সংস্কৃতিৰ আলোক অভিযাত্ৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সাহিত্যত অৱদান: মৌচুমী বৰি
(আগৰৱালাদেৱৰ কবিতাত দেশৰ প্ৰতি, জাতিৰ প্ৰতি গভীৰ ভালপোৱাৰ ভাব প্ৰকাশ হৈছে, তেওঁৰ চিৰসুন্দৰ দেশপ্ৰেমৰ চিন্তাবোৰ কবিতাৰ ভাষাত প্ৰতিফলিত হৈছে। ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামৰ সময়ত তেওঁ বিপ্লৱী কবিতাৰে জনতাক সংগ্ৰামত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল।)
অসমীয়া জাতিৰ এগৰাকী শ্ৰেষ্ঠ মানৱ সংস্কৃতিপ্ৰেমী ৰূপৰ পূজাৰী হ’ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁ আছিল অসমীয়া সাহিত্য-সংস্কৃতিক পোহৰলৈ নিয়াৰ অক্লান্ত আলোকযাত্ৰী। সেয়েহে তেওঁ সাহিত্যৰ জোনাকী কলম হাতত লৈ নাটক, কবিতা, গীত, প্ৰবন্ধ, গল্প, সমালোচনা সাহিত্য, সাংবাদিকতা আদি বিভিন্ন দিশত অৰিহণা আগবঢ়াইছিল।
আগৰৱালাদেৱৰ কবিতাত দেশৰ প্ৰতি, জাতিৰ প্ৰতি গভীৰ ভালপোৱাৰ ভাব প্ৰকাশ হৈছে, তেওঁৰ চিৰসুন্দৰ দেশপ্ৰেমৰ চিন্তাবোৰ কবিতাৰ ভাষাত প্ৰতিফলিত হৈছে। ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামৰ সময়ত তেওঁ বিপ্লৱী কবিতাৰে জনতাক সংগ্ৰামত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। জ্যোতি প্ৰসাদৰ অপূৰ্ব কাব্যপ্ৰতিভাৰ শ্ৰেষ্ঠ সৃষ্টি হ’ল—‘নৱবিপ্লৱী কবি জাগে’,‘মুক্তি লাচিতৰ আহ্বান’, ‘জয়মতীৰ আত্মাৰ উক্তি’, ‘কনকলতা’, ‘এটা পাগল খেতিয়ক’, ‘ভলন্টিয়াৰৰ দুখ’, ‘অসমীয়া ডেকাৰ উক্তি’, ‘অসমীয়া ছোৱালীৰ উক্তি’,‘পোহৰৰ গান’, ‘চিৰবিদ্ৰোহী’, ‘জনতাৰ আহ্বান’, ‘অসমৰ নবীন জোৱানৰ সংকল্প’, ‘কাঞ্চনজংঘা’, ‘সাৱধান সাৱধান’ আদি।
তেওঁ কণ কণ ল’ৰা-ছোৱালীৰ বাবেও সুন্দৰ সুন্দৰ কবিতা লিখিছিল-‘নতুন অকণমানিৰ গান’,‘অকণমান ল’ৰা’, ‘অকণমানি ছোৱালী’, ‘অকণমানিৰ সপোন’, ‘কম্পুৰ সপোন’, ‘ভূত পোৱাললি’, ‘কণমানিৰ প্ৰার্থনা’, ‘ফুলকুঁৱৰী’ আদি।
আগৰৱালাদেৱে অতি কম বয়সতে মাত্ৰ তেৰ বছৰত ১৯১৫ চনত শোণিত কুঁৱৰী নাটক ৰচনা কৰিছিল। নাটখন তেজপুৰৰ বাণ ৰংগমঞ্চত মঞ্চস্থ কৰি ভূয়সী প্ৰশংসা লাভ কইছিল। ইয়াৰ পিচত ১৯৩৭ চনত কাৰেঙৰ লিগিৰী, ১৯৪০ চনত ৰূপালীম আৰু ১৯৪৮ চনত লভিতা নাট ৰচনা কৰে।
আগৰৱালাদেৱে অসংখ্য গীত ৰচনা কৰিছিল। সেই গীতবোৰক জ্যোতি সংগীত বুলি কোৱা হয়। প্ৰথমে নাটকৰ বাবে তেওঁ গীত ৰচনা কৰিছিল; শোণিত কুঁৱৰী,কাৰেঙৰ লিগিৰী, লভিতা আদি নাটত গীতবোৰৰ লগত নাটকৰ ঘটনা প্ৰৱাহৰ মিল আছে। স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ পিছতো অলেখ গীত তেওঁ ৰচনা কৰে—‘তই কৰিব লাগিব অগ্নিস্নান, সাজু হ’ সাজু হ’ নৱ জোৱান…’, ‘লুইতৰ পাৰৰে আমি ডেকাল’ৰা মৰিবলৈ ভয় নাই…’, ‘কোন কোন আহিছা আইক পূজিবলৈ…’, ‘জননীৰ সন্তান…’ ইত্যাদি। আনহাতে ‘সেউজী সেউজী সেউজী অ’/সেউজী ধৰণী ধুনীয়া’,‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায়’, ‘মোৰে জীৱনৰে সখা কৃষ্ণ’, ‘আমাৰে সখীয়া আকুল বিয়াকুলে’, ‘তোৰে মোৰে আলোকৰে যাত্ৰা’, ‘অ’ সখি আহিব প্ৰিয়া’ আদি তেওঁৰ শ্ৰেষ্ঠ গীত।
প্ৰথম অসমীয়া কথাছবিৰ জন্মদাতা আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।১৯৩৫ চনৰ ১০ মার্চ দিনটো অসমৰ বোলছবিৰ ইতিহাসৰ এটা চিৰস্মৰনীয় দিন। সেইদিনাই আগৰৱালাদেৱৰ দ্বাৰা নির্মিত অসমীয়া প্ৰথম বোলছবি “জয়মতী”য়ে মুক্তিলাভ কৰিছিল।
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শিল্পী জীৱনত তিনিগৰাকী মহান ব্যক্তিৰ চিন্তাই প্ৰাধান্য লাভ কৰিছিল—শ্ৰীকৃষ্ণ, শ্ৰীমন্তশংকৰদেৱ আৰু জাতিৰ পিতা মহাত্মা গান্ধী। গাঁৱৰ বাটেৰে লুইতৰ ঘাটেৰে বিশ্ব চাবলৈ ওলোৱা এই শিল্পীগৰাকীয়ে দুষ্কৃতিৰ অন্ধকাৰ নাশি সংস্কৃতিৰ সুন্দৰ অসম, সুন্দৰ ভাৰত, সুন্দৰ বিশ্ব সৃষ্টিৰ সপোন দেখিছিল।
১৯৫১ চনৰ ১৭ জানুৱাৰীৰ আবেলি মাথোঁ ৪৮ বছৰ বয়সত আজীৱন শিল্পী জ্যোতি মৃত্যুৰ চিৰশান্তিৰ কোলাত চিৰদিনৰ বাবে টোপনি যায়। জননীৰ থাপনাৰ চিৰজ্যোতিষ্মান বন্তিগছি নুমাই এটা যুগৰ অৱসান ঘটিল।