অতি প্ৰাসংগিকঃসহজ সমীকৰণৰ জটিল ৰাজনীতি (অজয় লাল দত্ত)

অতি প্ৰাসংগিকঃসহজ সমীকৰণৰ জটিল ৰাজনীতি

অজয় লাল দত্ত

(১)
বিগত পষেকটোত ৰাষ্ট্ৰীয় মঞ্চত হোৱা ৰাজনৈতিক দলবোৰে মঞ্চস্থ কৰা ভাওনাৰ কথাই ইয়াত অৱতাৰণা কৰিবলৈ বিচৰা হৈছে ৷ ইণ্ডিয়া এগেইনষ্ট কৰাপচন নামৰ সংগঠনটোৰ দ্বাৰা ৰাষ্ট্ৰীয় মেডিয়াৰ দ্বাৰা যি কেইটা দুৰ্নীতিৰ নমুনা ভাৰতীয় মানুহৰ আগত তুলি ধৰা হ’ল, সেয়া সাধাৰণ মানুহৰ বাবে একো বিশেষ আচৰিত হব লগা নাছিল ৷ ভাৰতীয় সমাজ, তথা প্ৰচলিত শাসন ব্যৱস্থাই ইতিমধ্যেই ৰাইজক দুৰ্নীতিৰ ক্ষেত্ৰত যথেষ্ট সহনশীল হবলৈ শিকাইছে ৷ দেশৰ দুয়োটা বৃহৎ ৰাজনৈতিক দলৰ সভানেত্ৰী আৰু সভাপতিৰ মুখত দুৰ্নীতিক লৈ “জিৰ’ টলাৰেঞ্চৰ” ঘোষণা মানুহৰ বাবে হাস্যকৰ একোটা মন্তব্য যেনহে ৷ বহুল প্ৰচলিত ইংৰাজী কাকতত তাকে লৈ প্ৰকাশিত হোৱা এটা কাৰ্টুনৰ কথা মনলৈ আহিছে, য’ত কাৰ্টুনিষ্টে সভানেত্ৰীৰ মন্তব্যক হাস্যৰসেৰে লুটুৰি-পুতুৰি কৰি কৈছে we tolerate many many zeros! ৰাজা, কালমাদি আদি দেশীয় ক’লা চাহাব সকলৰ অত্যাধিক শূণ্যযুক্ত কেলেংকাৰীৰ বাতৰিয়ে ভাৰতীয় মানুহৰ মনক অন্ততঃ কেলেংকাৰীৰ ধনৰাশিত থকা শূণ্য দেখি ভয় নোখোৱাকৈ মনক সমৃদ্ধ কৰি তুলিলে ৷ তাৰ বাবে এই দুয়োগৰাকীকে এটা দিশৰ পৰা ধন্যবাদ দিবই লাগিব ৷ এতিয়া হাজাৰ কোটিৰ তলত কৰা বিত্তীয় কেলেংকাৰীক অন্ততঃ ভাৰতীয় দৰ্শক বা জনতাই কেৰেপ নকৰা হ’ল ৷ এই ৰাজা-কালামাদি Immunization ৰ ফল এতিয়া বিগত সময়চোৱাত মানুহৰ মতামতৰ মাজতে প্ৰতিফলিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷
(২)
হাইকামাণ্ডীয় ব্যৱস্থাপনাৰে চলা এটা ৰাজনৈতিক দলৰ মূৰব্বী আই গৰাকী যদি কাৰোবাৰ শাহু-আই হয়, জোঁৱাই বুলি অন্ততঃ আমাৰ বহল অন্তৰৰ ভাৰতীয় মানুহে ৩০০কোটিৰ বিত্তীয় কেলেংকাৰী এটা সহজেই মানি লব পাৰে৷ শাহু আইৰ শাসনত থাকোতেই যদি দু-টকীমান ঘটি নলয়, কেতিয়া ল’ব? এইয়া আমাৰ গাঁৱৰ এজন সাধাৰণ মানুহৰ সহজ অথচ অসাধাৰণ মন্তব্য ৷ যি মন্তব্য আই গৰাকীৰ ব্ৰেণ্ড এম্বেচেডৰ “আম আদমী”ৰ ভাৱনা বুলি আমি গুৰুত্ব দিবই লাগিব ৷

লাগিলে ৩২টকাতে বিপিএলৰ সীমা চেৰাই মধ্যবিত্তীয় শ্ৰেণীৰ সতে জীৱন যুঁজত নামি পৰিব ভাৰতীয় জনতা; তথাপি জোঁৱাইৰ সৰু-সুৰা কেইশ মান কোটিৰ হিচাবৰ খেলিমেলিত মানুহ উত্তেজিত নহয় ৷ এইবোৰ সাধাৰণ মানুহৰ সহজ সমীকৰণ!

