অশান্তি অশান্তি কৈ কিয় ইমান অশান্তি কৰে হাঃ (-সুৰজিত নেওগ)

অশান্তি অশান্তি কৈ কিয় ইমান অশান্তি কৰে হাঃ

 

সুৰজিত নেওগ

 

আচ্ছা এটা কথা কওকচোন, এই কেইদিন যে পেপাৰ, পত্ৰ আৰু টিভিত অনবৰতে অসমত জুই জ্বলিছে, হিংসা-হত্যাৰ দাবানল, পৃথক ৰাজ্যৰ দাবীত মৰা-মৰি, কটা-কটি চলিছে বুলি বাতৰি পঢ়িছো বা দেখিছোঁ সেইবোৰ গোকাট মিছা কথা নহয়নে বাৰু? কোনো চক্ৰান্তকাৰীৰ উৰাবাতৰি, বিৰোধীৰ অপচৰ্চা যেন হে লাগিছে কিন্তু মোৰ… আপোনাৰ?

 

কি কয় হে? ক’তনো ইমান অশান্তি দেখিলে? আমাৰ খুদ ৰাজধানী গুৱাহাটীত দেখোন সেইবোৰ একো অশান্তি চশান্তি নাই… তেনে কিবা হৈ আছে বুলি একো ভূকে পোৱা নাই হে ..নিয়ম মাফিক অফিচ আহিছোঁ, তাম্মাম কাম চাম কৰি ফুটপাথৰ কাষত গাড়ী বাইক ৰখাই আড্ডা চাড্ডা (!) মাৰি ৰাতি ঘৰলৈ গৈছোঁ… অশান্তি ক’ত দেখিলে হে? ক’ত জুই জ্বলিছে নো? জুই জ্বলিছে যদি কেৱল নিজৰ পাকঘৰত, তাকো গেছত জ্বলিছে… আৰু জ্বলিছে হোটেলৰ ডাঙৰ ডাঙৰ ধুনীয়া পাকঘৰবোৰত বগা দীঘল টুপী পিন্ধা চে’ফবোৰে জ্বলোৱা সেই জুইকুৰা, তাকো আপোনাৰ মোৰ জিভাৰ তৃপ্তিৰ বাবে … অ’ আৰু কেইটামান ঠাইত জ্বলিছে, ফুটপাথৰ কাষে কাষে থকা তন্দুৰী চিকেনৰ তন্দুৰবোৰত…. আৰে এই জুই জ্বলিবই, তন্দুৰত জুই নজ্বলিলে এনে তন্দুৰৰ ওচৰত শাৰি শাৰি গাড়ী, বাইকবোৰত বহি আপুনি মই প্লাষ্টিকৰ গিলাচত সেই শান্তিপানী কণ কেনেকৈ গলাধঃকৰণ কৰিম কওকছোন… যত চব বাজে কথা,,, চকু চৰহাৰ দল…. হেৰৌ আগৰ অগপৰ দিনত ইমান তন্দুৰ গুৱাহাটীত আছিল নেকি? হুহ, ইমান ৰাতিলৈকে বিন্দাচ আপুনি ময়ে নিৰাপদে পুলিচৰ খেদা নোখোৱাকৈ ক’ত এনেকৈ ৰাস্তাৰ কিনাৰত বহি শান্তিত তন্দুৰী চিকেনৰ লগত প্লাষ্টিকৰ গিলাচত….?? যা তা কথা কৈ মানুহক উত্তেজিত কৰি নাথাকিব দেই …

 

কতা অশান্তি? চাইৰেণ বজাই মন্ত্ৰী, বিষয়া, স্বায়ত্বশাসিত পৰিষদৰ সদস্য কনভয়ত গৈয়ে আছে..। পুৱা গধূলি যেতিয়া আপোনাৰ মোৰ দৰে নগণ্যলোক সকল ট্ৰেফিকজামত ‘ফঁচো’ তেতিয়া দেখোন এনে বিয়াগোম বিয়াগোম লোকৰ কনভয় এটা পাই গলে কিমান স্বস্তি অনুভৱ কৰো.. হয়নে? মিছা ক’লে কিডাল হ’ব? বচ তাৰ পিছত আপোনাৰ বাইকখন, মোৰ গাড়ীখন কেনেবাকৈ তাৰ পিছত লগাই দিয়্ক … কোনো চিন্তা নাই, ট্ৰেফিক চিগনেল টিগনেল নামানি ফোঁ-ফোঁৱাই বৰলোকৰ কনভয়ৰ পিছত নিজৰ গাড়ী-বাইক চুটাই দিয়্ক…. আৰু প্ৰায়ে দেখিব এই কনভয়টো চিধাই আমাৰ ক্ৰিকেট খেলমন্ত্ৰীৰ হোটেলত ডাইৰেক্ট সোমাই গৈছে… অলপ আড্ডা মাৰিব আক’…!! কি,আপুনি ক্ৰিকেট খেলমন্ত্ৰীৰ হোটেল চিনি নাপায়? আৰে বেলতলাত হে… আহিব এদিন, বহি একেলগে টানিম..

