অজলা-ককাইৰ বিশ্ব-দৰ্শন (উচ্চজিৎ কলিতা)

অজলাককাইৰ বিশ্বদৰ্শন

(প্ৰস্তাৱনা : – অজলা-ককাইক অমুকাই ঘটনাক্ৰমে লগ পাইছিলোঁ ২০১০ চনৰ ফুটবল বিশ্বকাপৰ সময়ত ভাৰতৰ দক্ষিণাঞ্চলৰ ৰাজ্য কৰ্ণাটকৰ ৰাজধানী চহৰ বেঙ্গালুৰুৰ এখন ভোজনালয়ত। মই হ’লোঁ লিঅ’নো মেছি আৰু বাৰ্চিলোনাৰ অনুগ্ৰাহী আৰু কথাচক্ৰত গম পালোঁ অজলা-ককাইও মেছিৰ ভক্ত আৰু বাৰ্চিলোনাৰ দুৰন্ত সমৰ্থক। বচ, এপিয়লা এপিয়লা চাহত শোহা মাৰি দুয়োৰে মাজত মিতিৰালি হৈ গ’ল। মিতিৰালি হ’লেও বিশ্বকাপৰ ভিন্নদলৰ সমৰ্থক হিচাপে দুয়োৰে মাজত দলীয় বৈৰিতাও আছিল। ককাই স্পেইনৰ সমৰ্থক আৰু মই মাৰাডোনাৰ দিনৰে পৰা আৰ্জেণ্টিনাৰ। পিছে বিশ্বকাপো শেষ আমাৰ বৈৰিতাও শেষ। ৰৈ গ’ল আমাৰ মাজত মিত্ৰতাৰ অমিয়া মাধুৰী।

তেতিয়াৰে পৰা ককাই আৰু মই শিকিটোৰ ইপিঠি-সিপিঠি যেন। দাঁতত ভাত লাগিলেও গম পাওঁ। ককাইৰ পৰিভ্ৰমী চৰাইৰ দৰে জীৱনশৈলী। এই বেঙ্গালুৰুত, সেই গুৱাহাটীত। আজি বোলে নেপালত, তিনিদিন পিছত বেঙ্ককত। কেতিয়াবা যদি য়ুৰোপত, কেতিয়াবা আৰৱত আৰু কেতিয়াবা আফ্ৰিকাত। স্যেম খুৰাৰ দেশ আমেৰিকা, ৰাণীৰ দেশ বিলাত, পাতাল পৃথিৱী বুলি জনাজাত ওচেনিয়া আদি সকলোলৈকে তেওঁৰ আহ্-যাহ্।

যোৱা চাৰি বছৰে তেওঁ মোক শুনাই গৈছে তেওঁৰ বাৰে-বৰণীয়া, লোমহৰ্ষক, মনোৰঞ্জক জীৱন-কাহিনীবিলাক। বৰ্ণনা কৰি গৈছে তেওঁৰ অভিজ্ঞতাবোৰ, পৰ্যবেক্ষণবোৰ। শুনি তাৰ পিছত বুজি ভাবিলোঁ আপোনালোক মানে অসমৰ ৰাইজকো তাৰ ভাগ দিয়া উচিত। তাকেই মানস কৰি ককাইৰ সন্মতিক্ৰমে ককাইৰ জীৱনৰ গোটাচেৰেক কাহিনী মাজে মাজে অসমীয়াত কথা-বতৰা মানে অকব গোটৰ জৰিয়তে য়ুনিক’ডৰ লেজুত ধৰি আপোনালোকলৈ বুলি আগবঢ়াম। ককাই নিজে পৰিকলক মানে কম্পিউটাৰৰ দ্বাৰা অঙ্কীয় লিখন মানে ডিজিটেল ৰাইটিঙত অভ্যস্ত বা পাকৈত এটাও নহয় বাবে মোকেই লিখিবলৈ অনুমতি দিছে। কাহিনীবোৰ কালানুক্ৰমিকতা বৰ্তাই লিখাৰ কথা ভবা নাই। গতিকে যেতিয়াই যিটো মোৰ পৰিকলকৰ অঙ্কীয় দিনলিপি মানে ডিজিটেল ডায়েৰীত লিপিবদ্ধ কৰোঁ সেইটোৱে তৎকালে অকব-ৰ মজিয়াত প্ৰকাশ কৰিম। ৰাইজে নিজ গুণে গ্ৰহণ কৰি এই অভাজনৰ লিখনশৈলীৰ দোষ-ত্ৰুটীবোৰ মাৰ্জনা কৰি অজলা-ককাইৰ বিশ্ব-দৰ্শনৰ ৰস আস্বাদন কৰিবলৈ পালে অমুকাই পৰম সন্তোষ লাভ কৰিম।

