ৰূপোৱালী ধুমুহা (ডা৹ উদ্দীপ তালুকদাৰ)

(Memoirs of Sherlock Holmes-ৰ প্ৰথম গল্প The Silver Blaze-ৰ অনুবাদ)

“উ’পায় নাই, ৱাটছ্‌ন, মই যাবই লাগিব,” ৰাতিপুৱাৰ আহাৰৰ বাবে মেজত বহাৰ সময়তে হোম্‌ছে কলে।

“যাব লাগিব! ক’লৈ?”

“ডাৰ্টমুৰ; কিংছ পাইলেণ্ডলৈ।”[১]

মই আচৰিত হোৱা নাছিলোঁ। দৰাচলতে ইমান দিনে মই এইটো ভাৱিহে আচৰিত হৈছিলোঁ যে এনে অসাধাৰণ ঘটনা এটাৰ লগত জড়িত নোহোৱাকৈ বন্ধুবৰ আছিল কেনেকৈ? ঘটনাটো ইতিমধ্যে সমগ্ৰ ইংলেণ্ডতে চৰ্চাৰ বিষয় হৈ পৰিছে। সম্পূৰ্ণ এদিন বন্ধুবৰে কোঠালীৰ ভিতৰতে ইফাল-সিফাল কৰি কটাইছে। মূৰটো বুকুত গোঁজা, চেলাউৰি থূপ খোৱা। বাৰে বাৰে কাঢ়া ধপাতেৰে নিজৰ পাইপডাল ভৰাই লৈছিল আৰু মোৰ কোনো প্ৰশ্ন বা কথা তেখেতৰ কাণত সোমোৱা নাছিল। বাতৰি-কাকত যোগনিয়াৰে প্ৰতিখন বাতৰি কাকতেই আমাৰ বহালৈ পঠিয়াই আছিল। বন্ধুবৰে এবাৰ চকু দিয়েই সেই কেইখন চুক এটালৈ দলিয়াইছিল। তেওঁ সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰিলেও মই ঠিকেই বুজিছিলোঁ যে তেওঁ কিহৰ ওপৰত ইমান চিন্তা কৰি আছে। জনাৰ ভিতৰত এটাই এনে ঘটনা আছিল যিটোৱে তেখেতৰ বিশ্লেষণ ক্ষমতাক প্ৰত্যাহ্বান জনাব পাৰে, আৰু সেইটো আছিল ৱেছেক্স কাপৰ[২] সাম্ভাৱ্য বিজয়ীৰ নিৰুদ্দেশৰ লগতে তাৰ প্ৰশিক্ষকৰ শোকাবহ হত্যা। সেয়ে হঠাতে সেই অঘটনৰ স্থানলৈ যোৱাৰ কথা কোৱাতো মই আচৰিত হোৱা নাছিলোঁ। মই তাকেই আশা কৰিছিলোঁ।

“তোমাৰ যদি একো অসুবিধা নহয়, মই সংগ দিবলৈ ভাল পাম,” মই ক’লো।

“প্ৰিয় ৱাটছন, তুমি মোৰ লগত থাকিলে সেয়া হ’ব ভগৱানৰ দান। আৰু তোমাৰ সময়খিনিও ভালদৰেই পাৰ হ’ব বুলি আশা কৰিব পাৰোঁ, কাৰণ এই ঘটনাটোত কেইটামান এনেকুৱা কথা আছে যিয়ে এইটোক অসাধাৰণ কৰি তুলিব পাৰে। এতিয়াই পেডিংটনলৈ[৩] গৈ আমি ৰেলত উঠো, বাকীখিনি তোমাক মই যাত্ৰাৰ সময়তে ক’ম। তুমি তোমাৰ দূৰবীণটো ল’বলৈ নাপাহৰিবা।”

আৰু এঘণ্টা পাছত আমি এক্সেটাৰলৈ[৪] ধাৱমান ৰেলৰ প্ৰথমশ্ৰেণীৰ ডবা এটাৰ ভিতৰত। ছাৰ্লক হোম্‌ছে পেডিংটনত কিনি লোৱা কেবাখনো বাতৰিকাকতৰ মাজত কাণ থকা টুপী পিন্ধা মূৰটো গুঁজি বহি আছে। ৰিডিং[৫] পাৰ হোৱাৰ বহু পাছতহে তেখেতৰ বাতৰি পঢ়া শেষ হ’ল আৰু মোৰ ফালে চিগাৰ-কেছটো আগবঢ়াই দিলে।
“আমি বেছ কোবেৰেই গৈ আছোঁ,” খিৰিকীৰে বাহিৰলৈ চাই হাত-ঘড়ীটোলৈ এবাৰ দৃষ্টি নিক্ষেপ কৰি তেওঁ ক’লে। “বৰ্তমান আমাৰ গতি ঘণ্টাত চাৰে-তেৱন্ন মাইল।”

“মই দেখোন মাইলৰ খুঁটি এটাও দেখা নাই,” মই কলোঁ।

“ময়ো দেখা নাই। কিন্তু এই টেলিগ্ৰাফৰ খুঁটাবিলাক ষাঠী গজৰ মূৰে মূৰে আছে। বাকীখিনি সহজ অংক। তুমি নিশ্চয় জন ষ্ট্ৰেকাৰৰ হত্যা আৰু ছিলভাৰ ব্লেজ-[৬]ৰ নিৰুদ্দেশৰ ঘটনাটোত চকু ৰাখিছা?”

“টেলিগ্ৰাফ[৭] আৰু ক্ৰনিকল-ত[৮] ওলোৱাখিনি পঢ়িছোঁ।”

“ঘটনাটো এনেকুৱা যে নতুনকৈ সাক্ষ্য আহৰণ কৰাৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথো যুক্তিৰ। প্ৰতিটো খুঁটি-নাটিক যুক্তিৰ শিকলিৰে সঠিককৈ বন্ধাটোৱেই আচল সমস্যা। ঘটনাটো দুৰ্লভ, সম্পূৰ্ণ আৰু কিন্তু কেবাজনৰো জীৱন-মৰণৰ লগত সম্পৰ্কিত, আৰু সেইবাবেই এইটোৰ লগত ইমান বোৰ অনুমান, ইমানবোৰ ধাৰণা আৰু প্ৰকল্প। কিন্তু আচল কামটো হৈছে তথ্য আহৰণ কৰা–শুদ্ধ তথ্য–সাংবাদিক আৰু গল্পকাৰৰ পাকলগা ভাষ্যৰ মাজৰপৰা সত্য আহৰণতেই ৰহস্যৰ চাবিকাঠী লুকাই আছে। প্ৰকৃত তথ্যৰ ভেঁটি স্থাপন হোৱাৰ পাছত, আমাৰ মৌলিক কৰ্তব্য হ’ল তাক বিশ্লেষণ কৰি আঁৰৰ বিশেষ বিন্দুসমূহ চিনাক্ত কৰা। মঙ্গলবাৰে সন্ধিয়া মই কৰ্নেল ৰছৰপৰা টেলিগ্ৰাম এখন পাইছিলোঁ। কৰ্নেল ৰছ ঘোঁৰাটোৰ মালিক। আন এখন টেলিগ্ৰাম পাইছোঁ ইন্সপেক্টৰ গ্ৰেগৰীৰপৰা, গ্ৰেগৰীয়ে ঘটনাটোৰ অনুসন্ধান কৰি আছে। তেওঁ বিচাৰিছে মোৰ সহযোগিতা।”

“মঙ্গলবাৰে সন্ধিয়া!” মই আচৰিত হ’লোঁ। “আজি দেখোন বৃহস্পতিবাৰ। কালিয়েই আমি নোলালোঁ কিয়?”

