অণুবৈদ্যুতিক আবৰ্জনা (ই-আবৰ্জনা) সৰ্ম্পকে এটি চমু আভাষ (শিশিৰ কলিতা)

আমি সকলোৱেই জানো যে আমাৰ পৰিবেশৰ প্ৰায় প্ৰতিটো উপাদানে আজি প্ৰদূষণৰ গৰাহত। আমাৰ চাৰিওফালৰ বায়ুমণ্ডল, জলমণ্ডল আৰু মাটিভাগ সকলো প্ৰদূষণৰ ক’লা হাতোৰাৰ কবলত। প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানৱজাতি ইয়াৰ বাবে দায়ী নিজেই। আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে যেতিয়া মানুহে প্ৰথম সমাজ পাতি জীৱন যাপন আৰম্ভ কৰিছিল আৰু জুই উৎপন্ন কৰাৰ কৌশল আৱিষ্কাৰ কৰিছিল তেতিয়াৰে পৰা প্ৰকৃতি লাহে লাহে দূষিত হৈ আজিৰ এই অবৰ্ণনীয় অৱস্থাত উপনীত হৈছে আৰু প্ৰাকৃতিক ভাৰসাম্যতা দ্ৰুতগতিত বিনষ্ট হ’ব ধৰিছে।
ওঠৰ শতিকাৰ ঔদ্যোগিক বিপ্লৱ তথা বিংশ শতিকাৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব উন্নতিৰ ফলত আমাৰ জীৱন ধাৰণৰ মানদণ্ডৰ যিদৰে উত্তৰণ ঘটিছে সমান্তৰালভাৱে পৰিবেশৰ সমন্বয় বিনাশকাৰী নানাধৰণৰ উপাদানৰো পয়োভৰ ঘটিছে ধৰাৰ বুকুত। আমাৰ দৈনন্দিন জীৱনৰ ব্যৱহৃত সামগ্ৰীৰ পেলনীয়া আবৰ্জনা এই সমূহৰ ভিতৰত অন্যতম। এই আবৰ্জনা বোৰ মূলতঃ ঘৰুৱা, ঔদ্যোগিক, বায়’মেডিকেল, তেজস্ক্রিয়, কৃষিজাত তথা ব্যৱহাৰৰ অনুপযোগী যানবাহন আৰু বৈদ্যুতিক সামগ্ৰীৰ পেলনীয়াভাগ। বেছেল অভিৱৰ্তন (Basel Convention)ৰ মতে আবৰ্জনা হ’ল তেনেবোৰ বস্তু “which are disposed of or are intended to be disposed of, or are required to be disposed of by the provisions of national laws”[১]।

ই-আবৰ্জনানো কি?

তথ্য প্ৰযুক্তিবিদ্যাৰ উত্তৰণে আমাৰ হাতত নিতৌ তুলি দিছে জীৱন ধাৰণ উন্নত কৰিব পৰা ন ন অণুবৈদ্যুতিক সামগ্ৰী। যিবোৰ লাহে লাহে আমাৰ দৈনিক জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে আৰু প্ৰদান কৰিছে জীৱন অন্বেষণৰ এক নতুন মাত্ৰা। কিন্তু বৰ্তমান সময়ত এই সকলোবোৰৰ বাবে দ্ৰুত হাৰত হোৱা অসংযত সম্পদ আহৰণ তথা বিপজ্জনকভাৱে বাঢ়ি অহা ই-আবৰ্জনাবোৰে এটা ঋণাত্মক দিশৰো সূচনা নকৰাকৈ থকা নাই। ব্যৱহাৰৰ অনুপযোগী বিভিন্ন ধৰণ অণুবৈদ্যুতিক আৰু বৈদ্যুতিক সামগ্ৰীকে সহজ ভাষাত আমি ই-আবৰ্জনা বুলিব পাৰোঁ। উদাহৰণ স্বৰূপে বেয়া হৈ যোৱা কম্পিউটাৰ বা প্রিণ্টাৰৰ অংশ বিশেষ, উদ্যোগৰ অণুবৈদ্যুতিক যন্ত্ৰপাতি, অণুবৈদ্যুতিক বিনোদন সামগ্ৰী, মোবাইল ফোন, টেলিভিশ্যন আৰু ফ্রিজ। ইয়াৰে বেছি ভাগতে অতি বিষাক্ত (toxic) ৰাসায়নিক পদাৰ্থ থাকে। তদুপৰি এই সামগ্ৰী বোৰৰ উৎপাদন প্রক্রিয়া অবহনক্ষম তথা পৰিবেশ আৰু মানুহৰ স্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বানস্বৰূপ।

