অনুবাদ বিষয়ক এখন ব্যক্তিগত ৰচনা (সৌমিত্ৰ যোগী)

অনুবাদ কেনে হোৱা উচিত, এই লৈ সাধাৰণতে দুটা মত খুব শক্তিশালীভাৱে প্ৰচলিত৷ এটা শ্ৰেণীয়ে ভাবে, অনুবাদ হ’ব লাগে অজিৎ বৰুৱাই কৰা এলব্যেৰ ক্যেমুৰ “প্লেগ”খনৰ দৰে৷ অজিৎ বৰুৱাই ফৰাচী ভাষা জানে আৰু সেইকাৰণে তেওঁ ইংৰাজীৰ পৰা ভাঙনি নকৰি পোনে পোনে ফৰাচীৰ পৰা কৰিছে৷ এতেকে “প্লেগ”ৰ অসমীয়া অনুবাদ সংস্কৰণটোত মূল ফৰাচী ভাষাৰ নিৰ্যাস বা মেজাজ আদি সচেতন পঢ়ুৱৈসকলে অনুভৱ কৰিব পাৰে৷ পিছে কিতাপখনৰ ভাষাই সাধাৰণ পঢ়ুৱৈক ভিতৰলৈ টানি নিনিয়ে৷ বহুতেই এখন ভাল কিতাপ হিচাপে পঢ়ি শেষ কৰিবলৈ চায়৷ এই কথাটোৰ কাৰণেই বহুতৰে মত যে অনুবাদ সৰল, জঠৰতাবিহীন হোৱা উচিত৷ ভাবৰ ইফাল-সিফাল নকৰাকৈ বিষয়ৰ গভীৰতালৈ পঢ়ুৱৈক লৈ যাব পৰা ভাষাৰ অনুবাদকে বহুতে পছন্দ কৰে৷ এই দুয়োটা মতৰ কোনটো বেছি শুদ্ধ, তাৰ উত্তৰ অথবা যুক্তি সীমাহীন৷ কিন্তু মই ব্যক্তিগতভাৱে পছন্দ কৰো যে ভাষাটোৰ নিৰ্যাস বা মেজাজ, লেখকৰ মেজাজ, অনূদিত গ্ৰন্থখনৰ বিষয়বস্তুৰ গভীৰতা ধৰি ৰাখিও অনুবাদৰ ভাষাটো পঢ়ুৱৈৰ বাবে গ্ৰহণযোগ্য কৰি তুলিব পাৰি৷ বহু কিতাপৰ অনুবাদ পঢ়িলে অনুবাদ অনুবাদ ভাবটো প্ৰতিটো বাক্যতে অনুভৱ হৈ থাকে৷ এই কথাই বিষয়টোৰ সৈতে পঢ়ুৱৈজনক একাত্ম হোৱাত বাধা দিয়ে৷ অনুবাদ কৰা কামটো মোৰ কাৰণে নিচা নহয়, বাধ্যত পৰি প্ৰখ্যাত লেখক হাৱাৰ্ড ফাষ্টৰ “পীকস্কিল” নামৰ কিতাপখন মই অসমীয়ালৈ অনুবাদ কৰিবলগা হৈছিল৷ কিতাপখন পল ৰবছনৰ জীৱনৰ এক বিশেষ ঘটনাৰ আধাৰত লিখা৷ বৰ্ণ বৈষম্যৰ বিৰুদ্ধে থিয় হোৱা কৃষ্ণাংগ শিল্পী পল ৰবছনক আমেৰিকাৰ পীকস্কিল নামৰ ঠাইটুকুৰাত সংগীতানুষ্ঠান কৰিবলৈ যাওঁতে মাৰ্কিন ফেচিষ্টসকলে কিদৰে আক্ৰমণ কৰিছিল, ৭ দিন ধৰি চলা এই আক্ৰমণৰ উপন্যাসোপম ধাৰাভাষ্যই হৈছে “পীকস্কিল”৷ মই অনুবাদ কৰোঁতে লেখকৰ সেই মেজাজ, অথবা ঘটনাটোৰ মাজত থকা ভয়াৱহতাৰ ছবিখন ম্লান নপৰাকৈও পঢ়ুৱৈয়ে অনুবাদ পঢ়ি থকাৰ বিড়ম্বনা সহ্য কৰিব নলগাকৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিছিলো৷ অৱশ্যে মোৰ চেষ্টাক শ্ৰদ্ধাৰ পঢ়ুৱৈসকলে সদৰ্থক সঁহাৰি জনালে৷ গ্ৰন্থখনৰ তৃতীয় সংস্কৰণটো ওলোৱা বহু দিনেই হ’ল৷ শ্ৰদ্ধেয় মামণি ৰয়ছম গোস্বামীয়ে এই কিতাপখন উন্মোচন কৰিছিল৷ কিতাপখন উন্মোচন কৰি তেওঁ ক’লে যে “ইমান সুন্দৰ অনুবাদ আগতে মই পঢ়াই নাই”৷ এই কথাখিনি উদ্ধৃত কৰাৰ অৰ্থ এইটোৱে যে মূলৰ যথাসম্ভৱ নিৰ্যাস ধৰি ৰাখিও ভালকৈ অনুবাদ কৰাটো সম্ভৱ আৰু আমি যি উদ্দেশ্য সমুখত ৰাখি কিতাপ একোখন অনুবাদ কৰো, ভাল অনুবাদেহে সেই উদ্দেশ্য পূৰণ কৰিব পাৰে৷ পঢ়ুৱৈ যদি সোমাবই নোৱাৰে, সেই কিতাপখন অনুবাদ হোৱাৰ কিবা অৰ্থ থাকিল জানো?