শাহু আইৰ আঙুলিত চলা ৰাজ্য চৰকাৰে জোঁৱাই বোপালৈ উঠা অভিযোগক লৈ ক্লীন-চিট নপঠাই কি পঠাব ? আই মাতৃয়ে যি কয়, আই মাতৃক না-খুশ কৰাৰ সাহস কৰা কাৰনো আছে? কাৰো নাই, সেই সহজ সমীকৰণো আমাৰ সহজ সৰল ৰাইজে সহজকৈয়ে বুজিছে, আৰু গ্ৰহণ কৰিছে ৷
(৩)
দেশৰ আইন মন্ত্ৰীৰ ঘৰৰ ট্ৰাষ্ট এটাৰ বিত্তীয় খেলিমেলিক লৈ যেতিয়া প্ৰশ্ন উঠিল, বেনী প্ৰসাদ বাৰ্মাৰ দৰে নেতাই কৈয়েই দিলে কেইলাখ মান টকা এজন মন্ত্ৰীৰ বাবে আজিৰ দিনত একোৱেই নহয় ৷ সেই কথাটো সকলোৱে সহজ ভাৱেই বুজি পালে ৷ কিন্পতু ইচাৰ সংখ্যাই বা হত্যা কৰা মানুহৰ সংখ্যাই মানুহ এজনৰ অপৰাধক কিমান গধুৰ অথবা লঘু কৰে সেই সমীকৰণৰ উত্তৰহে বুজি পাবলৈ অপাৰগ হ’লো ৷

এজন কেন্দ্ৰীয় মন্ত্ৰী ৰূপে দেশক “সেৱা” কৰিবলৈ সুযোগ পোৱাৰ পাছতো আকৌ জন-সেৱাৰ বাবে পৰিয়ালৰ নামত পৰিবাৰে চলাবলৈ ট্ৰাষ্ট খোলাৰ প্ৰয়োজন কি আছিল বুলি খৰশ্বিদ চাহাবক এজন সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ তেখেতে নিদিলে৷ কিন্তু সহজ জনতাই সৰল ভাৱেই বুজি পায়, ট্ৰাষ্ট বা আন সামাজিক সংস্থাৰ দ্বাৰা কি ন্যস্ত স্বাৰ্থ সিদ্ধিৰ কৰা হয় ৷ মাটি, বাৰী, ধন, সম্পদ, চৰকাৰী গ্ৰাণ্ট আদি পাৰ্কিং কৰিবলৈ ট্ৰাষ্ট বা আন সামাজিক সংস্থাতকৈ বঢ়িয়া বিশ্বাসযোগ্য পাৰ্কিং প্লেচ যে নাই সেয়া টেক্স কনচালটেণ্ট বা অলপ সজাগ মানুহেই সহজকৈয়ে বুজি পায় ৷

এনে ট্ৰাষ্ট বা সামাজিক সংস্থাত পৰিয়াল তথা আপত্তি নকৰা ধৰণৰ প্ৰভূভক্ত দুৰ্বল শ্ৰেণীৰ মানুহৰ নাম দিয়াটোৱেই এক সহজ নিয়ম! বহুতো ধনী পৰিয়াল, ধনী নেতাৰ ঘৰৰ কাম কৰা ল’ৰা, মালী, ভাত-ৰান্ধনীয়ে গমেই নাপায় যে দেশৰ অৰ্থনীতিত তেওঁলোকৰ পেন কাৰ্ডৰ বিপৰীতে কিমান অৰিহণা আৰ্জিত হৈ আছে বা চৰকাৰৰ চকুত বা অফিচিয়েল নথিত তেওঁলোকো কোটিপতিয়েই! সেই একেই সহজ সৰল সমীকৰণৰ আওতাতে বিপৰীত মেৰুত অৱস্থান কৰা গেৰুৱা দলৰ সভাপতি নীতিন গাড়কাৰীও বদনাম হব লগা হ’ল ৷ সহজ সৰল সমীকৰণ অথচ পচলাই দাঁত ভঙা কাৰবাৰত!
(৩)
আইন মন্ত্ৰীয়ে সাংবাদিকক ৰাষ্ট্ৰীয় মেডিয়াত লাইভ হুমকি, শ্বায়েৰীৰ মাজেৰে দুৰ্নীতি উদঙাই দিয়া সকলক দিয়া ভাবুকি আদিয়ে সঁচাই আইন বনোৱা মন্ত্ৰী এজনৰ প্ৰতিচ্ছবিক ক’লা কৰি পেলালে ৷ আইন মন্ত্ৰী নিজে য’ত সভাপতি, তেনে সংস্থাই ভূৱা চীল, মোহৰ, শপতনামা দিয়াৰ দৰে সৰু সৰু অথচ ভয়ঙ্কৰ অপৰাধ কৰাৰ অভিযোগ উঠাৰ সুযোগ দিয়াৰ বাবে আমাৰ দৃষ্টিত সংস্থাৰ মূৰব্বীৰূপে চাহাবজন দায়ীয়েই ৷

