ৱিক্টৰ-জুলা আৰু যুদ্ধোত্তৰ পৃথিৱীৰ “ক’ল্ড ৱাৰ” –নিজৰা ৰাজকুমাৰী

“I knocked, I cried
    she didn’t want to open
    I had to put my head
    On a stone and slept….”বাদ্যযন্ত্ৰৰ সুৰৰ সৈতে তাল মিলাই পোলেণ্ডৰ দহাচকুৱা গায়কজনে গাই থকা এই গীতটিৰে আৰম্ভ হৈছে পাওৱেল পাৱলিকৱেস্কিৰ ( Paweł Pawlikowski ) কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰা পোলিচ-ফ্ৰেন্স ভাষাৰ পিৰিয়ড চিনেমা “ক’ল্ড ৱাৰ”। ১৯৪৯ চন।দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পোলেণ্ড। ১৯৩৯-ত জাৰ্মানী আৰু ছোভিয়েট ইউনিয়নৰ মাজত ভাগ হৈ যোৱা পোলেণ্ড, অতি পৰিশ্ৰমী কৃষক আৰু দেশপ্ৰেমিকৰ দেশ পোলেণ্ড। যুদ্ধোত্তৰ পৃথিৱী দুটা পৰস্পৰ বিৰোধী শিবিৰত (ছোভিয়েট ইউনিয়ন আৰু ইয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক, সুৰক্ষাজনিত নিয়ন্ত্ৰণৰ ভিতৰুৱা ছেটেলাইট ষ্টেটছ্ আৰু আমেৰিকা আৰু ইয়াৰ সহযোগী ৰাষ্ট্ৰ) ভাগ হৈ সৃষ্টি হোৱা ক’ল্ড ৱাৰ অৰ্থাৎ শীতল যুদ্ধৰ সময় সেয়া। শিল্পী ৱিক্টৰ, আইৰিণা আৰু এডমিনিষ্ট্ৰেটিভ মেনেজাৰ কাজমাৰেকৰ নেতৃত্বত দলটোৱে মানুহৰ মাজলৈ গৈ লোক সংগীত ৰেকৰ্ডিং কৰি ফুৰিছে—হাড় ভঙা শ্ৰম কৰি থাকোঁতে গোৱা গান, অমানৱীয় পৰিস্থিতিত বুকু  ফাটি ওলাই অহা হৃদয়ৰ গান, চকুলোৰে সিক্ত হাঁহিৰ গান, ককাক-আজোককাকৰ গান,  Crude, primitive। গান বিচাৰি পাৰাপাৰহীন বৰফে ঢকা ঠাইৰ মাজেৰে তেওঁলোকে যাত্ৰা কৰিছে। ক্ষন্তেকৰ বাবে ক’ৰবাত ৰৈছে। দৰ্শকৰ সমুখলৈ আহিছে কলাসুলভ প্ৰাচীৰৰ ভঙা-ছিঙা গীৰ্জাৰ ডাঙৰ ভৱন এটা। চৌদিশ নিস্তব্ধ।ঘূৰণীয়া মুধচেৰে ওপৰলৈ চালে লঠঙা গছে ৰহন চৰোৱা দৃষ্টিনন্দন বৃত্ত এটা দেখি। এই বৃত্তটোৱে কেৱল দৰ্শকৰ চকুক তৃপ্তিয়েই দিয়া নাই, বৰঞ্চ কাহিনীটোৰ পৰিভ্ৰমণকালকো সমৃদ্ধি দিছে পৰিণতিক এই একেটা স্থানতে প্ৰোথিত কৰি। সেইকথা পাছলৈ থলোঁ। আকৌ ৱিক্টৰ, আইৰিণাহঁতৰ কামৰ মাজলৈ যাওঁ। তেওঁলোকৰ দ্বাৰা কন্ঠশিল্পী আৰু নৃত্যশিল্পীৰো অনুসন্ধান চলিছে। নিৰ্বাচিত শিল্পীৰে গঠিত দলটোৱে পোলেণ্ডৰ মঞ্চৰ লগতে দেশৰ বাহিৰৰ মঞ্চত অনুষ্ঠান পৰিৱেশনৰ সুবিধা পাব। অন্য প্ৰতিভাবান শিল্পীৰ লগতে ৱিক্টৰহঁতে অতি সুন্দৰ কন্ঠৰ অধিকাৰী সুন্দৰী, স্মাৰ্ট