”তেওঁ বাৰু আপুনি নেকি ?” (জ্যোতি সংগীতা দত্ত)
“তেওঁ বাৰু আপুনি নেকি ?”
জ্যোতি সংগীতা দত্ত
তেওঁ প্ৰাচীণ সমাধি এটাত সোমাই থাকে
আনৰ পৰা নিলগাই তেওঁ তাতে এখন আকাশ তৰিছে
দুখৰ শ্ৰুতলিপিৰে তেওঁ ব্যতিব্যস্ত নকৰে ব্যস্ততাৰ চহৰ
উথলি অহিব খোজা কান্দোন এটাৰে তেওঁ
দুখবোৰ নিয়মিত নিচুকায়
তেওঁতো নাজানে কিমান যন্ত্ৰনাৰে গোটেই পৃথিৱীখনেই অসুখী
মাথো তেওঁ নিজৰ সাৰ্মথ্যৰে শিল হৈ থাকে
আৰু
আনে চিনিব নোৱাৰাকৈ পিন্ধি থাকে
শতচ্ছিন্ন এযোৰ সুখৰ পোছাক |
—————————