অপবিজ্ঞান মহাবিদ্যালয়ৰ আচাৰ্য্য ( অভিজিত কলিতা )

ৰিফ্ৰিজাৰেটৰ বা ফ্ৰিজত থোৱা খাদ্যবস্তুৰ গুণাগুণ কম হৈ যায়, ফ্ৰিজৰ ভিতৰৰ বায়ুত থকা জলীয় ভাঁপখিনি গোট মাৰি যোৱা বাবে, পাৰ্চিয়েল প্ৰেচাৰ কমি ভিতৰখন শুকান হৈ পৰে আৰু ফলত ভিতৰত থকা খাদ্য বস্তুৰ পানীভাগ শুকাই যায়, (খাদ্যত থকা পানীখিনি বৰ দৰকাৰী বস্তু, সকলো দিশৰ পৰা), বহুদিন ফ্ৰীজত থাকি গেলি পঁচি যোৱা খাদ্যও দেখাত ভাল হৈ থকা যেন লাগে, কৃত্ৰিম পৰিবেশত বহুত অনাহুত অণুজীৱই বাঁহ লয়, বেছি ঠাণ্ডা বস্তু খালে দাঁতৰ লগতে আৰু বহু অংগৰ ক্ষতি হব পাৰে, পানী লগা জ্বৰ, কাঁহ হব পাৰে…ইত্যাদি৷
এইবোৰ সকলো মানি লব পাৰি, কিন্তুু এইটো যুক্তি নোৱাৰিছোগৈ…..
“ফ্ৰিজত “ক্ল’ৰ’ ফ্ল’ৰ’ #কাৰ্বন# (বা চি এফ চি বা ফ্ৰিঅন)“ নামৰ এবিধ গেচ ব্যৱহাৰ হয়, আৰু ভিতৰত থকা খাদ্য বস্তুৰ লগত সি মিহলি হয়৷ যি #কাৰ্বনক# আমি নিশ্বাসত সদায় বাহিৰ কৰি থাকো (কাৰ্বন ডাই অক্সাইড) ভাৱি চাওকচোন, সেই #কাৰ্বন# খালে আমাৰ দেহৰ কিমান ক্ষতি হব পাৰে“
এয়া হেনো এগৰাকী বিখ্যাত আচাৰ্যই এটা টিভি চেনেলত কোৱা কথা৷ পিছে মই নিজে দেখা নাই৷ আলোচনাত এজন সহকৰ্মীয়ে কোৱা হে শুনিছো, আলোচনাৰ খাতিৰত কথাখিনি আচাৰ্যই এনেকৈয়ে কৈছে বুলি ধৰি লৈছো, কাৰণ ইয়াৰ উদ্দেশ্য কোনো আচাৰ্যক সমালোচনা কৰা নহয়৷
এজন সাধাৰণ লোকৰ বাবে, যাৰ বিজ্ঞানৰ বিশদ জ্ঞান নাই, বা সিমান গুৰুত্বও দিয়া নাই, তেওৰ বাবে আচাৰ্যৰ যুক্তিখিনি একেবাৰে পানী নসৰকা৷ ইয়াত আপাতঃ দৃ্ষ্টিত কোনো ভুল নাই-
১) ফ্ৰিজত চি এফ চি ব্যৱহাৰ হয় মানে হৈছিলে (আজিকালি অৱশ্যে ইয়াক নিষিদ্ধ কৰি আইন কৰা হৈছে, পিছে মানুহক বেমাৰ কৰাৰ বাবে নহয়, অজ’ন লেয়াৰত ফুটা কৰা বাবেহে চি এফ চি ক দোষী সাব্যস্ত কৰা হৈছে৷ )
২) আমি নিশ্বাসত কাৰ্বন ডাই অক্সাইড এৰি দিও৷ সেয়াও সঁচা
কিন্তুু কথা হ’ল এই গোটেই যুক্তিটো একেবাৰে ভুল আৰু মানুহক বিভ্ৰান্ত কৰাৰ বাবে শাস্তিৰ যোগ্য৷ এয়াই অপ-বিজ্ঞান, বা চিউড’ চাইন্স৷
কোনো লোকে যিকোনো কাৰণতে নহওক কিয়, কোনো অন্ধবিশ্বাসক দুটামান কাৰিকৰী শব্দ বা বিজ্ঞানৰ সূত্ৰৰ ভুল ব্যখ্যাৰে যুক্তিসংগত বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাকে অপ-বিজ্ঞান বুলিব পাৰি৷ ই আচলতে অন্ধ-বিশ্বাসতকৈয়ো অপকাৰী৷ সাধাৰণ লোকখিনিক অপ-বিজ্ঞানে নজনাকৈয়ে অন্ধবিশ্বাসী কৰি গঢ়ি তোলে৷ তাতে জনপ্ৰিয় সংবাদ মাধ্যম আদিয়ে এইবোৰ কথা গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিলে ক্ষতি হাজাৰ গুণে বৃদ্ধি পায়৷