 

হেৰা, এনেই অশান্তি অশান্তি কৰি টি আৰ পিৰ ধান্দাত নাথাকিবচোন… কাম বন নাই নেকি? ক’ৰবাত টায়াৰ জ্বলাই লেখিছে ডিভাইদ আচাম ফিফ্টি ফিফ্টি আৰু আপোনালোকে তাকে ব্ৰেকিং নিউজ বনাই বাৰে বাৰে দেখুৱাই আছে… আৰে ইমান ব্ৰেকিং নিউজ দেখুৱাব মন আছে গৰুচোৰক পিতন দিয়া, পৰকীয়া প্ৰেম কৰি ধৰা পৰি চুলি খুৰাই দিয়া, বান্দৰে গিলাচত কেনেকৈ ভাং খাই আছে, এজোপা কলগছৰ ৫ টা কলডিল ওলাইছে সেইবোৰ নিউজ দেখুওৱাক না… আৰু শুনক, যদি আন একো ব্ৰেকিং নিউজ নাপায় তেন্তে লেটেষ্ট যৌন কেলেংকাৰিৰ ঘটনাটোকে মা-মছলা সানি দিয়ক প্ৰাইম টাইমত…মাৰ্কেটত ইমান হট নিউজ ক’ত পাব? কি কয়? সেইটো বেলেগে ষ্টিং কৰিলে। তাতে কি হ’ল, ধুৰ, নিউজটো দেখুৱাই থাকোঁতে ‘আৱাৰ এক্সক্লুচিভ কভাৰেজ’ বুলি স্ক্রল কৰিবলৈ নাপাহৰিব… লটাৰিকিঙৰ বাবে এইবোৰ কিনো ডাঙৰ কথা? কিমান স্ফূৰ্তি কৰিলে… এটা ধৰিলে, তাতে কি হ’ল? আৰে অৱতাৰী পুৰুষ হ’ল বুলি দৈহিক প্ৰয়োজন নাথাকিব নেকি? আৰে ভাই, ঈশ্বৰে কৰিলে লীলা আৰু আমি কৰিলে কিলা… হুঁহ…!! ইমান শান্তিৰে মিলাপ্ৰিতিৰে থকা মানুহ খিনিক লৈ অশান্তি অশান্তি কৰি কিয় থাকেনো?

 

হ’বই দিয়্কচোন অকণমান দিগদাৰী…সেই মাজে মাজে ক’ৰবাত পুলিচ, মিলিটেৰিৰ চেকিং টেকিং থাকে, সেইটোনো কি ডাঙৰ কথা? ১৫ আগষ্টৰ আগে আগে তেনে কৰেই আৰু… দুদিনমান আপুনি দুচকীয়াত দুজন উঠিব নোৱাৰিলে তাতে কি হ’ল? বাচত যাওক, অ’টত যাওক… দেশৰ নিৰাপত্তাৰ কাৰণে আপুনি এইকন সহ্য কৰিব নোৱাৰে নেকি? আমাৰ পুলিচৰ ইমান সময় নাই যে আপোনাৰ পিছত কোন উঠি ক’ত গ্ৰেনেড দলিয়াব তাক চাই থাকিব !! মুঠতে আপুনি পুলিচে, মিলিটেৰীয়ে ৰখালে হেলমেটটো খুলি মুখখন দেখুৱাই দিব; তেওঁলোকে পৰেশ বৰুৱাক চিনি পায়; আপোনাক এৰি দিব, যাওক।

 