ইউৰোপীয় ইউনিয়ন (EU) আৰু অন্যান্য উন্নত দেশবোৰে ই-আবৰ্জনাৰ সমস্যা দূৰ কৰিবলৈ কিছুমান নীতি গ্ৰহণ কৰিছে আৰু ইয়াৰ পুনঃব্যৱহাৰ তথা নিষ্পত্তিৰ বাবে বিভিন্ন ধৰণৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰাৰ পদক্ষেপ হাতত লৈছে। EU য়ে এই নতুন ধৰণৰ আবৰ্জনাবোৰক ‘Waste Electrical and Electronic Equipment’(WEEE) বুলি পৰিভাষিত কৰিছে। ভাৰতৰ পৰিবেশগত প্রবিধান (environmental regulation) ত WEEE ৰ কোনোধৰণৰ সংজ্ঞা নিৰূপিত কৰা হোৱা নাই বাবে সাধৰণভাৱে ই-আবৰ্জনা (e-waste) বুলি কোৱা হয় [২]।

ই-আবৰ্জনা বোৰক সাধাৰণতে দুটা ভাগত ভগাব পাৰি,
(১) বিপজ্জনক(hazardous) আৰু (২) অবিপজ্জনক (non-hazardous)

বিস্তৃতভাৱে চাবলৈ গ’লে ই-আবৰ্জনা সমুহত লৌহজাতীয় আৰু অলৌহজাতীয় ধাতু, প্লাষ্টিক, কাঁচ, কাঠ, প্লাইউড, প্রিন্টেড চার্কিট বোর্ড (PCB), কংক্রিট, চিৰামিক, ৰবৰ আদি অত্যাধিকভাৱে পোৱা যায়।এই আবৰ্জনাবোৰৰ প্ৰায় ৫০% লোহা আৰু ইস্পাত, ২১% প্লাষ্টিক, ১৩% অলৌহজাতীয় পদাৰ্থ আৰু বাকীখিনি অন্যান্য পদাৰ্থ।

ই-আবৰ্জনাত পোৱা অলৌহজাতীয় ধাতু সমুহৰ ভিতৰত তাম আৰু এলুমিনিয়ামৰ উপৰিও মূল্যৱান ধাতু সোণ, ৰূপ, প্লেটিনাম আৰু পালাডিয়াম বিশেষভাবে উল্লেখযোগ্য।

যিবিলাক ই-আবৰ্জনাত সীহ, পাৰা, আৰ্ছেনিক, ক্যেডমিয়াম, চেলেনিয়াম, hexavalent ক্রমিয়াম, ছালফাৰ আদি পৰিবেশ বিনষ্টকাৰী পদাৰ্থ এটা নিৰ্দিষ্ট পৰিমাণতকৈ বেছি থাকে তেনেবোৰ আবৰ্জনাক বিপদজনক বুলি গণ্য কৰা হয়। আজিকালি যদিও সীহ মুক্ত solder বহুল ভাবে ব্যৱহাৰ হয় তথাপিও প্ৰায় সকলো ধৰণৰ অণুবৈদ্যুতিক সামগ্ৰীতে কম বেছি পৰিমাণে সীহ আৰু তাম পোৱা যায়। তাৰ ভিতৰত Cathode Ray Tube(CRT) থকা টেলিভিশ্যন আৰু কম্পিউটাৰৰ মণিটৰত সৰ্বাধিক মাত্ৰাত সীহ আৰু ফ’ছফ’ৰ পোৱা যায়। এই বিষাক্ত পদাৰ্থসমূহৰ পৰা মানুহৰ নানা ধৰণৰ শ্বাস-প্ৰশ্বাস তথা স্নায়ুজনিত বেমাৰ হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা থাকে। অণুবৈদ্যুতিক সামগ্ৰীবোৰত থকা জুই প্ৰতিৰোধী প্লাষ্টিকৰ পৰা নিৰ্গত কণাই মানুহৰ এণ্ডোক্ৰাইন গ্ৰন্থিৰ প্ৰক্ৰিয়াতো বেমেজালি আনে[৩]।

ভাৰতৰ প্ৰেক্ষাপটত ই-আবৰ্জনা:

দ্ৰুতগতিত বৃদ্ধি হৈ অহা দূৰ-সংযোগ আৰু তথ্য-প্রযুক্তিৰ ব্যৱহাৰে ভাৰততো ই-আবৰ্জনাৰ পৰিমাণ অতি বিপদজনকভাৱে বঢ়াই তোলা পৰিলক্ষিত হৈছে। ২০০৯ চনৰ CAG ৰ প্ৰতিবেদন মতে আমাৰ দেশত প্ৰতি বছৰে প্ৰায় ৭.২ মেট্ৰিকটন ঔদ্যোগিক আবৰ্জনা, প্ৰায় ৪ লাখ টন ই-আবৰ্জনা, প্ৰায় ১.৫ মেট্ৰিকটন প্লাষ্টিক আবৰ্জনা, প্ৰায় ১.৭ মেট্ৰিকটন মেডিকেল আবৰ্জনা আৰু প্ৰায় ৪৮ মেট্ৰিকটন পৌৰ আবৰ্জনাৰ উৎপন্ন হয়। তাৰ উপৰিও ২০০৭ চনত Manufacturers’ Association of Information Technology (MAIT) আৰু German Technology Cooperation (GTZ) ৰ সহযোগত Indian Market Research Bureau (IMRB) য়ে কৰা এটা সমীক্ষাৰ ভিত্তিত ভাৰতত ৩৩২৯৭৯ মেট্ৰিকটন ই-আবৰ্জনা পোৱা গৈছিল তাৰে ভিতৰত ৫০০০০ মেট্ৰিকটন আমদানীকৃত। ভাৰতত পুনঃব্যৱৰ্হিকৰণ প্ৰক্ৰিয়া অতি কম খৰছী বাবে বহু উন্নত দেশে ই-আবৰ্জনাবোৰ ইয়ালৈ ৰপ্তানি কৰে। Basel Action Network (BAN) ৰ তথ্য মতে USA ত উৎপন্ন হোৱা মুঠ ই-আবৰ্জনাৰ প্ৰায় ৫০% ৰ পৰা ৮০% ভাৰত, চীন, পাকিস্তান, টাইৱান আৰু আফ্ৰিকাৰ কিছু দেশলৈ পুনঃব্যৱৰ্হিকৰণৰ বাবে পঠায়[৪]। কিন্তু ভাৰতত এই প্ৰক্ৰিয়া অতিশয় নিম্নমানৰ আৰু প্ৰদূষণযুক্ত হোৱা বাবে ইয়াৰ লগত জড়িত মানুহৰ স্বাস্থ্যৰ আৰু পৰিবেশৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে।

বাঢ়ি অহা ই-আবৰ্জনাবোৰৰ সুস্থ আৰু বহনক্ষম ব্যবস্থাপনাৰ বাবে পৰিবেশ আৰু বন মন্ত্রণালয়ে (MoEF) ২০০১ চনত German Technology Cooperation (GTZ) ৰ সহযোগত এলানি প্ৰকল্প হাতত লৈছে। তদুপৰি Swiss Federal Laboratories for Material Testing and Research (EMPA) য়ে ইয়াৰ বিশ্বব্যাপী থকা ‘Knowledge Partnerships in e-waste Recycling’ কাৰ্য-সূচী ভাৰততো ৰূপায়িত কৰিছে আৰু ইয়াৰ উদ্যোগত ২০০৪ চনত ভাৰততো ইণ্ডো-জাৰ্মান-চুইছ ই-আবৰ্জনাৰ ব্যৱস্থাপনা কাৰ্য-সূচী আৰম্ভ কৰিছে[২]।

বিশ্বৰ প্ৰেক্ষাপটত ই-আবৰ্জনা:

এটা সমীক্ষাৰ মতে, ২০১৭ চনৰ ভিতৰত বিশ্বব্যাপী হব লগা মুঠ পেলনীয়া ফ্রিজ, টিভি, মোবাইল, কম্পিউটাৰ আৰু অন্যান্য ইলেকট্রনিক আবৰ্জনাৰ ওজন প্ৰায় ২০০ টা এম্পায়াৰ ষ্টেট বিল্ডিঙৰ (Empire State Building, USA, ৩৬৫,০০০ টন) ওজনৰ সমান বা গীজাৰ বিখ্যাত পিৰামিডৰ ওজনৰ প্ৰায় ১১ গুণ হবগৈ[৪]। লক্ষণীয়ভাৱে ই অতিশয় ভয়লগা তথ্য।

ৰাষ্ট্ৰসংঘৰ সহযোগত কিছুমান চৰকাৰী আৰু বেচৰকাৰী সংগঠনে ই-আবৰ্জনাৰ সমস্যা সমাধান (StEP) নামৰ এটি কাৰ্যসূচীৰ জৰিয়তে যুগুত কৰা তথ্যৰ আধাৰত পূৰ্বানুমান কৰিছে যে, অহা পাঁচবছৰৰ ভিতৰত গোটেই বিশ্বত ই-আবৰ্জনাৰ পৰিমাণ প্ৰায় তিনিগুণ বৃদ্ধি পাব তথা আমেৰিকা আৰু চীনত ইয়াৰ পৰিমাণ সৰ্বাধিক হ’ব। এই পদক্ষেপৰ আধাৰত গোটেই বিশ্বৰ ই-আবৰ্জনাৰ এখন মানচিত্ৰ তৈয়াৰ কৰা হৈছে[৫]। ১৮৪ খন দেশৰ মুঠ ই-আবৰ্জনাৰ তথ্য সম্বলিত এই ইণ্টাৰেক্টিভ মানচিত্রখনে বিভিন্ন দেশৰ চৰকাৰ আৰু কোম্পানীক ই-আবৰ্জনা সুস্থভাৱে পৰিচালনা কৰাত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে।

