কামেং সীমান্ত দেখিলোঁ – জ্যোতিস্মিতা দেৱী

নৈ এখন বৈ আহোঁতে নৈখনে চুই অহা ঠাইবোৰৰ ইতিহাস নিজৰ বুকুতে সামৰি লৈ আহে৷ পাহাৰে নৈক নতুন গতিৰ সমান্তৰালকৈ নতুন ৰূপ দিয়ে৷ শাৰী শাৰী পাহাৰৰ মাজেৰে বৈ আছে অৰুণাচলৰ কামেং নৈখনি, যিখন অসমত সোমাই জীয়া ভৰলী নামেৰে বৈ আছে৷ অৰুণাচলৰ কামেং সীমান্তত থকা এখন ধুনীয়া ঠাই, টাৱাং৷ সমুদ্ৰ পৃষ্ঠাৰ পৰা ২৬৬৯মিটাৰ উচ্চতাত অৱস্থিত এই টাৱাং জিলা৷ ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ পৰা টাৱাঙৰ দূৰত্ব ৩২৫কি.মি. আৰু তালৈ যাবলৈ সময় প্ৰায় তেৰঘণ্টা মান লাগে৷

২০১১ চনৰ ১০ নবেম্বৰৰ ৰাতিপুৱা ৫ বজাত আমি ওলাইছিলোঁ টাৱাঙলৈ বুলি৷ তালৈ যাবলৈ আগতিয়াকৈ ইনাৰ লাইন পাৰ্মিট বনাব লাগে৷ সকলো সাজু কৰি আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ৷ গাড়ীৰে অসমৰ পৰিসীমা পাৰ হৈ অৰুণাচলত সোমালোঁ, পাহাৰীয়া ৰাস্তা আৰম্ভ হ’ল, চৌপাশৰ পৰিবেশো সলনি হ’বলৈ ধৰিলে৷ কাষেৰে বৈ গৈছিল কামেং নৈখন আৰু নৈখন বৈ অহা দিশলৈ গতি লৈছিল আমাৰ গাড়ীখন৷

পাহাৰীয়া ৰাস্তাৰে যাত্ৰা কৰাৰ আমেজ সদায়েই সুকীয়া; সাংঘাতিক ৰোমাঞ্চকৰ আৰু উৎকণ্ঠাৰে ভৰা৷ কিছুমান ঠাইত বাটটো বৰ ঠেক, সমুখৰ পৰা আন এখন গাড়ী আহিলে পাৰ হ’বলৈ কোনোবা এখন গাড়ী আগুৱাই বা পিছুৱাই অলপ বহল বাটলৈ যাব লাগে, গাড়ীৰ চকাৰ বাহিৰত সোঁফালে দুফুটমান আঁতৰলৈ গ’লে চিধাই তলত পৰিমগৈ যেন লাগে৷ বাঁওফালে পাহাৰ, চালকৰ পিছফালৰ চিটটোত মই বহা বাবে সোঁফালৰ নয়নাভিৰাম দৃশ্যবোৰ বাধাহীনভাৱে চকুৰে মনিব পৰালৈকে চাইছিলোঁ; দূৰৰ লানি লানি নীলা পাহাৰবোৰ, তলৰ খৰশ্ৰোতা আৰু বগা হৈ বৈ থকা কামেংখন, কামেংখনৰ আনটো পাৰে থকা এখন জনশূন্য পাহাৰ, আৰু সেই পাহাৰ ভৰি থকা ৰঙা, নীলা, হালধীয়া, মুগা, সুমথিৰা বৰণৰ ফুল আৰু পাতবোৰ!

