ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

অভিশপ্ত পথ (লক্ষ্য জ্যোতি নাথ)

: মাথো এটা ছেকেণ্ডৰ ইফাল সিফাল আছিল বুজিছ, এটা ছেকেণ্ডৰ আগত সি এইখিনিনে… অ’ অ’ ঠিক এইখিনিতে তাৰ হাতত মই বেগটো তুলি দিছিলো, এটা ছেকেণ্ডৰ পাছতেই সি দুখোজ আগুৱাই গ’ল আৰু…. আৰু লগে লগে এটা বিকট শব্দ… মই দৌৰি গ’লো, তাৰ বেগটো এইখিনিতে ঠিক এইখিনিতে পৰি আছিল, মায়ে বনাই দিয়া নাৰিকলৰ লাড়ু কেইটা টেমাটো ফাটি এইখিনিতেই পৰি আছিল, বেগটোৰ ওপৰত তাৰ কেঁচা তেজ, আকৌ মই দৌৰি গ’লো, মই যে তেতিয়া কি কৰিছো , কি কৰিম একো ভা‌ৱি পোৱা নাছিলো। দেউতায়ে কালি আনি দিয়া ছার্টটো পিন্ধি সি ইয়াতে পৰি আছিল অ’, ইয়াতে পৰি আছিল…
মোৰ চকুৰ আগতেই সি আমাক চিৰদিনৰ বাবে এৰি গুছি গ’ল, তাক মাৰি যমৰূপী বলেৰ’ খন আৰু নৰখিল বুজিছ….
: ৰ চোন ৰক্তিম ৰ… তই ভাগি নপৰিবি, কপালৰ লিখন কোনেও মোহাৰিব নোৱাৰে, তোৰ ভায়েৰ আমাৰ মাজত সদায় থাকিব। বলেৰ’ খনৰ নম্বৰটো তই চাইছিলি নে…
: তই যে কি সোধ… আগত মোৰ ভাইৰ কেঁচা তেজ বৈ থকা শৰীৰ পৰি আছে আৰু মই তাক চাম নে গাড়ীৰ নম্বৰ চাম… সেই মূহুর্তৰ কথা তই নুবুজিবি অ’ অসীম, ভুক্তভোগী যি সি বুজিব। ১ মিনিট আগত সু-শৰীৰে মোৰ লগত কথা পাতি থকা ল’ৰাটো ১ মিনিট নহওঁতেই যে তাৰ মুখখন চিনিব নোৱাৰা হৈ পৰিল, মগজুৰ ঘিউঁ বোৰ ওলাই যোৱাৰ দৃশ্য মই খোদ ককায়েকটো হৈ কেনেকৈ চাইছো তই নুবুজিবি অ’ অসীম তই নুবুজিবি। কি দোষ আছিল তাৰ! পৰীক্ষা শেষ হোৱাৰ বাবে ঘৰত সি এমাহ থাকি সেইদিনা হোষ্টেললৈ বুলি আকৌ ৰাওনা হৈছিল। আগদিনা ৰাতি দেউতায়ে সি যাবগৈ বুলি লোকেল মুর্গী এটা আনিছিল। মায়ে সি ভাল পোৱাকৈ জালুক দি মাংসৰ জোল বনাইছিল, হোষ্টেলত পিন্ধিবলৈ দেউতায়ে তালৈ আগদিনা সন্ধিয়া চার্ট এটাও আনি থৈছিল… সকলো শেষ হৈ গ’ল বুজিছ সকলো শেষ হৈ গ’ল…!!
এতিয়া তই মা আৰু দেউতাৰ মুখখন চাব নোৱাৰ , মন মাৰি থাকে হালেই, একো নাখায়, একো নকয়… ঘৰখন একদম সলনি হৈ গ’ল বুজিছ ভাইটি যোৱাৰ পৰা। ময়ো মাহঁতক এৰি বেছি সময় বাহিৰত থাকিব নোৱাৰা হ’লো। কি জীৱন আছিল কি হৈ গ’ল মূহুর্ততে…
