আৰণ্যক – নয়নমণি বৰদলৈ

বুকুৰ উমেৰে সীয়া
বুকুৰ মাজত গঢ়োঁৱা
অটল অৰণ্যৰ
ওখ ওখ গছবোৰ৷
কেৱল গছেইনে?
মোৰ দুখৰ লগৰী
বুকুৰ কুটুম
হাওলি নপৰাকৈ থিয় হৈ থাকি
মোক যেন আভৰণ দি
সংগ দিয়া
দেউতাৰ দুহাতহে৷
আৰণ্যক৷
মোৰ বুকুৰ ভিতৰৰ এখন সেউজীয়া দেশ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!