পাহাৰ কাটি বাটবোৰ বহলাই আছিল৷ আমাৰ গাড়ীখন এখন পাহাৰৰ বুকুৰে পাৰহৈ আনখন পাহাৰলৈ গৈছিল, লাহে লাহে কেঁকুৰিবোৰ বাঢ়িছিল৷ এটা সময়ত কামেংখন বহু তললৈ গুচি গ’ল আৰু আমি ওপৰলৈ গৈ থাকিলোঁ৷ তললৈ চাবলৈ ভয় লগা হ’ল৷ বেলি লহিওৱাৰ লগে লগে শুই পৰিছিল দূৰৰ পাহাৰবোৰো, ক্ৰমান্বয়ে বাঢ়ি আহিছিল ঠাণ্ডাৰ প্ৰকোপ৷ সন্ধিয়াৰ পিছত দিনৰ দৰে প্ৰতিটো কেঁকুৰিত হৰ্ণ নবজায়, শুই থকা প্ৰকৃতিৰ শান্তি ভংগ নহ’বলৈ তেওঁলোকৰ গাড়ীৰ লাইটৰ পোহৰতে সমুখত অহা গাড়ীৰ সংকেত বুজি লয়৷ খিড়িকীৰ আয়নাখন ফ্ৰীজত থকা আয়নাৰ বটলটোৰ দৰে চেঁচা হৈছিল, আন্ধাৰ হোৱাৰ লগে লগে ভাগৰো লাগি আহিছিল৷ বাহিৰত ঘোপ মৰা আন্ধাৰ৷ কেইকিলোমিটাৰমানৰ মূৰে মূৰে দেখিছলোঁ দুই-তিনিটা কাঠৰ বেৰৰ ঘৰ, বেৰৰ ফাঁকেৰে ভিতৰত জ্বলি থকা জুই একুৰাৰ ক্ষীণ পোহৰ৷ বিপৰীত ফালৰপৰা কোনো গাড়ী অহা নেদেখি চালকজনক সুধিছিলোঁ, তেওঁ কৈছিল যে সকলো গাড়ী ৰাতিপুৱাই ওলাই যায়, আবেলিলৈ যাবলগীয়া কোনো গাড়ী তাত নাথাকে৷ ৰাতিপুৱা ওলাই আহোঁতে কেইবাখনো গাড়ী একেলগে ওলাই আহিছিল৷ সেইকণ সময়ত বাকীবোৰ গাড়ী নেদেখি আকৌ সুধিলোঁ, তেওঁ কৈছিল যে বাকীবোৰ গাড়ী নিজৰ নিজৰ গন্তব্য স্থান পালেগৈ৷ আজি টাৱাঙলৈ অকল আমাৰ গাড়ীখনহে যাব৷ ইমান ওপৰত ঠেক পাহাৰীয়া ৰাস্তা, বাহিৰত বতাহৰ শব্দৰ বাহিৰে আন একো শব্দ নাই, গাড়ীৰ হেডলাইটৰ বাহিৰে আন একো পোহৰ নাই৷ গাড়ীৰ ভিতৰত কথোপকথনবোৰো কমি আহিছিল৷ পিছফালে বহি থকা চাৰিজন যাত্ৰী টোপনিত লালকাল৷ সাৰে থকাকেইজনো ভাগৰুৱা৷ লগতে ভোক আৰু ঠাণ্ডাই ঠেৰেঙা লগাইছিল সকলোকে৷ লগত লৈ যোৱা খোৱা বস্তুবোৰ প্ৰায় শেষ হৈছিল আৰু বাহিৰত তেতিয়া সকলো নিস্তব্ধ৷

চালকসকল প্ৰশিক্ষণপ্ৰাপ্ত, অভ্যস্ত৷ সপ্তাহত দুই-তিনিবাৰকৈ তেজপুৰৰপৰা টাৱাঙলৈ অহা-যোৱা কৰে, সেয়া তেওঁলোকৰ জীৱিকা৷ এইবোৰ কথা ভাবি থাকোঁতেই হঠাৎ কিবা এটা শব্দ কৰি গাড়ীখন ৰৈ গ’ল৷ উচপ খাই উঠিলোঁ৷ চালকজন নামি গৈ দেখিলে বাঁওফালৰ পিছৰ চকা এটা ফুটিল৷ চালকৰ দৰ্জাখন খোলাৰ লগে লগেই বাহিৰৰ ঠাণ্ডা বতাহজাকে আমাৰ হাড়লৈকে কঁপাইছিল৷ গাড়ীৰ পিছফালে বহা ল’ৰা এজনৰ সহায়ত চালকজনে চকাটো সলাই ল’লে৷ বাহিৰৰ ঠাণ্ডাত তেওঁৰ হাত ঠেৰেঙা লাগিছিল৷ তেওঁ কৈছিল, দুবছৰৰ আগতে এবাৰ হেনো ৰাতি এজাক বনৰীয়া হাতীয়ে বাট ভেটি ধৰিছিল৷ পিছফালে আহি থকা আৰু দুখন গাড়ীয়ে একেলগে লাইটবোৰ জ্বলাই বহুত সময় হৰ্ণ বজাই থাকোঁতে লাহে লাহে আঁতৰি গৈছিল হাতীৰ জাকটো৷ মনৰ ভাৱবোৰে সেইসময়ত বুৰবুৰণি তুলিছিল৷

