অলিম্পিক (-হিমজ্যোতি তালুকদাৰ)

বহুবিতৰ্কিত ১৯৩৬ বাৰ্লিন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান মহাপৰাক্ৰমী হিটলাৰে বাৰ্লিনত অলিম্পিক অনুষ্ঠিত কৰিছিল জাৰ্মানীৰ পৰাক্ৰম আৰু ঐশ্বৰ্য বিভুতি বিশ্ববাসীক দেখুৱাবলৈ। বাৰ্চিলোনাক হৰুৱাই ১৯৩৬ চনত বাৰ্লিনে অলিম্পিক খেল অনুষ্ঠিত কৰাৰ দায়িত্ব লভে। লগে লগে আৰম্ভ হয় তীব্ৰ বিতৰ্কৰ। অলিম্পিকত হিটলাৰৰ ইহুদী আৰু নিগ্ৰো বিদ্বেষ সৰ্বত্ৰে সমালোচিত হয়। ইহুদী আৰু নিগ্ৰো লোক সকলক বাৰ্লিন অলিম্পিকৰ অংশগ্ৰহন কৰাৰ যি পৰিকল্পনা কৰা হৈছিল সেয়া মষিমূৰ হৈছিল বিভিন্ন দেশৰ বাৰ্লিন অলিম্পিক বৰ্জনৰ ভাবুকিত। ৫১ খন দেশৰ ৫০০০ খেলুৱৈয়ে অংশগ্ৰহন কৰা বাৰ্লিন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছিল ১৯৩৬ চনৰ ১ আগষ্ট তাৰিখে। সম্ভাষণ গ্ৰহণ কৰিবলৈ উপস্থিত আছিল খোদ আডল্ফ হিটলাৰ। কিন্তু এই উদ্বোধনী অনুষ্ঠাত দেখা গৈছিল বিভিন্ন চৰ্চিত দৃশ্য। জাৰ্মানীৰ শত্ৰু দেশ সমূহে হিটলাৰক ‘নাজী চেলুটেৰে সন্মান জনোৱা নাছিল। এই ক্ষেত্ৰত বিভিন্ন দেশৰ মাজত আছিল অইন এক দোধোৰ মোধোৰ অৱস্থা। কাৰণ পৰম্পৰাগত ‘অলিম্পিক চেলুট’ আছিল ‘নাজী চেলুটৰ’ দৰে প্ৰায় একে। অলিম্পিক চেলুট মতে নিজৰ সোঁহাত খন সমান্য ওপৰলৈ ডাঙি সম্ভাষণ জনোৱা হয়। কিন্তু নাজী চেলুটৰ লগত মিল থকা কাৰণে বহু দেশে এই দুই ধৰণৰ চেলুটৰ পৰাই আঁতৰি থাকে। যি সময়ত অষ্ট্ৰীয়াই হিটলাৰী চেলুটেৰে হিটলাৰক সম্ভাষণ জনাইছিল, বৃটিছ আৰু আমেৰিকান খেলুৱৈয়ে সম্ভাষণ জনাইছিল সৈনিক চেলুটেৰে (eyes right salute)। ফ্ৰান্সে এই অনুষ্ঠানত হিটলাৰী চেলুট দি সকলোকে চমত্কৃত কৰিছিল। পাছত ফ্ৰান্সৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছিল যে সেয়া অলিম্পিক চেলুট হে আছিল। সেই সময়ত অংশগ্ৰহন কৰা বৃটিচৰ অধীনৰ ভাৰতীয় দলেও দিছিল সৈনিক চেলুট। উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপ্ৰধান আৰু অলিম্পিক কৰ্মকৰ্তা সকলক সম্ভাষণ জনাই নিজৰ দেশৰ ৰাষ্ট্ৰীয় পতাকা অলপ হেলনীয়া কৰি দিয়া এক পৰম্পৰা আছিল যদিও, আমেৰিকাই এই পৰম্পৰা ভংগ কৰে। হিটলাৰ বিৰোধী নীতিৰূপে আমেৰিকান পতাকা থিয় হৈয়ে আগবাঢ়িছিল, মাথোঁ খেলুৱৈ সকলে নিজৰ টুপী খুলি হিটলাৰক সম্ভাষণ জনাইছিল। “I proclaim the games of Berlin celebrating the eleventh olympiad of the modern era, to be open.” এইদৰেই হিটলাৰে বাৰ্লিনৰ বহু বিতৰ্কিত অলিম্পিক খেল উদ্বোধন কৰাৰ কথা ঘোষণা কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!