শব্দবয়নত নিপুণ যি – নীলাক্ষি গোস্ৱামী
যাৰ অভিজ্ঞ আঙুলিৰ চমকে
পোহৰাই তোলে মনগহনৰ পদূলি
মুগ্ধ কৰে ভাষাৰ লালিত্যই
নিয়ন্ত্ৰিত শব্দৰ বৰ্ণিলসজ্জা, আটকধুনীয়া৷
প্ৰতিটো শব্দই নীৰৱে কথা কয়
হাঁহে, কান্দে, গান গায় অথবা নৃত্য কৰে৷
সুন্দৰ অভিব্যক্তি, চিন্তাৰ খলকনি
শব্দৰ সংযম, জীজ্ঞাসুচেতনা
অনুভূতিৰ তীক্ষ্ণতা, পৰিশীলিত কল্পনা
অথবা সাৱলীল বৰ্ণনা
যাৰ শেতেলীৰ বিশ্বস্ত শিতান
যেন হাত মেলিলেই পোৱা
নক্ষত্ৰ ফুল৷
কুশল হাতৰ মিঠা পৰশত
বিনন্দীয়া শব্দবোৰে ভাবৰ সৈতে মিলি
শৃংখলিত খোজ লয় লাহে লাহে৷
আৰু অৱশেষত,
উজাৰি দিয়ে উৰ্বৰ মনৰ গোপনীয়তা
সৰি থাকে সাতোৰঙী অনুভৱৰ বৰষুণ৷
শব্দ সজাবলৈ কৰা সমস্ত ব্যৰ্থ প্ৰয়াসৰ অন্ততহে বুজি পালোঁ
শব্দবোৰে সকলোৰে কথাত
উঠা বহা মুঠেই নকৰে৷
আস্! মই যদি তেওঁ হ’লোঁহেঁতেন!
নহ’লহেঁতেন শব্দৰ ইমান আকাল!
সুন্দৰ কবিতা এটা পঢ়িব পালোঁ বা ,তোমাৰ কবিতাবোৰ বৰ ভাল লাগে।