“কাৰণ মই এটা সাংঘাতিক ভুল কৰি পেলালোঁ ৱাটছন। এনেকুৱা এটা ভুল, যিটো মানুহে সাধাৰণতে নাভাবে যদিও মই প্ৰায়েই কৰোঁ। মই ভাবিছিলো ইংলেণ্ডৰ এটা বিখ্যাত ঘোঁৰাক ইমানসময়লৈ লুকুৱাই ৰখাটো সম্ভৱপৰ নহ’ব, তাতে ডাৰ্টমূৰৰ দৰে সৰু ঠাই এখনত। কালি দিনটো মই অপেক্ষা কৰি আছিলোঁ যে যিকোনো মূহুৰ্ততে ঘোঁৰাটো উদ্ধাৰ হোৱাৰ খবৰ আহিব, আৰু যিজনে ঘোঁৰাটো চুৰ কৰিছে সেইজনেই জন ষ্ট্ৰেকাৰৰ হত্যাকাৰীও। কিন্তু এদিন পাৰ হোৱাৰ পাছতো যেতিয়া জানিলোঁ যে ফিট্জৰয় ছিম্পছনক গ্ৰেপ্তাৰ কৰাৰ বাহিৰে আন একো আগবঢ়া নাই, তেনেহ’লে মই নিজে কামত ধৰাৰ সময় উপস্থিত। কিন্তু মোৰ বোধেৰে কালিৰ দিনটো এনেয়ে যোৱা নাই।”

“তুমি কিবা এটা পাইছা নিশ্চয়?”

“অন্তত: ঘটনাটোৰ মূল কথাবিলাক জানিবলৈ সক্ষম হৈছোঁ। তাকেই তোমাক জনাও, কাৰণ আন এজনক কৈ থকাৰ সময়তে কথাবিলাক ভালকৈ চালি-জাৰি চাব পৰা যায়, লগতে আমি ক’ৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ সেইটোও তুমি জানি থোৱাটো প্ৰয়োজনীয়।”

মই চকীৰ গাদীত আৰামকৈ বহি লৈ চিগাৰটো হুপিবলৈ ধৰিলোঁ। হোম্‌ছে আগফালে হাউলি বহিল। তাৰ পাছত তেওঁৰ ক্ষীণ, দীঘল তৰ্জনী আঙুলিটোৰে বাওঁ হাতৰ পটাত এটা-এটাকৈ জৰুৰী ঘটনা-বিন্দুবিলাক টুকি ঘটনাটোৰ থূলমূল ধাৰণা এটা দিবলৈ আৰম্ভ কৰিলে।

“ছিলভাৰ ব্লেজ”, তেওঁ কৈ গ’ল, “ছ’ম’মি[৯] সঁচৰ বংশধৰ, আৰু তাৰ বিখ্যাত পূৰ্বপুৰুষৰ দৰেই সমানে কৃতিত্বৰ অধিকাৰী। এইবাৰ পাঁচ বছৰত ভৰি দিছে, আৰু ইতিমধ্যে ঘোঁৰা-দৌৰৰ প্ৰায় সকলো পুৰস্কাৰেই তাৰ ভাগ্যবান মালিক কৰ্নেল ৰছলৈ কঢ়িয়াই আনিছে। দুৰ্ঘটনাৰ সময়লৈকৈ ৱেছেক্স কাপৰো সিয়েই আছিল দাবীদাৰ, জুৱা চলিছিল এটকাত তিনি টকাৰ। অৱশ্যে ঘোঁৰা-দৌৰত বাজী ৰখাসকলৰ বাবে সদায়েই ছিলভাৰ ব্লেজ আছিল অতি পছন্দৰ। সেইবাবেই ইমান কম লাভতো তাৰ নামত বেছ মোটা অংকই লগোৱা হৈছিল। নিশ্চয় বুজিছা যে সেই বাবেই অহা মঙ্গলবাৰে হ’বলগীয়া দৌৰত ছিলভাৰ ব্লেজ ননমাটো বিচৰা মানুহো বহুতেই আছিল।”

“কিংছ পাইলেণ্ডত থকা কৰ্নেল ৰছৰ আস্তাবলতো এই কথাটো সকলোৱেই বুজি পাইছিল। সেয়ে পহৰাৰ ব্যৱস্থা বেছ ভালকৈয়ে কৰা হৈছিল। ঘোঁৰাটোৰ প্ৰশিক্ষক জন ষ্ট্ৰেকাৰে আগতে কৰ্নেল ৰছৰ হৈ ঘোঁৰা দৌৰাইছিল। ওজন বেছি হৈ যোৱাৰ বাবে দৌৰোৱা কাম বাদ দিছিল। কৰ্নেল ৰছৰ বাবে তেওঁ পাঁচ বছৰ জকী হিচাপে আৰু সাত বছৰ প্ৰশিক্ষক হিচাপে কাম কৰিছে, আৰু বেছ কৰ্মঠ আৰু বিশ্বাসী কৰ্মচাৰী। তেখেতৰ তলত আন তিনিজন ডেকাই কাম কৰিছিল। কাৰণ প্ৰশিক্ষণশালা বৰ ডাঙৰ নহয়। মুঠতে চাৰিটাহে মাত্ৰ ঘোঁৰা আছে তাত। তাৰে একোজন ডেকাই ৰাতি জাগি থাকি সদায়ে পহৰা দিছিল আৰু বাকী কেইজনে বহাতে শুইছিল। তিনিওজনৰ চৰিত্ৰত কোনো খুঁত নাই। জন ষ্ট্ৰেকাৰ বিবাহিত আৰু আস্তাবলৰপৰা দুশ গজ আঁতৰৰ সৰু বঙলা এটাত থাকিছিল। তেওঁৰ সতি-সন্ততি নাই। এজনী বন কৰা ছোৱালীৰে সৈতে স্বামী-স্ত্ৰীৰ সুখৰ পৰিয়াল। আশ-পাশতো মানুহ-দুনুহ নায়েই বুলিব পাৰি, আধা মাইল উত্তৰে কেইটামান সৰু বঙলাৰ বাহিৰে। টেভিষ্টকৰ এজন ঠিকাদাৰে সজাইছিল সেইকেইটা, যাতে বুঢ়া-মেথা মানুহ থাকিব পাৰে, বা কোনোবাই যদি ডাৰ্টমূৰৰ নিৰ্মল হাৱা উপভোগ কৰি থকাৰ কথা ভাৱে তেনেকুৱা মানুহৰ কাৰণে। টেভিষ্টক চহৰখন আস্তাবলৰ দুই মাইল পশ্চিমে, আনহাতে চন পৰি থকা মাটিখিনিৰ দুই মাইল দূৰত মেপলটনত এটা ডাঙৰ আস্তাবল আছে। সেইটোৰ মালিক লৰ্ড বেকৱাটাৰ, আস্তাবলটো চলায় ছিলাছ ব্ৰাউনে। এইখিনিৰ বাহিৰে ঠাইখিনি চাৰিওফালে হাবিৰে ঢকা, মাজে মাজে এটা-দুটা অঘৰীৰ আড্ডাৰ বাহিৰে। যোৱা মঙলবাৰে যিদিনা দুৰ্ঘটনাটো ঘটিছিল সেইদিনাৰ আশ-পাশৰ অৱস্থাটো আছিল এয়েই।

“সেইদিনা সন্ধিয়া ঘোঁৰাকেইটাক ব্যায়াম কৰাই, পানী-দুনী খুৱাই ৰাতি ন-বজাত আস্তাবলৰ দুৱাৰত তলা মৰা হৈছিল। তাত থকা দুজন ডেকা গৈছিল প্ৰশিক্ষকৰ ঘৰলৈ ৰাতিৰ আহাৰৰ বাবে, তিনি নম্বৰ ডেকা নেড হাণ্টাৰে আস্তাবল পহৰা দিছিল। ন-বজাৰ কিছু সময়ৰ পাছত বন-কৰা ছোৱালী এডিথ বেক্সটাৰে তাৰ কাৰণে খোৱা বস্তু লৈ আস্তাবললৈ আহিছিল। ৰাতিৰ আহাৰ আছিল পঠাৰ মাংস। লিগিৰীজনীয়ে লগত পানী অনা নাছিল। আস্তাবলতে পানীৰ টেপ এটা আছে। লগতে ৰাতিৰ পহৰাত থকা জনে পানীৰ বাহিৰে আৰু একো পান কৰিব নোৱাৰিব বুলি নিয়ম বন্ধা আছিল। লিগিৰীজনীয়ে এটা লণ্ঠন লগত আনিছিল, কাৰণ বঙলাৰপৰা আস্তাবললৈ ৰাস্তাটো আছিল ঘোপ মৰা আন্ধাৰ।