শুনক, আমাৰ ৰাজ্যত কোনো অশান্তি নাই। কোনোবাই এনেই আবোল-তাবোল বকিছে; তাতে আহি খেতিয়কেও চং দিছে। আৰে ভাই, ভাৱৰীয়াই ভাও নিদিলে আপুনি মই দিম নেকি? গুৱাহাটীত দৈনিক বিয়া পতাই ধুম ধাম বিয়া পাতিছে, জন্মদিন পতাই হোটেলত পাৰ্টি দিছে, ডান্সবাৰত মদ ভাং খাই মতলীয়া হৈ ৰাইজে বিন্দাচ নাচিছে, স্ফূৰ্তি কৰিছে, চিনেমা হলত প্ৰতিদিনে চিনেমা মুক্তি পায়ে আছে, চিনেমেক্সত মিল্খাৰ পিছে পিছে ৰাইজ দৌৰিয়েই আছে… কি কলে? ৰাতিৰ গুৱাহাটী ইমান চেফ নহয়? আপোনালোকে চকু মুদি থাকে নেকি হে? দেখা নাই প্ৰ্তি দেওবাৰে দেওবাৰে হাজাৰ হাজাৰ ভক্তগণ গেৰুৱা বসন পৰিধান কৰি বশিষ্টৰ পৰা পানবজাৰলৈকে শান্তভাৱে খোজ কাঢ়ি গৈয়েই আছে… অকণমান অবুজন কেইজনমানে বাটে পথে উদ্ভণ্ডালি কৰিলেই যেনিবা, তাতে আপোনাৰ কি অসুবিধাটো হ’ল? আফটাৰ অল ৱি আৰ এ’ চেকুলাৰ কান্ট্ৰি এণ্ড ৱি দিমাণ্ড ৱি আৰ অ’নলি চেকুলাৰ পিপ’ল…!! আৰু কিমান উদাহৰণ লাগে হে আপোনাক? আমাৰ ইয়াত কেৱল শান্তিয়েই শান্তি। এইবোৰ চব বিৰোধীৰ চক্ৰান্ত। ইউ চুদ অলচ’ আন্ডাৰষ্টেণ্ড দিজ ইম্পৰটেন্ট মেটাৰচ।

 

যাওক যাওক, যা তা কথা কৈ নাথাকিব। আপোনালোকে ভাল ভাল খবৰবোৰ নেদেখে! সেইযে এজন বিলাত ফেৰত ডেকাই লং পেন্ট চাৰ্ট পিন্ধি কেমেৰালৈ চাই ভুৱন-ভুলোৱা হেবাং হাঁহিটো মাৰি হাল বাই আছিল সেইবোৰ নেদেখিলে নেকি আপোনালোকে? হাঃ.. ইমান কষ্ট কৰি মুখত মাতৃভাষাটোকে নুফুটা বেচেৰা হেবাঙৰ ভাও ধৰা বাপেকৰ পুতেকে হাল বাই ‘ব’লক ব’লক’ বুলি গৰু হালক হেঁচোকি গোটেই পথাৰখন তহিলং কৰিলে… সেইবোৰ নেদেখে… হুহঁ.. তাৰ এটা ব্ৰেকিং নিউজ বনাব নোৱাৰিলে? আপোনালোকৰ নিচিনা টিভি চেনেলবোৰে আৰু বাতৰি কাকত বোৰে আগতে দেখোন সেই ৰাউল গেন্ধাই বোলাটোৱে মুৰত পাথৰৰ টুকুৰি লৈ হাজিৰা কৰা মাইকী মানুহৰ লগত শিল কঢ়িয়াই থকা ফ’ট দেখি গোটেইখন তাল ফাল লগোৱা নাছিলনে? এতিয়া এই খাৰখোৱা ডেকাটোৰ প্ৰ্তি ইমান অবিচাৰ কিয়? নাপায় নাপায়, ইমান পাৰচেলিটি কৰিব? অসমীয়া ক’ব নোৱাৰে সেইটোনো কি কথা, শিকি ল’ব। এবাৰ গাডীখনত বহিবলৈ দিয়কচোন….

 

ছেহঃ ক’ৰ কথা কলৈ গ’ল… নকলেও ফটা মুখ… মেডামে কৈছেই অলপ শান্তি দিল্লীৰ পৰা পঠিয়াই দিছেই… সোনকালে পাবহি… ইমান শান্তিৰ মাজত আকৌ অশান্তি সৃষ্টি নকৰিব। টি আৰ পি ৰ কাৰণে বেলেগ ব্ৰেকিংনিউজ মেনুফেকচাৰ কৰক…. নহ’লে নাকত তেল দি শুই থাকক…

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!