অজলা-ককাইদেৱে তেখেতৰ জন্ম আৰু আগৰছোৱা জীৱনৰ পৰিক্ৰমাও মোক অৱগত কৰাইছে যদিও সেই হালিচা পিছে-পৰে ক’ম। কাহিনীৰ মাজত সময়ে সময়ে আমাৰ অজলা-ককাইৰ জীৱন-বৃতান্তও উদ্ভাসিত হ’ব শৈশৱ, কৈশোৰ কালকে আদি কৰি। থূলে-মূলে এইখিনিয়ে জানি থওক যে ককাইৰ জন্ম আমাৰ অসমৰ গোলাঘাট জিলাত আৰু ককাইদেৱে কোৱামতে তেওঁ কৰা নৃতাত্বিক গৱেষণা অনুসৰি তেওঁ হেনো আমাৰ সেই ৰসৰাজে লিখি থৈ যোৱা ভোকোন্দি ওৰফে ভোকেন্দ্ৰ বৰুৱাৰ ভগ্নী ভুৰ্ভুৰী ওৰফে ভ্ৰমৰিণী আইদেউৰ বংশজাত। সৰুতে পিতৃ-মাতৃহাৰা হোৱাত সম্পৰ্কীয় পেহীয়েক এগৰাকীয়ে ককাইক তুলি-তালি ডাঙৰ কৰি খুঁটি খাব পৰা কৰে। ককাইৰ পেহীয়েক প্ৰদত্ত নাম এটা থকা বুলি কৈছিল। পিছে সেই নাম তল পৰি কালক্ৰমত তেওঁৰ নাম তেওঁৰ জল নসৰকা কথাৰ পাকৰ বাবে “অজলা” আৰু সকলোকে ককায়েকৰ দৰে মৰম-চেনেহ কৰি উপদেশ বা ধমকনি দিয়াৰ গুণত “ককাই” অৰ্থাৎ সাতে-সোতৰই “অজলা-ককাই” ৰূপে চৌদিশে জনাজাত হৈ পৰিল বুলি ককাইদেৱে নিজ মুখে স্বীকাৰ কৰিছে। ককাইৰ জীৱন বৃতান্তৰ পৰা প্ৰথম কাহিনীটো তলত আগবঢ়ালোঁ।)

 

লা এগিটিনা

দক্ষিণ আফ্ৰিকাত ২০১০ চনৰ বিশ্বকাপ ফুটবলত স্পেইন বিজয়ী হোৱাত স্পেইনৰ নাগৰিকসকলতকৈ বেছি নহ’লেও কিঞ্চিতমানেও কম সুখী হোৱা নাছিল আমাৰ অজলা ককাই। পোন্ধৰ বছৰমান স্পেইনৰ প্ৰতিখন খেল আনকি বন্ধুত্বপূৰ্ণ কেইখনৰো খবৰ আঙুলিৰ মূৰত লেখি ৰখা আমাৰ ককাইৰ বাবে সেই অনুভব আছিল আলেকজেণ্ডাৰ ওৰফে জুল-কুৰানিনৰ (আলেকজেণ্ডাৰৰ কোৰানীয় নাম) বিশ্ব-বিজয়ী হৈ হোৱা অনুভবৰ সমানুপাতিক। ১৯৯৭ চনত যেতিয়া আমাৰ বেছিভাগ অসমীয়াৰ মুখত হিন্দী-ইংৰাজীয়ে ভালকৈ নুফুটিছিল, ককাইদেৱে সেই সময়তে স্পেইনৰ ৰাষ্ট্ৰীয় দলৰ আৰু বাৰ্চিলোনা ক্লাৱৰ ফুটবল খেলৰ প্ৰেমত পৰি আনকি দিল্লী চহৰৰ বিদেশী ভাষা প্ৰশিক্ষণ প্ৰতিষ্ঠান এটিৰ পৰা স্পেনিছ ভাষাটোও শিকি লৈছিল আৰু কাম চলোৱা পৰ্যায়ত ক’ব আৰু পঢ়িবও পৰা হৈছিল। আনকি অসমীয়া ‘স’ উচ্চাৰণটোৰ দৰে এটা উচ্চাৰণযে স্পেনিছ ভাষাতো আছে সেই কথা ককাইদেৱে তেতিয়াই উপলব্ধি কৰিছিল।

