ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

ৰূদ্ধদ্বাৰ – চৈয়দা আঞ্জুমআৰা হুচেইন

 

স্তদ্ধতাত নিক্ষেপিত সময়ে
ৰূদ্ধ দুৱাৰত টুকৰিয়াই……
নাদৰ পানী পিয়া
আশাবোৰে ……
নদীক বিচাৰি
বুকুত থপৰিয়াই৷
কান্দে অহৰ্নিশে……
সাগৰ সাগৰ বুলি
চকুত আঁকি লোৱা ঢৌ বোৰে
চকুৰ পতাহে গধুৰ কৰে………
ভৰিৰ শিকলি চিঙিব খোজা আশাই
চাতকী পখী হৈ ৰৈ ৰৈ বিনায়………!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!