“এডিথ বেক্সটাৰ আস্তাবলৰ ত্ৰিছ গজ মান আঁতৰ পাওঁতে আন্ধাৰৰ মাজৰপৰা মানুহ এজন ওলাই তাইক ৰ’বলৈ কৈছিল। লণ্ঠনৰ পোহৰলৈ অহাত তাই দেখিছিল মানুহজন পোছাকে-পাতিয়ে ভদ্ৰলোক, পিন্ধনত ধোঁৱা বৰণীয়া টুইডৰ কোট-পেণ্ট, আৰু মূৰত এটা কাপোৰৰ টুপী। তেওঁ গোৰোহাৰ ওপৰলৈ যোৱা জোতা পিন্ধিছিল[১০] আৰু লগত ৰাখিছিল এমূৰে হাতল থকা এডাল মোটা লাঠী। কিন্তু তাই আচৰিত হৈছিল মানুহজনৰ গাৰ শেঁতা পৰা ৰঙ আৰু তেখেতৰ অস্থিৰতা দেখি। তাইৰ মতে মানুহজনৰ বয়স ত্ৰিছত কৈ ওপৰতে হ’ব।

“‘মই বাৰু ক’ত পালোহি ক’ব পাৰিব নে?’ মানুহজনে সুধিছিল। ‘মই ইয়াতেই শুই পৰিম বুলিয়েই ভাবিছিলোঁ, তেনেতে আপোনাৰ লেমটোৰ পোহৰ দেখা পালোঁ।’
“‘আপুনি কিংছ পাইলেণ্ডৰ আস্তাবলৰ ওচৰত আছে।’ লিগিৰীজনীয়ে কৈছিল।
“‘অ হয় নেকি! কি ভাগ্যৰ কথা!’ মানুহজনে প্ৰায় চিঞৰি দিছিল। ‘মই জনাত কোনোবা এজন তাতেই ৰাতি শোৱে। আপুনি কিজানি তেখেতৰ বাবেই ৰাতিৰ আহাৰ লৈ গৈ আছে। আপোনাৰ দেখিছোঁ কাপোৰ-সাজ পুৰণি হ’ল। নতুন এযোৰ কিনিব পাৰিলে আপুনি বৰ ভাল পাব, নহয় জানো?’ মানুহজনে ভাঁজ কৰা বগা কাগজ এখন কোটৰ ভিতৰ জেপৰপৰা উলিয়ালে। ‘ল’ৰাটোৰ হাতত এইখন এতিয়াই দি দিবা, আৰু কাইলৈ এটা ধুনীয়া দামী ফ্ৰক কিনি ল’বা।’
“মানুহজনৰ কথা শুনি ছোৱালীজনীয়ে ভয় খাইছিল। সেয়ে তাই দৌৰ মাৰিছিল। খিড়িকী এখনেৰে আহাৰৰ বস্তুখিনি ল’ৰাজনৰ হাতত তুলি দি অহা হৈছিল। তাই দৌৰি দৌৰিয়েই খিড়িকীখন পালেগৈ। খিড়িকীখন খোলাই আছিল, আৰু হাণ্টাৰ ভিতৰত এখন সৰু মেজত বহি আছিল। তাই অলপ আগৰ ঘটনাটো ক’বলৈ আৰম্ভ কৰিছিল, তেতিয়াই মানুহজনো সেইখিনি পালেগৈ।

“শুভ সন্ধ্যা,’ খিড়িকীৰে ভিতৰলৈ চাই মানুহজনে ক’লে। ‘তোমাৰ লগত অলপ কথা আছিল।’ ছোৱালীজনীৰ মতে কথা কৈ থকাৰ সময়তো তেখেতৰ হাতৰ মুঠিত বগা কাগজৰ ঠোঙাটোৰ অলপমান ওলাই আছিল।

“ইয়াত কি কাম আপোনাৰ?’ ল’ৰাটোৱে সুধিলে।

” ‘এনেকুৱা কাম যে তোমাৰেই পকেট গৰম হৈ যাব,’ মানুহজনে ক’লে। ‘তোমালোকৰ দুটা ঘোঁৰাই ৱেছেক্স কাপত খেলি আছে—ছিলভাৰ ব্লেজ আৰু বেয়াৰ্ড। মোক ভিতৰুৱা খবৰখিনি দি দিয়া, তোমাৰো কিছু লাভ থাকিব। মই শুনিছোঁ পাঁচ ফাৰ্লঙৰ দৌৰ হ’লে বেয়াৰ্ডে ইটোক বোলে এশ গজ পিছ পেলাব পাৰে, আৰু শুনিছোঁ আস্তাবলৰ মালিকে হেনো সেইটো ঘোঁৰাতে টকা লগাব?’

“অহ, তাৰমানে আপুনি সেই দালাল পাৰ্টিৰ মানুহ!’ ডেকাই চিঞৰি উঠিল। ‘তেনেবোৰক এই কিংছ পাইলেণ্ডত আমি কি বিহু দেখুৱাও তাকে আপোনাক দেখুৱাই আছোঁ ৰ’ব।’ এইবুলি সি জাঁপ মাৰি আস্তাবলৰ সিটো মূৰে বান্ধি থোৱা কুকুৰটো মেলিবলৈ দৌৰি গ’ল। ছোৱালীজনীয়ে দৌৰি দৌৰি ঘৰলৈ উভতিল। ওভতাৰ সময়ত তাই এবাৰ ঘূৰি চাইছিল, মানুহজন খিড়িকীমুখতে ভিতৰলৈ হাউলি আছিল। এক মিনিটমান পাছত হাণ্টাৰে কুকুৰটোৰ সৈতে দৌৰি আহে মানে মানুহজন নোহোৱা হৈছিল। আস্তাবলৰ চাৰিওফালে ঘূৰি ঘূৰি বিচাৰিও সিহঁতে মানুহজনক বিচাৰি নাপালে।”

“এক ছেকেণ্ড,” মই মাজতে সুধিলো। “আস্তাবলৰ ল’ৰাটোৱে কুকুৰটোৰ লগত বাহিৰলৈ দৌৰি যাওঁতে দুৱাৰখন তলা নমৰাকৈ এৰি গৈছিল নেকি?”

“অতি উত্তম, ৱাটছন, অতি উত্তম!” মোৰ বন্ধুৱে মুখৰ ভিতৰতে ক’লে। “এইটো কথাৰ গুৰুত্ব মোৰ বাবে ইমান আছিল যে কেৱল সেইটো জানিবলৈয়ে মই কালি ডাৰ্টমুৰলৈ টেলিগ্ৰাম পঠিয়াইছিলোঁ। ওলাই যোৱাৰ আগতে ল’ৰাটোৱে দুৱাৰত তলা মাৰি গৈছিল। খিৰিকীখনো মানুহ এজন সৰকি যাব পৰা আকাৰৰ ইমান ডাঙৰ নাছিল।

“বাকী কেইজন আহি নোপোৱালৈকে হাণ্টাৰ ৰৈ আছিল, সিয়েই প্ৰশিক্ষকলৈ খবৰটো পঠিয়াইছিল। ষ্ট্ৰেকাৰে ঘটনাটো শুনি আচৰিত হৈছিল, কিন্তু আৰম্ভণিতে সিমান গুৰুত্ব দিয়া নাছিল। কিন্তু তেওঁ অস্বস্তি অনুভৱ কৰিছিল। ৰাতি এক বজাত শ্ৰীমতী ষ্ট্ৰেকাৰে এবাৰ সাৰ পাই দেখিছিল যে মানুহজনে কাপোৰ-কানি পিন্ধি ক’ৰবালৈ যাবলৈ সাজু হৈছে। ঘৈণীয়েকৰ কথাৰ উত্তৰত তেওঁ কৈছিল যে ঘোঁৰাকেইটাৰ বাবে অস্বস্তিত ভূগি তেওঁৰ টোপনি ভালকৈ অহা নাই, সেয়ে তেওঁ আস্তাবললৈ গৈ চব ঠিকে আছে নে চাই আহিব বিচাৰিছে। খিড়িকীত বৰষুণ পৰাৰ শব্দ উঠিছিল, সেয়ে ঘৈণীয়েকে তেওঁক অলপ ৰ’বলৈ কৈছিল। কিন্তু কথা নুশুনি তেওঁ গা-ঢকা কাপোৰ পিন্ধি ঘৰৰপৰা ওলাই আহিছিল।

