অথঃ বন্ধু সংবাদ: (পাৰ্থ প্ৰতিম কলিতা)

বন্ধুৰ এটা আচৰিত গুণ আছে, বন্ধুৱে তিলটোকে তাল নহয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ড বুলিও ক’ব পাৰে৷ বন্ধু আকৌ সমগ্ৰ তথ্যৰ ভঁৰাল৷ এই যে গুগল নে কি, সেয়া হেনো বন্ধুৰ কৃপাতেই হোৱা৷ আপোনাকহে ক’লো দেই কাণে কাণে, কাকো নক’ব৷ এনেয়ো বন্ধুৰ জন্ম ভুলবশতঃ হে অসমত হৈছিল৷ যিকোনো কথাই বন্ধুই জানে৷ আপুনি বন্ধুক সোধক আপোনাক কৈ দিব৷ কেৱল কোৱাইনে উপযুক্ত তথ্য প্ৰমাণসহ আপোনাৰ আগত সত্যাসত্য প্ৰমাণ কৰাত বন্ধু সিদ্ধহস্ত৷ হাইকোৰ্ট কিয়, যেন বন্ধু চুপ্ৰিম কোৰ্টৰ হে পেচাদাৰী উকিল৷ আৰু সেয়া নুবুজিলে আপুনি বেয়া৷ ধেইত্ মোৰ কথা কোৱা নাই হে বন্ধুৰ মতে আক’৷ বেয়া মানে সেইবিশেষ দিনটোৰ বাবেহে দেই, বন্ধুৰ হৃদয় খন আকৌ চাফা, চাৰ্ফ এক্সেলৰে ধোৱা হৃদয়ৰ নিচিনা৷ এই যে তিলটোকে তাল কৰা সৰ্বজ্ঞানী গুণ- এয়া বন্ধুৰ জন্মৰে চিনাকি৷ কোনোবা বন্ধুৰ অনুৰাগীয়ে কয় বন্ধুৱে হেনো জন্ম পায়ে “মা“ বুলি মাতিছিল, এয়া পিছে শুনা কথাহে দেই, আজিলৈ বন্ধুৱে এয়া স্বীকাৰ কৰা নাই৷

(১)
এদিনাখনৰ কথা, বহুদিনৰ মুৰত বজাৰত লগ পাই গ’লোঁ বন্ধুক৷ বহুদিন মানে হিন্দী চিনেমাৰ দৰে ২০-২৫ বছৰ পিছত নহয় দেই আক’, ছমাহ মানৰ মুৰত হে৷ এটা হাফপেণ্ট পিন্ধি বন্ধু থিয় হৈ আছে৷ সম্মুখত বিক্ৰীৰ বাবে দৈ গাখীৰ৷ ’আৰে বন্ধু, কি খৱৰ?’ বন্ধুৰ মুখখন আচম্বিতে কেহেঁৰাজ বৰণীয়া হৈ গ’ল৷ বোলো কথা কি? ইমান দিনৰ মুৰত লগ পাইছোঁ ভালহে লাগিব লাগে৷ বন্ধুযেন কিছু অপ্ৰস্তুত৷ বন্ধুৱে সেহোনেহোকৈ কলে গাখীৰ খিনি মই অনা নাই, বেলেগ এজনৰহে৷ মই অবাক, গাখীৰৰ কথা ক’লে কোনে৷ ধেইত তেৰি পাহৰিছিলোঁৱে বন্ধুৰ আকৌ জন্ম ভুলতেহে অসমত হৈছিল৷

(২)
