অধীৰ স্বপ্ন মূল: (হিন্দী) সতীশ জয়চৱাল (- ডঃ মাখন লাল দাস)

অধীৰ স্বপ্ন

 

মূল: (হিন্দী) সতীশ জয়চৱাল

ডঃ মাখন লাল দাস

নকৰিবা কোনো প্ৰশ্ন
হে অধীৰ স্বপ্ন৷

ভাঙি গ’ল টোপনি
আৰু এতিয়া
অশান্ত সমুদ্ৰ ৷

ৰোৱা, ৰ’বলৈ দিয়া
অৰাজক লহৰবোৰক৷

সমুদ্ৰ আৰু সপোনৰ মাজত
য’ত বিলীন হ’ব ধৰিছে
বিভাজক ৰেখাবোৰ
আকাশ নিৰাকাৰ৷

দিশবোৰ মুকলি হ’ব, সৌপিনে
চিকমিকাই আছে
লাৱণ্যময়ী দেহাকৃতিবোৰ
দিগন্তত
প্ৰকাশিত হ’ব ধৰিছে
পালতৰা নাওঁবোৰ৷

আৰু সমুখত
পাৰাপাৰ অপাৰ৷

নাজানো কেতিয়া, ক’ৰ পৰা
আৰম্ভ হ’ল
তোমাৰ-মোৰ যুগ্ম-যাত্ৰাৰ
সেই গন্তব্যস্থল৷

সকলো হ’বলগীয়া আছে
সুখ-দুখৰ সিপাৰে
তাত, নিজৰ সেই গন্তব্যস্থল
পোৱাৰ পাছত৷

তাত, যেতিয়া সপোনত
হয়তো হৈ আছে
বিলীন
নিদ্ৰা, অনন্ত৷

তেতিয়া নিজৰেই প্ৰতি হৈ
প্ৰশ্নাতীত তুমি
তাতেই গাবা
জীৱন-মুক্তিৰ গান৷

ঘটিত হ’বলৈ দিবা
চমৎকাৰ, সেই সৃষ্টিৰ…..

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!