ৰোমন্থন (দীপাংকৰ মল্ল বৰুৱা)
~~~~~~~~~~~~~~~~~~~~~~
: “মেঘাৰ কথা মনত পৰেনে? ”
ৰাজীৱে যেন হঠাতে থতমত খাই গ’ল৷
: “কিয় সুধিলি? ”, সি চাহৰ কাপটো থৈ অনুজলৈ চাই ক’লে৷
: “তাইক কেইদিনমান আগতে লগ পাইছিলো৷ বজাৰত৷ তোৰ কথা সুধিছিল৷ “
: “মোৰ কথা? কি সুধিছিল? ”
: “তই ক’ত থাক’, কি কৰ এইবোৰকে সুধিছিল৷ “
: “তই কি ক’লি? ”
: “ক’লো, তই এই ইয়াতে থাক’ বুলি৷ ব্যৱসায় কৰা বুলিও কলো৷ ”
ৰাজীৱে তলমূৰ কৰিলে৷ সি ভাৱৰ মাজত বুৰ গ’ল৷
: “সিহঁত যে এতিয়া এইখন চহৰলৈ বদলি হৈ আহিছে তই জানিছিলিনে? ” – অনুজে ৰাজীৱলৈ চাই ক’লে৷
: “জানিছিলো৷ তাইক দূৰৰ পৰা দেখিছো৷ কোনোদিনে মাত দিয়া নাই৷ ”- ৰাজীৱে চাহৰ কাপটোৰ পিনে চাই কৈ থাকিল৷
: “কিয়? তোৰ মন নাযায়? কলেজত তহঁত দুয়োটাচোন প্ৰায় একেলগেই আছিলি৷ “
: “তই সকলো কথা জানই অনুজ৷ তাইক মই পাহৰিবলৈ কিমান চেষ্টা কৰিছিলো৷ “
: “বহু বছৰ পাৰ হৈ হ’ল৷ তোৰ ঘাঁ টুকুৰা এতিয়াও শুকোৱা নাই? ”
: “বাদ দে সেইবোৰ কথা৷ আজি মেঘাৰ কথা কিয় উলিয়াইছ? আজি আমি কলিতাৰ হোটেলত সুখ দুখৰ কথা পাতিবলৈহে বহিছো৷ ”
ৰাজীৱে কথা সলনি কৰিবলৈ চেষ্টা কৰিলে৷
: “মেঘাও যদি ইয়ালৈ আহি আমাৰ লগত চাহ খায়হি কেনে লাগিব ক’চোন”? – অনুজে ৰাজীৱৰ চকুলৈ চাই ক’লে৷
: “পগলা হ’লি নেকি? কিয় তাই আহিব? তাই এতিয়া উচ্চপদস্থ বিষয়া অনন্ত চলিহাৰ পত্নী৷ কিমান ধনী মানুহ৷ তাইৰ কি দৰকাৰ পৰিছে আমাৰ লগত চাহ খাবলৈ৷ “ – ৰাজীৱে হাঁহিলে৷
: “মেঘা ইয়ালৈকে আহি আছে ৰাজীৱ৷ কেইমিনিট মানৰ ভিতৰতে তাই আহি পাব৷ “ -অনুজৰ কথা শুনি ৰাজীৱ চকীৰ পৰা উঠি থিয় হ’ল৷
: “তই এইবোৰ কি কৰিছ অনুজ? ইয়ালৈ তাইক কিয় মাতিছ’? ”
: “তই বহ৷ উত্তেজিত নহ’বিচোন৷ তোক এবাৰ লগ কৰাই দিবলৈ তায়েই মোক কৈছিল৷ মই জানো, তইতো কেতিয়াও তাইক লগ কৰিবলৈ নাযাৱ৷ সেয়ে তাইকে ইয়ালৈ আহিবলৈ ক’লো৷ এয়া চা, তাই মেছেজ কৰিছে৷ আহি পাবই এতিয়া৷ “ – অনুজে তাৰ মোবাইল ফোনটো দেখুৱাই ক’লে৷
: “তাইক লগ পাবলৈ মোৰ একেবাৰে মন নাই৷ মই যাওঁ৷ “
ৰাজীৱে যাবলৈ উঠাৰ সময়তে দুৱাৰেদি মেঘা সোমাই আহিল৷ দুয়ো মুখা মুখি হ’ল৷ চকুৱে চকুৱে পৰিল৷
: “ৰাজীৱ! ”
মেঘাৰ মুখেৰে মৃদু চিত্কাৰ ওলাই আহিল৷
ৰাজীৱে থৰ লাগি থিয় হৈ থাকিল৷ অনুজে তাক চকীত বহুৱাই দিলে৷ মেঘাকো কাষত বহুৱাই অনুজে মেঘালৈ চাই ক’লে –
: “ৰাজীৱ, মেঘাই আমাক লগ পাবলৈ আহিছে৷ “
মেঘা বহিল৷
: “আমি তিনিওটাই কিমান দিনৰ মূৰত একেলগে বহিছো, নহয়নে? ” – মেঘাই ক’লে৷