বন্ধু হায়াৰ চেকেণ্ডাৰী পঢ়ি থকা সময়ৰ কথা৷ বন্ধুৱে একেলগে মোবাইল ৰিপেয়াৰিঙৰ কোৰ্চ এটাতো এডমিছন লৈছে৷ হওঁক তেও, বন্ধুৰ যহতে মোবাইল ফ্ৰীতে ভাল কৰিব পাৰিম৷ বন্ধুৱে দঢ়াই দঢ়াই কৈছে মোবাইল বেয়া হ’লে আমি কোনেও যাতে বেলেগৰ তাত ভাল কৰিব নিদিওঁ৷ টকা বন্ধুক নালাগে৷ এদিন কলেজৰ পৰা আহোঁতে বন্ধুক লগ পালোঁ৷ মোক দেখি চিঞৰি উঠিল “ঐ পাৰ্থ, ভাইৰাছ আছে নেকি তোৰ কম্পিউটাৰত? “ভাইৰাছ??? অন্য পৰিবেশত হ’লে থ্ৰি ইডিয়টছৰ ভাইৰাছ বুলিয়েই ভাৱিলোঁ হয়, পিছে বন্ধু ছিৰিয়াচ৷ এণ্টি ভাইৰাছক বন্ধুৱে ভুলতে ভাইৰাছ কোৱা নাইতো? পিছে বন্ধু তামাম ছিৰিয়াছ, বন্ধুৰ আক’ ভুল নহয়৷ ভেবা লাগি মুৰ দুপিয়াই বন্ধুক নিৰাশ কৰিলোঁ৷ বন্ধুৱে দেখোন হঠাৎ গাড়ীৰ পৰা নামি গ’ল৷ হয়তো বন্ধুৰ ভাইৰাছ অভিযান৷ কথাটো আহি অন্য বন্ধুক ক’লোঁ, “ভাইৰাছ বিচাৰি বন্ধুক সহায় কৰিব লাগে, যি কি নহওক কম্পিউটাৰত ভাইৰাছ বিচৰা বন্ধু কিজানি প্ৰথম অসমীয়া৷ “ চকুচহৰাই আকৌ বন্ধুৰ গুণত দহি মৰে৷ বন্ধুৱে হেনো মোবাইল ভাল কৰাৰ নামত কাৰোবাৰ কেচিঙৰ ভগ্নাংশ হে উভোতাই দিছিল৷ এতিয়া আৰু ভাইৰাছ বিচাৰি চন্দ্ৰ অভিযান কৰিব নেকি৷ “ সঁচা কথা ক’বলৈ গ’লে বেলেগ বন্ধুজন চকুচৰহা৷

(৩)
বয়সৰ সমানুপাতিক হাৰত বন্ধুৰ উপকাৰী গুণবোৰ বাঢ়ি গৈ থাকিল৷ এদিন বন্ধুৰ সতে আকৌ এবাৰ মনিকাঞ্চন সংযোগ হ’ল চিটিবাছত৷ বন্ধুৰ কাণত হেডফোন৷ গানৰ লহৰে লহৰে বন্ধুৰ মুৰ উঠানমা হৈ আছে৷ ৱাহ্ গানটো খুউব মধুৰ চাগে, বন্ধুক দেখিলেই ধৰিব পাৰি৷ অ’ ক’ব পাহৰিছিলোৱেই বন্ধু আকৌ সংগীত শাস্ত্ৰত বিশাৰদ নহ’লেও খ্যাতি আছে দেই৷ বন্ধুক মাত লগালোঁ৷ মোক দেখি বন্ধু একপ্ৰকাৰ চিঞৰি উঠিল৷ ৱাহ্ ইম্মান মৰম, ছাৰ্টৰ ভিতৰতে বুকুখন দুই ইঞ্চিমান ফুলি গ’ল৷ “ঐ ক’ৰ পৰা তই “ইটালীৰ পৰা .. জাষ্ট আহি পাই ঘৰ গৈ আছোঁ৷ মই আঙুলিৰে কাণখন চাফা কৰি ললোঁ, কাণময়লা বহুত হ’লেও ভুল শুনিব পাৰোঁ, কিন্তু তেনেতো নহয়৷ বন্ধুক আকৌ এবাৰ সুধি কনফাৰ্ম হ’লোঁ৷ “ইটালীত কিয় গৈছিলি?” “কেতিয়া??” আশ্চৰ্যত মোৰ মুখখন ইম্মান মেলা গৈছিল যে শ্ৰীকৃষ্ণই যশোদাক মুখৰ ভিতৰত ব্ৰহ্মাণ্ডখন দেখাঁওতেও ইমান মেলা নাছিল চাগে৷ দোষ্ট মই ইঞ্জিনীয়াৰিং কৰি আছো নহয়, তাৰেই প্ৰজেক্ট ইটালীত৷ “ “ইঞ্জিনীয়াৰিঙৰ প্ৰজেক্ট ইটালীত আৰু বন্ধু দেখোন চায়েন্সৰ নাছিলেই।“ মই একো নক’লোঁ, ইতিমধ্যে বাছৰ বহুকেইযোৰ চকুত আৱদ্ধ হৈছিলোঁ আমি৷

(৪)
বন্ধু ইটালী, জাৰ্মানী, অষ্ট্ৰেলিয়াৰ পৰা প্ৰজেক্ট বা চাকৰি কৰি আকৌ অসমলৈ আহিল৷ ভগৱানে বন্ধুক ভুলতে জন্ম দিলেও বন্ধুৰ অসমৰ প্ৰতি টান এটা আছে দিয়কচোন৷ এই সময়তে বন্ধুৱে বহুকেইটা চাকৰি কৰিও এৰিলে, বন্ধুৰ মতে চেলাৰী কম৷ চল্লিছ হাজাৰ টকাৰে কি হয় ভাৱকচোন৷ চকুচৰহাৰ মতে আকৌ বন্ধুহেনো অভাৰ কোৱালিফাইড৷ হওক তেও বন্ধু বন্ধুৱেই৷ বন্ধু এতিয়া আমাৰ গ্ৰুপৰ সদস্য, মানে আমাৰ বেকাৰ গ্ৰুপৰ৷ পৃথিৱীৰ চুককোণৰ সমস্ত খৱৰ বন্ধুৰ জিভাত৷ এককথাত বন্ধুৰ হাতখনো দীঘল৷ চকুচৰহাৰ মতে দুই ফুট দহ ইঞ্চি৷ এদিনাখন আমাৰ বৈঠক বহিল৷ বৈঠক মানে সন্ধিয়াৰ টাইম পাছ আড্ডা৷ চিফ্ট গেষ্ট বন্ধু৷ সমাজ নীতিৰ পৰা ৰাজনীতি, অৰ্থনীতিৰ পৰা লাহৰি, পাপৰি, মিতালী পুৰৱী সকলো আলোচনাত অলপ অলপ সময় কটাই গুচি গ’ল৷ শেষত এঠাৰ দৰে লাগি গ’ল চাকৰি৷ বেকাৰৰ একঘেয়ামীত্ব কাৰনো প্ৰিয় কওঁকচোন৷ অনুৰাগী বন্ধুৱে বন্ধুক খাটনি ধৰিলে চাকৰি এটা যোগাৰ কৰি দিবলৈ৷ আলোক নাথৰ আত্মা আহি বন্ধুৰ বুকুত বাহাৰ পাতিলে৷ বন্ধুই কলে অমুক আৰু তমুক কোম্পানীৰ লগত মোৰ ভাল, চেলাৰী কিন্তু কম হ’ব, ২০মান৷ বায়ডাটা দিবি৷ অনুৰাগী বন্ধু চাৰে পাচঁফুটী হ’লে কোনেও নেদেখাকৈ থাউকতে জাপ মাৰি জোনটো চুই আহিল৷ চকুচৰহাই আকৌ চকুৰ কোণাৰেও বন্ধুক দেখিব নোৱাৰে৷ নাঙল দাদাৰ দৰে দিলে নহয় বাটত ভেটা৷ আমাৰ বন্ধু এলাপেছা বিধৰ নহয় দেই৷ পকেটৰ পৰা মোবাইল উলিয়াই কাৰোবাক ফোন লগালে “চাং মুং চুং ফাং ফু……..