‪‎আমাৰ বাজাৰ ফেন্সী বাজাৰ .. তোমাৰ বাজাৰ কি? ( জয়ন্ত আকাশ বৰ্মন )

amar bazar

আমাৰ বাজাৰ ফেন্সী বাজাৰ
তোমাৰ বাজাৰ কি?
আমাৰ মানুহ হাজাৰ-বিজাৰ
ৰ’দে দহা শৰীৰ।।

ফুট পাথৰ টি-চার্ট
পাঁচ শ টকাৰ কম নাই,
দোকানীৰে মুখ চলালে
এশ টকাতেই পায়!

অমৃত সমান ইলাচি চাহ
এবাতি পকৰা
দহ টকাতেই ইয়াত খাবা
বুকুত পাবা সাহ।

আমাৰ বাজাৰ ফেন্সী বাজাৰ
তোমাৰ বাজাৰ কি?
মুখ চোৱা সস্তা আয়না,
জীৱন জীন্সৰ এক্সট্ৰা বুটাম
অলপ টকা বাচি গ’লে
মাখন ভোগৰ জি-লা-পী।।

হেৰুওৱা তলাৰ ডুপ্লিকেট চাবি
এন্দুৰ মৰাৰ মহৌষধি
আমাৰ বাজাৰ ফেন্সী বাজাৰ
তোমাৰ বাজাৰ কি???

বেলৰ চর্বত ঘড়ীৰ বেটেৰী
দুশ টকাৰ চেট ডিনাৰ,
বহুৰঙী ম’বাইল ক’ভাৰ ,
বেগ বেল্ট প্রসাধন ওলমি থাকে
চাৰি আলিৰ ৰেলিং সাৱটি!!!

শীতো আছে তাপো আছে
আৰু পদপথৰ উজুটি,
আমাৰ বাজাৰ ফেন্সী বাজাৰ
তোমাৰ বাজাৰ কি???
বহুৰঙী গ্রাহকৰ
মেটমৰা লানি,
শিৱ কৃষ্ণ শনি,
ৰাম নাৰায়ণ কালি
আল্লাহ বুদ্ধ নানক যীশু মহাবীৰ
আটায়ে আছে গছৰ তলত চাধা মাৰি!!

আমাৰ বাজাৰ ফেন্সী বাজাৰ
তোমাৰ বাজাৰ কি?

তোমাৰ বাজাৰ যদি শ্বপিং মল বাজাৰ
চৌব্বিছ কেৰেট সোণৰ ভাৰ,
ব্রাণ্ডেড গোলাম ব্রাণ্ডেড মাল,
বন্ধ বাজাৰৰ কন্দিশ্যন্দ এয়াৰ!!

নোৱাৰো আমি সহিব সোণাই
চিক্ মিকনি সেই বজাৰৰ
পাখি দুখনি যে আমাৰ
কোমল তেনেই!!

প্রাচীন এক আত্মীয়ৰ দৰে যুগ যুগ
আমাৰ যে বাজাৰ
হেৰিটেজ সেই ফেন্সী বাজাৰ…

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!