সময় তেতিয়া প্ৰায় ৯ বাজিছিল৷ গাড়ীৰ হেডলাইটৰ পোহৰত কিনকিনীয়া বৰষুণ পৰা যেন দেখিছিলোঁ৷ চালকজনে কৈছিল সেয়া হেনো বৰফ পৰিছে, বছৰটোৰ প্ৰথম স্নোফল৷ শুনিয়েই নামি যাবলৈ মন গৈছিল, জীৱনত প্ৰথমবাৰৰ বাবে তেনে সময় পাইছিলোঁ৷ চালকজনক অনুৰোধ কৰিলোঁ, তেওঁ ক’লে অলপ আগত তেল ভৰাব, তাতে নামি চাব পাৰিব৷ ভাবিছিলোঁ সৰুকৈ পেট্ৰ’ল পাম্প জাতীয় কিবা এটা থাকিব চাগৈ, গৈ দেখিলোঁ সৰু জুপুৰি এটাৰ সমুখত গাড়ীখন ৰখালে৷ ভিতৰত পাঁচজনমান মানুহে জুই একুৰা আগত লৈ কথাৰ মহলা মাৰিছে৷ চালকজনো তাত গৈ প্ৰথমে হাত দুখন সেকি ল’লে৷ তাৰ পিছত ভিতৰৰপৰা এটা ড্ৰাম আনি তাৰপৰা তেল ভৰাব ধৰিলে৷ মই দৰ্জা খুলি নামি গ’লোঁ৷ বাহিৰত প্ৰচণ্ড ঠাণ্ডা, আকাশলৈ চাই ক’ব নোৱাৰাকৈ দুহাত মেলি দিছিলোঁ, চাৰিওফালে আন্ধাৰ, তথাপিও এনে লাগিছিল যেন চকু মুদি আঁকোৱালি ল’ম সমস্ত আন্ধাৰখিনিক৷ ঠাণ্ডা আৰু আন্ধাৰতো ইমান মুকলি- জীৱনত প্ৰথমবাৰলৈ অনুভৱ কৰিছিলোঁ৷ কঁহুৱা কোমল বৰফবোৰ চকুৱে মুখে পৰিছিল, ধুই নিছিল দিনটোৰ সমস্ত অৱসাদ৷ কিন্তু বেছি সময় থিয় হ’ব পৰা নাছিলোঁ, ৰাতিপুৱা ৫ বজাৰ পৰাই তেনেকৈ আহি থকা বাবে ভৰি দুখন কঁপিছিল৷ অলপ কাষলৈ যাওঁতে চালকজনে চিঞৰি মাতিছিল, নাযাব সেইফালে, তলত একো নাই৷ ঘূৰি আহি আকৌ গাড়ীত বহিছিলোঁ৷ টাৱাঙলৈ তেতিয়াও আৰু এঘণ্টাৰ বাট বাকী….!

ৰাতি প্ৰায় চাৰে দহ বজাত আমি আমাৰ গন্তব্য স্থান টাৱাং পালোঁগৈ৷ আগতেই বুক কৰি থোৱা চৰকাৰী পৰ্য্যটন ভৱনত সোমালোঁ৷ ৰাতিপুৱা পাঁচ বজাৰ পৰা ৰাতি চাৰে দহ বজালৈকে একেৰাহে পাহাৰীয়া ৰাস্তাৰে আহি খোজ কাঢ়িবলৈয়ো শক্তি নোহোৱা হৈছিল৷ আমাৰ ৰূমটো প্ৰথম মহলাত, যথেষ্ট আহল-বহল৷ বাটত আহোঁতে গাড়ীৰ ভিতৰত মানুহে ঠাহ খাই আছিল যদিও ঠাণ্ডাত কঁপিছিলোঁ৷ ইয়ালৈ আহি ইমান ডাঙৰ ৰূমটোত সোমাই বৰফৰ ঘৰত সোমোৱা যেনেই লাগিছিল৷ ৰাতিৰ আহাৰ খাই বিছনাত এৰি দিছিলোঁ ভাগৰুৱা দেহা৷