“শ্ৰীমতী ষ্ট্ৰেকাৰ ৰাতিপুৱা সাত বজাত শুই উঠিছিল। গিৰিয়েক তেতিয়াও উভতি অহা নাছিল। তেওঁ কানি-কাপোৰ পিন্ধি লৈ লিগিৰীজনীক লৈ আস্তাবললৈ আহিল। আস্তাবলৰ দুৱাৰখন আছিল খোলা; ভিতৰত এখন চকীত কুঁচিমুচি বহি আছিল হাণ্টাৰ। কিন্তু মাত-বোল দিব পৰা অৱস্থাত নাছিল। আনহাতে ঘোঁৰাটো থকা ঠাইখিনি আছিল খালী। প্ৰশিক্ষকজনক ক’তো বিচাৰি পোৱা নগ’ল।

“চালিখনৰ তলতে শুই থকা আন দুজন ডেকা লৰালৰিকৈ উঠিল। দুয়োৰে টোপনি গভীৰ, সেয়ে ৰাতিটোত তেওঁলোকে একো শব্দই শুনা নাছিল। হাণ্টাৰক কিবা নিচা খুৱাই অচেতন কৰি থোৱা আছিল, তাক জগাব পৰা নগ’ল। তাক শুৱাই থৈ ঘৈণীয়েক আৰু ডেকা দুজনে চাৰিওফালে বিচাৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে ভাবিছিল প্ৰশিক্ষকে নিশ্চয় কিবা কাৰণত ঘোঁৰাটোক ব্যায়াম কৰাবলৈ বাহিৰলৈ লৈ গৈছিল। কিন্তু চাৰিওফালৰ উকা সমতলত তেওঁলোকৰ ছাঁটোও দেখিবলৈ পোৱা নগ’ল। গম্ভীৰ বিধৰ দুৰ্ঘটনা এটা ঘটিছে বুলি তেওঁলোকে অনুমান কৰিলে।

“প্ৰায় সিকি মাইল আঁতৰত জন ষ্ট্ৰেকাৰৰ অ’ভাৰ-কোটটো জোপোহা এটাত ওলমি থকা অৱস্থাত পোৱা গ’ল। তাৰ ঠিক কাষতে মাটিত ঘূৰণীয়াকৈ গাঁত এটা দেখা গ’ল। গাঁততে দুৰ্ভগীয়া প্ৰশিক্ষকজনৰ মৃতদেহটো পৰি আছিল। গধুৰ কিবা অস্ত্ৰৰে তেখেতৰ মূৰত আঘাত কৰা হৈছিল। কৰঙনতো আঘাতৰ চিন আছিল। সেইটো আঘাত চোকা অস্ত্ৰৰে কৰা দীঘলীয়া কটা দাগ এটা আছিল। পৰিষ্কাৰ বুজা গৈছিল যে ষ্ট্ৰেকাৰে মৃত্যুৰ আগতে ভালকৈয়ে যুঁজ দিছিল, তেওঁৰ সোঁহাতত এখন সৰু চুৰী আছিল। সেইখনৰ ফালত হাতলৈকে তেজৰ দাগ আছিল। বাওঁহাতত মুঠি মাৰি ধৰা আছিল ৰঙা আৰু ক’লা বৰণৰ এখন পাটৰ গল-বান্ধনী। লিগিৰীজনীয়েই চিনি পাইছিল সেইখন। আগৰাতি আস্তাবললৈ অহা মানুহজনৰ ডিঙিত আছিল সেইখন। নিচা কমাৰ পাছত হাণ্টাৰেও গল-বান্ধনীখন মানুহজনৰ বুলিয়েই চিনাক্ত কৰিছিল। সি আৰু কৈছিল যে সেইজন মানুহেই খিড়িকীৰে তাৰ খোৱা-বস্তুত কিবা ঔষধ মিহলি কৰি দিছিল, যাতে ৰাতিৰ পহৰা অকামিলা হৈ থাকে। হেৰোৱা ঘোঁৰাটোৰ খুৰাৰ ছাপ দেখা গৈছিল সেই ঘূৰণীয়া গাঁতটোত য’ত ষ্ট্ৰেকাৰৰ মৃতদেহ পোৱা গৈছিল। ছাপখিনিয়ে প্ৰমাণ কৰিছিল যে ষ্ট্ৰেকাৰৰ লগত সেই সময়ত ঘোঁৰাটোও তাতেই আছিল। কিন্তু ৰাতিপুৱাৰেপৰা ঘোঁৰাটোৰ চিন-মোকাম নাই। বেছ মোটা পুৰস্কাৰ ঘোষণা কৰাৰ লগতে, ডাৰ্টমুৰৰ আশ-পাশৰ অঘৰীসকলকো চকু ৰাখিবলৈ কোৱা হৈছে। কিন্তু এতিয়ালৈ কোনো খবৰ অহা নাই। একেবাৰে শেষত, পৰীক্ষা কৰি পোৱা গৈছে যে হাণ্টাৰৰ খোৱা খাদ্যত ভালে পৰিমাণে আফিং মিহলাই দিয়া হৈছিল, সেইবাবেই একে আহাৰ খোৱা আন কেইজনৰ একো হোৱা নাছিল।

“অদৰকাৰী খুঁটি-নাটি বাদ দি সৰলভাৱে মূল ঘটনা এইখিনিয়েই। এতিয়া শুনা পুলিচে কি কৰিলে।