যি নহওক, বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত অতি ভাল ফুটবল খেলা বুলি ককাইদেউৰ সুনাম আছিল। তেওঁ খেলা দলটোৱে প্ৰায়েই অন্তৰ্জিলা আৰু অন্তঃৰাজ্যিক প্ৰতিযোগিতাবিলাকত জয় লাভ কৰিছিল। এবাৰ নে দুবাৰ ‘সন্তোষ ট্ৰফি’ও খেলিছিল, অৱশ্যে জয় লাভ কৰিব নোৱাৰিলে। পিছে অইন বেছিভাগ খেলৰ দৰে অসম তথা ভাৰতৰ ফুটবলৰো আন্তঃৰাষ্ট্ৰীয় স্থিতি তথৈবচ হোৱাৰ গুণত অজলা-ককাইৰ খেলুৱৈ জীৱনৰো মহাবিদ্যালয় পৰ্যায়তে ইতি পৰিল। তাৰ পিছত স্পেইন দলৰ ঘোৰ সমৰ্থক হোৱা সত্বেও স্পেইনে বিশ্বকাপ জয় কৰিব নোৱাৰালৈকে ককাইদেউৰ ফুটবল প্ৰেমে আগ্নেয়গিৰিৰ ৰূপ ধাৰণ কৰিব পৰা নাছিল।

কিন্তু যেই স্পেইন ২০১০ চনত বিজয়ী হ’ল, অজলা-ককাইৰো ফুটবল প্ৰেম আকৌ তুংগত উঠিল। স্পেইন আৰু বাৰ্চিলোনাৰ দৰে দল আৰু ভিলা, জাভি, লিঅ’নো মেছিৰ দৰে খেলুৱৈ ভাৰত বা অসমত কিয় সৃষ্টি নহয় বুলি দেশপ্ৰেমী জাতীয়তাবাদী অজলা-ককাইৰ শোক উথলি উঠিল। তেওঁৰ কথা হ’ল অসমৰ চুকে-কোণে সিঁচৰতি হৈ থকা, ফুটবল নাপালে ৰবাব টেঙাৰ ঢোপকেই লথিয়াই ফুৰা পাহোৱাল বসুমতাৰী, কুৰ্মী, কোঁচ, ৰংপি, চুতীয়া, নাৰ্জাৰী, লালুং, টেৰাং ডেকাসকলৰ মাজত বা মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয় আদিত থকা লুৱাং, খুমান, আও, আংগামী, লিংডো আদিৰ মাজতো সুপৰিকল্পিতভাবে সুবিধা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে বহুকেইজন মেছি, ৰণাল্ডোৰ জন্ম হ’ব পাৰে। স্পেইনেনো কেনেকৈ বছৰৰ পিছত বছৰ ধৰি কেছিলাছ, ৰাউল, জাভি, ভিলা আদিৰ দৰে খেলুৱৈৰ জন্ম দিয়ে বা আৰ্জেণ্টিনা, পৰ্তুগাল আদিৰ পৰা অহা মেছি, ৰণাল্ডোহঁতকো বিশ্ববিখ্যাত আৰু পাৰদৰ্শী ফুটবলাৰ কৰি তোলে সেই বিষয়ে জানিবলৈ অজলা ককাইদেউ অত্যুৎসাহী হৈ পৰিল।

পুখুৰীৰ পানী সিঁচি তলি উলিয়াই দিলেহে হাতেৰে মাছবোৰ ধৰিবলৈ সহজ হোৱাৰ দৰে স্পেইনৰ বিশ্ব-ফুটবলত দপদপনিৰ মূল ভেটি জানিবলৈ হ’লে স্পেইনলৈ গৈ স্থানীয় পৰ্যায়ত গৱেষণা আৰু অনুসন্ধান চলোৱাটোহে সজ হ’ব বুলি আমাৰ অজলা ককাইৰ মনলৈ আহিল।

