পাথৰৰ নগৰীত দৈনন্দিন—-খেলিমেলি কিবাকিবি (চন্দন চিৰিং ফুকন)
হুলস্থূল, টেৰটেৰীয়া চিঞৰ-বাখৰ, গাড়ী-মটৰৰ ভিৰ, গুপগুপাই থকা এজাক মানুহ……মূল চহৰৰ ফালে ওলাই আহিলেই উশাহ নোপোৱা এক হেঁচামৰা অৱস্থা। কিজানি প্রতিটো মুহূর্ত্ততে এজন মানুহে নিজকে হেৰুৱাই ইয়াত…….আকৌ বিচাৰি পায়….আকৌ হেৰুৱায়।
কদর্য ৰাজপথবোৰ পেট পেলাই পৰি থাকে…নির্বিকাৰ হৈ। তাহাঁতৰ বুকু গচকি কতজন লোক, কতখন বাহন, কত ঠিকনাবিহীন জন্তু অহা-যোৱা কৰে। ধূলিৰে পোত খাই পৰি থাকে সিহঁত….ওপৰমুৱা হৈ….এজাক বৰষুণৰ অপেক্ষাত। লেতেৰা ঠেক-ঠুক বজাৰৰ গলিবোৰ গিজগিজাই থাকে। হাঁ-কৈ মুখ মেলি ৰয় ৰাস্তাৰ কাষৰ প্রতিখন দোকান….পাৰ হৈ যোৱা মানুহবোৰৰ ব্যস্ত মুখবোৰলৈ চাই।
পদপথৰ দাঁতিত শীর্ণ, ভোকাতুৰ দৰিদ্র…..যাক হেলাৰঙে নেওচি পাৰ হৈ যায় মানুহবোৰ, মানুহৰ সময়বোৰ। কোনে কাক কিয় হাত ধৰি বাট দেখুৱাব!? সঁচা কথা— সময়ৰ কালৈকো সময় নাই। ৰাতি চহৰখনে বাছকবনীয়া ৰং-চানেকিৰে সাজি থাকোঁতে সেইটো পদপথতে সাৰ পাই থাকে এগৰাহ বগা ভাতৰ সোৱাদলগা সপোন…..মাথোঁ এগৰাহ বগা ভাত!
ৰাস্তাই-ঘাটে, সোঁৱে-বাঁৱে অবিৰাম তথাকথিত অশালীন শব্দবোৰ, অশ্লীলতাবোৰ পিনপিনাই ফুৰে ভিন্ন সুৰত, ভিন্ন ৰূপত, উচ্চাৰণৰ বিভিন্নতাৰে……কিন্তু চুব নোৱাৰে আধাকেঁচা কলিজা। আচলতে কাক কয় অশ্লীলতা?? এজাক সৰল মানুহৰ কৃত্রিমতা নোহোৱা আচৰণক??? নে অর্ধশিক্ষিত এদল মানুহৰ উন্মাদনাৰ প্রকাশকক?? নে ‘ওপৰখাপৰ’ কিছুমান লোকৰ ক্ষমতা নামৰ সামগ্রীবিধৰ স্বাধীন ব্যৱহাৰক?? নাই, পোৱা নাযায় উত্তৰ। ইয়াত সকলো মিহলি হৈ যায়….খেলিমেলি হৈ যায়। (যেনেদৰ ‘অশালীন’ দেহোপজীৱিনীৰ হাতত ৰাতি একোটা গটাই থৈ অহা লোকবোৰ দুর্ভাগ্যজনকভাৱে শালীন!)
এনেদৰেই পাথৰৰ নগৰীত দিনবোৰ পাৰ হয়, ৰাতিবোৰে বাগৰ সলাই থাকে। কোনো কথা বেছিকৈ চিন্তা কৰিবৰ কাৰো অৱকাশ নাথাকে কাৰো। চলি যায় সময় নিৰন্তৰ গতিৰে…..প্রতিটো মুহূর্ত্ততে পৰিৱর্তনৰ প্রতিশ্রুতিৰে।