অভিযোগৰ তদন্তৰ ঘোষণাৰ দৰে নৃত্য নাটিকা আৰু তাৰ পাছত তদন্তৰ মূল নাটৰ মঞ্চায়নত অভ্যস্ত ভাৰতীয় দৰ্শক বা জনতাই কাৰো একো হানি-বিঘিনি নোহোৱা হেপি এণ্ডিঙেৰেই ইয়াৰ সফল সামৰণি পৰিব বুলি আগতীয়াকৈয়ে দৃঢ বিশ্বাসী ৷ সৰল অন্তৰৰ বহল মনৰ ভাৰতীয় জনতাক আমি শলাগ লবই লাগিব ৷
(৪)
অভিযোগ উঠিলে তাৰ তদন্ত, তাৰ পাছত আদালতত তাক সাব্যস্ত কৰি প্ৰচলিত ন্যায় ব্যৱস্থাৰ মঞ্চত শাস্তি প্ৰদানৰ সফলতা চাবলৈ ভাৰতীয় দৰ্শকে কিমান দিন বাট চাব লাগিব সেয়াহে অনিশ্চিত ৷ দুৰ্নীতিৰ অভিযোগক SITৰে নিদিৰ্ষ্ট তিনিমাহৰ সময়সীমাৰ ভিতৰত সমাধান কৰি শাস্তি প্ৰদানৰ ব্যৱস্থাক শাসক-বিৰোধী কোনো পক্ষই আনিব নিবিচাৰে৷ লাগিলে সি ৰাজনৈতিক প্ৰতিপক্ষই হওক, কিন্তু ৰাজনৈতিক-ব্যৱসায়িক স্বাৰ্থত ব্যাঘাত হব পৰা কোনো ব্যৱ্স্থাই কৰিবলৈ তেওঁলোক নাৰাজ ৷নিজৰ ভৰিত কুঠাৰ মৰা ব্যৱস্থা যেন “জন-লোকপাল”ক যে এইসকল ৰাজনৈতিক শ্ৰেণীয়ে কোনো পধ্যেই আহিবলৈ নিদিয়ে সেয়াও সহজ জনতাই সৰলকৈয়ে জানে বা উপলব্ধি কৰিব পাৰিছে! বা মনে মনে মানিও লৈছে ৷
(৫)
“য়ে পাব্লিক হ্যে, য়ে পাব্লিক চব কুছ জানতি হ্যে!” এই সাধাৰণ গানটোৰ কথাখিনিকে কিন্তু বিজ্ঞ বিজ্ঞ ৰাজনৈতিক নেতা সকলে বুজিব পৰা নাই ৷ স্পষ্ট ৰূপত ফটফটীয়াকৈ সকলোৱে বুজি পোৱাকৈয়ে খেলিমেলিবোৰ যে হৈছে, সেই বোৰ যে কেলেংকাৰী, ভাৰতীয় আইনৰ দৃষ্টিত শাস্তিৰ যোগ্য সেই কথা মানি লবলৈকে তেওঁলোকে অস্বস্তি পাইছে৷ মানি লব বিচৰা নাই৷ সেয়ে প্ৰতিটো নিউজ চেনেলতে পেনেলত আহি বিড়াল তপস্বীৰ ভাও দি থকা দেখিবলৈ পোৱা গৈছে ৷ মেডিয়াই যদি প্ৰশ্ন কৰিছে, অনুসন্ধানমূলক প্ৰতিবেদন দিছে, তথ্য দিছে তেন্তে তোমালোকে মেডিয়া ট্ৰায়েল কৰিছা বুলি প্ৰতি-অভিযোগ আনিছে ৷

ইণ্ডিয়া এগেইনষ্ট কৰাপচনে যদি তথ্য বা অভিযোগ দিছে, সেই কাগজবোৰক ভেঙুচালি কৰাকে কোনো কোনো পাৰ্টিৰ প্ৰৱক্তাই নিজৰ টেলেণ্ট ৰূপে জাহিৰ কৰিবলৈ নিৰ্লজ কচৰৎ কৰিছে৷ ব্যক্তিগত ভাৱে আক্ৰমণ কৰিছে, কথা-বতৰাক মূল-বিষয়ৰ পৰা নি আন কৰবালৈ লৈ যোৱাৰ সফল-বিফল প্ৰয়াস কৰিছে ৷

সহজ সৰল জনতাৰ চকুত সহজ সৰল সমীকৰণবোৰকে লৈ নেতাচামে জটিল ৰাজনীতি কৰাৰ অসহায় কাৰচাজিক লৈ আজি ভাৰতীয় দৰ্শকে প্ৰচুৰ আমোদ পাইছে৷ চৰকাৰে টিভি নিউজৰ টক-শ্বতো আমোদকৰ লগাই দিয়াৰ ভয় এটাইহে মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাক নতুনকৈ খেদিবলৈ আৰম্ভ কৰাৰ গুজৱ ওলাইছে!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!