কথা বুলিলেই কাম। সেইবছৰে নৱেম্বৰ মাহত ককাইদেৱে মুম্বাইৰ স্পেইন দূতাবাসত “ভ্ৰমণ প্ৰবেশাজ্ঞা” মানে ট্ৰেভেল ভিছাৰ কাৰণে যাৱতীয় নথি-পত্ৰবোৰ জমা দি আবেদন জনালে। নিজৰ ভঙা ভঙা স্পেনিছ আৰু “স্পেইনত ফুটবল খেলৰ স্থানীয় অন্ত:গাঁথনি অধ্যয়ন” বোলা বিশেষভাবে অনন্য ভ্ৰমণ-হেতুৰ যহত অজলা-ককাইদেৱে সহজতে স্পেইনৰ ভ্ৰমণ প্ৰবেশাজ্ঞা লাভ কৰিলে। সেই মৰ্মে ২০১০ চনৰ ডিচেম্বৰৰ ১৭ তাৰিখে অজলা-ককাইদেউ স্পেইন অভিমুখে উৰা মাৰি বাৰ্চিলোনা পালে।

ককাইৰ মূল উদ্দেশ্য “স্পেইনত ফুটবল খেলৰ স্থানীয় অন্ত:গাঁথনি অধ্যয়ন” হ’লেও পৰোক্ষ কাৰণ এটাও আছিল। সেয়া হ’ল নিজৰ প্ৰিয় খেলুৱৈ লিঅ’নো মেছিক এবাৰ সাক্ষাৎ কৰা আৰু পাৰিলে অৱসৰৰ পিছত হ’লেও মেছিক কেনেবাকৈ ভাৰত বিশেষকৈ অসমত ফুটবল খেলৰ মান উন্নত কৰাৰ প্ৰকল্পত জড়িত কৰোৱা । পিছে বহুত চেষ্টা কৰিও ককাইদেৱে মেছিৰ লগত সাক্ষাৎ কৰাৰ অনুপতি নাপালে। মেছি লা-লিগা মানে স্পেনিছ লীগত ব্যস্ত আছিল বাবে সাক্ষাৎকাৰৰ অনুমতি পোৱা নগ’ল। তথাপি নব্বৈ দিনৰ প্ৰবেশাজ্ঞা শেষ হোৱাৰ আগে আগে আৰু এটা চেষ্টা দিম বুলি ককাইদেৱে মনতে পাঙি থ’লে।

ইতিমধ্যে ককাইদেউ নিজৰ অভিযানত ব্যস্ত হৈ পৰিল আৰু স্পেইনৰ গাঁৱে-ভূঁয়ে, নগৰে-চহৰে ভ্ৰমি ফুৰি বিদ্যালয়, মহাবিদ্যালয়, সংঘ আদিৰ উদ্যোগত চৰকাৰী-বেচৰকাৰীভাবে মেগেলানৰ দেশত ফুটবলৰ অভূতপূৰ্ব প্ৰচাৰ আৰু প্ৰসাৰ, প্ৰাথমিক পৰ্যায়ৰে পৰা উৎকৃষ্ট খেলপথাৰ আৰু প্ৰশিক্ষণ, চিকিৎসাৰ ব্যৱস্থা আৰু খেলুৱৈসকলৰ আগ্ৰহ আৰু একাগ্ৰতা দেখি অভিভূত হৈ পৰিল। ভাল ভাল ব্যৱস্থাবিলাকৰ বিষয়ে ককাইদেৱে য’তেই যি দেখিছে আৰু বুজিছে তাকেই টোকাবহীত টুকি থৈ গৈছে। তেওঁৰ ভঙা ভঙা স্পেনিছে তেওঁক বহুলভাবে সহায় কৰিলে বিভিন্ন জনৰ পৰা তথ্য আৰু মতামত সংগ্ৰহত যিহেতু বেছিভাগ স্থানীয় মানুহে ইংৰাজী অলপ-অচৰপ বুজি পালেও ভালকৈ ক’ব নোৱাৰে আৰু ক’লেও অজলা-ককাইৰ লগত কথনভঙ্গীৰ যথেষ্ট পাৰ্থক্য।