“কেছটো আহিছে ইন্সপেক্টৰ গ্ৰেগ’ৰীৰ হাতলৈ। তেওঁ বেছ কৰ্মঠ পুলিচ বিষয়া। মাত্ৰ অলপ কল্পনা শক্তিও থকা হ’লে তেওঁ বহু ওপৰলৈ যাব পাৰিলেহেঁতেন। সেই ঠাইত উপস্থিত হৈয়েই স্বাভাৱিক ভাৱে যিজনৰ ওপৰত প্ৰথমেই সন্দেহ হয়, তেওঁক গ্ৰেপ্তাৰ কৰিলে। সেইজনক বিচাৰি পোৱাটো একো টান কামো নাছিল। মই আগতেই কোৱা বঙলাকেইটাৰ এটাতে তেওঁ থাকে। নামটো হেনো ফিট্‌যৰয় ছিম্পছন। ভাল ঘৰৰ, পঢ়া-শুনাত নাম-জ্বলা লোক। কিন্তু ভাগ্যৰ মাৰ খাই এতিয়া সৰু-সুৰাকৈ ঘোঁৰা-দৌৰৰ বাজী বুকিং কৰাৰ কাম কৰি আছে লণ্ডনৰ ক্লাৱ এটাত। তেওঁৰ কাগজ-পত্ৰ চাই দেখা গৈছে সেই ঘোঁৰাটোৰ জিকাৰ বাবদ পাঁচ হাজাৰ পাউণ্ডৰ বাজী লগোৱা আছে। গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁ দিয়া স্বীকাৰোক্তি অনুসৰি সেই ৰাতি তেওঁ ডাৰ্টমুৰলৈ আহিছিল কংছ পাইলেণ্ডৰ ঘোঁৰাকেইটাৰ কিবা গোপন খবৰ জানিব পাৰে নেকি তাকে চাবলৈ। লগতে মেপলটনৰ আস্তাবলত ছিলাছ ব্ৰাউনৰ তত্বাৱধানত থকা ডেছব’ৰ’ নামৰ ঘোঁৰাটোৰ বিষয়েও কিবা খবৰ পাই নেকি চাবলৈ। ডেছব’ৰ’ এই ঘোঁৰাদৌৰৰ দ্বিতীয় নম্বৰৰ দাবীদাৰ। আগৰাতিৰ এইখিনি ঘটনা তেওঁ স্বীকাৰ কৰিছে, কিন্তু তাৰ বাহিৰে একো অভিসন্ধি নাছিল বুলি তেওঁ জানিবলৈ দিছে। তেওঁ মাত্ৰ কিবা খবৰ পাই নেকি সেইটো চাবলৈহে আহিছিল। তেখেতৰ গল-বান্ধনীখন কেনেকৈ মৃতকৰ হাতলৈ আহিল সেইটো সোধোতে তেওঁ বৰ ভয় খাইছিল, আৰু একো সন্তোষজনক উত্তৰ দিব নোৱাৰিলে। তেখেতৰ তিতি থকা কাপোৰ-কানিৰে বুজিব পাৰি যে তেওঁ সেইৰাতি তালৈ আহিছিল। তেওঁৰ হাতত তাল-গছৰ লাঠীডালো আছিল, যিডাল হত্যাৰ অস্ত্ৰ হিচাপে ব্যৱহৃত হ’ব পাৰে। কিন্তু তেওঁৰ শৰীৰত কোনো আঘাটৰ চিন নাছিল, যদিও ষ্ট্ৰেকাৰৰ হাতত থকা ছুৰীখনত তেজ লাগি থকালৈ চাই আনজন মানুহৰ গাতো আঘাতৰ চিন থাকিব লাগে। ৱাটছন, চমুকৈ গোটেই ঘটনাটো এইখিনিয়েই। তুমি যদি কিবা এটা আগবঢ়াব পাৰা, মই বৰ কৃতজ্ঞ হ’ম।”

হোমছে বিতং ভাৱে বৰ্ণনা কৰা গোটেই ঘটনাটো মই বৰ মনোযোগেৰে শুনিছিলোঁ। যদিও মই কথাবিলাক আগতেও পঢ়িছিলোঁ, কিন্তু তাৰ গুৰুত্ব আৰু সূত্ৰবিলাক ধৰিব পৰা নাছিলোঁ।

“এনে হ’ব নোৱাৰে নেকি,” মই ক’লো, “যে ষ্ট্ৰেকাৰৰ দেহত পোৱা কটা দাগটো নিজৰে ছুৰীৰপৰা হৈছে। মূৰত আঘাট পোৱাৰ পাছত হোৱা মৃগীৰ লক্ষণৰ বাবে নিজকে নিজকে আহত কৰিব পাৰে।”

“হ’ব পাৰে নহয়; সেইটো হোৱাৰ সম্ভাৱনাই আটাইতকৈ বেছি,” হোম্‌ছে ক’লে। “সেইটো হ’লে আচামীৰ পক্ষে যোৱা এটা কথা নোহোৱা হৈ যায়।”

“কিন্তু,” মই ক’লো, “মই বুজিব পৰা নাই পুলিচে কেনেকৈ ঘটনাটো বাখ্যা কৰিছে।”
“সমস্যাটো হৈছে যি বাখ্যাই আগবঢ়োৱা নাযাওক কিয় তাত ডাঙৰ ডাঙৰ ‘কিন্তু’ কেইটামান সোমাই আছে,” মোৰ বন্ধুৱে ক’লে। “মোৰ বোধেৰে, পুলিচৰ ধাৰণা হৈছে এই ফিজ্‌ৰয় ছিম্পছনেই প্ৰথমে ল’ৰাটোক কিবা খুৱাইছে, আৰু কেনেবাকৈ নকল চাবি এটা যোগাৰ কৰি আস্তাবলৰ দুৱাৰ খুলি ঘোঁৰাটো লৈ উধাও হৈছে। ঘোঁৰাটো একেবাৰে গায়ব কৰাই মতলব আছিল বুলি ভাবিছে। ঘোঁৰাটোৰ জীণখনো নাই। গতিকে ছিম্পছনেই নিশ্চয় সেইখন পিঠিত উঠিবলৈ ব্যৱহাৰ কৰিছিল। তাৰ পাছত দুৱাৰ খোলা এৰিয়েই জংগলৰ মাজেৰে গৈ আছিল, তেতিয়াই হয় সি প্ৰশিক্ষকজনক লগ পালে বা প্ৰশিক্ষকজনে তাক খেদি গৈছিল। কাজিয়া এখন নিশ্চয়কৈ হৈছিল। ছিম্পছনেই হাতত থকা লাঠীডালেৰে মূৰত কোবাই মাৰি পেলাইছিল। হতাহতিত ছিম্পছনৰ অকণো আঘাট নহ’ল কাৰণ প্ৰশিক্ষক ষ্ট্ৰেকাৰৰ হাতত আছিল আত্মৰক্ষাৰ বাবে সৰু ছুৰী এখন। তাৰ পাছত সি ঘোঁৰাটোক হয় ক’ৰবাত লুকুৱাই ৰাখিছে, বা হতাহতিৰ সময়ত ঘোঁৰাটো এৰা খাই এতিয়াও সেই ঠাইতে ঘূৰি ফুৰিছে। পুলিচৰ মতে ঘটনাটো তেনেকুৱাই, পিছে তেনে হোৱাৰ কোনো সম্ভাৱনা নাই। কিন্তু, আন বাখ্যাবোৰো সমানে অসম্ভৱ। খুব সোনকালেই, সেই স্থানত উপস্থিত হোৱাৰ লগে লগেই মই ঘটনাটো পৰীক্ষা কৰি চাব লাগিব। আৰু, তেতিয়ালৈ আন একো বাখ্যা আগবঢ়াব পৰা ৰাস্তা ময়ো দেখা নাই।”

সন্ধ্যা লগাৰ অলপ পাছতেই আমি টেভিষ্টক[১২] পালোঁগৈ। ডাৰ্টমূৰ অঞ্চলৰ ঠিক সোঁমাজতে টেভিষ্টক এখনি সৰু আটোমটোকাৰী চহৰ। ষ্টেচনত আমাক আদৰিবলৈ দুগৰাকী ব্যক্তি ৰৈ আছিল। তাৰে এগৰাকী বেছ ওখ, তেখেতৰ চুলি আৰু দাড়িখিনি সিংহৰ কেশৰৰ দৰে। ধূসৰ নীলা চকু কেইটাৰ চাৱনি তীক্ষ্ণ। আনগৰাকী সৰুফুটীয়া আৰু তজবজীয়া। পিন্ধনত ফ্ৰক-কোট আৰু ভৰিত আঁঠুলৈ ওখ জোতাৰে তেখেতৰ পোছাক-পাতি চিক-চাক। গালৰ দুয়োফালে মোটা খট আৰু চকুত চচমা। পাছৰজনৰ নাম কৰ্নেল ৰছ, এগৰাকী নাম থকা খেলুৱৈ; আৰু প্ৰথমগৰাকী হ’ল ইন্সপেক্টৰ গ্ৰেগ’ৰী, ইংলেণ্ডৰ ডিটেক্টিভ পুলিচ বিভাগত তেখেতে কম দিনতে বেছ নাম কৰিবলৈ আৰম্ভ কৰিছে।

“আপুনি ইয়ালৈ অহাৰ কষ্টখিনি কৰাৰ বাবে বৰ সুখী হৈছোঁ, মি. হোম্‌ছ,” কৰ্নেলে ক’লে।

“ইন্সপেক্টৰে চাহাবে কৰিবপৰা সকলোখিনিয়েই কৰিছে, কিন্তু মই বিচাৰিছোঁ দুৰ্ভগীয়া ষ্ট্ৰেকাৰক ন্যায় দিয়া আৰু মোৰ ঘোঁৰাটো ওভতাই পোৱাৰ ক্ষেত্ৰত সম্ভৱপৰ একোৱেই বাদ পৰি নাযাওক।”

