‎অলিম্পিকত ৰজনী কোৱাইদেউ(- মনজিৎ)

অভাৰ কোৱালিফাইড হোৱা বাবে ৰজনীকান্ত দাইদেউক অলিম্পিকৰ সৰহ ভাগ ইভেণ্টততেই ভাগ নল’বলে অনুৰোধ কৰা হ’ল আৰু যি কেইটাত কোনোমতে অভাৰ কোৱালিফাইড নোহোৱাকে ভাগ ল’লে সেই কেইটাত ৰজনীকান্ত কোৱাইদেৱে গোটেই মেডেল কেইটা তেওঁক দি, কিবাকে চেকেন্ড আৰু থার্ড পজিছন পোৱা কেইজনক নিছুকনি বঁটা হিছাপে একোখন কৈ ৰজনীকান্ত কোৱাইদেউৰ সাক্ষৰ সম্বলিত মানপত্র হে দিয়া হ’লে ।তেও ভাগ লোৱা ইভেন্ট কেইটাৰ শেহতীয়া বাতৰি এনেধৰণৰ

:: জেভলিন থ্র’::
যোৱা কালি তেও বহি বহিয়েই মাৰি পঠিওৱা জেভলিন ডাল আজি পুৱালৈকে বিছাৰিয়েই পোৱা নগ’ল । শেহতীয়া তথ্য মতে আমাৰ নবীনে লোকেল চেটেলাইটৰ জৰিয়তে আটলান্টিক মহাসাগৰত আঠতা তিমি মাছ একেলগে সি নিয়া অৱস্থাত সেই জেভলিন ডাল উদ্ধাৰ কৰিছে ।

::ডিচকাছ থ্র’::
তেওৰ ডিচকাছ থ্র’ত অসাধাৰণ ক্ষমতা দেখি মুগ্ধ হৈ নাছাই মিটিং পাতি নিজৰ মাজতে ডিছকাছ কৰি তেও দলিয়াই দিয়া ডিচকাছ প্লেট খনতেই বান্ধি নেক্সট চেটেলাইটতো মহাকাশত লন্স কৰাৰ প্রস্তাব দিয়ে ।

:: ৮০০ মিটাৰ দৌৰ::
৮০০ মিটাৰ দৌৰত ৮ চেকেন্দতে শেষ কৰি আৰু আঠ পাক এনেই দৌৰি দিয়াৰ পিছতো তেওঁৰ নিকটতম প্রতিদ্বন্দী জন ২০০ মিটাৰ পিছ পৰি থকা দেখি আমনি পাই চিগাৰ এটা জ্বলাবলে গৈ একেবাৰে প্রাইজ দিয়াৰ সময়ত হে ওলাই হি ।

বেডমিন্টনত ছাইনা নেহৱাল, ছুটিংত গগন নাৰং, আর্চাৰীত জয়ন্ত তালুকদাৰ, বক্সিংত বিজেন্দৰ সিঙ আৰু মেৰি কম, টেনিছত লিয়েন্ডাৰ আৰু চানিয়া মির্জা থকাৰ বাবে সেই কেইটা ইভেণ্টৰ পৰা নিজকে বিৰত ৰাখে । বার্তমান তেওঁ লং জাম্পৰ বাবে টেমচ নৈৰ ইপাৰৰ পৰা সিপাৰলে জপিয়াই ৱার্ম আপ কৰি আছে ।

(একেবাৰে ভিতৰুৱা বাতৰি মতে অলপ বেছিকৈ পানী লগা জ্বৰ কাহ হৈ থকা বাবে আৰু ফেমিলি ডক্টৰজনো গৰম বন্ধত ফুৰিবলে যোৱাৰ বাবে তেও অনিচ্ছাকৃত ভাবে চুইমিংত ভাগ নোলোৱাৰ সিদ্ধান্ত লয় । নহ’লে……)

নির্ভীক নিৰপেক্ষ বিশ্বস্ত বাতৰিৰ বাবে বেলগ চেনেল চালেও এনে বাতৰিৰ বাবে আমাৰ চেনেলটোও চাবলে নেৰে যেন দেই ।

##কেমেৰা পাৰচন নোহোৱাকে নামজ্বলা সাংবাদিক নবীন
##ফিউজ লাইভ, লণ্ডন, অসম 🙂
(বি: দ্র: ৰজনী কোৱাইদেউ থকাৰ বাবে ব্রেকিং নিউজ বুলি কোৱা নহ’ল তাৰ বাবে দুঃখিত )

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!