প্ৰেম – দীপিকা শইকীয়া

প্ৰেমে নিৰ্ভৰশীল হ’বলৈ শিকাই নেকি?
সোধকচোন এবাৰ নিজক!
প্ৰেম হেনো স্বৰ্গীয়,
তেতিয়াহ’লে কিয় এই নিৰ্ভৰশীলতা, কিয় এই বান্ধোন, কিয় এই হাহাকাৰ?
য’ত নিজাকে এখন আকাশ নাই৷
ইয়াত আছে শূন্যতা যেন মৰুভূমি,
ধূলি বালি শত যোজন দূৰত্বলৈ৷
আছে নিৰ্জীৱ, নিস্তাপ কিছুমান মানুহ
যাৰ আবেগবোৰ বালিত পোত খালে কাহানিবাই৷

আচলতে প্ৰেম কাহানিবাই বৈষয়িক হ’ল, পৃথিৱীৰ সৃষ্টিতে৷
মানুহক মুৰ্খ সজাই ঈশ্বৰে কৈ গ’ল ’প্ৰেম স্বৰ্গীয়, স্বৰ্গীয় অনুভূতিবোৰ তাতেই পাবি৷’
আৰু আমি অমৃত বুলি গৰলকে পান কৰি নীলকণ্ঠ হৈছো৷
দুখবোৰ উলিয়াই পেলাবও নোৱাৰোঁ,
সেয়েহে যেন আমৃত্যু বহন কৰাৰ শপত লৈছোঁ৷

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

Prem shargiyo nhoi xosa.. Kintu baideoye kua dhorone morubhomio nhoi.. By d way Word selection khubei dhunia hoise ma’am

Sad
3 years ago

Prem shargiyo nhoi xosa.. Kintu baideoye kua dhorone morubhomio nhoi.. By d way Word selection khubei dhunia hoise ma’am

Copying is Prohibited!