আজিৰ আলোচনাটো হৈছিল কেইজন মান উচ্চ-শিক্ষিত দ্বায়িত্বশীল লোকৰ মাজতেই; আচলতে প্ৰায়বিলাক লোকেই আচাৰ্যৰ যুক্তিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ পৰাত মই মনে মনে শংকিত হৈ পৰিছিলো৷ বুজিছিলো, তেওলোকে কথাটো গভীৰ ভাৱে গমি চোৱা নাই, নাইবা আমাৰ সহজাত “বিশ্বৰ সৰ্বোৎকৃষ্ট ঐতিহ্যৰ গৌৰৱবোধ“ য়েও ইয়াত অৰিহণা যোগাইছিল৷
কিছুদিনৰ আগতে এজন লোকে ’ঔম’ শব্দত ৰিজনেন্সৰে মানুহক নানান ৰোগৰ পৰা মুক্তি দিব পাৰে বুলি বক্তব্য ৰখা লিখনি এটাটো মই যুক্তিৰে বিছাৰ কৰাৰ চেষ্টা চলোৱা মনত আছে৷ ’ঔম’ শব্দই মানুহৰ উপকাৰ কৰে নে নকৰে সেই বিষয়ে মোৰ কোনো জ্ঞান নাই, কিন্তুু কৰাৰ সম্ভাৱনাই অধিক৷ নহ’লে ইমান হাজাৰ বছৰে এই ব্যৱস্থাটো টিকি নেথাকিলেহেতেন৷ যি এই কথা বিশ্বাস কৰে আৰু একান্ত মনেৰে সাধনা কৰে তেও উপকাৰ পাবই৷ বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ, কথাটো ময়ো বিশ্বাস কৰো৷
কিন্তুু সেই লিখনিটোত বিশ্বাসক প্ৰতিষ্ঠা কৰিবৰ বাবে অপ-বিজ্ঞান বা বিজ্ঞানৰ অপবাখ্যাৰ সহায় লোৱা হৈছিল৷ সেয়া কোনোমতেই মানি লব পৰা কথা নহয়৷
একেখিনিয়েই মোৰ আপত্তি ওপৰত কোৱা আচাৰ্যৰ বক্তব্য খিনিতো৷ তাত থকা অপব্যাখ্যা খিনি চমুকৈ সহজ ভাষাৰে বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম
১) এটা যুক্তি হ’ল – যিহেতু আমি কাৰ্বন ডাই অক্সাইড নিশ্বাসত এৰি দিও, গতিকে কাৰ্বন আমাৰ শৰীৰৰ বাবে অপকাৰী বস্তু৷ (চি এফ চিত ’ডাই-অক্সাইড’ বোলা অংশটো নাই, গতিকে কাৰ্বনকেই মূল অপৰাধী বুলি ধৰিব লাগিব৷ )
কাৰ্বন ইমান বেয়া বস্তু? কিমধিকমতি! !
প্ৰথমতে ৱিকিপেডিয়াৰ পৰা এটা শাৰী উদ্ধৃত কৰো,
“Carbon forms the key component for all known life on Earth.“
কাৰ্বন নেথাকিলে দেখোন পৃথিৱীত জীৱ বা উদ্ভিদৰ সৃষ্টিয়েই নহ’লহেতেন৷ জীৱকুলৰ সংগঠন আৰু পোষণৰ বাবে প্ৰয়োজনীয় ’কাৰ্বহাইড্ৰেট’ বা ’স্বেতসাৰ’, প্ৰটিন(এনজাইম বিলাককো ধৰি), চেনি, আনকি DNA বা RNA ত থকা নিউক্লিঅটাইডত দেখোন কাৰ্বন নহ’লেই নহয়৷
“ DNA (deoxyribonucleic acid) and RNA (ribonucleic acid), are made from monomers known as nucleotides. Each nucleotide has three components: a #5-carbon sugar#, a phosphate group, and a nitrogenous base “ (ৱিকিৰ পৰা)
গাড়ী চলিলে ধোৱা ওলাবই, আমাৰ শৰীৰৰ গাড়ীখনৰ আচল ইন্ধন হ’ল অক্সিজেন, এই অক্সিজেনে কাৰ্বনৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড বা ধোৱা উৎপন্ন কৰে৷ কাৰ্বন ডাই অক্সাইডত কাৰ্বন আৰু অক্সিজেন দুইটা বস্তু থাকে, আচাৰ্যৰ যুক্তিৰে বুজিবলৈ গ’লে তাৰমানে অক্সিজেনো দেহৰ বাবে অপকাৰী৷
(এটা কাৰ্বন আৰু দুটা অক্সিজেনৰ পৰমাণু লগ লাগি কাৰ্বন ডাই অক্সাইড বা CO2 তৈয়াৰ হয়)
২) দ্বিতীয় যুক্তি হ’ল ফ্ৰিজত ব্যৱহাৰ হোৱা ক্ল’ৰ’ ফ্ল’ৰ’ কাৰ্বন (CFC) খাদ্যত মিহলি হৈ খাদ্যক বিষাক্ত কৰি তোলে৷