“ ৱাহ বন্ধুৱে ইমান জানে৷ চাকৰি হ’ব যেন লাগি গ’ল৷ চকুচহৰহা সহিতে আমাৰ চকু ঘোপাগুটি৷ “আপ চমজে নেহী হো ক্যা“ অলপ সময়ৰ পিছত বন্ধুৰ মাতটো টিঙত কোবাই দিয়াৰ দৰে কাণত পৰিল৷ বন্ধুৰ কথাষাৰৰ কাৰণ চকুচৰহাইও বুজি নাপালে৷ আপুনি পালে বুজাই দিব চোন৷
বিঃদ্ৰঃ শেহতীয়াকৈ বন্ধুই চাকৰি পালে৷ মুম্বাইত৷ তাৰেই ফটোএখন ৱাটচআপত আমাক দিছে “আই এম ইন মুম্বাই “ বেকগ্ৰাউণ্ডত পথ দিগদৰ্শক ফলকত লিখা আছে জালুকবাৰী পাঁচ কিল’মিটাৰ৷

(৫)
বন্ধু প্ৰেমত পৰিছে৷ এলাপেছা প্ৰেম নহয় দেই, কেলিফৰ্ণিয়াত থকা দাদা মাৰ্ক জুকাৰবাৰ্গলৈও বন্ধুই খবৰ দি পঠিয়াইছে৷ কম ডাঙৰ কথানে! বন্ধুহঁতৰ মৰমো আকৌ একাচেকা নহয়৷ আকাশৰ জোন খোপাত গুজি দিয়া মৰম৷ পেট্ৰলৰ দাম সত্তৰ টকা হ’লেও বন্ধুৱে প্ৰেয়সীক হেনো এপাক ঘূৰাই আনিছে৷ ফটো নিদিলে কি হ’ল, তাকে ধুনুকৈ “ইউ আৰ মাই লাইভ “শ্বায়েৰী লিখি ৰঙা পান পাত এটাৰ লগত কাৰো নজৰ নলগাকৈও বন্ধু প্ৰেয়সীয়ে বন্ধুক টেগাই দিছে৷ ৱাহ … কিম্মান যে মৰম… কমেণ্ট বক্স নিমিষতে মৰমৰে ভৰি যায়৷ একেবাৰে ময়ি যাং ময়ি যাং লাগি যোৱা মৰম৷ চন্দ্ৰ সূৰ্য্যৰ ভাগৰ নলগালৈ কথা পাতে দুয়োৱে৷ কোনো নাথাকিলে মৰমবোৰ লগাই দিয়ে গালে ওঁঠে, দুচামুচ বিছনা এৰাৰ আগত, দুচামুচ ভাত খোৱাৰ পিছত৷ মুঠৰ ওপৰত মস্ত সুখী মানুহৰ লিষ্টত বন্ধু এতিয়া এক নম্বৰত৷ ইয়াকে লৈ চকুচৰহা জ্বলি পুৰি মৰিছে৷ চকুচৰহা বন্ধুৰ গুণত দহি মৰে এতিয়া হেনো কোনোবাই চকুচৰহাক চুলেই হেনো ফোৰ ফোৰ্টি হৈ যায়৷ বন্ধুৰ সুখৰ তাপত চকুচৰহাৰ দুখ যন্ত্ৰণা ভকভকাই উতলি আছে৷ বন্ধুৰ হিট প্ৰেম কাহিনীৰ মাজত খবৰ আহিল চকুচৰহা গায়ব৷ নাই মানে নায়ে৷ পাঁচদিন হৈ গ’ল, চকুচৰহাৰ কোনো শুংসূত্ৰ নাই, এইপিনে বন্ধুৰ প্ৰেম তুংগত৷ অৱশেষত যেনিবা ফেচবুকে বিচৰি পালে৷ ইজৰাইলী মোচাদৰ শিষ্য চকুচৰহাৰ পেটত হেনো ভোক নাই এইকেইদিন, চকুত টোপনি নাই৷ শুনামতে বন্ধুয়ে আকৌ হানীমুনৰ বাবেও প্লেনিং কৰি পেলালে৷ ৱাহ: যেন চৰকাৰৰ বাৰ্ষিক পৰিকল্পনা৷ এনেতে ফোঁপাই জোপাই চকুচৰহা তিনিআলিত হাজিৰ৷ হাৰে কথা কি..