‎শিয়ালী পালেগৈ ৰতনপুৰ (ৰিদিপ কুমাৰ নাথ)

শিয়ালী পালেগৈ ৰতনপুৰ

ৰিদিপ কুমাৰ নাথ

মা, তুমি গুজি দিছিলা মুখত মোৰ এটি শব্দ
ভাওনাৰ বোৱাৰী পুৱাতেই “মা” নাম দি
যেতিয়া ম‍ই শিপাৰ সন্ধানত দেউতা
এটি এটিকৈ খটাইছিলা কুঁহিপাতৰ বাখৰ
হেঁপাহৰ পাঠশালাত মাতৃভাষাৰ অণুৰণন
একে একে মিলি গ’ল বহিল শূন্য…..
পাৰ চৰাই উৰি গ’ল……
উৰি গ’ল নেকি দেউতা সঁচাকৈয়ে ?
কোনোবা ’ম’ম’ নে ’ডেড’ৰ সন্ধানত !
পাখিত গুজি লৈ ’মা’, ’দেউতা’ ইত্যাদি ইত্যাদি
ককাৰ ৰঙ্গমঞ্চত যেতিয়া শিয়ালী পায়গৈ ৰতনপুৰ
তৰা গণি গণি নিচুকনি আইতাৰ
আমাৰে ম‍ইনা শুব এ….
শিয়ালী এ আহিবি ৰাতি……আহিবি
নপলাবি ত‍ই ’কমিক্স’ নাইবা ’কাৰ্টুন’ৰ ভয়ত
জাননে শিয়ালী মন যায় কেতিয়াবা শুধিবলৈ
’অ আ ক খ’ ৰ ভাষাতেই দেখোন দেখো সপোন
একেই বুৰঞ্জী, একেই ইতিহাস
একেই থাকিবনে ভৱিষ্যতৰ ইতিহাস ?
ভৱিষ্যতৰ স্বপ্নত মোৰ বাস কৰে এখন সমাজ
ভাহি আহে য’ৰ পৰা হিল্লোলিত অনুৰণন
একে একে মিলি গ’ল বহিল শূন্য…..

———————————

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!