এই কথাটোৰ সমানেই জৰুৰী প্ৰশ্নটো হৈছে কিতাপ একোখনৰ শুদ্ধ অনুবাদ৷ আমাৰ বহুতেই কয় যে বাংলা সাহিত্য অনুবাদৰ ক্ষেত্ৰতো চহকী৷ আমাৰ অসমীয়াত বাংলাৰ তুলনাত বহুত কম অনুবাদ হৈছে৷ কথাটো হয়৷ এখন বিদেশী কিতাপ চৰ্চালৈ অহাৰ লগে লগেই বাংলালৈ অনুবাদ হয়৷ কিতাপখন যদি অভিলেখ সংখ্যক কপী বিক্ৰী হয়, নোবেল বঁটা বা তেনে পৰ্যায়ৰ বঁটাৰ বাবে মনোনীত হয়, লগে লগে বাংলা ভাষালৈ অনুবাদ হয়৷ আমাৰ অসমীয়াত সেই অৱস্থা এতিয়াও হোৱা নাই৷ কিন্তু মোৰ মনত এটা ডাঙৰ প্ৰশ্ন থাকি যায়, ইমান দৌৰাদৌৰিকৈ কৰাৰ ফলত অনুবাদৰ বা বিষয়বস্তুৰ মান ৰক্ষা হয়নে? মোৰ বিভিন্ন সময়ত বিভিন্ন বয়সৰ পঢ়ুৱৈৰ লগত হোৱা কথা-বতৰাৰ পৰা এই সিদ্ধান্তলৈহে আহিছো যে সেই মান ৰক্ষা পৰা নাই৷ যিহেতু আমি কোনেও পদ্ধতিগতভাৱে সেই অনুবাদবোৰ পৰীক্ষা কৰি চোৱা নাই, গতিকে সৰলীকৰণ কৰা একেবাৰে উচিত নহ’ব, গতিকে অধিক মন্তব্য নিষ্প্ৰয়োজন৷ পিছে মোৰ সৰু উদাহৰণ এটা দিবলৈ মন গৈছে৷ গ্ৰন্থমেলাত কিতাপ চাই থাকোঁতে এবাৰ গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কে’জৰ গল্প সমগ্ৰৰ বাংলা অনুবাদ কিতাপ এখন পালো৷ মই ইতিমধ্যে মাৰ্কে’জৰ পেংগুইনে প্ৰকাশ কৰা ইংৰাজী ভাষাৰ গল্প সমগ্ৰখন সংগ্ৰহ কৰিছো৷ ভাবিলো মাৰ্কে’জৰ গল্প পঢ়িবলৈ আৰু বুজিবলৈ মোৰ দৰে ইংৰাজী জ্ঞানৰ পঢ়ুৱৈক বাংলা অনুবাদটোৱে সহায় কৰিব পাৰে৷ কিতাপখন লুটিয়াই চাই দেখিলো, পাতনি লিখিছে সুনীল গংগোপাধ্যায়ে৷ তেওঁ অনুবাদকক কামটোৰ কাৰণে প্ৰশংসাৰে উপচাই দিছে৷ মনটো বৰ ভাল লাগিল৷ কিতাপখন কিনি আনিলোঁ৷ পঢ়ো বুলি এদিন গল্প এটা উলিয়াই ল’লো৷ বাংলাটো পঢ়ি মই বৰ বিশেষ একো বুজি নাপাই আকৌ ইংৰাজীতে শৰণ ল’লো৷ গল্পটো তেতিয়াহে বুজি পালো৷ মোৰ কাৰণে আজিও সাঁথৰ হৈ থাকিল যে বাংলা ভাষাটো মই বুজি নাপাওঁ নে অনুবাদৰ মানটোতে কিবা গণ্ডগোল আছে৷ বহুতে অভিযোগ কৰে যে বাংলা ভাষাৰ অনুবাদবোৰত দুই-এটা পেৰাগ্ৰাফ পৰ্যন্ত ‘গায়ব’ হৈ যায়৷ ফলত বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ হোৱা বিদেশী কিতাপৰ আমাৰ ভাষাতো সেই হৃত পেৰেগ্ৰাফবোৰৰ সন্ধান পোৱা নাযায়৷ মই “আঁক-বাক” নামৰ প্ৰকাশন প্ৰতিষ্ঠানটোৰ সৈতে জড়িত৷ আমাৰ প্ৰকাশনলৈও কিছুমান বিদেশী কিতাপৰ অনুবাদৰ পাণ্ডুলিপি আহে৷ অলপ চোৱাৰ পাছত সেইটো ধৰাই পৰে, লেখকৰ সৈতে কথা পাতি নিশ্চিত হোৱা যায় যে হয়, বাংলাৰ পৰাহে অনূদিত৷ তেনেকুৱা কিতাপ মই প্ৰকাশৰ বাবে গ্ৰহণ নকৰো৷ মই ভাবো, ভুল অনুবাদ কিতাপ এখন প্ৰকাশ কৰাতকৈ কিতাপখন অনুবাদ নোহোৱাকৈ থকা বেছি ভাল৷ এই কথাখিনিৰ সমৰ্থনত মই এটা উদাহৰণ দিওঁ৷