এনেকৈ মাদ্ৰিদ আৰু বাৰ্চিলোনা ভ্ৰমণ শেষ কৰি ককাইদেউ গৈ জানুৱাৰীৰ ৮ তাৰিখে ৱা’লেন্সিয়া প্ৰদেশ পালে আৰু ৱা’লেন্সিয়াৰ মফচলীয়া সৰু চহৰ এখনত এঘৰত সশুল্ক-অতিথি মানে পেয়িং-গে’ষ্ট হ’লগৈ। বাৰ্চিলোনাৰ সৰু পৰিয়াল এঘৰতো তেওঁ সশুল্ক-অতিথি হিচাপে আছিল আৰু সেইঘৰতে তেওঁ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ সন্ধিনিশাত “ন’-চে-বিয়ে-হা” (Nochevieja) অৰ্থাৎ নতুন বছৰক আদৰণি জনোৱা উৎসৱ পালন কৰে স্পেইনৰ পৰম্পৰা অনুসৰি বাৰটা আঙুৰ খাই আৰু পথ-ভোজ মানে ষ্ট্ৰীট পাৰ্টিত অংশগ্ৰহণ কৰি।

ৱা’লেন্সিয়া প্ৰদেশৰ ফুটবল দল লে’ৱাণ্টে আৰু ৱা’লেন্সিয়া কোনো এটাৰে সমৰ্থক নহয় আমাৰ অজলা-ককাই। অৱশ্যে এই দল দুটাইও ভাল খেলে। লা-লীগাত ২ জানুৱাৰীত বাৰ্চিলোনাই লে’ৱাণ্টেক পেড্ৰ’ৰ দুগ’লৰ সহায়ত পৰাজিত কৰাত পিছত পুনৰ ৮ জানুৱাৰীত ডে’প’ৰ্টিৱ’ক ভিলা, মেছি, ইনিয়েষ্টা আৰু পেড্ৰ’ৰ গ’লৰ সহায়ত পৰাজিত কৰে আৰু এই ফলাফলে অজলা-ককাইৰ আনন্দ দুগুণ কৰি তোলে।

পিছে এইযে লে’ৱাণ্টেৰ প্ৰতি সমৰ্থন নাছিল সিয়ে অজলা-ককাইক শলঠেকত পেলালে। বহলাই ক’ব লাগিব কথাখিনি।

শুকুৰবাৰে ৰাতিপুৱা উঠি নিত্যকৰ্ম সমাপ্ত কৰি গৃহস্থই প্ৰাত:ভোজনত দিয়া সে’ণ্ডৱিচ্ খাই অজলা-ককাই চহৰ ফুৰিবলৈ ওলাল পুৱা ১০ মান বজাত। জানুৱাৰী মাহৰ ঠাণ্ডা, পাৰাৰ মাপ ৬-৯ ডিগ্ৰী চে’লচিয়াচ। সিদিনা কাম বিশেষ নাছিল বাবে ককাইদেৱে সৰু সৰু বজাৰবোৰ ঘূৰি-ফুৰি চাবলৈ ল’লে।

দুঘণ্টা মান বজাৰ ঘূৰিলে। এঠাইত বজাৰৰ গলি এটাত দেখিলে কেইবাখনো দোকানত থাকে-থাকে কণী সজাই থোৱা আছে। দুপৰীয়া ১২.৩০ বাজিছিল। ককাইদেৱে ভাবিলে কণী কেইটামানকে লৈ যোৱা যাওক। সিজাই বা পিঠাভাজি খাব পৰা যাব। সেই মানসেৰে দোকান এখনত কণী কিনিবলৈ সোমাল। দোকানীয়ে গোমোঠা মাৰি বহি বাৰ্চিলোনা-লে’ৱাণ্টেৰ খেলৰ পুন:প্ৰচাৰ চাই আছিল। আমাৰ অজলা-ককাইদেৱে এক ডজন কণী কিনিলে আৰু খেল চোৱাত নিমগ্ন হৈ পৰিল। পেড্ৰ’ই ঊনষাঠি মিনিটত বাৰ্চিলোনাৰ হৈ দ্বিতীয় গ’লটো দিয়াৰ লগে লগে আমাৰ ককাইদেউ আনন্দত আত্মহাৰা হৈ উঠিল আৰু স্থান-কাল-পাত্ৰ পাহৰি উলাহতে সুহুৰি মাৰি চিঞৰি দিলে। ভাৰতীয় চেহেৰাৰ এজন বিদেশীয়ে বাৰ্চিলোনাৰ গ’লত এনেকৈ আপ্লুত হোৱাত লে’ৱাণ্টেৰ সমৰ্থক, ইতিমধ্যে দুখত ভাগি থকা আমাৰ স্পেনিছ দোকানীৰ খঙে মূৰৰ চুলি পালেগৈ আৰু স্পেনিছতে মাতৃভাষাৰ গালি কেইটামান দিলে ককাইক উদ্দেশ্য কৰি। আমাৰ ককাইদেৱে দিল্লীত শিকা স্পেনিছৰ যহত দুটামান গালি বুজি পালে আৰু সেয়া শুনি তেওঁৰ দেহৰ ধমনীত বৈ থকা লাচিতৰ তেজ উতলি আহিল আৰু ককাইদেৱেও স্পেনিছ দোকানীক দিলে স্পেনিছতে দুটামান গালি শুনাই।

