অভিমান – চয়নিকা শইকীয়া
তুমি দুচকুৰে
ঋতু সলাওঁতে
মই
উম-এৰা সময় হৈ
নিলগতে ৰʼলোঁ,
মইতো তোমাৰ
ব’হাগ নহয়
যে
ছাটি মাৰি দুচকুৰে
সিঁচি যাবা
বনফুলৰ সপোন।
তুমি
আকৌ দুচকুৰে
ঋতু সলোৱা যদি
মই
ৰহ-দিয়া সময় হৈ
নিলগতে ৰʼম,
হʼব নোখোজোঁ মই
কচুপাতৰ বাখৰ যেন
খন্তেকীয়া আৱেগ,
তুমি
লাহী আঙুলিৰে
লিৰিকি চাব খোজা
জিলিকা হেঁপাহ।
০০০০০