ভালদৰে নেজানো, কিন্তুু CFC খালে মানুহ বেমাৰ হোৱা কি, মৰিয়েই থাকিব যেন লাগে৷ ইয়াত কাৰ্বনৰ উপৰিও ফ্লৰিণ আছে, ক্লৰিণ আছে৷ ক্লৰিণ গেছ শুঙি অমুকা নিজেই এবাৰ হস্পিটেলাইজ হোৱা মনত আছে৷ ডাক্তৰে আধাঘণ্টা মান অক্সিজেন দি হে জীৱটো ঘূৰাই আনিছিলে৷ ( আচলতে যৌগত পদাৰ্থবিলাকৰ ধৰ্ম সলনি হয়, কাৰ্বন-ডাই-অক্সাইডৰ পৰা কাৰ্বনক অকলে উলিয়াই আনি অপৰাধী সজোৱাৰ দৃষ্টিৰ পৰাহে ক্লৰিণৰ কথাখিনি ক’লো৷ )
কথাটো হ’ল এই CFC কোনোপধ্যেই ‌ফ্ৰীজৰ ভিতৰত থকা খাদ্য বস্তুৰ সংস্পৰ্শলৈ আহিব নোৱাৰে৷ খুব বেছি ই ’লীক’ হৈ বাহিৰৰ বতাহত মিহলি হব পাৰে, যাৰ বাবে প্ৰদূষণ হব, অজ’ন স্তৰত বিন্ধা ওলাব, সূৰ্যৰ অতিবেগুণী ৰশ্মিয়ে এই ফুটাবোৰেদি আমি আমাৰ চালত কেন্সাৰকে ধৰি নানান বেমাৰ সৃষ্টি কৰিব৷ এই বিলাক সকলোৱে জানে৷ ই আচলতে এটা খুব Volatile পদাৰ্থ, অলপ সুবিধা পালেই ভুৰুংকৈ ওপৰলৈ উৰা মাৰে৷ খাদ্য বস্তু বিষাক্ত কৰি সময় নষ্ট কৰি থকা বস্তু ই নহয়েই৷
এই যুক্তিৰে কবলৈ গ’লে – জলবিদ্যুত প্ৰকল্পৰ পৰা উৎপাদিত বিদ্যুতেৰে জ্বলোৱা লাইটবোৰৰ পোহৰ উজ্জ্বল নহয় সেমেকা, বা মদ খাই গান গোৱা গায়কৰ গান মোবাইলত শুনিলে শুনাবোৰৰো নিচা লাগে, ইত্যাদিও যুক্তিপূৰ্ণ কথা৷
ফ্ৰীজত বহুদিন ৰখা খাদ্য খোৱাৰ মই পোষকতা নকৰো৷ ঘৰত ফ্ৰীজ এটা আছে যদিও শাক পাচলি, মাছ মাংস আদি আমি কেতিয়াও ফ্ৰীজত থৈ নেখাও৷ কিন্তুু সমস্যাটো ফ্ৰীজত থকা বস্তু খাব লাগে নে নেলাগে তাত সীমাৱদ্ধ হৈ থকা নাই, কিছুলোকে অপ-বিজ্ঞানৰ সহায় লৈ সাধাৰণ মানুহখিনিক পথভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰিছে, তাৰ বিৰোধিতা কৰিব লাগে৷ হয়তো আচাৰ্যই মই উদ্ধৃতি দিয়াৰ দৰে কথা খিনি কোৱা নাছিল, তাক লৈ আপত্তি কৰিব নেলাগে৷ সামগ্ৰিক কথা এটা উত্থাপন কৰিবলৈহে এই উদাহৰণটো লোৱা হ’ল৷
যুক্তি আৰু বিশ্বাস জীৱন ধাৰণৰ দুটা পৃথক পদ্ধতি, তাক পৃথককৈ ৰখাই শ্ৰেয়৷ বিশ্বাস প্ৰতিষ্ঠা কৰিবলৈ অপবিজ্ঞানৰ সহায় লোৱা অনুচিত, তাকে পোনে পোনে বিশ্বাস বুলি কবলৈ সৎ সাহস থকা বাঞ্ছনীয়৷
কিন্তুু এই প্ৰচেষ্টা চলি আহিছে, কিবা এটা পৃথক কৰাৰ আশাত মেডিয়াই ও ইয়াত বৰঙনি যোগাইছে৷ আৰু মানুহবোৰে ইয়াকে বিজ্ঞানসন্মত বুলি ভাবি গৈ আছে৷ আৰু ফলত সমাজ
“এট ফুল থ্ৰট’ল, ইন বেক গিয়েৰ“: -)
(বি. দ্ৰ.: – আন নেলাগে এইখিনি কথা মই নিজৰ মানুহজনীকে বুজাব পৰা নাই, তথাপি এটা কথাই উৎসাহ দিছে, ফেচবুকত মই যিমান আপডেট দেখিছো, নেটিজেন সকলে এই কথাটো বুজি উঠিছে যেন লাগিছে, আচাৰ্যক লৈ কৌতুকো কৰিছে৷ মোৰ বাবে এই সচেতনতা এটা ভাল খবৰ৷ এই খিনি সচেতন মানুহে আনক কবলৈ দুই এটা যুক্তি পাওক বুলিয়েই মই জনা কথাখিনি লিখিছো)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!