অনুৰ্ধ ১৭ বিশ্বকাপ ফুটবল………….আমাৰ কিছু আশা – চৈয়দ হান্নান আহমেদ

 

ভাৰতৰ ভূমিত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ফুটবলৰ মহাৰণ। প্ৰথমে যেতিয়া ভাৰতত বিশ্বকাপ
ফুটবল (অনুৰ্ধ ১৭)অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ পাইছিল আমাৰ বিশ্বাস কৰিবলৈ টান লাগিছিল যে ভাৰততো
বিশ্বকাপ ফুটবল হ’ব পাৰে । শতকোটিৰ অধিক ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙাই চূড়ান্ত কৰা হ’ল অনুৰ্ধ ১৭
বিশ্বকাপ ফুটবলৰ স্থান ভাৰতেই হ’ব। এয়া ভাৰতৰ বাবে এক স্বৰ্ণিল অধ্যায়ৰ সুচনা। আশাকৰোঁ ইয়াৰ পৰাই আৰম্ভ
হ’ব বিশ্বফুটবলত ভাৰতৰ স্বপ্নিল যাত্ৰা। ক্ৰিকেট বলিয়া দেশখনত ফুটবলৰ জনপ্ৰিয়তা নিচেই কম। আই.এছ.এল
আৰম্ভ হোৱাৰ পৰা ফুটবলৰ জনপ্ৰিয়তা কিছু বাঢ়িছে যদিও ক্ৰিকেটৰ জনপ্ৰিয়তাক চুবলৈ এতিয়াও বহু বাকী। বিশ্ব
ফুটবলৰ লগত তুলনা কৰিলে আই.এছ.এলৰ মানদণ্ড এতিয়াও উন্নত নহয় বুলিয়ে ক’ব লাগিব। আগন্তুক বিশ্বকাপ
প্ৰতিযোগিতাখন যদি ভাৰতে সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰে তেন্তে বিশ্ব ফুটবলৰ মানচিত্ৰত ভাৰতৰ পৰিচিতি বাঢ়িব।
ইয়েই হয়তো আই.এছ.এলৰ প্ৰতিও নামী-দামী খেলুৱৈক আকৰ্ষিত কৰিব। কোনে জানে হয়তো মেছি, ৰোনাল্ডো
আদিয়েও এদিন আমাৰ মাটিত খেলিব। আমি আশাবাদী।
বিশ্বকাপ অনুৰ্ধ ১৭ অনুষ্ঠিত কৰাৰ বাবে ভাৰতৰ লগতে আজাৰবাইজান, আয়াৰলেণ্ড আৰু উজবেকিস্থানেও
আবেদন কৰিছিল। ২০১৩ চনৰ ৫ ডিচেম্বৰৰ দিনা ফিফাই ঘোষণা কৰিলে যে ভাৰততেই অনুষ্ঠিত হ’ব আগন্তুক অনুৰ্ধ
১৭ বিশ্বকাপৰ ১৭তম সংস্কৰণ। লগে লগে হাঁহি বিৰিঙিল ভাৰতীয় ফুটবল প্ৰেমীৰ মুখত। পোনপ্ৰথম বাৰৰ বাবে
বিশ্বকাপ ফুটবলৰ সাক্ষী হৈ ৰ’ব ভাৰত। সঁচাকৈ আমাৰ বাবে গৌৰৱৰ কথা। কিন্তু এই গৌৰৱত কালিমা লাগিব যদিহে
ভাৰতে ইয়াক সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰে। খেলপথাৰৰ মানদণ্ডও গুৰুত্বপূৰ্ণ হ’ব। অহা ৬ অক্টোবৰ তাৰিখে
এক নতুন ইতিহাসৰ সাক্ষী হৈ ৰ’ব দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৫৮০০০ দৰ্শক। প্ৰথম খেলখন অনুষ্ঠিত হ’ব
কলম্বিয়া আৰু ঘানাৰ মাজত। সেইদিনায়ে আন এখন খেলত আমাৰ ভাৰতে যুঁজিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত। ২৮
অক্টোবৰত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত মুঠ ২৪খন দেশে অংশগ্ৰহণ কৰিব। খেলসমূহ অনুষ্ঠিত হ’ব মুঠ
ছয়টা স্থানত। অসমবাসীৰ বাবে আনন্দৰ কথা যে আমাৰ সৰুসজাইতো অনুষ্ঠিত হ’ব মুঠ ৯খন খেল। ইয়াৰে লীগ
পৰ্য্যায়ৰ ৬খন, ২য় ৰাউণ্ডৰ এখন, কোৱাৰ্টাৰ ফাইনেল এখন আৰু এখন ছেমিফাইনেল। লীগ পৰ্য্যায়ৰ খেলকেইখন
অনুষ্ঠিত হ’ব ৮, ১১ আৰু ১৪ অক্টোবৰত। প্ৰতিদিনে দুখনকৈ খেল হ’ব। গ্ৰুপৰ পাঁচখন খেলৰ লগতে গ্ৰুপ এফৰ
এখন খেল হ’ব য’ত ফ্ৰান্স, চিলিৰ দৰে দেশে খেলিব। ২য় ৰাউণ্ডৰ খেল হ’ব ১৭ অক্টোবৰত। কোৱাৰ্টাৰ আৰু
ছেমিফাইনেল দুখন হ’ব ক্ৰমে ২১ আৰু ২৫ অক্টোবৰত। ফাইনেল খন অনুষ্ঠিত হ’ব কলকাতাত ২৮ অক্টোবৰত। খেল
অনুষ্ঠিত হ’ব লগা স্থানসমূহ হ’ল- কলকাতা, নতুন দিল্লী, কোচি, মুম্বাই, গোৱা আৰু গুৱাহাটী।
মেছকট “খেলেও”(এবিধ নাহৰফুটুকী) মুকলি কৰা হয় যোৱা ১০ ফেব্ৰুৱাৰীত।

