অঞ্জল বৰাৰ অণুগল্প সম্পৰ্কীয় পোষ্ট

মূল পোষ্টটো:
অসমীয়াত কথা-বতৰা গোটত নতুনকৈ সৃষ্টি কৰা “অণুগল্প” লেখকসকলে অণুগল্প নামটো বাংলা ভাষাৰ পৰা কঢ়িয়াই আনিলে৷ কিন্তু কথা হ’ল গুগ’লত আপুনি অকল “অণুগল্প” বুলি লিখি অনুসন্ধান কৰিলে হাজাৰৰো ওপৰত বাংলা ভাষাৰ অণুগল্প দেখা পোৱা যায়৷ তাৰ অৰ্থ হ’ল অসমীয়া ভাষাত সৃষ্টি কৰা গল্পবোৰ কেতিয়াও দেখা পোৱা নাযাব৷ কিন্তু অণুগল্প লিখি তাৰ পিছ্ত অসমীয়া “ৰ” এটা দি দিলেহে সাহিত্য ডট্ অৰ্গকে ধৰি বিভিন্ন ব্ল’গত পোষ্ট কৰা গল্পসমূহ দেখা পোৱা যায়৷

আমি তাত্ক্ষণিকভাৱে এনে গল্পসমূহক বাংলাৰ অনুকৰণৰ “অণুগল্প” নাম দিয়াতকৈ এটা সম্পূৰ্ণ স্বকীয়ভাৱে অসমীয়া নাম দিব নোৱাৰিলোঁহেতেঁননে? সেই তাহানিৰ দিনৰ পৰা আজিলৈকে (লিপিলৈকে) বাংলাৰ লগত যুঁজি যঁজি আমি ভাগৰি পৰা নাইনে? ইয়াৰ পিছতো আমি এতিয়া “অণুগল্প” সৃষ্টিটো বাংলাক কিয় অনুকৰণ কৰিব লগা হ’ল? সৃষ্টিশীলতা প্ৰত্যেক মানুহৰে মনৰ মাজত থাকে৷ সৃষ্টিশীলতা কেতিয়াও অনুকৰণ হ’ব নোৱাৰে৷ কিন্তু অসমীয়া সাহিত্যত আমি এনে চুটি চুটি সৃষ্টিশীল গল্পবোৰক এটা নতুন নাম কিয় দিব নোৱাৰিলোঁ? সময় থাকোঁতেই আমি এটা নতুন নাম ভাবিলে ভৱিষ্যতলৈ “অসমীয়া সাহিত্য”ৰ এটা নতুন ধাৰা প্ৰৱৰ্তন হ’ব বুলি আশা কৰিব পাৰি৷ অন্যথা ইয়াৰ পিছতো যুগ যুগ ধৰি বাংলাৰ অনুকৰণ শব্দটো লাগি থাকিব৷

মন্তব্যসমূহ:
দীপাংকৰ মল্ল বৰুৱা: অনুগল্পৰ সলনি ‘অকনি গল্প’ বুলি কব পৰা যায় নেকি?

প্ৰতিম প্ৰতাপ বৰুৱা: “কনমানি গল্প” বা “ক্ষুদ্ৰ গল্প” নামকেইটা কেনে হয়?

ৰাজু দাস: বিন্দু গল্প

অচিন্ত বৰঠাকুৰ: কে‌ৱল “অণুগল্প”ই নহয়, আপুনি “গল্প”, “গদ্যব” অথবা “বাঘ” বা “ভালুক” বুলি লিখি অনুসন্ধান কৰিলেও প্ৰথমে প্ৰথমে গুগলে আপোনাক এগালমান বাংলা সংযোগৰ তথ্য হে দিব। আচলতে, “ৰ” বা “‌ৱ” নথকা নিতান্তই কিছুমান অসমীয়া শব্দ, যেনে- দলং, ককাইদেউ, বাইদেউ (“টেট বাইদেউ” ও অন্তৰ্ভূক্ত), ফাটেক, পোতাশাল আদি (যিবোৰ এতিয়ালৈকে ইণ্টাৰনেটৰ বাংলা চৰ্চাত ব‌যমেৱহাৰ নাইহো‌ৱা) ৰ বাদে আন সকলো শব্দৰ বাবে গুগলে প্ৰথমে আমাক বাংলা সূত্ৰহে দেখু‌ৱায়। বোধহয় এয়া আমি বাংলা কী-বোৰ্ড ব‌য বৱহাৰ কৰি ইউনিক’ডত অসমীয়া লিখাৰ কুফল।