“পীকস্কিল” প্ৰকাশ পোৱাৰ পাছত মোক আচৰিত কৰি কেইবাজনো অচিনাকি পঢ়ুৱৈ আৰু শুভাকাংক্ষীয়ে মোৰ হাতত অনুবাদ কৰিবলৈ কেইবাখনো কিতাপ তুলি দিছিল৷ তাৰ ভিতৰত পল ৰবছনৰ আত্মজীৱনী ‘Here I Stand’ খন অন্যতম৷ পিছে মোৰ হাতত তুলি দিয়া কিতাপখন আছিল বাংলা অনুবাদ, “যে পথে দাঁড়িয়ে”৷ প্ৰথমে কিতাপখন পঢ়িলোঁ৷ মই ওপৰত কৈছোৱেই নহয় যে অনুবাদ কৰাটো মোৰ চখৰ ব্যাপাৰ নহয়৷ কিন্তু কিয় জানো, “হিয়েৰ আই ষ্টেণ্ড”খন অনুবাদ কৰিবলৈ মোৰ মনত একপ্ৰকাৰ লোভ উপজিল৷ মই মূল কিতাপখনৰ সন্ধান কৰিবলৈ ধৰিলোঁ৷ তেতিয়াহে গম পালোঁ, অসমৰ বহু বাঁওপন্থী লোকেই পল ৰবছনৰ আত্মজীৱনীখন পঢ়া নাই৷ যি কি নহওক, বহু চেষ্টাৰ মূৰত অৱশেষত প্ৰকাশকৰ পৰা কিতাপখন সংগ্ৰহ কৰিবলৈ সক্ষম হ’লোঁ৷ এই সময়ছোৱাত গম পালো যে ইতিমধ্যে “হিয়েৰ আই ষ্টেণ্ড”খন অসমীয়ালৈ অনুবাদ হৈছে, তাকো দুজনে কৰিছে৷ তাৰে এখন সহজতে পালো, আনখন সমালোচনা লিখিবলৈ এজনে দিছিল, সেই সূত্ৰে পালো৷ “হিয়েৰ আই ষ্টেণ্ড” নামটো এজনে অনুবাদ কৰিছে “ভৰিৰ তলৰ মাটি”, আনজনে কৰিছে “মোৰ পথ”৷ কোনটো নাম কিমান শুদ্ধ মই একো নকওঁ৷ “মোৰ পথ”খন মই এতিয়ালৈকে পঢ়া নাই, গতিকে অনুবাদ কেনে হৈছে মই নাজানো৷ কিন্তু দেখিছোঁ, পল ৰবছনে তেওঁৰ পত্নী এছলাণ্ডা গুড ৰবছনৰ প্ৰতি জনোৱা কৃতজ্ঞতাখিনিয়েই তেওঁ অনুবাদ কৰা নাই৷ বাদ দি দিছে৷ অথচ পল ৰবছনৰ সংগ্ৰামী জীৱনত এছলাণ্ডাৰ সাংঘাতিক ভূমিকা আছে আৰু সেইবাবেই পল ৰবছনে উছৰ্গা কৰি জনোৱা কৃতজ্ঞতাৰ টোকাটোৰো সাংঘাতিক গুৰুত্ব আছে৷ আনখন অনুবাদ গ্ৰন্থ “ভৰিৰ তলৰ মাটি”ত অনুবাদ কৰা হৈছে “আপুনি আপুনি” হিচাপে৷ যিমানে সন্মানাৰ্থত ব্যৱহাৰ কৰা নাযাওক কিয়, গিৰীয়েকে ঘৈণীয়েকক কেতিয়াও আপুনি বুলি নকয়৷ ইংৰাজীত “ইউ” ব্যৱহাৰ কৰিলে তাৰ অন্তৰ্নিহিত অৰ্থৰ পৰা আমি “ইউ” মানে তুমি নে আপুনি সেইটো নিজে বুজি ল’ম৷ কিন্তু “ভৰিৰ তলৰ মাটি”ত অনুবাদকে অনুবাদ কৰিছে আপুনি বুলি৷ কাৰণ “যে পথে দাঁড়িয়ে”ত বাংলা অনুবাদকেও আপুনি বুলিয়ে কৰিছে৷ খুব সম্ভৱতঃ পল ৰবছনৰ সৈতে এছলাণ্ডা গুড ৰবছনৰ সম্পৰ্ক অথবা তেওঁলোকৰ জীৱন সম্পৰ্কে কোনো ধাৰণা নথকাৰ কাৰণেই আৰু কৃতজ্ঞতাৰ টোকাটোত বিশিষ্ট লেখক আৰু নৃতত্ত্ববিদ এছলাণ্ডা গুড ৰবছনৰ প্ৰতি বুলি লিখা কাৰণেই সম্বোধনটো তুমিৰ পৰিৱৰ্তে আপুনি বুলি অনুবাদ হৈ গ’ল৷ বাংলা অনুবাদ ভৰসা কৰাৰ এইটো হৈছে মজা৷