চকুচৰহাৰ মুখত চন্দ্ৰগ্ৰহণৰ সলনি পূৰ্ণিমাৰ জোন৷ হাৰে কথা কি? হেজাৰটা মান প্ৰশ্নবোধক ওলমাই দিলোঁ চকুচৰহাৰ আগত৷ চকুচৰহাই পৃথিৱীখ্যাত মিচিকিয়া হাঁহিটোৰে ক’লে বোলো বন্ধু প্ৰেয়সী প্ৰিন্সেচ নহয়, প্ৰিন্স হে৷ কৃষ্ণ কৃষ্ণ, বন্ধু দোষ্ট নহয়, দোষ্টনা নেকি? পিছে বন্ধুৱেতো তামোল গছৰ দৰে পোন (straight ) বুলি কৈছিল৷ চকুচৰহাই আকৌ ভূৱন ভুলোৱা হাঁহিটোৰে ক’লে বোলে নহয় তেনে৷ বন্ধুৱে বোলে নিজে এটা প্ৰফাইল বনাই ইন এ ৰিলেশ্যনশ্বিপ লিখিছে৷ আখিৰ বন্ধুৰ এফ আৰ পিৰ কথা৷ তাৰপিছৰ পৰা বন্ধুৰ দেৱালৰ মৰম কমিল৷ আপুনি পিছে চকুচৰহাৰ কথা বিশ্বাস নকৰিব, জানেইতো বন্ধুৰ গুণত চকুচৰহা দহি মৰে …

(৬)
বন্ধুৱে ফেচবুকত বন্ধুত্বৰ ৰিকুৱেষ্ট পঠিয়াইছে৷ বন্ধু দেখোন আগৰে পৰা ফেচবুকত বন্ধু হৈয়ে আছে৷ কেচ কি? নগেন নগেন ভাৱটো ঘপহকৈ জাপ মাৰি উঠিল মনত৷ এয়া চকুচৰহা জাতিৰ ষড়যন্ত্ৰ নহয়তো৷ এনেয়ে বন্ধুৰ জনপ্ৰিয়তাত চকুচৰহা দহি মৰে৷ ততালিকে বন্ধুক ফোন কৰিলোঁ, ধেইত তেৰি বন্ধুৰ ভোডাফোন নম্বৰ, বেলেন্স নাই৷ মোৰ আকৌ এয়াৰচেল টু এয়াৰচেলহে ফ্ৰী৷ টোপনিত বিছনাৰ পৰা সৰি পৰা মানুহৰ দৰে লাগি গ’ল নিজকে৷ কি কৰা যায়! হেনসময়তে মেচেঞ্জাৰত খিটিংকৈ এজনী এঞ্জেলৰ মেছেজ আহিল৷ ইউৰেকা .. ইউৰেকা .. পাই গ’লোঁ৷ সেউজীয়া টৰ্চ এটা জ্বলাই বন্ধুই দিনে ৰাতি থাকে ফেচবুকত৷ ততালিকে বন্ধুক মেচেজ দিলো বোলো কেচ কি নগেন নেকি? লগেলগেই দেহবিহীন কেইটামান মুৰৰ লগত বন্ধুৰ মেচেজ আহিল “বোলো বন্ধু, সেইটো মোৰেই দিয়া৷ আগৰটো ফ্ৰেইণ্ড ৫০০০হ’ল৷ গতিকে….“ বন্ধুৰ ফ্ৰেইণ্ড আকৌ ৫০০০ নহ’বনে, বন্ধুৰ অনুৰাগী কম নেকি কিবা৷ গৌৱৰত বুকুখন ফুলি গ’ল৷ বেলুনৰ দৰে ফুলা বুকুৰ দুটা মান শপত খাই কনফাৰ্ম অপচনত দিলো টিপা মাৰি৷ লগে হাঁহিমূখীয়া বন্ধুৰ ইডিট কৰা মুখাখনে মোক সাদৰ সম্ভাষণ কৰিলে, মৰমতে বুঢ়া আঙুলি এটা উপহাৰ দি বন্ধুৰ দেৱালত চকু ফুৰালো৷ উৱা… ই কি … বন্ধু আই আই টিত অধ্যয়নৰত, কাৰেণ্ট চিটী নিউয়ৰ্ক, ফেমেলী লিষ্টখন ইম্মান দীঘল যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফেমেলীৰ এটা হোৱাটো খাটাং৷ ৱাহ্ বন্ধুৰ “বন্ধু“ হৈ নিজকে ধন্য লাগিল৷ খঙো উঠিল বন্ধুৰ ওপৰত, বন্ধুৱে এদিনো ৰসগোল্লা এটাও নুখুৱালে আই আই টিত চিট পাওঁতে৷ ঘপহকৈ মুৰত কোনোবাই যেন হাতুৰিৰে কোবহে মাৰি দিলে৷ আই আই টি?? পিছে বন্ধু দেখোন… অংক মিলাব নোৱাৰি এয়াৰচেলী অনুৰাগী বন্ধুলৈও ফোন লগালোঁ৷ অনুৰাগী বন্ধু আকৌ অংকৰ গুৰু, উদাহৰণ নিদিয়াকৈ মাকক হেনো ভাত খুজিবও টান পায়৷ ঘটনাৰ বুজ লৈ অনুৰাগীয়ে দিলে ঢেকঢেককৈ হাঁহি৷ মই বোলো অবাক, এল ই ডিৰ জামানত এতিয়াও টিউব লাইট হৈয়ে আছোঁনে৷ দীঘলকৈ উশাহ এটা লৈ অনুৰাগী বন্ধুৱে ক’লে, বোলো বন্ধু সাতে পাঁচে কিমান হয় কোৱাচোন৷ মই বোলো বাৰ৷ অনুৰাগী বন্ধুৱে আকৌ সুধিলে পাঁচে সাতে? মই ভেবা লাগি ৰ’লোঁ৷ অনুৰাগীয়ে হাঁহি ক’লে বোলে কথা ইমানেই, আই আই টি আৰু আই টি আই, একে কেইটাই লেটাৰ, এৰেঞ্জমেণ্ট হে হৰফৰ … গতিকে ৰিজাল্ট! ! উৱা… কথাটো নোহোৱা নহয়৷ আজি চকুচৰহাক ক’ব লাগিব, বিজ্ঞান আবিহনে আই আই টিত বি টেক (B. Tech) কৰা বন্ধু প্ৰথমজন ভাৰতীয়৷ কম গৌৰৱৰ কথানে…

(৭)
মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছৰ ঘটনা৷ বন্ধু সহিতে আমি আটায়ে হাইস্কুলৰ দেওনা পাৰ হ’লোঁ৷ বন্ধুৰ আশা কৰা মতেই ৰিজাল্ট, আশা কৰাতকৈ দুই তিনি নম্বৰ বেছিহে পাইছে, গতিকে বন্ধুৰ দিল গাৰ্ডেন গাৰ্ডেন৷ হেনসময়তে খবৰ আহিল এয়াৰচেলী অনুৰাগীয়ে দুদিন ৰাতি ভাত খোৱা নাই৷ কাৰণ হেনো মেট্ৰিকৰ ৰিজাল্ট৷ মাকে গালি দি আছে আশাহত হোৱা বাবে৷ আটাইতকৈ ডাঙৰ কথা এয়াৰচেল অনুৰাগীয়ে এইকেইদিন “মন যায়“ ষ্টাইল দিবলৈও অহা নাই৷ সন্ধিয়া বন্ধুৰ দুখৰ সমভাগী হ’বলৈ চকুচৰহা, বন্ধু সহিতে আটায়ে পেডেল মৰা ষ্টাৰ্ট কৰিলোঁ৷ কপালত যি আছে সেয়াই হ’ব কৈ বন্ধু মাতাই চাহ পানী দিলে৷ এয়াৰচেলী অনুৰাগীয়ে বন্ধুবৃন্দৰ উপস্থিতিত দুখবোৰ ৰুমালৰ কোণত ৰাখি পকেটত সোমাই থলে৷ বন্ধুৱে তিনি নম্বৰৰ বাবে ষ্টেণ্ড নকৰিলে, বন্ধু পিতাই দুখ কৰিলে৷ ষ্টেণ্ড কৰিলে কম ডাঙৰ কথানে৷ অনুৰাগীৰ জহতে আমিও এবাৰ টিভিত উঠিব পাৰিলোঁ হয়৷ বন্ধুপিতাই এজন এজনকৈ আটাইৰে ৰিজাল্ট সুধিলে৷ প্ৰথম বিভাগ, দ্বিতীয় বিভাগ, চিক্সটি চেভেন পাৰচেণ্ট, ফিফটি এইট আটায়ে নিজৰ ৰিজাল্ট ক’লে৷ “তোমাৰ কেনে ৰিজাল্ট “ এইবাৰ বন্ধুৰ পাল৷ বন্ধু আগৰ পৰায়ে তীখৰ৷ নম্ৰভাৱে থিয় হ’ল আৰু নম্ৰ ভাৱে ক’লে “ ষ্টেণ্ডে কৰিলো হয়, অলপ নম্বৰহে কম পাইছোঁ৷ “ কিমান কম পাইছা? – পাঁচমান৷ “ নহয় নহয় তাতকৈ অলপ মান বেছি৷ কিমান বেছি _ দহ মান নেকি? নহয়, দুশ উনপঞ্চাশ৷ বন্ধু পিতাই কি ভাৱিছিল সেয়া জানিব পৰা নগ’ল৷

(৮)
বন্ধুৰ দৰে বন্ধুৰ মোবাইলৰো এটা যাদুকৰী গুণ আছে৷ বহুত ভিৰত বা আড্ডাৰ সময়ত যদি কোনোবাই নিজৰ বা অইন কাৰোবাৰ গুণ জাহিৰ কৰে বন্ধুৰ ফোনৰ চাইৰেন বাজি উঠে৷
এদিনাখনৰ কথা৷ সিদিনা আছিল একত্ৰিশ ডিচেম্বৰ৷ নতুন বছৰৰ আদৰিবলৈ বন্ধু সহিতে একেলগে থাৰ্টি ফাৰ্ষ্ট পাৰ্টি৷ বকুলতলৰ বিহুলৈ আহক নাহক আমাৰ পাৰ্টিত চাকিৰাই কঁকাল ঘূৰাই দিলে৷ আনেই বুঢ়ী নাচনী, তাতে নাতিনীৰ বিয়া৷ একন, পিতবুল কিয়নো পিছপৰি ৰ’ব৷ মাজে ইয়ো ইয়ো আৰু আমাৰ লোকেল ইয়ালী ও আহি যায়৷ মুঠৰ ওপৰত তামাম পাৰ্টি৷ বছৰৰ সমস্ত সুখ আজিয়েই৷ কেৰাহীত চিকেনৰ টুকুৰা কেইটাই