ৰাতিপুৱা আঠ বজাত আমি চীন সীমান্ত “বুমলা পাচ”লৈ যাবলৈ সাজু হৈছিলোঁ৷ সাগৰ পৃষ্ঠৰ পৰা ৪,৬৩৩ মিটাৰ উচ্চতাত অৱস্থিত৷ ১৯৬২ চনৰ চীনৰ আক্ৰমণ সেই বাটেৰেই হৈছিল৷ ভাৰতীয় সেনাই ত্যাগ আৰু বীৰত্বৰে অহা বাটেৰেই শত্ৰুক সৈন্যক খেদি পঠিয়াইছিল৷ তেতিয়াৰে পৰা “বুমলা পাচ” হৈ পৰিছিল এক ‘চিৰ জাগ্ৰত প্ৰহৰী’৷ কিন্তু সেইদিনা বতৰে আমাৰ ভাগ্যৰ লগ নিদিলে৷ তালৈ যাবলৈ আমি অনুমতি নাপালোঁ৷ নতুনকৈ বৰফ পৰিছে, মাজে মাজে বৰষুণ৷ ৰাস্তাত গাড়ীৰ চকা পিছলি যায়৷ তেওঁলোকে বৰফত পিছলি নোযোৱাকৈ খোপনি ৰাখি আগুৱাব পৰাকৈ ট্ৰাকবোৰৰ চকাবোৰত বিশেষ ধৰণেৰে শিকলি বান্ধি লয়৷ কিন্তু সৰু গাড়ী যাবলৈ অনুমতি নিদিয়ে৷ গতিকে সেইদিনা টাৱাং ফুৰাৰে সিদ্ধান্ত ল’লোঁ৷ দিনৰ পোহৰতহে টাৱাংখন ভালদৰে দেখিলোঁ৷ সঁচাকৈ এই পাহাৰবোৰ যেন প্ৰকৃতিয়ে নিজ হাতেৰে গঢ়ে৷ যিমানেই ওপৰলৈ যাওঁ, সৃষ্টিকৰ্তাই কুন্দত কটাৰ দৰে সজাই যায় প্ৰকৃতি৷ এফালে অদূৰত দেখিছিলোঁ শুভ্ৰ বৰফৰ পাহাৰ, আনফালে তলত নানাৰঙী ফুলেৰে ভৰা এটা টিলা৷ টাৱাঙৰ ঘৰবোৰো ধুনীয়া, ওপৰৰপৰা তললৈ চালে কোনোবাই আঁকি থোৱা তৈলচিত্ৰ এখন যেনহে লাগে৷ কিছুদূৰ খোজকাঢ়ি আগুৱাই গৈ দেখিছিলোঁ “টাৱাং নামঘৰ”৷ আমি “ৱাৰ মেমোৰিয়েল”লৈ বুলি ওলালোঁ৷ ১৯৬২ চনৰ যুদ্ধত ভাৰতীয় সেনাবাহিনীৰ ত্যাগৰ প্ৰতীক হিচাপে সাজি উলিয়াইছিল “ৱাৰ মেমোৰিয়েল”টো৷ প্ৰথমে দেখিছিলোঁ ফিল্ড গাণ এটা, আকাশলে টোৱাই ৰৈ আছে যুদ্ধৰ সোঁৱৰণিবোৰ বুকুত লৈ! তলৰপৰা প্ৰায় ৩০টা চিৰি উঠিবলগীয়াকৈ ওখ টিলাৰ দৰে ঠাই এডোখৰত ধুনীয়াকে সজাই ৰাখিছে ভাৰতবৰ্ষৰ গৌৰৱসমূহ৷ টিলাটোৰ চাৰিওফাল শিলেৰে বন্ধোৱা, তাত পবিত্ৰতাৰ চিন স্বৰূপে বগা ৰং দি থোৱা আছে৷ চাৰিওফালে থিয় হৈ আছিল বগা ৰঙেৰে পতাকা উত্তোলনৰ বাবে দীঘলীয়া বাঁহৰ খুটা৷ বিশেষ দিনবোৰত সুন্দৰতম ৰূপ দিয়াৰ বাবেই সাজু থাকে সেয়া৷ বাহিৰৰ চৌপাশৰ দেৱালত খোদিত আছিল বীৰ জোৱানসকলৰ সাহসিকতা আৰু পদোন্নতিৰ প্ৰতীকস্বৰূপে পোৱা মেডেলসমূহৰ আৰ্হি৷

তোৰণখনৰ দুয়োফালে যুদ্ধত ব্যৱহাৰ হোৱা দুটা ৰাইফল সমুখলৈ টোৱাই সজাই থোৱা আছিল৷ চিৰি বগাই ওপৰলৈ গৈ দেখিছিলোঁ, সৰু ফলক এখনত লিখি থৈছিল ত্যাগ আৰু বীৰত্বৰে আমাক সুৰক্ষিত কৰি যোৱা ২৪২০জন বীৰ শ্বহীদৰ পৰিচয়৷ চৌহদৰ বেৰত শাৰী শাৰীকৈ মাৰ্বলৰ ওপৰত স্থায়ীভাৱে খোদিত কৰা আছে বীৰ শ্বহীদসকলৰ নাম৷ এটা ডাঙৰ কোঠালিৰ ৱালত আৰি থোৱা আছিল যুদ্ধত শ্বহীদ হোৱা সৈনিকৰ নশ্বৰ দেহবোৰৰ ফটো৷ যুদ্ধত ব্যৱহৃত কিছুমান পোচাক, টুপি সযতনে থোৱা আছিল তাত৷ ৱালত আঁৰি থোৱা আছিল যুদ্ধত ব্যৱহৃত সেইসময়ৰ অত্যাধুনিক জাপানীজ ৰাইফলসমূহ৷ টেবুল এখনত ভাৰত আৰু চীনৰ সীমা বুজাবলৈ ফলকেৰে ঠাইৰ নাম উল্লেখ কৰি পাহাৰেৰে সৈতে এখন নক্সা সজাই থোৱা আছিল৷