যুৱতী জুলাকো নিৰ্বাচন কৰিছে (জুলাই পিছে অ’ডিশ্যনত পোলেণ্ডৰ গীতৰ পৰিৱৰ্তে ৰাছিয়ান চিনেমাৰ গীতহে গাইছিল,সেয়া সেই সময়ৰ “ৰাছিয়ান পোলেণ্ড”ৰ কাহিনী)। পিছে পিতৃক ক্ৰমণৰ অপৰাধত জুলাই ইতিমধ্যে কাৰাবাস খাটি আহিছে। সঙ্গীতানুষ্ঠানটোৰ পৰিচালক হিচাবে ৱিক্টৰে ঘটনাটো জানিব খুজিছিল। জুলাৰ স্পষ্ট উত্তৰ—“দেউতাই মোৰ মাৰ লগত অন্যায় কৰিছিল, গতিকে এখন চুৰীৰ সহায়েৰে মই তেওঁক তেওঁৰ ভুলটো দেখুৱাই দিলোঁ। ভয় নাখাব, সেই আঘাতত দেউতাৰ মৃত্যু হোৱা নাই।”  নি:সন্দেহে সাহসী, প্ৰতিবাদী নাৰী জুলা। এই জুলাৰে প্ৰেমত পৰে ৱিক্টৰ। সিহঁতৰ প্ৰেম যিমান গভীৰ আছিল সিমানেই প্ৰত্যাহ্বান, প্ৰৰোচনাই অগতানুগতিক কৰি তুলিছিল ৱিক্টৰ-জুলাৰ কাহিনী, লগতে ক’ল্ড ৱাৰৰ প্ৰভাৱ তথা ভূ-ৰাজনৈতিক বিভিন্ন ঘটনাৱলীৰ ৰেহ-ৰূপ। উপযুক্ত প্ৰশিক্ষণৰ পাছত পোলেণ্ডৰ ৰাজধানী ৱ’ৰ্শ্ব’ত জুলাহঁতৰ দলটোৱে পৰিৱেশন কৰিছিল এটি অাটকধুনীয়া সঙ্গীত-নৃত্যৰ অনুষ্ঠান। সেয়া ১৯৫২ চন। অনুষ্ঠানটোৰ সফলতা উপভোগ কৰি সহশিল্পীসকল গীতত মছগুল হৈ থাকোঁতে জুলাই একেথৰে কাৰোবালৈ চাই আছিল। পাছৰ দৃশ্যটোত জুলা-ৱিক্টৰৰ শাৰীৰিক মিলনে বুজাই দিলে ক্ষন্তেক আগৰ জুলাৰ মৰমসনা চাৱনি আছিল ৱিক্টৰৰ বাবে। চলচ্চিত্ৰীয় ভাষাৰ ওপৰত দখল তথা সংলাপতকৈ কেমেৰা, সম্পাদনাত বিশ্বাসী এনেবোৰ পৰিচালকৰ চিনেমাই বিশ্বজুৰি দৰ্শক লাভ নকৰিবনো কিয়?  এইখিনিতে কাহিনীৰ বাহিৰৰ কথা অলপ কৈ লওঁ। পোলেণ্ডৰ মিনিষ্ট্ৰি অৱ কালচাৰ এণ্ড অাৰ্টে ১৯৪৮ চনত স্থাপন কৰিছিল পৰম্পৰাগত সংগীত-নৃত্যৰ দল Mazowsze (Mazovia)। পোলেণ্ডৰ মধ্য উত্তৰ-পূৱৰ ঐতিহাসিক অঞ্চল Mazovia-ৰ নামেৰে গঠিত এই দল গঠনৰ উদ্দেশ্য আছিল অঞ্চলটোৰ পৰম্পৰাগত লোকসংগীত-নৃত্যৰ সৌন্দৰ্য-বৈচিত্ৰতাক সংৰক্ষণ কৰা। পাছলৈ অৱশ্যে অন্যান্য অঞ্চলৰ গীত-মাতো দলটোৰ অনুষ্ঠান কাৰ্যসূচীত অন্তৰ্ভূক্ত কৰা হৈছিল। ১৯৬৩ চনৰ পোলিচ চিনেমা “ৱাইফ ফৰ এন অষ্ট্ৰেলিয়ান”, ১৯৯৯-ৰ “দ্য লাষ্ট ফৰ এন লিথুৱেনিয়া”তো এই মাজ’ভিয়া দলটোৰ অনুকৰণত কিছু দৃশ্য অন্তৰ্ভূক্ত কৰা হৈছিল। এই দলটোৰ লগত মিল থকা বহু কথাৰে পৰিচালক-চিত্ৰনাট্যকাৰ পাৱলিকৱেস্কিয়ে “ক’ল্ড ৱাৰ”ৰ কাহিনী নিৰ্মান কৰিছে। কাহিনীটো পোলেণ্ড, বাৰ্লিন, পেৰিছ, যুগোশ্লাভিয়া হৈ ১৫ বছৰত অৰ্থাৎ ১৯৪৯-ত আৰম্ভ হৈ ১৯৬৪-ত শেষ হৈছে।  ১৯৫২-ৰ ৱ’ৰ্শ্ব’ৰ সফল অনুষ্ঠানটোৰ পাছত দলটো গৈছে বাৰ্লিনলৈ, যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে। কাজমাৰেক প্ৰচুৰ আশাবাদী–“বাৰ্লিনৰ পাছত মস্কো যাম, তাৰপাছত যে ক’লৈ ক’লৈ নাযাম আৰু এনেকৈয়ে শক্তিশালী ছোভিয়েট ষ্টেটৰ লগত আমাৰ ভাল বন্ধুত্ব গঢ়ি উঠিব। “বাৰ্লিনমুখী ৰেলত তেওঁ দলটোক সাৱধানবাণী শুনাইছে— “আজিৰ বাৰ্লিন সমাজবাদ আৰু সাম্ৰাজ্যবাদৰ মাজৰ ফ্ৰন্ট লাইন। আৰু তোমালোকেতো জানাই ফ্ৰন্ট লাইনত যিকোনো আচৰিত ঘটনাই ঘটি যাব পাৰে। সেয়ে চকু-কাণ খোলা ৰাখিবা। জাৰ্মানী জাৰ্মানীয়েই।” বাল্টিক সাগৰৰ মাছ চোবাই চোবাই বাৰ্লিনৰ অনুষ্ঠানৰ পাছত আয়োজক আৰু কাজমাৰেকে পাৰ্টিত পোলেণ্ড-জাৰ্মানীৰ কমিউনিষ্ট বন্ধুত্বৰ কথা পাতিলেও দেশবোৰৰ মাজত বিশ্বাস ঘূৰি আহিবলৈ তেতিয়াও বহু বাকী। সাহসী জুলায়ো এবাৰ নিজৰ ওপৰত বিশ্বাস হেৰুৱাইছিল, সেয়ে দলটোৰ পৰা ফালৰি কাটি বাৰ্লিনৰ ছোভিয়েট চেক্টৰৰ শেষত তাইৰ বাবে অপেক্ষা কৰি থকা ৱিক্টৰৰ ওচৰলৈ যাবলৈ তাইৰ সাহস নহৈছিল। ৱিক্টৰে তাইক কমিউনিষ্ট পোলেণ্ডৰ পৰা ফ্ৰান্সলৈ লৈ যাব বিচাৰিছিল। এই ঘটনাৰ পাছত সিহঁতৰ সাময়িক বিচ্ছেদ ঘটিল। ২ বছৰৰ পাছত ১৯৫৪ চনত পেৰিছতহে পুনৰ দুয়োৰে দেখাদেখি হ’ল। সময় অাৰু সীমাই ইজনৰ সিজনৰ প্ৰতি থকা প্ৰেমক তিলমানো ম্লান কৰিব পৰা নাছিল। পেৰিছৰ এটা ক্লাবত মিউজিক এৰেঞ্জাৰ, সংগীতকাৰ তথা বাদ্যযন্ত্ৰী হিচাপে কাম কৰি থকা ৱিক্টৰক এবছৰৰ পাছত দেখা গ’ল যুগোশ্লাভিয়াত অনুষ্ঠিত জুলাহঁতৰ গ্ৰুপটোৰ সংগীতানুষ্ঠানৰ দৰ্শকৰ আসনত। মঞ্চত থকা দলটোৰ তাৰকা শিল্পী জুলাৰ দুচকুৱে প্ৰেমাস্পদক হঠাৎ দেখাৰ আশ্চৰ্য মিহলি সুখানুভূতি চম্ভালি লোৱাৰ আগতেই ৱিক্টৰক নাগৰিকত্ব আৰু সঘনাই দেশবোৰৰ সীমা পাৰ হৈ থকা সংক্ৰান্তীয় অপৰাধত তাৰপৰা লৈ যোৱা হ’ল। অৱশেষত ১৯৫৭ চনত পেৰিছত দুয়ো একেলগে থাকিবলৈ ল’লে। দুই উৰণীয়া পখীয়ে সুখৰ স্থায়ী ঠিকনা বিচাৰি পালে বুলি ভাবিব লওঁতেই দেখিলোঁ ৱিক্টৰৰ পূৰ্বৰ প্ৰেয়সী কবি জুলিয়েটক লৈ জুলাৰ মনত বাহ বান্ধিছে তীব্ৰ ঈৰ্ষাই। সেই ঈৰ্ষাৰ দাবানলে পুৰি চাই কৰি আনিছে সকলো। “মৃত্যুলৈকে সকলোতে মই তোমাৰ সৈতে