“নতুন কিবা বাতৰি?” হোম্‌ছে সুধিলে।

“দু:খিত যে আমি বৰ বিশেষ আগবাঢ়িব পৰা নাই,” ইন্সপেক্টৰে ক’লে। “বাহিৰত এখন ঘোঁৰা-গাড়ী ৰৈয়েই আছে। আপুনি নিশ্চয় অন্ধকাৰ গাঢ় হোৱাৰ আগতেই ঠাইখিনি এবাৰ চাই আহিব বিচাৰিব। যাত্ৰাৰ সময়তে আমি যিখিনি জানো সেইখিনিও আলোচনা কৰি ল’ব পাৰিম।”

অলপ পাছতেই আমি এখন আৰামদায়ক ঘোঁৰা-গাড়ীত বহি ডেভনশ্বায়াৰ চহৰৰ পুৰণি গলিসমূহৰ মাজেৰে আগবাঢ়িবলৈ আৰম্ভ কৰিলোঁ। ইন্সপেক্টৰ গ্ৰেগ’ৰীয়ে ঘটনাটোৰ বিষয়ে কৈ গৈছিল, আৰু বহুতো তত্ব আৰু বাখ্যাও দাঙি ধৰিছিল। হোম্‌ছে মাজে মাজে এটা দুটা প্ৰশ্ন সুধি কথাখিনি আৰু পৰিষ্কাৰ কৰি লৈছিল। কৰ্নেল ৰছে হাতদুখন মূৰৰ পাছফাললৈ ভাঁজ কৰি আৰামকৈ বহিছিল আৰু চকুত ৰ’দ নপৰাকৈ টুপীটো হাউলাই ৰাখিছিল। মই অত্যন্ত মনোযোগেৰে দুই ডিটেক্টিভৰ কথা-বতৰা শুনি গৈ আছিলোঁ। গ্ৰেগ’ৰীয়ে আগবঢ়োৱা বাখ্যা অলপ আগেয়ে হোম্‌ছে ৰেলত কোৱাৰ দৰেই আছিল।

“ফিট্‌যৰয় ছিম্পছনৰ চাৰিওফালে জাল পেলোৱা হৈছে,” গ্ৰেগ’ৰীয়ে কৈ গ’ল, “আৰু মোৰ বিশ্বাস তেৱেই অপৰাধী। অৱশ্যে তেওঁৰ বিৰূদ্ধে আমাৰ হাতত এতিয়াও মাত্ৰ পাৰিপাৰ্শ্বিক সাক্ষ্যয়ে আছে, আৰু নতুন কিবা এটা ওলালেই ঘটনাৰ মোৰ আনফালে ঘূৰি যাব পাৰে।”

“ষ্ট্ৰেকাৰৰ ছুৰীখনৰ বিষয়ে কি ভাবিছে?” হোম্‌ছে সুধিলে।

“আমাৰ মতে ষ্ট্ৰেকাৰে পৰি যাওঁতে নিজে নিজেই কেনেবাকৈ আঘাট পাইছিল।”

“ড° ৱাটছনেও সেই একে সম্ভাৱনাৰ কথাকে কৈছিল। পিছে, যদি সেয়ে হয়, তেন্তে সেয়া ছিম্পছনৰ বিৰূদ্ধেহে যাব।”

“নিশ্চয়। তেওঁৰ ওচৰত কোনো ছুৰী-কটাৰী পোৱা হোৱা নাই বা কোনো আঘাটৰ দাগো নাই। তেখেতৰ বিৰূদ্ধে সাক্ষ্য সেয়ে জোৰদাৰেই বুলিব লাগিব। কিন্তু বাজীৰ ঘোঁৰাটো নোহোৱা কৰাত তেখেতৰ লাভ দেখা যায়। আস্তাবলৰ যোগানিয়াৰ ল’ৰাটোক বিহ দিয়াৰ সন্দেহ তেওঁৰ ওপৰত পৰে। সেই ৰাতি তেওঁ বাহিৰলৈ যোৱাৰ প্ৰমাণ আছে, তেখেতৰ হাতত এডাল মোটা লাঠীও আছিল, আনকি তেওঁৰ গলবন্ধাখনো মৃতকৰ হাতত পোৱা গৈছে। এইখিনিয়েই জুৰীৰ বাবে যথেষ্ট হ’ব।”
হোম্‌ছে মূৰটো ইফালে সিফালে লৰাই ক’লে, “কিন্তু চতুৰ বিবাদী উকীলে এইখিনি যুক্তি তচ্‌-নচ্‌ কৰি পেলাব। যেনে, ঘোঁৰাটোক বাহিৰলৈ লৈ যোৱাৰ কি প্ৰয়োজন আছিল? অকল আঘাট কৰাই যদি উদ্দেশ্য আছিল, তেন্তে আস্তাবলতে কৰিব পাৰিলেহেঁতেন। কিবা নকল চাবি তেখেতৰ ওচৰত পোৱা গৈছে জানো? তেওঁক আফিঙৰ গুড়ি বিকিলে কোনে? তাতোকৈও ডাঙৰ প্ৰশ্ন, তেখেতৰ দৰে অচিনাকী ব্যক্তি এজনে এই স্থানত ঘোঁৰা এটা লুকুওৱাৰ উপযোগী জেগা পালে ক’ত? তাকো যিকোনো ঘোঁৰা নহয়। ছিলভাৰ ব্লেজৰ দৰে নাম থকা আৰু চিনাকী ঘোঁৰা এটা। আৰু তেওঁ যে আস্তাবলৰ ৰখীয়া ল’ৰাটোক দিবলৈ লিগিৰীজনীৰ হাতত কাগজ এখন দিছিল সেইখনৰ সম্বন্ধে তেওঁ নিজে কি কয়?”

“সেইখন হেনো দহ পাউণ্ডৰ নোট আছিল। তেওঁৰ মানি-বেগত এখন পোৱাও গৈছিল। কিন্তু, আপোনাৰ বাকীখিনি প্ৰশ্নৰ উত্তৰ ইমান টানো নহয়। ছিম্পছনৰ বাবে ঠাইখিনি একেবাৰে অচিনাকিও নাছিল। এইবেলি জহকালি তেওঁ দুবাৰো আহি টেভিষ্টকত বাহৰ পাতিছিল। আফিঙৰ গুড়ি তেওঁ কিজানি লণ্ডনৰপৰাই অনাইছিল। চাবিটোও কাম হৈ যোৱাৰ পাছত তেওঁ নিশ্চয় পেলাই দিব। ঘোঁৰাটোক নিশ্চয় কোনোবা দ গাঁতত বা পুৰণি কয়লাখনিৰ ক’ৰবাত লুকুৱাই থৈছে।”

“আৰু মাফ্‌লাৰখনৰ বিষয়ে তেওঁ কি কয়?”

“সেইখন মালিক তেৱেঁই বুলি তেওঁ স্বীকাৰ কৰিছে। সেইখন হেনো তেওঁ আগতেই হেৰাইছিল। কিন্তু, নতুনকৈ আৰু এটা সূত্ৰ পোৱা গৈছে, সেইটোৱে ঘোঁৰাটো আস্তাবলৰপৰা দূৰলৈ লৈ যোৱাৰ কাৰণটো বাখ্যা কৰিব পাৰে।”

হোম্‌ছে কাণ উনাই শুনি গ’ল।

“হত্যাকাণ্ড য’ত হৈছিল তাৰ এমাইলৰ ভিতৰতে অঘৰীৰ দল এটাই সোমবাৰৰ ৰাতি বাহৰ পাতিছিল বুলি জানিব পাৰিছোঁ। মঙ্গলবাৰে সিহঁত তাৰপৰা গুচি গ’ল। এতিয়া যদি ধৰি লওঁ যে ছিম্পছন আৰু অঘৰীহঁতৰ মাজত কিবা বুজা-বুজি হৈছিল, তেন্তে ছিম্পছনে ঘোঁৰাটো নিশ্চয় সিহঁতৰ ওচৰলৈ লৈ গৈছিল আৰু এতিয়াও সিহঁতৰ লগতেই আছে।”

“হ’ব পাৰে।”

“অঘৰীৰ দলটোক বিচাৰি ঠাইখিনিত তালাচী চলোৱা হৈছে। মই নিজেই টেভিষ্টক, আৰু ইয়াৰ আশ-পাশৰ দহ মাইলৰ ভিতৰৰ সকলো আস্তাবলত ঘোঁৰাটো বিচাৰি চাইছোঁ।”

“মই জনাত ওচৰতে হেনো আৰু এটা প্ৰশিক্ষণ দিয়া আস্তাবল আছে?”