তাৰ সমুখত থকা বিশেষ কোঠাটো সজাইছিলে বীৰ শ্বহীদ যশৱন্ত সিঙৰ সোঁৱৰণত৷ “যশৱন্ত সিং ৰাণাৱত” নামটোৱে ভাৰতীয় সেনাবাহিনীৰ সাহসিকতাৰ কীৰ্তিচিহ্নস্বৰূপ৷ সাহসিকতাৰ বাবে তেখেতক মৰণোত্তৰভাৱে “মহাবীৰ চক্ৰ”ৰে সন্মানিত কৰা হৈছিল৷ ১৯৬২ চনৰ ১৭ নবেম্বৰত আৰম্ভ হৈছিল ভাৰত-চীনৰ যুদ্ধ আৰু একেলেথাৰিয়ে ৭২ ঘণ্টা চলিছিল৷ মৃত্যুৰ আগলৈকে তেওঁ অকলেই তিনিশৰো অধিক চীনা সেনা নিধন কৰিছিল৷ শেষলৈকে নোৰানাঙ পোষ্টত অকল তেওঁৱেই জীয়াই আছিলে৷ কেইবাটাও বাংকাৰত তেওঁ ৰাইফলসমূহ সজাই ৰাখিছিল আৰু এফালৰপৰা ঠাই সলাই সলাই নিৰ্বিচাৰে গুলীচালনা কৰিছিল৷ সেই ঠাইত বহুতো সেনাই একেলগে যুদ্ধৰ প্ৰত্যুত্তৰ দি থকা বুলি ভাবি শত্ৰুপক্ষ থমকি ৰৈছিল৷ চেলা আৰু নুৰা, দুগৰাকী সাহসী মনপা গাভৰুৱে তাত যশৱন্ত সিঙক ৰাইফল আৰু বাৰুদসমূহ সঠিকভাৱে ৰখাত সহযোগ কৰিছিল৷ তেনেদৰেই তিনিদিন তিনিৰাতি একেৰাহে যুদ্ধ কৰি তেওঁ টাৱাঙক ৰক্ষা কৰিছিল৷ যুদ্ধৰ ভয়াবহতা আমাৰ বাবে সপোনৰো অগোচৰ৷ বীৰ শ্বহীদসকলৰ ত্যাগেৰে আজি আমি সকলো সুৰক্ষিত৷

“প্ৰতি জোৱান ৰক্তৰে বিন্দু
হ’ল সাহসৰ অনন্ত সিন্ধু…”

“ৱাৰ মেমোৰিয়েল”ৰ ভিতৰৰ কোঠালি দুটাত ফটো তোলাৰ অনুমতি নাছিল৷ মনৰ মণিকোঠাত বুটলি আনিছিলোঁ সকলোবোৰ, জীৱনলৈ সাঁচি ৰাখিম বুলি৷

মৃত মৌন শত জোৱানলৈ
মোৰ অশ্ৰু অঞ্জলি যাছিলোঁ
আজি কামেং সীমান্ত দেখিলোঁ …..॥”

তাৰ পৰা আমি টাৱাং মনেষ্ট্ৰীলৈ গ’লোঁ৷ ১৬৮০-৮১ চনত সাজি উলিওৱা “টাৱাং মনেষ্ট্ৰী” ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু পৃথিৱীৰ ভিতৰত দ্বিতীয়টো ডাঙৰ মনেষ্ট্ৰী৷ চৌহদত সোমায়েই সোঁফালে এটা সংগ্ৰহালয় আছে৷ এওঁলোকৰ প্ৰতিটো বস্তুতেই বহুত ৰঙৰ সমাহাৰ, সেয়া লাগিলে তোৰণখনেই হওক বা থাপনাই হওক অথবা প্ৰবেশদ্বাৰেই হওক! উজ্জ্বল কমলা, নীলা, সেউজীয়া, হালধীয়াকে ধৰি বহু ৰঙে নিজৰ নিজৰ অস্তিত্বৰে প্ৰতিটো বস্তুৰে এক সুকীয়া নিদৰ্শন দাঙি ধৰে৷ দীঘলীয়া সূতাৰে গাঁঠি আঁৰি থোৱা আছিল বিভিন্ন ৰঙৰ এটা জোখৰে চাৰিকোণীয়া সৰু কাপোৰ কিছুমান৷ য’ত লিখা আছিল বুদ্ধদেৱৰ বাণী আৰু শ্লোক৷ সেই পবিত্ৰ বাণীসমূহ বতাহৰ লগত মিলি গৈ পৰিবেশৰ লগতে মানুহৰ মনবোৰো পবিত্ৰ কৰি ৰাখে বুলি তেওঁলোকৰ বিশ্বাস৷ শ্লোক আৰু বাণীবোৰে হয়তো পৰিবেশ পবিত্ৰ কৰিছিল কিন্তু শুভ্ৰ বগা বৰফৰ দলিচাৰ ওপৰত উৰি থকা এনে উজ্জ্বল ৰংবোৰ দেখা প্ৰতিগৰাকী ব্যক্তিৰে মন পবিত্ৰতা আৰু সুন্দৰতাই ধুৱাই নিছিল৷