থাকিম” বুলি কথা দিয়া অতি আদৰৰ সংগীৰ প্ৰতি জুলাৰ মুখেৰে জুই বৰষিছে—“পোলেণ্ডত থাকোঁতে তুমি ভাল আছিলা। এতিয়া তুমি বেলেগ মানুহ হৈ গ’লা, নতুবা ময়েই চাগে মূৰ্খ আছিলোঁ তোমাক ভাল বুলি ভাবিছিলোঁ।” জুলাৰ প্ৰচণ্ড ঈৰ্ষাই ডেমিয়েন জিফ্ৰানৰ স্পেনিছ এন্থ’লজি ছবি “ৱাইল্ড টেলছ্”ৰ “টিল ডেথ ডু আছ পাৰ্ট”লৈ মনত পেলাই দিয়ে। এইবাৰ ৱিক্টৰ নিৰূপায়। “চোৱা আমাৰ প্ৰথম সন্তান” বুলি জুলাৰ গানৰ এলবামটো তাইৰ হাতত দিওঁতে তাই “বাষ্টাৰ্ড” বুলি বাটৰ কাষলৈ দলিয়াই দিয়াৰ পাছতে পুনৰ দুয়ো দুয়োৰে পৰা বিচ্ছিন্ন হয়। দুখী, আহত ৱিক্টৰে পোলেণ্ডলৈ ফোন কৰিও জুলাৰ অনুসন্ধান কৰে।  ইফালে ৱিক্টৰৰ নাগৰিকত্ব বিষয়ক সমস্যা লগত লাগিয়েই অাছে। পাছৰ দৃশ্যত ১৯৫৯-ৰ পোলেণ্ড। অবৈধভাবে দেশবোৰৰ সীমা পাৰ হৈ থকা আৰু চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত জেলত থকা ৱিক্টৰক জুলাই দেখা কৰিবলৈ আহিছে। গাৰ্ডক ভেটী দি একান্তই নিজাকৈ পোৱা দহটা মিনিটত জুলাই তেওঁক জেলৰ পৰা উলিয়াই নিয়াৰ আশ্বাস দিছে। ইতিমধ্যে আঘাতত হাতৰ আঙুলি ক্ষত বিক্ষত হোৱা ৱিক্টৰৰ মিউজিকৰ কেৰিয়াৰো ধ্বংস হৈছে। ৱিক্টৰৰ ওচৰলৈ যাবলৈ ভিছাৰ বাবে অন্য পুৰুষক বিয়া কৰোৱা জুলাই এইবাৰ ৱিক্টৰক জেলৰ পৰা মোকলাবলৈ কাজমাৰেকক বিয়া কৰাইছে, তাইৰ এটা পুত্ৰ সন্তানো হৈছে। এক অসম্ভৱ প্ৰেমৰ মায়াজৰীত আৱদ্ধ ৱিক্টৰ-জুলা অৱশেষত উপস্থিত হৈছেগৈ লেখাটোৰ আৰম্ভণিতে উল্লেখ কৰি অহা লঠঙা গছে ৰহন চৰোৱা দৃষ্টিনন্দন বৃত্তটো থকা কলাসুলভ প্ৰাচীৰৰ ভঙা-ছিঙা গীৰ্জাটোলৈ। মম এডাল জ্বলাই, বিবাহৰ প্ৰতিজ্ঞা আওৰাই দুয়োয়ে  খাই পেলাইছে শুধ বগা কিছুমান বিষাক্ত বড়ি। ভৰুণ পথাৰ এখনৰ কাষত হাতৰ মুঠিত ৱিক্টৰৰ হাত এখন সুমুৱাই বহি থকা জুলাই কৈছে “ব’লা সিপাৰলৈ যাওঁ, তাৰপৰা দৃশ্যবোৰ বেছি ভালকৈ দেখি। “বড়িবোৰ খোৱাৰ পাছত জুলাই “সিপাৰ” মানে যি বুজাইছে সেয়াই চিনেমাখনৰ পৰিণতিক অদ্ভূত কাৰুণ্যৰে সেমেকাই তুলিছে । পাৱলিকৱেস্কিয়ে পিতৃ-মাতৃৰ নামত উৎসৰ্গা কৰা ছবিখনত আচলতে জুলা-ৱিক্টৰৰ ৰূপেৰে পৰিচালকে তেওঁলোককে অংকন কৰিছে –“the most interesting dramatic characters I’ve ever come across, both strong,  wonderful people, but as a couple