: “কলেজৰ কথা মনত পৰি গৈছে৷ ক্লাছৰ পৰা বাহিৰে বাহিৰে আহি ইয়াতে কিমান আড্ডা দিছিলো৷ ” – অনুজে উত্সাহেৰে ক’লে৷
: “ৰাজীৱ, কলিতাৰ হোটেলৰ চাহ বালুচা খাবলৈ তই যে মোক সদায় হোষ্টেলৰ পৰা লৈ আহিছিলি, মনত আছেনে? ” – তাই ৰাজীৱৰ চকুলৈ চালে৷ ৰাজীৱে মূৰ দুপিয়ালে৷
: “তই ইয়ালৈ কিয় আহিলি মেঘা? ” – সি মেঘালৈ চাই ক’লে৷
: “কিয় আহিলি মানে? মই ইয়ালৈ আহিব নোৱাৰো নেকি? কিমান মেনেজ কৰি তহঁতৰ লগত বহি আড্ডা মাৰিবলৈ আহিছোঁ, কি বুজিবি৷ “
: “তোক মই কেতিয়াও বুজি নাপালোঁ৷ “ -ৰাজীৱে কথাষাৰ কৈ আন ফালে চাই ৰ’ল৷
: “তই আমাক কাকো খবৰ নিদিয়াকৈ বিয়া হৈ গ’লি৷ তাৰ পাছত তোৰ একো খবৰেই নাই৷ সেইকাৰণেই সি তোক বেয়া পাই আছে৷ “ অনুজে মেঘাক সহজ কৰিবলৈ ক’লে৷
: “সেই কথা ময়ো বুজি পাওঁ৷ ৰাজীৱ, তোক অন্তত: মই খবৰ দিব এটা লাগিছিল৷ তই মোৰ আটাইতকৈ ভাল বন্ধু আছিলি৷ কিন্তুু পঢ়া শেষ কৰি উভতি যোৱাৰ পাছত বৰ খৰধৰকৈ বিয়াখন হৈ গ’ল৷ মা দেউতাই ভাল ল’ৰা পাই বিয়া দি দিলে৷ কাকো তেনেকৈ খবৰ দিয়াই নহ’ল৷ ” – মেঘাই ক’লে৷
: “এইখন চহৰত তহঁত বহুত ডাঙৰ মানুহ৷ চহৰত তহঁতৰ বহুত সন্মান আছে৷ তই আমাৰ লগত এনেদৰে কলিতাৰ হোটেলত বহি থকা দেখিলে মানুহে কি ভাবিব৷ তই সোণকালে যাগৈ মেঘা৷ “ – ৰাজীৱে ক’লে৷
: “ডাঙৰ মানুহ হৈ হৈ আমনি লাগিছে ৰাজীৱ৷ সেই কাৰণে আজি আকৌ পুৰণি দিনলৈ উভতি যাবলৈ মন গ’ল৷ অনুজে যেতিয়া ক’লে, তহঁতে এতিয়াও কলিতাৰ দোকানত বহি চাহ বালুচা খাৱ, মই আৰু ৰ’ব নোৱাৰিলো৷ অনুজক ক’লো, ময়ো আহিম তহঁতৰ লগত বহিবলৈ৷ মানুহে কি ভাবিব? মানুহৰ কথা ভাবিয়েই জীৱনটো শেষ কৰি দিম নেকি? চাহ বালুচা মোৰো খাবলৈ মন যায়৷ “
: “কিন্তুু কলিতাৰ দোকানৰ চাহ বালুচাত কি আছে মেঘা? তহঁত ফাইভ ষ্টাৰ হোটেলত উঠা বহা কৰা মানুহহে৷ “ – ৰাজীৱে ক’লে৷
: “কলিতাৰ হোটেলৰ চাহ বালুচাৰ সোৱাদ ফাইভ ষ্টাৰত নাপায় ৰাজীৱ৷ তহঁতৰ লগত আড্ডা মৰাৰ সোৱাদটো মই আৰু ক’ত বিচাৰি পাম? সেইকাৰণে আজি কাকো নোকোৱাকৈ সাধাৰণ ড্ৰেছজোৰ পিন্ধিয়েই ওলাই আহিলোঁ৷ গাড়ী নানি ৰিস্কাতে আহিলো৷ বৰ মন গৈছিল আকৌ চাহ বালুচাৰ সোৱাদ ল’বলৈ৷ “
: “তই সঁচাকৈয়ে বৰ আচৰিত৷ “ – ৰাজীৱে মেঘালৈ চাই ক’লে৷
: “এতিয়া মোৰ মুখলৈ চায়েই থাকিবিনে কিবা অৰ্ডাৰ কৰিবি? ”
: “ঐ পোৱালি! তিনি প্লেট বালুচা আৰু তিনি কাপ চাহ লৈ আহ৷ একাপত চেনি নিদিবি৷ “ -ৰাজীৱে চিঞৰিলে৷
: “একাপত চেনি কিয় দিব নালাগে”? , অনুজে সুধিলে৷
: “এইজনীয়ে বালুচাৰ লগত চাহত চেনি নাখায়৷ ” – ৰাজীৱে ক’লে৷
##