সোঁফালৰ সংগ্ৰহালয়টো এৰি এখন আহল-বহল মুকলি ডাঙৰ পকী চোতাল৷ চোতালখনৰ এটা মূৰত, বাঁওফালে এটা তিনিমহলীয়া কাঠৰ ঘৰ, সেইটো সেই বিখ্যাত মনেষ্ট্ৰীটোৰ এচেম্বলী ঘৰ৷ ৯২৫ ফুট দীঘল আৰু ১০-২০ ফুট ওখ ৱালেৰে আবৰি আছে ইয়াৰ চৌহদ৷ তাৰ ভিতৰত আছিল পুথিভঁৰাল, এচেম্বলী ঘৰকে ধৰি সৰু-ডাঙৰ বহুকেইটা ঘৰ৷ চোতালতে লগ পাইছিলোঁ বহু কেইজন সৰু বৌদ্ধ ভিক্ষুক৷ এচেম্বলী ঘৰটোৰ ভিতৰত তেওঁলোকক দীক্ষা দিয়া হয়৷ ঘৰটোৰ বাহিৰৰপৰা তাৰ ভিতৰৰ বিশালতা অনুমান কৰিব নোৱাৰি৷ আয়তনত যিমান বিশাল, তাতকৈও বহু বেছি গভীৰ তাৰ দৰ্শন৷ প্ৰায় ৭০০ ভিক্ষু বহিব পৰা পৰিসৰ তাৰ৷ আঁৰি থোৱা কেইবাখনো পৰ্দাৰ আঁৰ লৈ বহি আছিল ২৭ ফুট ওখ বুদ্ধদেৱৰ এটা মূৰ্তি৷ পবিত্ৰতাৰ নিস্তব্ধতা আৰু ঘৰটোৰ ভিতৰৰ শীতলতাত যেতিয়া বৃহৎ আকাৰৰ ভগৱান বুদ্ধৰ চিৰ শান্তিৰ মুদ্ৰাত, ধ্যানত বাহি থকা মূৰ্তিৰ সমুখত বহিছিলোঁ, এক বুজাব নোৱাৰা প্ৰশান্তিত নিজৰ অস্তিত্বকো সেই মুহূৰ্তত যেন পাহৰি পেলাইছিলোঁ, মন্ত্ৰ মুগ্ধৰ দৰে বহি ৰৈছিলোঁ৷ “মন্দিৰত ভগৱান থাকে নে নাই সেয়াটো নাজানো, কিন্তু পবিত্ৰতা থাকে৷ যি পবিত্ৰতাই অন্তৰাত্মা শুদ্ধি কৰিব পাৰে৷”

তাৰপৰা ওলাই আহি সংগ্ৰহালয়টোত সোমালোঁ৷ প্ৰায় তিনিশ বছৰ পুৰণি বস্তুসমূহেৰে সুসজ্জিত এটা সংগ্ৰহালয়৷ প্ৰকাণ্ড থালি, কাঠৰ খুন্দনা, ৰূপৰ বাচন-বৰ্তন, ডবা, তাল, হাতীৰ দাঁত ইত্যাদিয়ে তাত এটা যুগৰ আৰু এটা জাতিৰ সংস্কৃতিৰ সাক্ষী বহন কৰি আছিল! বগা কাপোৰৰ মোনা এটাত হাত সুমুৱাই কাঠৰ মণিৰ মালা গণি জপ কৰি থকা আদহীয়া ভিক্ষু এজনৰ লগত কথা পাতিছিলোঁ৷ মৰমিয়াল আতিথ্যৰে তেওঁ আমাৰ খবৰ লৈছিল, ঘৰৰ পৰিচয় সুধিছিল৷ টাৱাং ইতিহাসৰ এখন কিতাপ কিনি, মনত এবুকু সোঁৱৰণি লৈ ওলাই আহিছিলোঁ পৃথিৱী বিখ্যাত সেই মনেষ্ট্ৰীটোৰপৰা৷

স্থানীয় বজাৰখনলৈ গ’লোঁ৷ সাধাৰণতে নতুন ঠাই এখনলৈ গৈ স্থানীয় বস্তুবোৰ বিচাৰোঁ৷ তাৰ প্ৰায়ভাগ বস্তু তলৰপৰা নিবলগীয়া হয় বাবে দামবোৰ বেছি৷ হাতেৰে গুঠা তেওঁলোকৰ পৰম্পৰাগত ধুনীয়া সাজযোৰৰ দাম ১৫,০০০ টকাৰ পৰা আৰম্ভ হয়৷ তাত পোৱা ইয়াকৰ শিং আৰু আন কিবা মণিৰে তৈয়াৰ কৰা এডাল গলপতা টাৱাঙৰ চিনস্বৰূপে লৈ আনিছিলোঁ৷ অৰুণাচলৰ সমাজত নাৰীৰ প্ৰাধান্য দেখা যায়৷ স্বাধীনমনা প্ৰতিগৰাকী মহিলাই ব্যস্ততাৰে চলাই গৈছে দোকান, বজাৰ, ব্যৱসায় সকলো৷ লাহে লাহে আবেলি হৈছিল৷ খোজকাঢ়ি এপাক ঘূৰি ৰূমলৈ উভতিলোঁ৷ বাটত কাঠৰ খৰিৰ ধোৱাৰ গোন্ধই উমাল কৰি তুলিছিল পৰিবেশটো৷ সন্ধিয়াৰ পিছত বাহিৰৰ ঠাণ্ডা সহ্য কৰিব নোৱাৰি, হাড় কঁপোৱা৷