ভাৰতৰ বাবে ফুটবলৰ জগত খনত নিজকে চিনাকী দিয়াৰ এয়া এক সুৱৰ্ণ সুযোগ । জনসংখ্যাৰ দিশৰ পৰা
২য় স্থানত থকা দেশখনৰ বৰ্তমানৰ ফুটবল ৰেংকিঙ ৯৭। সেইহিচাপে চালে দেখা যায় মুল বিশ্বকাপত ভাৰতে স্থান
পাবলৈ আৰু হয়তো কেইবা বছৰ লাগিব। কিন্তু আয়োজক দেশ হিচাপে এইবাৰ ভাৰতে সুযোগ পাইছে বিশ্বৰ শক্তিশালী
দেশৰ লগত প্ৰতিদ্বন্দিতা কৰাৰ। নিজৰ প্ৰতিভাৰে বিভিন্ন ক্লাৱক আকৰ্ষিত কৰাৰ সুযোগ পাব তৰুণ ভাৰতীয়ই।

কোনে জানে হয়তো আমাৰ দেশৰ পৰাই এদিন সৃষ্টি হ’ব বিশ্ববিখ্যাত খেলুৱৈৰ। অসমীয়া হিচাপে আমিও গৌৰৱান্বিত যে
বিশ্বকাপ আমাৰ মজিয়াতো হ’ব। বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিব আমাৰ সৰুসজাই। কিন্তু সৰুসজাইৰ কামৰ অগ্ৰগতিত
ফিফা সন্তুষ্ট নহয় বুলি বাতৰি কিছুমান ওলাই আছে। আমি আশা কৰিম যে দায়িত্বত থকা সকলে যাতে নিষ্ঠা
সহকাৰে কাম কৰে। চৰকাৰেও এইক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে যাতে অসমবাসী বিশ্বৰ ওচৰত লাজ পাব লগা নহয়।
ভাৰতে নিজৰ প্ৰথমখন খেল আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব ৬ অক্টোবৰত। দ্বিতীয়খন খেলিব ৯ অক্টোবৰত
কলম্বিয়াৰ বিৰুদ্ধে। লীগৰ অন্তিমখন খেলিব ঘানাৰ বিৰুদ্ধে ১২ অক্টোবৰত। আশাকৰোঁ ইয়াতে শেষ নহয় ভাৰতৰ
অভিযান। পৰৱৰ্তী ৰাউণ্ডত ভাৰতৰ খেল চোৱাৰ সৌভাগ্য আমাৰ কাম্য।

