ৰৌ মাছৰ ফিচা আৰু শ্ৰীমতীৰ আশা – প্ৰান্তৰ ভাগবতী
”হেৰা, শুনাচোন। কাইলৈ মাহঁত আহিব নহয়। তুমি কিন্তু ৰাতিপুৱা সোনকালেই বজাৰলৈ যাবা। দেৰিলৈকে শুই থাকি পিছত ভাল মাছ নাপালো বুলি ক’লে চাবা কিন্তু। কিমান দিনৰ পাছত মাহঁত আহিব; আৰু শুনা, মাছৰ ফিচা ডোখৰ কিন্তু ডাঙৰ কৈ কটাই আনিবা, জানাই নহয়।” বিছনাত পৰি লৈয়ে শ্ৰীমতীয়ে কৈ উঠিল।
”হ’ব দিয়া। এতিয়া মোক সোনকালে শুবলৈ দিয়া। তেতিয়াহে ৰাতিপুৱা সোনকালে উঠি বজাৰলৈ যাব পাৰিম।“ এই বুলি কৈ শুবলৈ ল’লো।
মনলৈ কথা কিছুমান ভাহি আহিল। সাধাৰণতে আমাৰ ঘৰবোৰত আগতে যৌথভাবে থকা পৰিয়ালবোৰত মতা মানুহ আৰু ল’ৰা-ছোৱালীবোৰক গৃহিণী সকলে আগতে ভাত খোৱাইছিল আৰু সকলোৱে খোৱাৰ পাছত নিজে খাইছিল। সেয়ে তেওঁলোকৰ ভাগলৈ ভাল বস্তু বোৰ সাধাৰণতে নাথাকিছিল। মাংসৰ হাড়, মাছৰ ফিচা, মাছৰ গদা, ডে যোৱা ভাজি, অকণমান ডাইল ইত্যাদিহে ভাগত পৰিছিলগৈ। মোৰ শ্ৰীমতীও তেনে এটা পৰিয়ালতে ডাঙৰ দীঘল হৈছিল। শহুৰে হেনো শাহু আইক বৰ মৰম কৰিছিল। শাহু আয়ে হেনো মাছ খাই বৰ ভাল পাইছিল। সেয়ে মাছৰ ফিচা ডোখৰ শহুৰে সদায়ে ডাঙৰ কৈ কটাইছিল। যাতে শাহুৱে ফিচা হ’লেও ডাঙৰ মাছ এডোখৰ খাবলৈ পায়। শ্ৰীমতীয়েও বিয়াৰ পাছত যৌতুকত অনাৰ দৰে মাকৰ প্ৰায়বোৰ গুণ লগত লৈ আহিছিল। এতিয়া আমাৰ ঘৰত যৌথ পৰিয়াল নহয় যদিও মাছৰ ফিচা তেওঁ ডাঙৰ কৈ কটাই আনিবলৈ কয়। তেওঁ মাক বাপেকৰ পুৰণি প্ৰেম কাহিনীবোৰ মোক শুনাই আৰু কয় “দেখিছা! মোৰ দেউতাই মাক কিমান মৰম কৰিছিল। গতিকে তুমিও তেনেদৰেই মাছৰ ফিচা মোলৈ ডাঙৰকৈ কটাই আনিবা। মায়ে কেতিয়াবা ইয়ালৈ আহি দেখিলে গম পাব তুমি মোক কিমান ভাল পোৱা।“ মইও একান্ত মনে কথাবোৰ শুনি মনতে ভাবোঁ মাছৰ ফিচা সৰুকৈ কাটি আনিলেও তোমাকতো ভাল পাওঁৱেই। কেতিয়াবা এওঁৰ লগত কিবা কথাত খকা খুন্দা লাগিলে মইটো সদায়ে হাৰোৱেই, তেতিয়া মনতে ভাবোঁ- “কালিলৈ মাছৰ ফিচা সৰুকৈ কাটি মাছ আনিম। গম পাবা তেতিয়া।” এইদৰে কিবাকিবি ভাবি থাকোঁতে কেতিয়া টোপনি গ’লো ক’বই নোৱাৰিলোঁ।
ৰাতিপুৱা শ্ৰীমতীৰ চিঞৰত খৰধৰকৈ উঠি চাহকাপ খাই বজাৰলৈ বুলি ওলালোঁ। শ্ৰীমতীয়ে ইতিমধ্যে মাক-দেউতাকে ভাল পোৱা বস্তুৰ দীঘল লিষ্ট এখন দি পঠাইছে। বজাৰ পাই এপদ দুপদ কৈ বস্তুবোৰ কিনি মাছৰ বজাৰত সোমালো। বাৰিষা কাল, এই সময়ত মাছ কমকৈ ওলায়। সেয়ে মাছৰ জুইছাই দাম। উপায় নাই, সন্মানৰ কথাও আছে। সেয়েহে