এনেয়ে অজলা-ককাই দেখাত বিদেশী, তাতে গালি দিলে স্পেনিছত। দোকানীয়ে উগ্ৰ মূৰ্তি ধৰিলে আৰু দুই এজন অন্য গ্ৰাহকো আগুৱাই আহিল কিনো হৈছে চাবলৈ। অজলা-ককাইৰ সম্বিৎ ঘূৰি আহিল আৰু গম পালে যে তেওঁ বিদেশত। কাজিয়া লাগিলে প্ৰবেশাজ্ঞা আদি নিষেধো হ’ব পাৰে। সেই ভাবি দোকানৰ দৰ্জা খুলি বাহিৰলৈ ওলাল। দোকানীয়ে পিছে পিছে ওলাই আহি ৰাস্তাৰ মাজতে চিঞৰিব ধৰিলে। বাকী দুই এজনৰো মাত ডাঙৰ হৈ আহিল। এই অৰিয়া-অৰিৰ মাজতে ক’ৰ পৰানো উতনুৱা ষাঁড় গৰু মানে স্পেনিছ বুল্ এটা তাত ওলাল কোনেও তৰ্কিবই নোৱাৰিলে আৰু এই বৃষভেও তেওঁক বিদেশী দেখিয়েইনে কি ক’ব নোৱাৰোঁ অজলা-ককাইৰ পিনে চোঁচা ল’লে। অজলা-ককাইও থৰকাছুটি হেৰুৱাই উদণ্ড ষাঁড়ৰ গালৈ অইন একো নাপাই হাতত থকা কণী এটাকে মাৰি পঠিয়ালে। কণীয়ে লক্ষ্যভ্ৰস্ত হৈ পৰিল চিঞৰি থকা দোকানীৰ গাত। দোকানীয়ে ভাবিলে, উৱা ই কোন মোৰ গাত কণী দলিয়াবলৈ। সেই বুলি দোকানৰ ভিতৰলৈ গৈ দুহাতে চাৰিটা কণী আনি মাৰি পঠিয়ালে অজলা-ককাইৰ গালৈকে বুলি, মুখত স্পেনিছ গালি। ইতিমধ্যে হাই-উৰুমিত বৃষভে ভয় খাই পলাল।

দোকানীয়ে দুবাৰত দুটাকৈ মাৰি পঠোৱা কণী গৈ পৰিল অজলা-ককাইৰ ফালৰ পৰা আহি থকা দুজন গুণ্ডা চেহেৰাৰ পাহোৱাল যুৱকৰ গাত। জেকেটত কণী ফাটি পৰাত খঙত একোনাই হৈ দুই যুৱকে চোঁচা ল’লে দোকানীলৈ কণী কিয় মাৰিছ বুলি। দোকানীয়ে কিবা কোৱাৰ আগতেই দুই যুৱকে দোকানলৈ বুলি মাৰি পঠিয়ালে ৰাস্তাৰ পৰা ডাঙৰ শিল দুটা। এটা পৰিল কাষৰ দোকানত, ভাঙিল আইনা। আইনাৰ সিপাৰে দোকানৰ ভিতৰত থকা কণীত আইনা পৰি কণী ভাঙিল। ভঙা কণীৰ দোকানীয়ে ৰাগ উঠি নিজৰ দোকানৰ কণীও মাৰি পঠিয়ালে। পৰিল আকৌ অইন পথিকৰ গাত। হঠাতে এটা শৃংখল প্ৰক্ৰিয়া আৰম্ভ হ’ল। ঠাণ্ডাৰ দিনৰ গৰমচোলা আৰু হলৌচোলাকেইটা কণীৰ ৰসেৰে লেতেৰা হোৱাত খঙ উঠা মানুহবোৰে গলিটোত থকা ১২ খনমান কণীৰ দোকানৰ পৰা সকলো কণী উলিয়াই আনি চাৰিওফালে কণী দলিয়াবলৈ ধৰিলে। ৰাস্তাৰ ওপৰৰ ভঙা কণীত পিছলি পাঁচজন পথচাৰী পৰিল উফৰি। ভাঙিল দাঁত। ইফালে কণী, সিফালে কণী। মাথোঁ ভঙা কণী। আধাঘণ্টামান কণী-নিক্ষেপ চলি থাকিল। কোনেও বুজা নাই ক’ত কেনেকৈ কি হ’ল। দুজনমান চাইকেল চালকো পৰিল লাং খাই। দোকানকেইখনৰ সকলো কণী শেষ হোৱালৈকে আৰক্ষী হাজিৰ হ’ল ঘটনাস্থলত। আমাৰ অজলা-ককাইদেউ বজাৰৰ এচুকত কণীৰ লেপন গালে-মুখে-চুলিয়ে লৈ ঠিয় হৈ থাকিল। হাতত থকা বাকী এঘাৰটা কণী অৱশ্যে তেওঁ দলিওৱা নাছিল। কিন্তু তাতে কি হ’ব; ৱা’লান্সিয়াৰ সেই সৰু চহৰখনৰ সেই বজাৰখনৰ সেই গলিটোত সেই মুহূৰ্তত চাৰিওফালে মানুহে কণী কণী দেখিছে ! সকলো কণীময় !!