মোৰ বোধেৰে, সাহিত্য ৰ শ্ৰেণীবিভাজনৰ বাবে ব‌য বৱহাৰ হো‌ৱা আন কিছুমান শব্দ (যেনে- গল্প, গদ্যক, পদ্যস, কবিতা, অনুবাদ আদি)ৰ দৰে “অণুগল্প” নামৰ শব্দটোও এটা স্বতন্ত্ৰ শব্দ, যিটো শব্দ আচলতে বাংলা অনুকৰণত নহয়, ভাৰতীয় ভাষাসমূহৰ মূল (সংস্কৃত?)ৰ লগত সংগতি ৰাখি উদ্ভ‌ৱ হো‌ৱা, যাক আন শব্দৰে বুজাবলৈ গ’লে তাৰ সংজ্ঞা তদনুৰূপ হৈ নাথাকিব।

ব্যভক্তিগতভা‌ৱে অণুগল্প, পৰমাণু গল্প আদি নামাকৰণত অথবা অসমীয়াত অযথা বাংলা শব্দ ব‌যভ ৱহাৰ কৰাকলৈ মোৰ মন মুকলি নহ’লেও কিছুমান প্ৰকৃত(genuine) শব্দক অসমীয়াত একে ৰূপতে ব‌যযকৱহাৰ কৰাত আপত্তি নেদেখো।

টুৱাৰাম দত্ত: ৰ-থাকিলে ভাল হয় যদি ” টুকুৰা গল্প” দিব পাৰে

অঙ্কুৰণ বৰা: এবেগেতীয়া গল্প

ভাস্কৰজ্যোতি দাস: “ক্ষুদ্ৰ গল্প” বেয়া নহ’ব চাগে ।

অঞ্জল বৰা: অচিন্ত বৰঠাকুৰ, আপোনাৰ প্ৰথম কথাখিনিৰ বিষয়ে মই অৱগত৷ দ্বিতীয়তে আপোনাৰ সংস্কৃতমূলীয় শব্দৰ যি যুক্তি সেই যুক্তি খণ্ডন কৰিব পৰা বিধৰ নহয়৷ কাৰণ দুয়োটা ভাষাৰ মূল একেটাই৷
তথাপি যুক্তিৰ খাতিৰত আমি এইটো অস্বীকাৰ কৰিব নোৱাৰিম যে অসমীয়া সাহিত্যলৈ “অণুগল্প”ৰ ধাৰণা বাংলা সাহিত্যৰ পৰাহে অনা হৈছে৷ মন কৰিবলগীয়া কথা হ’ল, বাংলা সাহিত্যৰ “ছোটগল্প” অসমীয়া সাহিত্যৰ “চুটিগল্প”৷ আপুনি গুগ’লত “চুটিগল্প” লিখিলে সকলো অসমীয়া গল্পই ওলাই পৰিব৷ সেই যুক্তিৰ ফালৰ পৰাহে মই “অণুগল্প”ক এটা অসমীয়া নামেৰে দিয়াৰ কথা কৈছিলোঁ৷ যাতে ভৱিষ্যতে অসমীয়া সাহিত্যৰ নালাগে ভাৰতীয় সাহিত্যৰ বুৰঞ্জী লিখাৰ সময়ত লিপিৰ দৰে কোনো লোকৰ কলমত অসমীয়া “অণুগল্প”সমূহ বাংলা সাহিত্যৰ “অণুগল্প”ৰ ভিৰত হেৰাই যাব লগা নহয়৷ আৰু “অসমীয়া অণুগল্প বাংলা সাহিত্যৰ দুৱাৰডলি গৰকি অসমীয়া সাহিত্যত প্ৰৱেশ কৰিলে” বুলি ক’ব লগা নহয়৷ বাকী আপোনাৰ লগত মই একমত৷

