অণুগল্প- পৰিস্মিতা বৰদলৈ

(১)কেশবিন্যাস
মানুহজনীৰ চুলিকোচা চায়ে পচন্দ কৰিছিল মানুহজনে৷ চুলিকোঁচা ভালপোৱাৰ বাবেই মানুহজনীক আচল নামটোৰে নামাতি মাতিছিল ’কেশদা’ বুলি৷ মুম্বাইৰ পৰা কেম’ লৈ উভতি অহা কেশবিহীন মানুহজনীক প্ৰথমবাৰৰ বাবে তেওঁ নাম কাঢ়ি মাতিলে, “নৰ্মদা, তুমি ৰুমলৈকে যোৱাচোন, ময়ো বাবাটোৰ সৈতে দুআষাৰ পাতি গৈ আছো তালৈকে“৷

(২)অন্ধ কোন?
অন্ধ ল’ৰাটোৱে আজিও ফুটপাথতে বস্তাখন পাৰি তাৰ সুললিত কণ্ঠেৰে এটাৰ পিছত এটাকৈ গীত গাবলৈ ধৰিছে৷ কোনোৱে বস্তাখনৰ ওপৰলৈ মুদ্ৰা নহ’লে টকাটো দলিয়াই দি গৈছে৷ কিন্তু তাৰে মাজৰে কোনো কোনো পথচাৰীয়ে সেই বস্তাখনকে ভৰিৰে মহতিয়াই নিব লাগিছে৷ মনলৈ সেইখিনিতে প্ৰশ্নটো আহে প্ৰকৃততে ’অন্ধ কোন?’

(৩)দৰ-দাম
ফুটপাথৰ চেন্দেলৰ দোকানৰ লানিবোৰৰ ওচৰতে বিলাসী গাড়ীখন ৰখাই নামি অহা ভদ্ৰমহিলাই চেন্দেলৰ দৰ-দাম কৰিবলৈ ধৰিলে৷ কাষৰে দোকানখনৰ পৰা তেওঁৰ পৰা অলপ আঁতৰত থকা সিহঁতৰ ঘৰতে কাম কৰা মানুহগৰাকীৰ মাত ভদ্ৰমহিলাই স্পষ্ট শুনিবলৈ পালে, “এহ ভাইটি তোমাৰ লগতনো কি দৰ-দাম কৰিম, একেই খাটি খোৱা মানুহ আমি৷“

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!