: মই তোৰ কথাবোৰ বুজিছু অ’ ৰক্তিম, নিজ ভাতৃক হেৰুৱাই তোৰ বেদনাবোৰ মই ভালকৈ অনুভব কৰিছো। তোৰ ভাইটিৰ এক্সিডেন্ট হোৱাৰ আগতেও এই ঠাইত বছৰি ৫-৬ টা মানুহ মৰে সেইটোতো তই জানয়ে…
: হুম:… সকলো জানো কিন্তু কেতিয়াও ভবা নাছিলো যে এই ঠাইতে মোৰ কোনোবা আপোন নাইকিয়া হ’ব বুলি… এই ঠাইডোখৰতে কালিমা আছে বুজিছ… ৬ মাহ আগত ইয়াতে আমাৰ ৰাইজে মিলি ৰাস্তাতে নাম প্রসংগয়ো কৰিছিল যাতে এই ঠাইত কিবা বেয়া শক্তি আছে যদি আঁতৰি যাওক বুলি। তাৰ পিছত দুমাহ মান এক্সিডেন্ট হোৱা নাছিল। তাৰ পিছত ১৫ বছৰ মানৰ স্কুলীয়া ছোৱালী এজনী আৰু তাৰ পিছত ভাইটি…
: ৰক্তিম তই এই ৰাস্তাটো ভালকৈ চা চোন, প্রায় ডেৰ কিল’ মিটাৰ মান দুয়োফালে মুকলি হয় নে , ৰাস্তাও ভাল।
: সেইটোতো হয়েই, তই কি ক’ব খুজিছ অসীম?
: এই ৰাস্তাটোত কোনো বেয়া শক্তি নাই, বেয়া শক্তি থাকে আমাৰ গাতহে। গোটেই ৰাস্তাটো দুয়োফালে মুকলি আৰু ভাল হোৱা বাবে এইফালে গাড়ীবোৰ ড্রাইভাৰে বহুত স্পীডত চলায় আৰু অসমৰ ড্রাইভাৰবোৰৰ কথাটো তই জানয়ে ! ভৰি কেতিয়াও ব্রেকত নাৰাখে। ইমান জোৰত চলাই অহা গাড়ীৰ আগত যেতিয়া কিবা বস্তু আহে সিহঁতে ব্রেক মৰালে মৰালে বস্তুটোক খুন্দিয়াইয়ে দিয়ে। তোৰ ভাইটিৰ এক্সিডেন্টৰ ক্ষেত্রটো সেই একেই হৈছিল।
এই ঠাইত এক্সিডেন্ট ৰোধ কৰিবলৈ হ’লে নাম-কীর্তন নহয় এই ৰাস্তাটো য’লৈকে মুকলি তালৈকে প্রতি ২০০ মিটাৰৰ মূৰে মূৰে অলপ ওখকৈ স্পীড ব্রেকাৰ বনাব লাগিব। এই কাম PWD য়ে কৰাৰ আগতেই এই ঠাইৰ বাসিন্দাসকলে মিলি কৰিব লাগিব। নহ’লে এই ঠাইত তোৰ ভাইটিৰ দৰে আন বহুতৰে ভাইটি, দাদা, ভন্টি, মাক-দেউতাকৰ জীৱন যাব।
কাইলৈ ৰাতিপুৱায়ে মই এখন মিটিং দিম, আগন্তুক ১০ দিনৰ ভিতৰত এই ৰাস্তাত স্পীড ব্রেকাৰ বহুৱাৰ দায়িত্ব মোৰ। জান ৰক্তিম সকলো কাম চৰকাৰে কৰিব বুলি আমি ৰৈ থাকিব নাপায়, কিছু কাম আমিও কৰিব লাগে। আজি এই কথাটোৰ বাবে আমাৰ ভাইটিয়ে আমাক এৰি গ’ল নে চৰকাৰৰ ভাইটি ক’ছোন…!!

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
8 years ago

dhunia likhisa bro

Copying is Prohibited!