পিছদিনা সূৰ্য্যোদয় চাবলৈ ৰাতিপুৱা চাৰিটা মানতে উঠিলোঁ৷ আন্ধাৰ ফালি সূৰুজে ধলফাট দিছে৷ পাহাৰ এখনৰ এচুকৰপৰা ওলাই অহা পূৱৰ বেলিৰ প্ৰথম কিৰণ গৈ পশ্চিমৰ বৰফৰ পাহাৰত ঠেকা খাইছে৷ সূৰুজৰ প্ৰথম কিৰণৰ প্ৰতিফলন, বৰফৰ পাহাৰবোৰৰ চিকমিকনিৰ যি নান্দনিক আৰু অপূৰ্ব দৃশ্য; চকুৰে নেদেখিলে তাক ভাষাৰে বুজাবলৈ অপৰাগ৷ পাহাৰৰ বৰফৰ উজ্জ্বলতাই তেতিয়াও ধৰাৰ বুকু চুব পৰা নাই৷ তলত আন্ধাৰ, ওপৰত উজ্জ্বল পোহৰৰ প্ৰতিফলন, আমাৰ ইয়াৰ এক মুহূৰ্তৰ বিজুলীৰ চমকনি যেন সেই মুহূৰ্তত ৰৈ গৈছিল বৰফৰ পাহাৰত!

আগতে ঠিক কৰি থোৱা গাড়ী ছটা বজাত আমাৰ লজৰ চৌহদ আহি পাই গৈছিল৷ ওপৰত বেগবোৰ তুলি দি মই এইবাৰ বহিলোঁ চালকৰ কাষৰ আসনত৷ আৰম্ভ হ’ল আমাৰ ওভতনি যাত্ৰা৷ ভবাতকৈ বহু বেছি ৰোমাঞ্চকৰ আছিল সেই ওভতনি যাত্ৰা৷ অহাৰ সময়ত আন্ধাৰৰ ওৰণিৰে ঢাকি ৰখা সেই অতুলনীয় সৌন্ধৰ্য উন্মুক্ত হৈছিল দিনৰ পোহৰত৷ অলপ সময়ৰ পিছতে পাইছিলোঁগৈ চেলা পাচ৷ শ্বহীদ যশৱন্ত সিঙক সহযোগিতা কৰা সেই মনপা ছোৱালীজনীৰ নাম আছিল ‘চেলা’৷ যুদ্ধত গ্ৰেণেড ব্লাষ্ট হৈ মৃত্যু হোৱা চেলাৰ নামেৰেই নামকৰণ হৈছিল এই চেলা পাচ৷ তাত এটা হ্ৰদ আছে, ডিচেম্বৰ মাহত সেই হ্ৰদটোৰ বেছিভাগ পানী গোট মাৰি থাকে৷ কেমেৰাটো হাতত লৈ গাড়ীৰপৰা নামি গৈছিলোঁ৷ আমি তেতিয়া ডাৱৰৰ ওপৰত৷ মই থিয় হৈ থকা ঠাইডোখৰৰপৰা তললৈ চাওঁতে দেখিছিলোঁ ওপঙি থকা ডাৱৰবোৰ৷ এফালে ডাৱৰ, আনফালে বৰফে আগুৰা পাহাৰ, তাৰ মাজেৰে পাৰ হৈ গৈছিল আমি গৈ থকা ৰাস্তাটো৷ এঢলীয়া পাহাৰবোৰ খ্ৰীষ্টমাচ ট্ৰীৰ দৰে গছ কিছুমানেৰে ভৰি আছে৷ সেউজীয়া পাতবোৰত বৰফৰ শুভ্ৰ চামনি৷ এয়াই যেন সাধুকথাৰ সৰগখন!