“হয়, আছে আৰু সেইটো কথা আমি এৰাই চলিব নোৱাৰো। বাজীৰ হিচাপত সিহঁতৰ ডেছব’ৰ’ নামৰ ঘোঁৰাটো দুই নম্বৰত আছে। গতিকে এক নম্বৰটো নোহোৱা কৰাত সিহঁতৰো লাভ আছে। সিহঁতৰ প্ৰশিক্ষক ছাইলাছ ব্ৰাউনেও এই বাজীত বেছ মোটা পৰিমাণ লগাইছে বুলি জানিব পাৰিছোঁ। ষ্ট্ৰেকাৰৰ লগত তাৰ সম্বন্ধও বৰ ভাল নাছিল। কিন্তু, আমি ইতিমধ্যেই আস্তাবলত ভালকৈ তালাচী চলাইছোঁ, আৰু ছাইলাছ ব্ৰাউনক সাঙোৰাৰ কোনো সূত্ৰ বিচাৰি নাপালোঁ।”

“আৰু এই ছিম্পছনৰো মেপলটন আস্তাবলৰ লগত কিবা যোগাযোগ আছিল বুলি প্ৰমাণ নাই পোৱা?”

“নাই। একো প্ৰমাণ নাই।”

হোম্‌ছে বাগীৰ চকীত আউজি বহিল, আৰু কথা-বতৰা বন্ধ হৈ গ’ল। কেই মিনিট পাছতেই আমাৰ ঘোঁৰা-গাড়ীখন ৰাস্তাৰ কাষৰে ৰঙা ইটাৰে সজোৱা সুদৃশ্য ঘৰ এটাৰ সন্মুখত ৰ’ল। অলপ আঁতৰত ঘোঁৰাৰ বাবে গোহালী, আৰু তাৰ সিটোফালে এটা বাহিৰা ঘৰ। তাৰ চাৰিওফালে দিগন্ত বিস্তৃত_ হালধীয়া পৰিবলৈ আৰম্ভ কৰা ঢেঁকীয়াৰ পাতেৰে ৰঙচুৱা হৈ থকা চন পৰা বহল পথাৰ। চকুত পৰে টেভিষ্টক ঘোঁৰাশালটো, আৰু পশ্চিমফাললৈ মেপল্‌টনৰ ঘোঁৰাশালৰ ঘৰকেইটা। আমি বাগীৰপৰা নামিলো, কিন্তু হোম্‌ছ নিজ ভাৱনাতে বিভোৰ হৈ আকাশলৈ চায়েই ৰ’ল। মই গাত হেঁচুকি দিয়াতহে তেওঁৰ সম্বিত ঘূৰি আহিল, আৰু বাগীৰপৰা নামি আহিল।

“বেয়া নাপাব,” কৰ্নেল ৰছক উদ্দেশ্যি হোম্‌ছে কৈ উঠিল, “মই দিবাস্বপ্ন দেখি আছিলোঁ।” তেওঁৰ চকু কেইটাত এটা তিৰবিৰনি আৰু হাৱ-ভাৱত চেপা উত্তেজনাৰ চাপ দেখি মই বুজিছিলোঁ, তেওঁ কিবা এটা নিশ্চিত সূত্ৰ পাইছে। অৱশ্যে মোৰ মগজুৰে তেওঁ ক’ত কি পালে সেয়া উলিওৱাটো কল্পনাৰো অগোচৰ।

“আপুনি নিশ্চয় প্ৰথমেই অপৰাধৰ ঠাইখিনি চাবলৈ যাব বিচাৰিব, মি. হোম্‌ছ,” গ্ৰেগৰীয়ে ক’লে।

“মই ভাবো মই ইয়াতে কিছ সময় ৰৈ দুটামান সৰু সৰু প্ৰশ্ন সুধি লোৱাটো উচিত হ’ব। ষ্ট্ৰেকাৰৰ দেহটো ইয়াতে ৰখা হৈছে কিজানি?”

“হয়, ওপৰৰ কোঠাতে আছে। বিচাৰৰ দিন কাইলৈ পৰিছে।”

“আপোনাৰ তলত তেওঁ কেবা বছৰো কাম কৰিছে, নহয়নে কৰ্নেল ৰছ?”

“কাম-কাজত সি বৰ ভাল আছিল।”

“বাৰু ইন্সপেক্টৰ, মৃত্যুৰ সময়ত ষ্ট্ৰেকাৰৰ জেপত কি কি পোৱা গৈছিল তাৰ তালিকা এখন আপুনি কৰি ৰাখিছে নিশ্চয়?”

“বহা কোঠাতে সকলোখিনি বস্তু আনি থৈছোঁ, আপুনি বিচাৰিলে পৰীক্ষা কৰিবও পাৰিব।”

“বৰ ভাল কথা।” আমি আহি সন্মুখৰ কোঠাটোত সোমালোঁ আৰু মাজৰ মেজখনৰ চাৰিওফালে ঘূৰণীয়াকৈ বহিলোঁ। ঘনাকাৰ টিনৰ বাকচ এটা খুলি ইন্সপেক্টৰে ভিতৰৰ বস্তুখিনি আমাৰ সন্মুখৰ মেজখনত মেলি দিলে। দুটা দিয়াচলাই বাকচ, জন্তুৰ চৰ্বিৰে তৈয়াৰী মমবাতিৰ[১৩] দুই ইঞ্চিমানৰ টুকুৰা এটা, এডাল ধোঁৱা-খোৱা নলী, ছীলৰ ছালৰ মোনাখনত এক আউন্স সুগন্ধিত ধঁপাত[১৪], সোণৰ শিকলিৰে এটা ৰূপৰ ঘড়ী, পাঁচটা সোণৰ স্বভৰিণ[১৫] মুদ্ৰা, এটা এলুমিনিয়ামৰ পেন্সিল বাকচ, কেইখিলামান কাগজ, আৰু হাতীদাঁতৰ নাল লগোৱা এখন মিহি কিনতউ মজবুত ছুৰী। সেইখন ৱেছেক্স এণ্ড কোম্পানী, লণ্ডনৰ নাম খোদাই কৰা আছে।

“ছুৰীখন দেখিছোঁ বৰ বেলেগ ধৰণৰ,” হোম্‌ছে সেইখন হাতত লৈ পৰীক্ষা কৰি ক’লে। “মোৰ বিশ্বাস, কাৰণ ইয়াত তেজৰ দাগ আছে, এইখনকে মৃতকৰ হাতত পোৱা গৈছিল। ৱাট্‌ছন, এইখন ডাক্টৰী লাইনৰে ছুৰী হ’ব যেন পাওঁ।”

“হয়, আমি সেইখনক কেটাৰেক্ট ছুৰী বুলি কওঁ,” মই ক’লো।

“ময়ো তেনেকুৱাই ভাবিছিলোঁ। সূক্ষ্ম কামৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা ছুৰী। ৰাতি চোৰ খেদিবলৈ যাওঁতে নিবলগীয়া বস্তু মুঠেই নহয়, তাতে এইখন জপাই লৈ জেপত নিবও নোৱাৰি।”