দোকানৰ ভঙা আইনা, কণীৰে পিছল ৰাস্তা-ঘাট, দুজনমানৰ ভঙা আঙুলি আদিৰ মাজতে স্পেনিছ আৰক্ষীয়ে সোধ-পোচ আৰম্ভ কৰি অজলা-ককাই, দোকানীকেইজন আৰু দহজন বাটৰুৱাক আটক কৰি লৈ গ’ল। সৰু চহৰখনত প্ৰথমবাৰৰ বাবে ঘটা এই নোহোৱা-নোপোজা ঘটনাটোৱে চেপা উত্তেজনাৰ সৃষ্টি কৰিলে। মানুহবোৰে যেতিয়া শুনিলে যে এজন ভাৰতীয় বিদেশীয়ে কাজিয়াৰ সুত্ৰপাত ঘটাইছিল, সিহঁতৰ কৌতূহল বাঢ়ি গ’ল। দুখনমান স্হানীয় সান্ধ্য বাতৰি কাকতত আৰু পিছদিনাৰ ৰাতিপুৱাৰ কাকততো ওলাল কণী-নিক্ষেপ কাজিয়াখনৰ বিষয়ে।

ৰাজহুৱা জীৱনত ব্যাঘাত জন্মোৱা, সম্পত্তি ধ্বংস, পথ-কন্দল আদি ছয়টামান ধাৰাত গোচৰ ৰুজু কৰি ৱা’লান্সিয়াৰ প্ৰাদেশিক আদালতত বিচাৰকৰ সন্মুখত পিছদিনা ৰাতিপুৱা অভিযুক্তকেইজনক হাজিৰ কৰা হ’ল। ইতিমধ্যে স্থানীয় কেইজনৰ নিজৰ নিজৰ অধিবক্তা আদালতলৈ আহিছে। মহামান্য আদালতে আমাৰ অজলা-ককাই্কো এজন অধিবক্তাৰ সাহায্য প্ৰদান কৰিছে, পিছে উকীল বপুৰাই কি ক’ব একো আগ-গুৰি বিচাৰি পোৱা নাই। অজলা-ককাইৰো মনে মনে ভয়। লিঅ’নো মেছিক লগ ধৰা বাদেই এতিয়া ফুটবল প্ৰকল্পৰো কাম আধাতে সামৰি অপৰাধীৰ দৰেহে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব লাগিব কিজানি।

মহামান্য বিচাৰকে যেতিয়া প্ৰথম দোকানীজনক সুধিলে যে কোনে প্ৰথমতে কণী দলিয়াইছিল, তেওঁ অজলা-ককাইক দেখুৱাই দিলে। অজলা-ককাই গম পালে যে কণী দলিওৱাৰ আচল কাৰণ ক’লে তেওঁ নিজেও কাজিয়া কৰাৰ দোষত পৰিব। গতিকে কি ক’ব মনতে পাগুলিবলৈ ধৰিলে।

