ৰেফ্ৰিজাৰেটৰ পুৰাণ -শিখা বৰুৱা

এইয়া সেই সময়ৰ কথা যেতিয়া ঘৰত ফ্ৰিজ থকাটো এক ষ্টেটাচ চিম্ব’ল আছিল। আমাৰ সৰুচামৰ বাবে সেই মানুহঘৰ চেলিব্ৰেটীতকৈ কোনো গুনে কম নাছিল।
তেতিয়াৰ দুটামান অভিজ্ঞতা।

পঞ্চমমানত তেতিয়া। লগৰ এজনীয়ে তাহাঁতৰ ফ্ৰিজটোৰ কথা খুব যহায়। কালি অমুক হে আছিল ফ্ৰিজত তমুক হে আছিল। মুঠতে সেই সময়ৰ কেলভিনেটৰ ৰেফ্ৰিজাৰেটৰ এডত দেখুওৱা প্ৰায় খিনি বস্তুৱে তাহাঁতৰ ফ্ৰিজত থাকে। হিংসাত জ্বলি মৰো আমি। এবাৰ জুন জুলাই মাহৰ গৰমত স্কুলৰ পৰা আহি থাকোতে তাহাঁতৰ ঘৰত সোমালো। ধান্দা এটাই ফ্ৰিজৰ পানী খাম। পানী দুনি খাই ফ্ৰিজ চাবলৈ আমাৰ উৎপাত। সদায় শুনি থাকো আজি চামেই ফ্ৰিজ। ইটো ৰুমৰ পৰা সিটো ৰুম ঘূৰ্মুটিয়াই ফুৰিছো ক’ত আছে ফ্ৰিজ। তাই চুচুক-চামাক কৰি আছে। এপাকত লাহেকৈ কলে মা ঘৰত নাই আজি আৰু মায়ে ফ্ৰিজটো আলমাৰিত তলা মাৰি থৈ গৈছে।

সপ্তম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা দি আজৰি হৈ লগৰীয়াৰ লগত ইঘৰ সিঘৰ ঘূৰি ফুৰিছো। এদিন নিনাহতঁৰ (নাম সলাই দিছো) ঘৰলৈকো গলো। প্ৰথম গৈছো । নিনাহতঁৰ ঘৰতো যে ফ্ৰিজ আছে তাকে দেখাবলৈ তাই ডিচেম্বৰ মাহৰ হাড়কঁপোৱা কটকটীয়া ঠাণ্ডাটো পাঁচটুকুৰামান আইচকিউব দি আমাক ফ্ৰিজত থোৱা চৰ্বত খাবলৈ দিছিল।

বহুত কল্পনা জল্পনাৰ ওৰ পেলাই অৱশেষত আমাৰ ঘৰলৈকো ফ্ৰিজ এটা আহিল। অহাৰ দিনাই পঢ়া টেবুলখন নি ফ্ৰিজৰ কাষতে লগালোঁ। যাতে মন গলেই ফ্ৰিজটো খুলি চাই থাকিব পাৰোঁ। আমাৰো যে ফ্ৰিজ ললে কথাটো ক্লাচৰ সবেই নহ’লেও অন্তত লগত বহাকেইজনীয়েটো জানিব লাগে। পৰা হলে গোটেই ক্লাচটোকেই মৰ্টন খোৱাই দিলোঁহেঁতেন। পিচদিনা স্কুল পাইয়ে কোনেও নোসোধাকৈয়ে লগৰদুজনীক কৈ আছোঁ আজি জান ৰঙালাও ভাজিৰে ভাত খালোঁ। ফ্ৰিজত থোৱা কাৰণে ইমান যে টেষ্টি হৈছিল ভাজিখিনি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!