৷৷ গান সামৰাৰ গান ৷৷(-ৰুনাব কা)
কবি: হীৰেন ভট্টাচাৰ্য
(টোকা: হীৰুদাৰ এই শেষ কবিতাটো প্রান্তিকলৈ বুলি অসুস্থ অৱস্থাত লিখি পৰিয়ালৰ হাতত দি গৈছিল ৷ আ.ছি.ইউ. ৰ পৰাই ভনীয়েক দোলাক কবিতাৰ শিৰোণাম “গান সামৰিবৰ হ’ল” বুলি দিবলৈ কৈছিল ৷)
…………………………………………..
মোৰ মৰিবৰ মন গৈছে
পাৰিলে এতিয়াই —
তিনিকুৰি বছৰ মোৰ ল’লে কবিতাই
সলনিত মোক টনকীয়াল কৰি গ’ল শব্দেৰে —
জীৱন শব্দটো সূৰ্যৰ চৌপাশে ঘূৰে
পোহৰাবলে মনৰ বেগেৰে ––
আটায়ে জয়ধ্বনি দে
জীৱনৰ জয়গান শুনো তহঁতৰ মুখত –—
জুন ২০১২
(দ্রষ্টব্য: প্রান্তিক ১৬ জুলাই ২০১২ ৰ পৃ:১৭ আৰু পৃ:৪২)