এইখিনিতে অজলা-ককাইৰ ভূগোল-ইতিহাসৰ জ্ঞান আৰু উৎসৱ-পাৰ্বণৰ সাধাৰণ জ্ঞানে তেওঁক বচাই দিলে। তেৰাৰ মনত পৰিল যে ঘটনাৰ দিনা ১৪ জানুৱাৰী আছিল আৰু সেইদিনা ভোগালি। বচ, নাকটো মোহাৰি তেওঁ বুদ্ধি পাই গ’ল।

মহামান্য বিচাৰকে যেতিয়া সুধিলে যে আপুনি কণী দলিওৱা কিয় আৰম্ভ কৰিছিল অজলা ককাইদেৱে হাতযোৰ কৰি ভঙা ভঙা স্পেনিছতে ক’লে, “ধৰ্মাৱতাৰ, ক্ষমা কৰিব এনেকুৱা হোৱাৰ বাবে। কালি ১৪ জানুৱাৰী আছিল আৰু ১৪ জানুৱাৰীত আমি ভাৰতৰ অসম প্ৰদেশৰ নাগৰিকে বাৰ্ষিক উৎসৱ এটা পালন কৰোঁ য’ত ইজনে সিজনৰ গালৈ কণী দলিয়াওঁ। বৰ আনন্দেৰে খেলোঁ আমি। কালি কণীকেইটা হাতত লৈ মোৰ নিজৰ উৎসৱটোৰ কথা মনত পৰাত আনন্দতে কণী এটা দলিয়াই দিছিলোঁ। আপোনালোকৰ কিবা বিলাহী দলিওৱা উৎসৱ এটা আছে নহয় ঠিক তাৰ দৰে। মনৰ আনন্দতহে এনে হ’ল।” এইখিনিলৈকে কৈ অজলা-ককাই ৰ’ল আৰু মনতে অসম আৰু অসমীয়াৰ ওচৰত ক্ষমা খুজিলে ভোগালিৰ কণীৰ লগত কণী খুন্দিয়াই কৰা কণী-যুঁজৰ ধেমালিক বিদেশী ৰাষ্ট্ৰ এখনত এনেকুৱা কিম্ভূত-কিমাকাৰ ৰূপত প্ৰক্ষেপ কৰাৰ বাবে।

বিচাৰকে অজলা-ককাইক এই কণী দলিওৱা উৎসৱটিৰ নাম সুধিলে।

অজলা ককাই উত্তৰ দিলে, “ধৰ্মাৱতাৰ, আমি অসমীয়াত এই উৎসৱক ভোগালি কণী-যুঁজ বুলি কওঁ। আপোনালোকৰ স্পেনিছত ‘ভোগালি-লা-এগিটিনা’ বুলি ক’ব পাৰে।”

লা-এগিটিনা নাম শুনি বুনীয়’ল চহৰত সৰুৰে পৰা প্ৰতিবছৰে আগষ্ট মাহত ‘লা টোমেটিনা’ খেলি ডাঙৰ হোৱা ৱা’লান্সিয়াৰ প্ৰাদেশিক বিচাৰকৰ মুখত হাঁহি বিৰিঙি উঠিল আৰু অজলা-ককাইৰ নিজৰ প্ৰদেশৰ জাতীয় বাৰ্ষিক উৎসৱ পালন কৰাৰ আৱেগক সন্মান জনাই স্পেইনৰ গণতন্ত্ৰৰ দীৰ্ঘায়ু কামনা কৰি ককাইক দোষমুক্ত ঘোষণা কৰিলে।

পিছদিনা ৱা’লান্সিয়াৰ স্থানীয় কাকতবিলাকৰ প্ৰথম পৃষ্ঠাৰ তলৰ অংশত বাতৰি প্ৰকাশ হ’ল যে ভাৰতীয় প্ৰদেশ অসমৰ বাৰ্ষিক উৎসৱ “ভোগালি-লা-এগিটিনা” প্ৰথমবাৰৰ বাবে ৱা’লান্সিয়াত উদযাপন কৰা হ’ল অজলা-ককাই নামৰ এজন অসমীয়াৰ উদ্যোগত।

(“ভোগালি-লা-এগিটিনা” – ফেষ্টিভে’ল এনুৱেল ডে’ লা ইণ্ডিয়া ইষ্টেড’ ডে আসাম সে হা চে’লিব্ৰেড’ এ’ন ৱা’লান্সিয়া প’ৰ প্ৰিমে’ৰা ৱেজ্)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!