বর্তমান বৈদ্যুতিক আৰু ইলেকট্রনিক যন্ত্রপাতি উৎপাদনত চীন বিশ্বৰ ভিতৰত প্ৰথম, তাৰ পিছত আমেৰিকা। কিন্তু ই-আবৰ্জনা উৎপন্ন কৰাত আমেৰিকাৰ স্থান প্ৰথম, কাৰণ বহু আগৰে পৰা ইয়াৰ বজাৰত থকা বহু সামগ্ৰী এতিয়া বিনষ্ট হোৱাৰ পথত। ২০১২ চনত আমেৰিকাত উৎপন্ন হোৱা ই-আবৰ্জনাৰ পৰিমাণ প্ৰায় ১০ মিলিয়ন টন আৰু চীনত এই পৰিমাণ আছিল প্ৰায় ৮ মিলিয়ন টন। কিন্তু দেখা যায় যে জনমুৰি হিচাপত কাটাৰৰ জনসাধাৰণে সৰ্বাধিক ই-আবৰ্জনা উৎপন্ন কৰে[৪]।

যদিও নানা সংস্থাই বিশ্বৰ দেশসমূহৰ ই-আবৰ্জনা উৎপন্ন কৰাৰ তথ্য যুগুত কৰিছে তথাপিও ই পৰ্য্যাপ্ত আৰু বিশদ নহয়। কাৰণ বিভিন্ন দেশে ই-আবৰ্জনাৰ সংজ্ঞা বিভিন্ন ধৰণে নিৰূপিত কৰিছে, উদাহৰণ স্বৰূপে আমেৰিকাই টিভি, কম্পিউটাৰক আৰু ইউৰোপীয় দেশসমূহে বেটাৰী আৰু পাৱাৰ কৰ্ড থকা যিকোনো বৈদ্যুতিক সামগ্ৰীকে এইক্ষেত্ৰত অন্তৰ্ভূক্ত কৰিছে। যিয়ে ই-আবৰ্জনাৰ প্ৰকৃত ছবিখন যথাযোগ্য ভাৱে প্ৰকাশ কৰাত অসুবিধাৰ সৃষ্টি কৰিছে।

অসমৰ প্ৰেক্ষাপটত ই-আবৰ্জনা:

অতি বিপজ্জনক ভাৱে বাঢ়ি অহা ই-আবৰ্জনাবোৰলৈ লক্ষ্য ৰাখি অসম চৰকাৰে ইয়াৰ বিজ্ঞানসন্মত নিষ্পত্তি তথা পুনঃব্যৱহাৰৰ বাবে এটা প্ৰকল্প হাতত লৈছে। এই প্ৰকল্পৰ লগত সংগতি ৰাখি চলোৱা এটা সমীক্ষাৰ প্ৰাৰম্ভিক প্ৰতিবেদন মতে প্ৰায় ৫০ মেট্ৰিকটন ই-আবৰ্জনা আমাৰ ৰাজ্যত পোৱা গৈছে। সম্পূৰ্ণ তথ্য এতিয়াও আধৰুৱা হৈয়ে আছে কিয়নো বহুকেইখন ঠাইৰ সমীক্ষাৰ ফলাফল এতিয়াও পোৱা হোৱা নাই। অসম চৰকাৰৰ তথ্য প্ৰযুক্তিবিদ্যা বিভাগে সমীক্ষা, সজাগতা সভা, সমাবৰ্তন আৰু capacity building ৰ বাবে ইতিমধ্যে ২০ লাখ টকা মোকলাই দিয়া বুলি জানিব পৰা গৈছে, লগতে চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এডোখৰ ঠাই এই প্ৰকল্প প্ৰতিষ্ঠাপনৰ কাৰণে বাছনি কৰা হৈছে[৬]।

তথ্যসূত্ৰ:

ছবি ১, ছবি ২ আৰু ছবি ৩: wikipedia

[১] “Text of The Basel Convention On The Control Of Transboundary Movements Of Hazardous Wastes And Their Disposal”, Unep, Geneva, Switzerland, P.6
[
২] “E-Waste In India” Research Uni, Rajya Sabha Secretariat, New Delhi, June, 2011.
[
৩] “E-Waste Management In India”, P.D. Badoni, electronics for you, pp 52-58 January, 2009
[
৪] “World’s Ewaste To Grow 33% By 2017, Says Global Report” Tanya Lewis, Livescience December 15, 2013
[
৫] Www.Livescience.Com/41966-Tracking-World-E-Waste.Html
[
৬]”State To Have e-waste treatment plant” Assam Tribune, Sivasish Thakur, Monday, February 10, 2014.

Top of Form

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!