যথেষ্ট দৰ-দাম কৰি লোকেল ৰৌমাছ এটা কিনিলো। বেপাৰীয়ে মাছটো কাটিবলৈ ধৰোঁতেই পিছফালৰ পৰা কোনোবাই নাম ধৰি মতাত ঘূৰি চাই দেখো সৰুকালৰ বন্ধু বিমান। সি আজিকালি দিল্লীত থাকে। বহুত দিনৰ পিছত দুই বন্ধু লগ হৈছোঁ; বাচ! এফালৰ পৰা কথাৰ মহলা আৰম্ভ হৈ গ’ল। ল’ৰা-তিৰী, গাড়ী-বাৰী ইত্যাদি নানান কথা। তেনেতে বেপাৰীৰ মাতত সঞ্চিত ঘূৰি আহিল, “চাৰ। মাছ কটা হ’ল। এইয়া লওঁক।”
এইবুলি কৈ বেপাৰীজনে মাছৰ কেৰিবেগটো মোলৈ আগবঢ়ায় দিলে। বুকুখনে ধিপিংকৈ মাৰিলে। বিমানক লৰালৰিকৈ গধূলি লগ পাম বুলি বিদায় দি মাছ বেপাৰীক টোপোলা খুলি মাছখিনি উলিয়াবলৈ ক’লো আৰু চাই দেখিলোঁ মাছৰ ফিচাখন সি কচুকটা দিলে। সৰুকৈতো কাটিছেই লগতে খৰি ফলাৰ দৰে মাজেৰেও দুফাল কৰিলে।”
হৰি হৰি! কি কৰা যায়, এতিয়াটো মাছৰ ফিচা যোৰা লগাবও নোৱাৰি। বিমানৰ লগত দিয়া লেকচাৰৰ কোবত বেপাৰীক কোৱাও নহ’ল ফিচা ডোখৰ ডাঙৰ কৈ ৰাখিবলৈ। সিনো কেনেকৈ জানিব যে মাছৰ ফিচাৰ চাইজত মোৰ ভাল পোৱাৰ হিচাব হয়! “
উপায় নাপাই বেপাৰীক পইচা দি চিন্তা কৰিলোঁ কি কৰা যায়। এফালে শ্ৰীমতীৰ মাকৰ ওচৰত মোৰ ভালপোৱাৰ পৰিমাণ দেখুওৱা, আনফালে দুফাল কৰা খৰিৰ দৰে মাছৰ ফিচা!
শেষত উপায় নাপাই কি কৰো কি নকৰোকৈ আন আন মাছ বেপাৰীবোৰৰ ওচৰ পালোঁগৈ। এটা বেপাৰীৰ লগত একে চাইজৰ ৰৌমাছ এটা আছে। পিছে সি গোটাকৈহে বেচিব। কি কৰা যায়। ইতিমধ্যে দুই কেজি ওজনৰ এটা কিনিলোৱেই আৰু ইমানখিনি মাছ কিনিলে ঘৰত হিতে বিপৰীত হ’ব। তাক ক’লো বোলো মোক অকল মাছটোৰ ফিচা ডোখৰ হে লাগে। সি পোনচাতেই না কৰিলে। অকল ফিচা ডোখৰ কাটি বেচিলে মাছটো দেখাত বেয়া হ’ব আৰু সি পিছত দাম নাপাব। মই ক’লো বোলো মোৰ এতিয়া কিনা মাছটোৰ ফিচা ডোখৰ দিম এনেয়ে লগাই থবি। সি বোলে নহ’ব। শেষত বহুত কাবৌ-কাকূতি আৰু কামোৰৰ অন্তত প্ৰায় দুগুণ দামত সি মাছটোৰ ফিচা ডোখৰ কাটি বেচিবলৈ মান্তি হ’ল। দাম বহুত বেছি হ’লেও শ্ৰীমতীৰ সন্মানৰ কথা আছে। ২০০ গ্ৰাম ওজনৰ প্ৰকাণ্ড ফিচা ডোখৰ বেগত লৈ শ্ৰীমতীয়ে মাকৰ ওচৰত হাঁহি থকা উজ্জ্বল মুখখন মনলৈ ভাহি আহিল। বজাৰৰ পৰা ওলাই আহোঁতে মনলৈ এটা ভাব আহিল, “আজিৰ এই কথাটো মোৰ ফটো এখনৰ সৈতে বাতৰি কাকতলৈকে পঠিয়াই দিওঁ নেকি!” মোৰ হাঁহি থকা ফটোখনৰ তলত বৰ বৰ হৰফেৰে লিখা থাকিব “মৰমৰ পত্নীক সুখী কৰিবলৈ বজাৰৰ পৰা কেৱল মাছৰ ফিচা কিনা প্ৰথমজন অসমীয়া শ্ৰীমান……….।
পঢ়ি খুব ভাল লাগিল