এতিয়া পঢ়ুৱৈৰ বিবেচনাৰ বাবে মই আটাইকেইটা উদাহৰণ সবিস্তাৰে উদ্ধৃত কৰো৷

Here I Stand ত পল ৰবছনে লিখা উছৰ্গাৰ টোকাটো –

TO ESLANDA GOODE ROBESON
Distinguished writer and anthropologist

Thanks for many things-

For your untiring labors in the interests of the African peoples, For your devotion to the struggle of our folk here in America for full freedom,

For your constructive analyses of the momentous events at the United Nations, which affect all manner of human societies,

For the deeply shared belief in and labors for the attainment of a lasting peace for all
the peoples of the earth,

And deepest gratitude for your help and guidance over many years of struggle, aspiration, achievement, and the constant awareness of a better future for our children and grandchildren.

এই উছৰ্গাটোকে “যে পথে দাঁড়িয়ে”ত দীপেন্দু চক্ৰবৰ্তীয়ে বাংলালৈ অনুবাদ কৰিছে –

বিশিষ্ট লেখক ও নৃতত্ত্ববিদ এসলাণ্ডা গুড ৰোবসনেৰ প্ৰতি

অনেক কিছুৰ জন্য ধন্যবাদ-
আফ্ৰিকাৰ জনগণেৰ স্বাৰ্থে আপনাৰ যে অক্লান্ত শ্ৰম তাৰ জন্য, এখানে আমেৰিকায় পূৰ্ণ স্বাধীনতাৰ
জন্য আমাদেৰ স্বাজাতিৰ জন্য, ৰাষ্ট্ৰসঙ্ঘে সমস্ত ৰকম মানবসমাজকে প্ৰভাবিত কৰে এমন গুৰুত্বপূৰ্ণ ঘটনাৰ যে-
গঠনশীল বিশ্লেষণ আপনি কৰেছিলেন তাৰ জন্য৷