বাটত আহি থাকোঁতে শ্বহীদ যশৱন্ত সিঙৰ বাংকাৰটো৷ য’ৰ পৰা তেওঁ বীৰত্ব আৰু সাহসিকতাৰ ইতিহাস ৰচি থৈ গ’ল, তাত তেওঁৰ নামত মন্দিৰ সজাই থৈছে৷ আমাৰ গাড়ীখনৰ আগে-পিছে মুঠ দহখন মান গাড়ী একেলগে শাৰী পাতি আহিছিল৷ যোৱাৰ দিনাতকৈ ওভতাৰ দিনাখন বৰফৰ পৰশ ডাঠ আছিল৷ গাড়ীৰ চকা পিছল খোৱাৰ বা ফচি যোৱাৰ সম্ভাৱনা থাকে৷ সেয়ে সকলোবোৰ গাড়ী একেলগে ওলায়, যাতে কোনোবা এখন বিপদত পৰিলে আন এখনে উদ্ধাৰ কৰিব পাৰে৷ অলপ গৈ ইন্দিয়ান আৰ্মীৰ ডাঙৰ কেম্প এটা দেখিছিলোঁ৷ ঠাইবোৰ বাংকাৰেৰে ভৰি আছিল৷ মাটিৰ তলতো কিছুমান বাংকাৰ থাকে আৰু সেইবোৰ বন্দুক-বাৰুদ আৰু সৈন্যৰে ভৰি থাকে৷ যিকোনো মুহূৰ্ততে শত্ৰুপক্ষক প্ৰত্যুত্তৰ দিবলৈ তেওঁলোক প্ৰশিক্ষণেৰে পৰিপক্ব৷ সুৰক্ষাজনিত কাৰণত তেনেবোৰ ঠাইত ফটো উঠোৱা নিষেধ৷ ঠাণ্ডাৰ বাবে আমি গাড়ীৰ খিড়িকীৰ আয়নাখনো নমাব নোৱাৰোঁ আৰু তেওঁলোকে বাহিৰৰ বতাহ আৰু বৰফৰ বৰষুণৰ মাজত ঠেঁটুৱৈ লগা জাৰত আমাৰ গাড়ীবোৰ সুকলমে পাৰ কৰাই দিবলৈ থিয় হৈ ৰৈ আছিল৷

ওভতনি যাত্ৰাত যেতিয়া গাড়ীবোৰ তললৈ নামি আহে, এটা কেঁকুৰি ঘূৰিলে তলৰ ৰাস্তাটো দেখি থাকে৷ যিমান ওপৰৰ পৰা চাওঁ সিমান তললৈকে সাপৰ দৰে বাটটো বৰফৰ পাহাৰৰ মাজেৰে গৈ থাকে৷ এক বৰ্ণনাতীত সৌন্দৰ্য! এবাৰ পিছফালে থকা মাৰুতি কাৰ এখনৰ চকা পিছলিবলৈ ধৰিলে৷ যিমানে গড়ীখন আগুৱাবলৈ চেষ্টা কৰিছে, বৰফে সিমানে পিছলৈ চকা টানিছে৷ পিছত আন এখন গাড়ীয়ে শিকলিৰে বান্ধি গাড়ীখন টানি আনিছিল৷ সকলোবোৰ গাড়ীৰ লগতে আমাৰ গাড়ীখনো সেইকণ সময় তাতে ৰৈ দিছিল৷ ১৫খন গাড়ীৰ ১০০জন মান যাত্ৰীৰ প্ৰায় সকলোৱে গাড়ীৰ পৰা নামি আহিছিল৷ ময়ো বাহিৰলৈ ওলাই আহিছিলোঁ৷ বৰ ধুনীয়াকৈ ৰ’দজাক ওলাইছিল৷ বৰফৰ ওপৰত ৰ’দৰ প্ৰতিফলনে চকু চাৎ মাৰি ধৰিছিল৷ কিছুমানে দুহাতেৰে বৰফ দলিয়াই খেলিছিল৷ তলত কোমল বৰফৰ দলিচা, ওপৰত নীলা আকাশ, অদূৰত শৃঙ্গবোৰ বৰফৰ ওৰণিৰে ঢাকি ৰখা সেউজীয়া পাহাৰ…..! সৰগ দেখিবলৈ হেনো মৰিব লাগে, জীয়াই থাকোঁতে সৰগখন চাগে’ ইয়াতেই দেখি!

আবেলি আহি বোমডিলা পাইছিলোঁ, তাতে ৰাতিটো কটাই পিছদিনা ৰাতিপুৱা তাৰপৰা গাড়ীৰে আহি তেজপুৰ পাইছিলোঁ৷ আজিৰ পৰা প্ৰায় ৯ বছৰ আগতে আমি কিমানখন যে পাহাৰৰ বুকুৰে পাৰ হৈ টাৱাঙলৈ গৈছিলোঁ৷ এতিয়া ৰাষ্টা বহুত ভাল হ’ল৷ কিন্তু আজিও মনলৈ আহে পাহাৰীয়া ৰাতিৰ সেই নিস্তব্ধতা, আকাশৰপৰা পৰি থকা কপাহ যেন বৰফৰ প্ৰথম স্পৰ্শ, উজ্জ্বল নীলা আকাশ, বৰফে আগুৰা পাহাৰ, ডাৱৰৰ ওপৰত থিয় হৈ থকা, কামেং সীমান্তৰ সপোন সপোন লগা কথাবোৰ!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!