of never-ending disaster”. বিশ্ব যুদ্ধোত্বৰ ভূ-ৰাজনৈতিক চাপ, অবিশ্বাসৰ ভেটিত সংগীত-নৃত্যৰ দল অাৰু শিল্পীৰ প্ৰেম-প্ৰণয় আধাৰিত “ক’ল্ডৱাৰ”ত স্বাভাৱিকভাবেই সংগীত-নৃত্য অতি সুন্দৰ, বহুল, অৰ্থবহ ৰূপত ব্যৱহৃত হৈছে। আইৰিনাই লোকজীৱনৰ লোকসঙ্গীতত বিশ্বশান্তি, উন্নয়ন, নেতৃত্ববিষয়ক গানৰ স্থান নাই বুলি প্ৰতিবাদ কৰাৰ পাছতো চৰকাৰী পক্ষৰ হেঁচাত এইবোৰ বিষয় দলটোৰ অনুষ্ঠানত অন্তৰ্ভূক্ত হৈছে, মঞ্চত ষ্টেলিনৰ বৃহদাকাৰ পোষ্টাৰ উঠিছে ।                 
ক’লা-বগা “ক’ল্ডৱাৰ”ৰ অপূৰ্ব চিনেমাট’গ্ৰাফীয়ে মন তৃপ্তিৰে ভৰাই তোলে। এটা বছৰৰ পৰা অান এটা বা কেইবাটাও বছৰলৈ জপিয়াই থকা নেৰেটিভ ভাবোদ্দীপক। এটা দৃশ্যত বতাহত কঁপি থকা ফুলা ঘাঁহনিত প্ৰণয় সুখত চকু মুদি পৰি অাছে ৱিক্টৰ, কাষতে কিলাকুটিত ভেজা দি জুলা। হঠাৎ কিবা এটা কথাত লাগি ৱিক্টৰ উচাৎ মাৰি উঠি গৈছে, তাক বকি বকি হ্ৰদৰ পানীত জুলাই জাপ মাৰি দিছে। জপংকৈ হোৱা শব্দটোত সি উভতি অাহিছে, ওপৰমুৱাকৈ ওপঙি গীত এটা গাই গাই পেনিং শ্বটত পানীত থকা চৰাই এজনীৰ দৰে জুলা গৈ অাছে। কি মনোৰম দৃশ্য! যেন সেই নৈত উটি উটি গীত গাই গাই গীততেই পমি মৰি থকা ৰাজহাঁহজনীহে! কাঁৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভৰ লগতে এইবছৰৰ অস্কাৰত শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবি, পৰিচালনা আৰু চিনেমাট’গ্ৰাফী শিতানত মনোনয়ন লাভ কৰা “ক’ল্ডৱাৰ”এ বৃটিছ ইণ্ডিপেণ্ডেন্ট ফিল্ম এৱাৰ্ডছ্, চিকাগো ফিল্ম ক্ৰিটিকছ্ এছ’চিয়েশ্যন, গয়া এৱাৰ্ডছ্, ইউৰোপিয়ান ফিল্ম এৱাৰ্ডছ্, টৰ’ন্টো ফিল্ম ক্ৰিটিকছ্ এছ’চিয়েশ্যন ইত্যাদি অনেক অনুষ্ঠানত বিভিন্ন শাখাত মনোনীত আৰু পুৰস্কৃত হৈছে। “লাষ্ট ৰিজ’ৰ্ট” (২০০০), “মাই ছামাৰ অৱ লাভ”(২০০৪) আদি চিনেমাৰ পৰিচালক পাৱলিকৱেস্কিৰ “ইডা”ই ২০১৫-ত লাভ কৰিছে শ্ৰেষ্ঠ বিদেশী ছবিৰ অস্কাৰ বঁটা। শেহতীয়া ‘ক’ল্ড ৱাৰ’এ চলচ্চিত্ৰীয় ভাষাৰ মাধুৰ্য, প্ৰেম-সংঘাতৰ লগে লগে সোঁৱৰাই দিয়ে আইৰিণা কাৰ্টেইনকে ধৰি দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ পৃথিৱীখনৰ কথা।
                                              

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments