অনুবাদ কবিতা (ভাৱানুবাদ: গীতার্থ বৰদলৈ)

মৃত্যুৱে নাৰীক প্ৰকাশ কৰে
ANTONIO MCKINNEY Death Reveals A Womanৰ ভাৱানুবাদ

মুখা নিপিন্ধা মুখত
মৃত্যুৱেই নাৰী,
আপুনি আপোনাক বুজাৰ পৰত
মৃত্যুৱেই নাৰী,
সকলো প্ৰশ্নৰে শেষত
মৃত্যুৱেই নাৰী,
সকলো উত্তৰৰ বেশত
মৃত্যুৱেই নাৰী,
চকুলোৱে মুক্তি লভাৰ পৰত
মৃত্যুৱেই নাৰী,
যুদ্ধৰ শেষত শান্তি ৰূপে
মৃত্যুৱেই নাৰী,
মৰমৰ আলিঙ্গনত
মৃত্যুৱেই নাৰী,
স্বপ্নহীন নিদ্ৰাৰ ভাঁজত
মৃত্যুৱেই নাৰী,
আৰু অসীম শান্তিৰ মাজত
মৃত্যুৱেই নাৰী।

*******************************

সদায়
পাবলনেৰুদা


মই ঈৰ্ষান্বিত নহয়

মুঠেও নহয়
মোতকৈ আগতে অহাবোৰক লৈ।

এজন মানুহৰ সতে আঁহা
তোমাৰ কান্ধত উঠাই তেওঁৰ শক্তি,
তোমাৰ চুলিত ভাঁজত আনা
এশজন নিৰ্ভীক মানুহৰ সেনা,
তোমাৰ বক্ষ আৰু ভৰিত লৈ আনা হাজাৰ মানুহৰ বল,
নদীৰ দৰে আহা,
য’ত ডুবি আছে অলেখজন
যি বৈ যায় অবাধ্য সাগৰলৈ,
অসীম পাৰলৈ, সময়লৈ!

সকলোকে লৈ আঁহা
মই তোমালৈ ৰৈ থকা ঠাইলৈ;
আমি থাকিম সদায়ে অকলশৰীয়া হৈ,
আমি সদায় হৈ থাকিম তুমি আৰু মই
পৃথিৱীত অকলশৰে,
এক নতুন জীৱন আৰম্ভ কৰিবলৈ!

মূল:
Always

I am not jealous
of what came before me.

Come with a man
on your shoulders,
come with a hundred men in your hair,
come with a thousand men between your breasts and your feet,
come like a river
full of drowned men
which flows down to the wild sea,
to the eternal surf, to Time!

Bring them all
to where I am waiting for you;
we shall always be alone,
we shall always be you and I
alone on earth,
to start our life!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!