নাচি নাচি পুৰণি বছৰক বিদায় দিবলৈ লৈছে৷ ৰান্ধনী বন্ধুই সেউজীয়া ডিচপ’জিবেল প্লেটখনত কেইটুকুৰামান ভজা মাংস টুকুৰা দিলে৷ অনুৰাগীয়ে পটককৈ লেগ পিচ মুখত ভৰাই দিলে৷ চকুচৰহাই লেগ পিচ ভাগত নাপায় ’তহঁতে লেগ পিচ খা, মই ঠেং পুৰি খাম’ অভিমান কৰি আন্ধাৰ আন্ধাৰ লগা চুক এটাত কোনোবা এজনৰ সৈতে ভালুকক মাজত লৈ একেলগে বহি ল’লে৷ কোনোবাই আকৌ লেগ পিচৰ জুটিৰ সৈতে চানী ভণ্টিৰ লেগৰো একেলগে জুটি ল’লে৷ প্ৰেমৰু বন্ধুৰ এইবোৰত নিছা নাই৷ অহাৰ পৰা বকুলৰ তলত নিয়ৰত তিতি ফুচফুচাই আছে, হয়তো ডক্টৰ ডক্টৰ খেলিছে৷ মুঠৰ ওপৰত বৈদ্য পাৰ্টি৷ এনজয় আৰু টামাম এনজয়৷ হেন সময়তে চকুচৰহাৰ দুখ৷ বোলো ফ’ৰলেন নেচনেল হাইৱেত স্পীডব্ৰেকাৰ আকৌ ক’ৰ পৰা আহিল৷ কেচ কি! “সিদিনা কেম্পাচ ইণ্টাৰভিউ আছিল৷ অমুক কোম্পানীৰ৷ সৱতে ভাল হৈ গ্ৰুপ ডিচকাচনত ৰিজেক্ট হ’লোঁ বে৷ উহু উহু৷ ইংলিছ বে ইংলিছ৷ আমি ইংলিছ ভালকৈ ক’ব নজনাতো অভিশাপ।“ “চেণ্টি ফালা চকুচৰহাক অনুৰাগীয়ে এটা লেগপিচ খুৱাই দিলে৷ “মই সেইবাবেই ল’ৰা ছোৱালীক ইংলিছ মিডিয়ামতে দিম৷ খাটাং৷ “ৰান্ধনী বন্ধুৱে অনুৰাগীক চাপোৰ্ট কৰি আৰু কেইটুকুৰা মান মাংস উলিয়াই দিলে৷ হঠাতে কি হ’ল জানো, ঘপহকৈ বন্ধু উঠি আন্ধাৰ আন্ধাৰ চুকটোলৈ গ’ল৷ হয়তো লেগ পিচ ভাগত নাপায় বন্ধুই ভালুক পাৰ্টিত যোগ দিব৷ ও নহয়, বন্ধুৰ ফোন আহিছে৷ উৱা, বন্ধুৱে দেখোন ইংলিছত কথা পাতিছে, তাকো আমেৰিকান ইংলিছ৷ ৱাহ্ ৱাহ্ বন্ধু৷ বন্ধুৱে কথা পাতি থকাৰ মাজতে হঠাতে টিংটিঙাই বন্ধুৰ ফোনটো বাজি উঠিল৷ উৱা, কি অদ্ভুত৷ কথা পাতি থাকিলেতো আমাৰ ফোন ৰিং নহয়৷ আটায়ে বন্ধুৰ ফালে চালোঁ৷ বন্ধুই লাহেকৈ কাণৰ পৰা ফোনটো নমালে, আটাইলৈ চালে আৰু লাহেকৈ এটা সৰু সেপ ঢুকি সেহোনেহোকৈ ক’লে ফোনটো ইটালীত যাওঁতে কিনা৷

****

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!