দেৱব্ৰত গগৈ: এইক্ষেত্ৰত এটা সুস্থ আলোচনা হব লাগে আৰু এনেধৰণৰ গল্পসমুহৰ বাবে সাহিত্য ডট অৰ্গত এটা শিতান খোলাৰ বাবে প্ৰস্তাব দিছো । এইসমূহ গল্পৰ বাবে সঠিক নাম এটা ইয়াতে উলিয়াব লাগে যিটোৱে এক স্বকীয় ৰূপ পায় । আশাকৰো এনেধৰণৰ গল্পৰ বাবে অ.ক.ব আৰু সাহিত ডট অৰ্গ বাটকটীয়া হব ।

অচিন্ত বৰঠাকুৰ: সেইফালৰ পৰা চাবলৈ গ’লে অবশ্যে আপোনাৰ প্রস্তাৱটো যঠেষ্ট গুৰুত্বপূর্ণ আৰু সময়োপযোগী @অঞ্জল বৰা। যিহেতু “অণুগল্প” শব্দটো অসমীয়া অভিধানত এতিয়াও অন্তর্ভুক্ত হোআ নাই , সময় থাকোতেই তেনে এক পদক্ষেপ ল’লে বেয়া নহয়। এই ক্ষেত্রত “অণুগল্প”ৰ অর্থ ব্যাহত নোহোৱাকৈ “গল্প”ৰ লগত খাঁটি অসমীয়া ভাষাৰ কোনো এটা শব্দ লগাই অতি সোনকালেই পৰীক্ষা-নিৰীক্ষা কৰাটো অতি প্রয়োজনীয় হৈ পৰিল ।

(এই বিষয়ত অসমীয়া উপসর্গ কেইটা কামত আহিব পাৰে বুলি ৰাইজে ঠাউকতে পোৱাকৈ উল্লেখ কৰি দিছো:
প্র পৰা অপ সম নি অৱ অনু নিৰ দূৰ বি অধি সু উত্‍ পৰি প্রতি অভি অপি অতি উপ আ)

অনুপমা বৰগোহাঁই: মানব সমাজ ক্ৰমোন্নতিৰ পথত আগবাঢ়ি অহাৰ লগে লগে সমাজৰ প্ৰয়োজনবোধ, ৰুচি আদিৰ পৰিবৰ্তন হোৱা স্বাভাবিক। চুটিগল্পৰ আগতে ৰোমান্স আৰু উপন্যাসৰ জনপ্ৰিয়তা গঢ়ি উঠিছিল। পিছে সময় আগুৱাই অহাৰ লগে লগে মানুহৰ আহৰি সময় কমি আহিল। কৰ্মব্যস্ত লোকৰ বাবে দীঘলীয়া উপন্যাসৰ মাজত বুৰ গৈ থকাৰ সময় নোহোৱা হ’ল। কিন্তু ব্যস্ততাৰ মাজতো আহৰি উলিয়াই কোনো কিতাপৰ পাতত মনোনিবেশ কৰাৰ আকাংক্ষাও মানুহৰ মনৰ পৰা আঁতৰি নগ’ল। এনে সময়তে বাতৰি কাকত আৰু আলোচনীৰ যোগেদি চুটিগল্পৰ বহল প্ৰচলন হবলৈ ধৰিলে।..চুটিগল্পৰ সমাদৰ যিদৰে আলোচনীৰ যোগেদি গঢ়ি উঠিল- “অনুগল্প”ৰ সমাদৰো ফেচবুকত সৃষ্টি হোৱা অ.ক.ব. বা আন অসমীয়া গোটৰ যোগেদি গঢ়ি উঠিছে …সেয়ে দেবব্ৰত গগৈ ডাঙৰীয়াই কোৱাৰ দৰে এই বিষয়ে সুস্থ আলোচনাৰ সময় আৰু অঞ্জল বৰা ডাঙৰীয়াই কোৱাৰ দৰে সময় থাকোতেই স্বকীয় অসমীয়া নাম এটা দিয়াৰ প্ৰয়োজনো আহি পৰিছে।…মোৰ মতে ‘অনুগল্প’বোৰে অতি কম কথা আৰু অতি কম সময়ত জীৱনৰ কোনো এক চিত্ৰ ফুটাই তুলিবলৈ চেষ্টা কৰে ..কিন্তু ইমান কম কথা আৰু কম সময়ত ইয়াৰ সম্পূৰ্ণ ছবি ডাঙি ধৰাটো সম্ভৱ নহয় ..ই জীৱনৰ ডুখৰীয়া ছবি এখনহে ফুটাই তোলে বা অন্যধৰণেৰে কবলৈ হ’লে এই ‘অনু গল্প’বোৰে জীৱনৰ কোনো এক মূহূৰ্ত বা পৰিবেশৰ চিত্ৰৰহে এক ৰেখ অংকৃত কৰে য’ত পাঠকে নিজৰ মনতে গল্পটো সজাই চিত্ৰণ কৰি লয়। সেয়ে অনুগল্পক “ডুখৰীয়া গল্প” বা “ৰেখা গল্প” বুলিও কব পাৰি যেন লাগে !!

