – শৈলেন তালুকদাৰ

এদিন নীলা বতাহে পোহৰৰ লগত বিয়াত বহিছিল৷
নীলা বতাহে তুলিকাৰে
প্ৰেমৰ ছবি আঁকিছিল
আৰু পোহৰৰ আছিল মৌ মিঠা কণ্ঠ৷
কথা আছিল নীলা বতাহত
পোহৰৰ কণ্ঠ বিয়পি যোৱাৰ,
মৌ নিগৰা গীতৰ সুৰে সুৰে
নীলা বতাহে প্ৰেমৰ ছবি অঁকাৰ!
এদিন নীলা বতাহৰ তুলিকা কপি উঠিছিল,
কাৰণ পোহৰৰ কণ্ঠ ৰুদ্ধ হৈছিল!
সাতসৰী, ডিঙিৰ মণি, সোণৰ খাৰু বেয়া পোৱা পোহৰৰ ৰুদ্ধ কণ্ঠ!
নীলা বতাহৰ স্তব্ধ তুলিকা!
কি এক আচৰ্য্য পৰিহাস!
কণ্ঠৰুদ্ধ পোহৰৰ সদাজীৱিত হাঁহিত এটি প্ৰেমৰ অংকুৰিত বীজচোন
নীলা বতাহে তেতিয়াও বিচাৰি পাইছিল!
লাহে লাহে আঙুলিৰ ফাকত তুলিকা উঠিছিল!
স্থিতপ্ৰজ্ঞ নীলা বতাহ –
এহাতেৰে পোহৰক জীয়াই ৰাখিব, আনহাতেৰে জীয়া প্ৰেমৰ ছবি আঁকিব!
অহোৰাত্ৰি আকুণ্ঠ প্ৰয়াস নীলা বতাহৰ আৰু
ৰুগ্ন দেহত প্ৰেমৰ কি যে পৰিতৃপ্তি পোহৰৰ!
দশকৰ পাছত দশকধৰি চলিছিল
এখন চলন্ত জীয়া প্ৰেমৰ কথাছবি
নীলা বতাহ আৰু পোহৰৰ ….
পৰ্যৱসান!
লাহে লাহে পোহৰ স্তিমিত হৈ আহিছিল আৰু নীলৰ এহাত
পোহৰৰ দেহত স্তব্ধ হৈ আনহাতৰ পৰা তুলিকা সৰকি পৰিছিল!
তধা লাগি চাই নীলে কৈছিল –
“এতিয়াৰ পৰা মোক কোনে খং কৰিব পোহৰ!”
………

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!