প্ৰতিযোগিতাখনত মুঠ ছয়টা গ্ৰুপ থাকিব।
গ্ৰুপ এ-ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, কলম্বিয়া আৰু ঘানা।
গ্ৰুপ বি- পাৰাগুৱে, মালি, নিউজিলেণ্ড আৰু তুৰ্কী।
গ্ৰুপ চি-ইৰাণ, গুৱেনা, জাৰ্মানী আৰু কোষ্টাৰিকা।
গ্ৰুপ ডি- উত্তৰ কোৰিয়া, নাইজাৰ, ব্ৰাজিল আৰু স্পেইন।
গ্ৰুপ ই-জাপান, নিউ কেলিডনিয়া আৰু ফ্ৰান্স।
গ্ৰুপ এফ-ইৰাক, মেক্সিকো, চিলি আৰু ইংলেণ্ড।

ভাৰতত ইতিমধ্যেই আৰম্ভ হৈছে ফুটবল বিপ্লৱৰ। ক্ৰিকেট পাগল নৱ প্ৰজন্মই যদি ফুটবলকো সমানে গুৰুত্ব
দিয়ে আৰু চৰকাৰেও সহযোগিতা আগবঢ়ায় তেন্তে ই হ’ব দেশখনৰ বাবে শুভ লক্ষণ। আমি আশাকৰো আমাৰ দেশখনো
এদিন জাৰ্মানী,ব্ৰাজিলৰ দৰে জিলিকিব। ২০১৭ বৰ্ষই হওক ইয়াৰ প্ৰথম ঢাপ। এইবাৰ যদি সফলভাৱে ভাৰতে খেল
পৰিচালনা কৰিব পাৰে তেন্তে ভৱিষ্যতেও ফিফাৰ ভাৰতৰ ওপৰত সুদৃষ্টি পৰিব পাৰে।

অনুৰ্ধ বিশ্বকাপ ফুটবলৰ সৰ্বাধিক পাঁচবাৰ খিতাপ দখলকাৰী নাইজেৰিয়া এইবাৰ প্ৰতিযোগিতাত যোগ্যতা
অৰ্জন কৰাত ব্যৰ্থ হ’ল।

১৯৮৫ চনত আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ প্ৰথম চেম্পিয়ন আছিল নাইজেৰিয়া। ইয়াৰ পাছত ১৯৮৭
চনত চোভিয়েট ইউনিয়ন, ১৯৮৯ চনত চৌদি আৰৱ, ১৯৯১ চনত ঘানা, ১৯৯৩ চনত নাইজেৰিয়া, ১৯৯৫
চনত ঘানা, ১৯৯৭ চনত ব্ৰাজিল, ১৯৯৯ চনত ব্ৰাজিল, ২০০১ চনত ফ্ৰান্স, ২০০৩ চনত ব্ৰাজিল, ২০০৫
চনত মেক্সিকো, ২০০৭ চনত নাইজেৰিয়া, ২০০৯ চনত ছুইজাৰলেণ্ড, ২০১১ চনত মেক্সিকো, ২০১৩ চনত
নাইজেৰিয়া আৰু ২০১৫ চনত নাইজেৰিয়া চেম্পিয়ন হয়৷

ব্ৰাজিল, ফ্ৰান্সক হৰুৱাই এইবাৰ ভাৰত চেম্পিয়ন হ’ব বুলি অলীক সপোন আমি নেদেখো। এয়া মাথো
আৰম্ভণিহে। আমি আশা কৰিম ভাৰতে ছেমিফাইনেল, ফাইনেল নেখেলিলেও অন্তত উন্নত খেল প্ৰদৰ্শন কৰক।
বিশ্ববাসীয়ে ভাৰতীয়ৰ ভৰিৰ যাদু দেখক। এক বাৰ্তা পৱিত্ৰ ভাৰতভূমিৰ পৰা যাওক যে ফুটবলৰ পৃথিৱীত আৰু এক

নতুন শক্তি জনম লৈছে যাৰ নাম ভাৰত। মূল বিশ্বকাপত ভাৰতৰ খেল চাবলৈ আৰু যাতে বহুবছৰ আমি অপেক্ষা কৰিব
নালাগে সেই আশা আজি প্ৰতিজন ভাৰতীয়ৰ বুকুত। এই বিশ্বকাপ সফলতাৰে অনুষ্ঠিত হৈ যোৱাটোৱে এতিয়া আমাৰ
কামনা। ইয়াৰ লগত জড়িত হৈ আছে ভাৰতীয়ৰ মান সন্মান সকলো। খেলেৰে খেলুৱৈ সকলে আৰু আমি সমৰ্থনেৰে
বিশ্ব ফুটবলত সংযোজন কৰো আহক আন এটা নতুন নাম-“ভাৰত”।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!