বেবেৰিবাং-৪ ৷৷ মুখৰ দুৰ্গন্ধ আৰু পানমছলা ৷৷(-ৰুদ্ৰ নাৰায়ণ বৰকাকতি)
………………………………………..
মানুহ এজন দেখাত যিমানেই মাৰ্জিত নহওঁক মুখৰ দুৰ্গন্ধই তেঁওৰ ব্যক্তিত্বক বহুতখিনি ম্লান কৰি পেলাই ৷ দুঃখৰ বিষয়, প্ৰকৃতিয়েও মোৰ লগতো এই বিৰক্তিদায়ক কাৰকবিধ সংযোজন কৰিলে ৷ ওঠ-মুখ ৰঙা হৈ পিকৰ ছিটিকনিয়ে গাৰ কাপোৰ-কানি লেতেৰা কৰাৰ বাবে তামোল বা পান মোৰ বাবে অখাদ্য ৷ গোটখা বা জৰ্দাৰ গোন্ধ মোৰ চেহেৰাৰ লগত অমিল হ’ব বুলি দম্ভ কৰি সেৱন নকৰো৷ চাধা-চিগাৰেট নাখাও বুলিয়েই আজিকোপতি খোৱা নাই ৷ মোৰ কাৰণে অন্য নিৰিহজন যাতে আক্ৰান্ত নহয়, তাৰ বাবে অলপ ভজা গুৱামুড়ি আৰু চেনিৰ মিশ্ৰণ এটা মোৰ লগত ৰাখো৷ অৱশ্যে, চফ বা গুৱামুৰি বেছিকৈ খালেও পেট বেয়া হয় ৷
এদিন সন্ধিয়া অফিচৰ পৰা ঘৰলৈ ওলটোতে পলম হ’ল ৷ আন্ধাৰ নামি আহিল, লগত প্ৰবল জোৰত বৰষুণ ৷ সেয়া আছিল দুৰ্ঘটনাৰ পাছত বাইক চলোৱাৰ তৃতীয় দিন৷ মই ৰাস্তাৰ কাষৰ দোকান এখনত আশ্ৰয় ল’লো৷ প্ৰায় আধাঘন্টা মানৰ পাছত বৰষুণ শাম কাটিলে৷ মোক পাৰ হৈ যোৱা আধাঘন্টা সময় আশ্ৰয় প্ৰদান কৰা দোকান খনৰ গৰাকীক কৃতজ্ঞতা প্ৰকাশ কৰি কিবা এটা কিনো বুলি গোটেইখন দোকান এবাৰ ভুমুকিয়ালো৷ নাই গেলামালৰ দোকানখনত মোৰ প্ৰয়োজনীয় এপদো বস্তু নাই৷ তথাপি কাঠৰ ফ্ৰেমৰ কাঁচৰ বাকচ এটাৰ সম্মুখত পান মচলাৰ পেকেট দুটা দেখিলো ৷ ডেকা সকলে সাধাৰণতে এই পান মচলাৰ লগত জৰ্দা মিহলাই সেৱন কৰে বুলি মই জানো, যদিও নিজে ব্যৱহাৰ কৰি পোৱা নাই ৷ দামো নাজানো৷ পেকেট এটাৰ দাম পাচ টকাও হ’ব পাৰে বিচ টকাও হ’ব পাৰে৷ মই দোকানীজনক দামটো সুধিবলৈ কিছু কুন্ঠাবোধ কৰিলো৷ কাৰণ তেওঁ দুটা কথা ভাবিব পাৰে,- জানিও নজনাৰ ভাও জোৰিছে বা ইমানেই অঁকৰা নে? আকৌ মই ভাবিলো যদি ইয়াৰ দাম পাচ টকা হয় মই এশ টকা ন’ট এটা দি এপেকেট কিনিলে, দোকানীয়ে তেঁওক তাচ্ছিল্য কৰা বুলি ভাবিৱ পাৰে ৷ সেয়ে যি হ’ব হ’ব আৰু মই এশ টকা এখন আগবঢ়াই দুপেকেট দিব কলো৷ দোকানীয়ে কি বুজিলে নাজানো, মোক পানমছলা আৰু জৰ্দা এপেকেট আগবঢ়াই দি চিচাৰ বটল এটাৰ ওপৰত থলে আৰু আশী টকা ঘোৰাই দিলে ৷ এই সৰু সৰু পেকেট দুটাত বিশ টকা ! দুপেকেট বিষৰ দাম বিশ টকা !! মোক বৰ্ষামুখৰ অন্ধকাৰ নিশা এটাত কিছু সময়ৰ বাবে আশ্ৰয় দিয়া মানুহজনক কৃতজ্ঞতা জনাবলৈ দুপেকেট কেঁচা বিহ কিনি পকেটত ভৰাই থলো !!! ঘৰ পাই পেকেট দুটাৰ দাম চালো, পানমছলাৰ দাম দহ টকা আৰু জৰ্দাৰ দাম চাৰি টকা ৷ তাৰ মানে মোক বৰ্ষামুখৰ অন্ধকাৰ নিশা এটাত কিছু সময়ৰ বাবে আশ্ৰয় দিয়া মানুহজনে মোক কৰা কিছু দয়াৰ বিনিময়ত দুপেকেট কেঁচা বিহ ছয় টকা বেছি দামত বিকিলে৷ জৰ্দাৰ বকলাত থকা কৰ্কট আক্ৰান্ত গলৰ মানুহ জনে, বিহৰ পেকেটতো খুলিবলৈ মোক বাধা দিলে ৷ পান মছলাত লিখা থকা “ন’ টবেকো, ন’ নিকটিন” বাক্যটোৱে পেকেটতো খোলাত আপত্তি নেদেখোৱালে ৷ পেকেটতো এসপ্তাহ মান সেৱন কৰিলো ৷ জৰ্দাৰ পেকেটতো মোতকৈ জ্যেষ্ঠ, সেৱন কৰা ব্যক্তি এজনক দি দিলো ৷ অৱশেষত পানমছলা সেৱন কৰিলো৷ কিন্তু একো ভাল নাপালো৷