“ছুৰীখনৰ আগটো কুঁহিলাৰ টুকুৰা এটাত নিৰাপদকৈ সুমুৱাই থোৱা অৱস্থাত পোৱা গৈছিল, মৃতদেহৰ কাষত,” ইন্সপেক্টৰে ক’লে। “তেখেতৰ পত্নীৰ মতে সেইখন ড্ৰেছিং টেবুলতে পৰি গৈছিল, আৰু ৰাতি ওলাই যাওঁতে সেইখনকে হাতত লৈ তেওঁ ওলাই গৈছিল। অস্ত্ৰ হিচাপে বৰ এটা কামৰ নহয়, কিন্তু ৰাতি হাতৰ ওচৰত সেইখনকে পালে কিজানি।”

“তাৰে তিনিখন খেৰ-বেপাৰীৰ ৰছিদ। এখন কৰ্নেল ৰছে পঠোৱা পৰামৰ্শ। আৰু এইখন বণ্ড ষ্ট্ৰীটৰ টুপীৰ দোকানী শ্ৰীমতী লেছুৰিয়াৰে উইলিয়াম ডাৰ্বিছায়াৰলৈ পঠিওৱা সাতত্ৰিছ পাউণ্ড পোন্ধৰ ছিলিঙৰ আন এখন ৰছিদ। শ্ৰীমতী ষ্ট্ৰেকাৰে জনাইছিল যে ডাৰ্বিছায়াৰ তেখেতৰ গিৰিয়েকৰ এজন বন্ধু, আৰু তেখেতৰ চিঠি কেতিয়াবা তেওঁলোকৰ ঘৰৰ ঠিকনাতো পঠিওৱা হয়।”

“ডাৰ্বিছায়াৰ পত্নীৰ চখবিলাক পিছে খৰচী,” ৰছিদখনত চকু ফুৰাই হোম্‌ছে ক’লে,

“এপদ পোছাকৰ বাবে তেইছটা গিনি খৰচ কৰাটো মুখৰ কথা নহয়। যি হওক, আৰু বিশেষ একো জানিবলৈ নাই, আমি এতিয়া অপৰাধৰ ঠাইখিনি চাবলৈ যাব পাৰোঁ।”
আমি বহা-কোঠাৰপৰা বাহিৰ ওলাই দেখিলোঁ এগৰাকী মহিলা ৰৈ আছে। আমাক দেখি তেওঁ আগবাঢ়ি আহি অনুনয়ৰ ভংগীৰে ইন্সপেক্টৰৰ বাউসীত ধৰিলে। তেওঁৰ মুখত কষ্টৰ ছাপ, কিবা ভয়ত যেন বিতত হৈ আছে।

“তেওঁলোকক বিচাৰি পালেনে? পালেনে কিবা সম্ভেদ?” উশাহ নসলোৱাকৈয়েই তেওঁ সুধিলে।

“এতিয়াও পোৱা নাই, শ্ৰীমতী ষ্ট্ৰেকাৰ। কিন্তু এখেত মি. হোম্‌ছ আমাক সহায় কৰিবলৈ লণ্ডনৰপৰা উপস্থিত হৈছে, আৰু যিমানখিনি সম্ভৱ আমি কৰিম।”

“শ্ৰীমতী ষ্ট্ৰেকাৰ, আপোনাক আগতেও এবাৰ লগ পাইছোঁ, নহয়নে? প্লিমাউথৰ এখন চাহ-মেলত? কিছুদিন হ’ল পিছে।”

“নাই, মহাশয়; আপুনি কিবা ভুল কৰিছে।”

“অস্‌ মই ভুলেই কৰিলোঁ নেকি? কিন্তু মোৰ স্পষ্টকৈ মনত থকা যেন লাগিছিল। আপুনি শুধ বগা সাজ এযোৰ পিন্ধিছিল, পাৰিত উট-পখীৰ পাখি লগোৱা।”

“তেনেকুৱা পোছাক মোৰ নায়েই, মহাশয়।” মহিলাগৰাকীয়ে উত্তৰ দিলে।

“ঠিক আছে তেন্তে, মোৰ ভুলেই হৈছিল,” হোম্‌ছে ক্ষমা বিচাৰি ক’লে আৰু ইন্সপেক্টৰৰ পিছে পিছে বাহিৰলৈ ও্লাই আহিল। অলপমান পদকষ্টৰ পাছত আমি সেই গাঁতটো পালোঁ, য’ত মৃতদেহটো পোৱা গৈছিল। দাঁতিতে হালধীয়া সৰু ফুলৰ কাঁইটীয়া গছজোপা আছিল য’ত কোটটো লাগি ধৰিছিল।

“সেইদিনা ৰাতি মই জনাত বতাহ অলপো নাছিল,” হোম্‌ছে কৈ উঠিল।

“বতাহ নাছিল অকণো; কিন্তু ধাৰাষাৰে বৰষুণ মাৰিছিল।”

“তেতিয়াহ’লে কোটটো উৰি আহি এই জোপোহাত লাগি ধৰা নাই, ইয়াতে থোৱা হৈছিল।”

“হয়, কাৰণ জোপোহাটোৰ ওপৰত থোৱা হৈছিল।”

“ইণ্টাৰেষ্টিং! মাটিখিনি খোজৰ দাগে খচকি পেলোৱা দেখিছোঁ। সন্দেহ নাই, সোমবাৰৰপৰা বহুতৰে খোজ পৰিল ইয়াত।”

“আমি এইপিনে এখন কঠ পাৰি লৈ তাৰ ওপৰতহে থিয় হৈছিলোঁ।”

“বঢ়িয়া।”

“এই মোনাখনত মই ষ্ট্ৰেকাৰ আৰু ফিট্‌যৰয় ছিম্পছনৰ এপাতকৈ জোতা আৰু ছিলভাৰ ব্লেজৰ নাল এপাতৰ ছাপ লৈ আহিছোঁ।”

“বৰ বঢ়িয়া ইন্সপেক্টৰ, মই আপোনাৰপৰা ইমান আশা কৰাই নাছিলো!” হোম্‌ছে মোনাখন হাতত ল’লে আৰু গাঁতটোলৈ নামি গ’ল। পাৰি থোৱা কঠখন মাজলৈ আনি ল’লে আৰু গালত দুয়োহাত দি বৰ মনোযোগেৰে খচকি থোৱা মাটিখিনি চাবলৈ ধৰিলে। ”

“হেহ্‌!” হঠাৎ তেওঁ কৈ উঠিল, “এইটো কি?” হোম্‌ছক আচম্বিত কৰি তোলা বস্তুটো আছিল এডাল আধা-জ্বলা দিয়াচলাই কাঠী। বোকা লাগি এনেকুৱা ৰূপ লৈছিল যে সৰু গছৰ ঠাৰি যেনহে লগা হৈছিল।

 

“মই কিয় দেখা নাপালোঁ সেইডাল,” আক্ষেপৰ সুৰেৰে ইন্সপেক্টৰে ক’লে।

 

“কাৰণ সেইডাল বোকাৰ মাজত সোমাই নেদেখা হৈ আছিল। মই দেখিলোঁ কাৰণ মই সেইডালকে বিচাৰি ফুৰিছিলোঁ।”

 

“কি! আপুনি সেইডাল পাব বুলি আশা কৰিছিল?”

 

“ভাবিছিলোঁ থকাটো আচৰিত নহ’ব।”

 

তাৰপাছত তেওঁ জোতা কেইপাত মোনাৰপৰা উলিয়ালে আৰু জোতাৰ তলুৱাৰ দাগৰ লগত মাটিত থকা খোজৰ চিন মিলাই চাবলৈ ধৰিলে। তাৰপাছত বগাই গাঁতটোৰ পাৰলৈ আহিল আৰু বগুৱা ঢেঁকীয়া আৰু জোপোহাৰ হাবিখনত সোমাই গ’ল।

 

“আৰু খোজৰ দাগ নাই কিজানি,” ইন্সপেক্টৰে ক’লে। “মই ইয়াৰপৰা চাৰিওফালে এশ গজলৈ ভালকৈ চাইছোঁ।”

 

“ঠিকেই!” থিয় হৈ হোম্‌ছে উত্তৰ দিলে। “আপুনি কোৱাৰ পাছত মই আকৌ এবাৰ পণ্ডশ্ৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!