সাৰা দুনিয়াৰ সমস্ত মানুষেৰ জন্য চিৰস্থায়ী শান্তি প্ৰতিষ্ঠায় আপনাৰ যে গভীৰ প্ৰত্যয় ও পৰিশ্ৰম তাৰ জন্য৷ এবং সৰ্বক্ষণ আমাৰ সন্তান সন্ততিৰ উন্নততৰ ভবিষ্যতেৰ চেতনায় আমাদেৰ সংগ্ৰাম, সাধ ও সাফল্যেৰ বছৰগুলিতে
আপনি যে-সাহায্য ও পৰামৰ্শ দিয়েছেন তাৰ জন্য গভীৰতম কৃতজ্ঞতা৷

এইবাৰ “ভৰিৰ তলৰ মাটি”ত আমাৰ অসমীয়া অনুবাদকে কৰা অনুবাদ-

এছলাণ্ডা গুড ৰবছনৰ প্ৰতি বিশিষ্ট লেখক আৰু নৃতত্ত্ববিদসকলৰ কৃতজ্ঞতা
নানা ধৰণৰ মহৎ কৰ্মৰ বাবে আপোনালৈ ধন্যবাদ-

আফ্ৰিকাৰ জনগণৰ স্বাৰ্থত আপোনাৰ যি অক্লান্ত শ্ৰম তাৰ বাবে, আমাৰ স্বজাতিৰ পূৰ্ণ স্বাধীনতাৰ বাবে সংগ্ৰামত আপোনাৰ যি আত্ম-বলিদান তাৰ বাবে, ৰাষ্ট্ৰসংঘত আপুনি সমগ্ৰ মানৱ-সমাজকে প্ৰভাৱিত কৰি এনে গুৰুত্বপূৰ্ণ ঘটনাৰ যি গঠনমূলক বিশ্লেষণ দাঙি ধৰিছিল তাৰ বাবে, সমগ্ৰ পৃথিৱীৰ মানুহৰ সমূহীয়া শান্তি প্ৰতিষ্ঠাত আপোনাৰ
যি গভীৰ প্ৰত্যয় আৰু পৰিশ্ৰম তাৰ বাবে৷

আমাৰ সন্তান-সন্ততিৰ উন্নততৰ ভৱিষ্যতৰ চেতনাত আমাৰ সংগ্ৰাম, আকাংক্ষা আৰু সাফল্যৰ সময়ছোৱাত
আপুনি যি সহযোগিতা আৰু দিহা-পৰামৰ্শ আগবঢ়াইছিল তাৰ বাবে আপোনালৈ জনাও গভীৰতম কৃতজ্ঞতা৷

প্ৰিয় পঢ়ুৱৈ, এবাৰ ভালকৈ ভাবি চাওকচোন,

TO ESLANDA GOODE ROBESON
Distinguished writer and anthropologist

এই শব্দকেইটাৰ অসমীয়া অনুবাদ বাৰু “এছলাণ্ডা গুড ৰবছনৰ প্ৰতি বিশিষ্ট লেখক আৰু নৃতত্ত্ববিদসকলৰ কৃতজ্ঞতা” হ’ব পাৰেনে? তাৰ মানে এইটো পল ৰবছনৰ কৃতজ্ঞতা নহয়? এছলাণ্ডা গুড ৰবছনৰ প্ৰতি বিশিষ্ট লেখক আৰু নৃতত্ত্ববিদসকলৰহে কৃতজ্ঞতা? কি মাৰাত্মক অনুবাদ৷ অথচ এই অনুবাদকগৰাকীৰ বোলে বহু কিতাপ অসমীয়ালৈ অনুবাদ হৈছে৷ এইখন কিতাপত ভুল কৰিছে, বেলেগ কিতাপত কৰা নাই – এনেকুৱা কথা হ’ব পাৰে জানো? তাৰ মানে পঢ়ুৱৈয়ে অনুবাদ পঢ়াৰ নামত অসংখ্য গৰলকে পান কৰি আছে?

মই ভাবো, সংখ্যাই নহয়, মানসম্পন্ন অনুবাদেহে সাহিত্য চহকী কৰিব পাৰে৷ ভাল অনুবাদেহে পঢ়ুৱৈক সমৃদ্ধ কৰিব পাৰে৷
##

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!