অংক জংক পংক –  কৃষ্ণা বৰা ফুকন

অংকত মই কেঁচা৷ আচলতে, excatly কেঁচা বুলিব নোৱাৰি, মেট্ৰিকত চবচে ল’ৱেষ্ট ৫৮ পাই পাছ কৰিছিলো৷ তাকো মুখস্থ কৰি দেই৷ আচলতে অংক কৰিবলৈ মোৰ মৰ এলাহ আৰু কি জানেনে এই অংক প্ৰেকটিছ কৰাৰ নামত কাগজ বোৰ নষ্ট কৰা দেখিলে মোৰ বৰ দুখ লাগে৷ মোৰ দুইটা ভাইটিয়ে আগতে ৰীম হিচাপত কাগজ শেষ কৰে, এই অংকৰ নামত কাটকুট এগাল কৰি৷ কেতিয়াবা দেখিবা চাৰি পাঁচখিলা কাগজত মাত্ৰ এটাই অংক৷ তাকো শেষত উত্তৰ নোলাইগৈ৷ মোৰ কাগজ কেইখিলালৈ দুখ লাগে৷ সেয়ে আগতে চাহৰ লগত খোৱা বিস্কুট, ভুজীয়া প্লেটত নাখাই সেই তেনেকুৱা কাগজ এখিলাত লৈ খাইছিলো৷ ভাই কিবাটো কামত আহ পইচা দি কিনিছো যেতিয়া৷ কেনে টেঙৰ মই!

বাৰু যি কি নহওক অংকৰ প্ৰতি মানে মোৰ বিতৃষ্ণা৷ ঘৰত থাকোতে অংকৰ লগত বিশেষ কেচ নাছিল৷ মায়ে বাকীৰ বহীত লিষ্ট বনাই দিয়ে মই চাইকেল লৈ গৈ দুফালে দুমোনা ভাৰ বৈ লৈ আহো, ইনক্লুদিং কণ্ট্ৰলৰ কেৰাচিনো দেই৷ কিন্তু লেঠা লাগিছিল গুৱাহাটীলৈ অহাৰ পিছত৷ দেতাৰ ওপৰত ভৰষা কৰি মই গুৱাহাটীলৈ আহিছিলো কিন্তু দেতাই মাজে মাজে এই অফিচৰ কামত অ’লৈ ত’লৈ যাওতে মোক অকলে এৰি থৈ যায়৷ প্ৰায়ে দৰকাৰী খিনি কিনি যায় কিন্তু কেতিয়াবা শেষ হয়গৈ৷ গতিকে মই নিজেই পাচলি কিনিব লগা হয়৷ আৰু ঠিক তেতিয়াই লাগে পয়মাল৷ আমাৰ তাত আকৌ ৰঙালাও, জাতিলাও, বন্ধাকবি, কোমোৰা এইবোৰ কাটি নিদিয়ে নহয়, গোটেইদালি কিনিব লাগে৷ এতিয়া কথা হ’ল যদি এক কেজি আধা কেজি বা এপোৱা হয় তেতিয়া সমস্যা নাই৷ এক কেজিৰ আধা, মানে আধা কেজিৰ দাম বা চাৰিৰে হৰণ কৰিলেই এপোৱাৰ দাম৷ কিন্তু যদি কেনেবাকৈ ২৮০ গ্ৰাম বা ৭০০/৮০০ গ্ৰাম হয় মই শেষ৷ এক কেজিক দহ ভাগ বিশ ভাগ কৰি পাগল হৈ যাও কিন্তু মোৰ অংক নোলায়৷ সেয়ে অগত্যাই দোকানীক সুধিয়ে পইচা দিও৷ যি কয় সেয়াই আৰু৷ এতিয়ালৈ বাৰু পৰা হ’লোগৈ, তথাপিও কনফিদেন্স নাই দেই৷

কালিৰ ঘটনা৷ গ’লো Refine এক লিটাৰ আনিবলৈ৷ ইফালে ল’ৰা হ’ল শনি৷ মহিলা দোকানী৷ সুধিলো বোলো দাম কিমান৷ বোলে ৮৫ টকা৷ মই ৫০০ ৰ নোট এখন দি লগত ৫ টকাৰ মুদ্ৰা এটা দিলো, মানে কেতিয়াবা এওঁক এনেকৈ দিয়া দেখো৷ সেয়ে ভাবিলো ময়ো দিওঁ৷ মনতে অংক কৰি আছো বোলো ৮৫ ৰে ১৫ ই ১০০৷ গতিকে মই পাম ৪১৫ টকা৷ কিন্তু দোকানীয়ে মোক দিলে ৪৩০ টকা৷ মই বোলো ৩০ টকা কিয় দিলে৷ তাই বোলে কিয় extra ৫ টকা দিছিল নহয়৷ মই বোলো অ’…অ’…হয়তো আকৌ৷ এইবুলি ভৰাবলৈ লৈ আকৌ ভাবিলো৷ বেছিকৈ পোৱা যেন লাগিল৷ তাইক আকৌ সুধিলো৷ তাই এইচাট কেলকুলেটৰ মাৰিলে৷ তাৰপাহে বোলে হয়তু আকৌ বিশ টকাহে দিব লাগে৷ দেখিলে অংকৰ প্ৰতাপ! মই এনেই দেখিব নোৱাৰো নি৷ মাইকী মানুহ দেখিলে অংকই বেছি ভাও দিয়ে! !■■

One thought on “অংক জংক পংক –  কৃষ্ণা বৰা ফুকন

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!