উচ্চজিত কলিতা: “খুচুৰা গল্প”, “আধলি গল্প”, “জুনুকা গল্প”, “ৰেণু গল্প”, “উপগল্প”, “প্ৰতিগল্প” !!!!

অভিজিত কলিতা: ইংৰাজীত ছৰ্ট ছৰ্ট ষ্টৰী বুলি এটা শব্দ আছে, কিন্তু তাৰ অৰ্থ প্ৰকৃততে আমি অকবত দেখা পোৱা তথাকথিত অণুগল্প বিলাক নহয়।

উৎপল জোনাক হাজৰিকা: ইংৰাজী ছৰ্ট ছৰ্ট ষ্টৰীৰ সম্যক কিবা তথ্য জানিব পাৰিলে আনন্দিত হম।

দেৱব্ৰত বৰা: মই ‘আধামিনিটৰ গল্প’ বুলিহে লিখো। অৱ শ্যে সৰ্বজন গৃহিত অসমীয়া নাম এটা পালে গ্ৰহণ কৰিবলৈ সাজু আছো।

হিমাংশু চহৰীয়া: সঠিক কথা এটি দাঙি ধৰিলে । এইক্ষেত্ৰত মোৰ বোধেৰে উপগল্প, ক্ষুদ্ৰ গল্প বা প্ৰতিগল্প নামকেইটা ভাল হয়।

অঞ্জল বৰা: বিষয়টোৱে এটা ভাল গতি লৈছে৷ সকলোৱে নিজৰ মনলৈ অহা নামটো লিখি ৰাখক৷ পিছ্ত সকলো নামৰ তালিকা কৰি ভোটৰ দ্বাৰা নিৰ্বাচন কৰি অ.ক.ব আৰু সাহিত্য ডট্ অৰ্গৰ বাহিৰলৈ লৈ যাব পৰা হ’ব৷ সকলোৱে সেই নামটোকে প্ৰচাৰ কৰিলে এদিন সিয়েই অসমীয়া সাহিত্যত জনপ্ৰিয় হৈ পৰিব৷ “অণুগল্প” শব্দই বৰপিৰা পাৰি বহাৰ আগতেই এই কামটো অতি কম দিনৰ ভিতৰতে কৰিলে ভাল হ’ব৷ যিদৰে বিস্ময় আলোচনীয়ে “এক মিনিটৰ গল্প” (নাম) সৃষ্টি কৰি তাক জনপ্ৰিয় কৰিছিল৷ একেদৰে অ.ক.বৰ মজিয়াৰ পৰা এদিন এই “…….” নতুন নামটোও সকলো মাজত জনপ্ৰিয় হৈ পৰিব৷ পৰাপক্ষত মই ভাবো আমি নতুন নামটো ঠিক নকৰালৈকে “অণুগল্প” শব্দটো ব্যৱহাৰ নকৰাই ভাল হ’ব৷ (যদি লিখি থকাসকলে নিজেই ভাৱে৷)

সুশান্ত কৰ: ৰ যোগ কৰি ‘অনুগল্প’ৰ সমস্যা যেনিবা সমাধান হ’ল। কিন্তু এনে আৰু বহুতো শব্দক লৈ সমস্যাতো হ’বই। ‘অতিচুটি গল্প’ কেনে হয় বাৰু। ইংৰাজী মিনিট শব্দটোও সেই ক্ষেত্রত বাদ দিয়া যাব।

দিগন্ত যাদৱ শৰ্মা: এধানি গল্প/ তৰুৱা গল্প কেনে হয়? এধানি গল্প শুনিবলৈ বেয়া লগা নাই দেখোন!

মৃণাল কুমাৰ বৰা: কেইটামান নাম প্ৰস্তাৱ কৰা হওক। Polling Option ত নাম কেইটা দি ৰাইজৰ মতামত লোৱা হওক। সোনকালে বেমেজালিবোৰ দূৰ কৰাটো ভাল।

অচিন্ত বৰঠাকুৰ:  চাৰি আঙুলীয়া গল্প , চাৰিশৰীয়া গল্প (চাৰি আঙোল ঠাইতে বা চাৰিটামান শাৰীতে সমাপ্ত হোৱা বাবে)

হিতেন্দ্ৰ শৰ্মা: এখুদ গল্প

মনোৰঞ্জন মজুমদাৰ: বিদেশী সাহিত্যত ইতিমধ্যেই এনেধৰণৰ সাহিত্যক ‘‘পেনস্কেট্ছ’’ নাম দিয়া হৈছে৷ যদি ‘‘এক মিনিটৰ গল্প’’ শিৰোনাম অসমীয়া সাহিত্যত গ্ৰাহ্য কৰা হৈছে তেন্তে ‘‘পেনস্কেট্ছ’’ শব্দটোতো আপত্তি থাকিব নালাগে বোধহয়৷ কাৰণ ক্ষুদ্ৰ চিত্ৰক দিয়া ( অন্য কিবা কয় যদি নাজানো) ‘কাৰ্টুন’ শিৰোনাম ইতিমধ্যেই এক জনপ্ৰিয় শব্দ৷ তথাপিও সৰ্বসন্মত সিদ্ধান্তৰ জৰিয়তে স্বকীয় অসমীয়া শব্দ যদি এই ধৰণৰ সাহিত্যৰ বাবে গ্ৰহণ কৰা হয়, সেয়া হ’ব আদৰণীয়৷ ‘সৰ্বসন্মত’ বুলি এই কাৰণেই কৈছোঁ যে ধৰিলোৱা হ’ল এই গোটত এটা সৰ্বসন্মত শব্দ নিৰ্ণয় কৰা হ’ল, কিন্তু কোনোবা জকাইচুক গাঁৱত ফে’চবুকৰ নাম নুশুনা কোনোবা এজনে লেমৰ পোহৰত এই ধৰণৰ গল্প লিখি তাক যদি বেলেগ শিৰোনাম দিয়ে তেতিয়া কি হ’ব???

পাপুলজ্যোতি বৰগোহাঁই: কেৰ্কেটুৱাৰ বাহঁপাতেই ভেঁটি|
মোৰ ফালৰ পৰা এইদুটা নাম বিজ্ঞজনৰ বিবেচনাৰ্থে আগবঢ়ালো —
১.বিন্দুগল্প ;
২.এখুঁদগল্প ।

উৎপল জোনাক হাজৰিকা: কণিকা গল্প

ৰুমী বৰা: একমিনিটৰ গল্প।

দেৱজিৎ মেচ: কণগল্প

দেৱব্ৰত গগৈ: বালিচাঁহী ।

শৰ্মিষ্ঠা প্ৰীতম: সৰুগল্প

লোচন জুমন বৰদলৈ: “ইলেকট্ৰণ গল্প” কেনে হ’ব?

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!