অশৰীৰী অট্টহাস্য: ঈশান জ্যোতি বৰা

অশৰীৰী অট্টহাস্য

ঈশান জ্যোতি বৰা

(১)

কথাটো মাধৱীৰ মুখতেই শুনিলোঁ৷ গৰৈমাৰী গাঁৱৰ হৰিকান্ত মহাজনে পৰহি হেনো ছুইচাইদ কৰিলে৷ ধনে-ধানে চহকী মহাজনে বুঢ়া বয়সত এনে কাম কিয় কৰিলে কোনেও একো আদি-অন্ত বিচাৰি পোৱা নাই৷ বুঢ়া অকলশৰীয়া আছিল যদিও গাঁৱৰ সকলোৱে বুঢ়াক ভাল পাইছিল৷ ঘটনাটো হোৱাৰ দিনাই হেনো বুঢ়াই দুপৰীয়া বৰনামঘৰৰ বছেৰেকীয়া মিটিঙতো উপস্থিত আছিল৷ হঠাতে এনে কি হ’ল যে বুঢ়াই আত্মঘাতী হ’ব লগা হ’ল৷ ঘটনাটোত অলপ ৰহস্য থকা যেন লাগে৷ বুঢ়াৰ আত্মঘাতীৰ  কিবা কাৰণ নিশ্চয় থাকিব লাগিব৷ যিয়েই ৰহস্য নাথাকক কিয় মোৰ সেইটোত বেছি চিন্তা কৰিবলগীয়া একো নাই৷ মাধৱীৰ মুখত বুঢ়াৰ আত্মঘাতীৰ কথাটো শুনাৰ পৰাই বেলেগ এটা কথাইহে মোৰ ভাৱনাত তোলপাৰ লগাই আছে৷ বহুতদিনৰ পৰাই শুনি আহিছোঁ- মহাজন বুঢ়াৰ হেনো ধন-সম্পত্তি ঢেৰ ৷ খাওঁতা কোনো নাই৷ সন্তানহীন মহাজনৰ একমাত্ৰ লগৰী আছিল তেওঁৰ পত্নী যি ১০ বছৰৰ আগতেই ইহসংসাৰ ত্যাগ কৰিছে৷ কেনেবাকৈ যদি বুঢ়াৰ সা-সম্পত্তিৰ অলপমানো হাত কৰিব পাৰোঁ তেন্তে এবছৰলৈ মোৰ টেনছন নাথাকিব৷ মাধৱীয়ে চাগে মোক বাধা দিব বুঢ়াৰ ঘৰলৈ যোৱাত৷ কিন্তু মই যিটো কাম কৰিম বুলি এবাৰ পণ কৰোঁ সেইটো কাম কৰিহে এৰোঁ৷ যিমানেই বাধা-বিঘিনি সমুখত নাহক কিয় মোৰ সেইবোৰলৈ কেৰেপ নাই৷ কথা মতেই কাম৷ কামটোৰ বাবেই কাইলৈৰ দিনটোৱেই থিক কৰিলোঁ৷

 

 

(২)

কৃষ্ণ পক্ষৰ ঘিটমিটীয়া অন্ধকাৰ৷ পুহ মাহৰ গা কঁপাই তোলা ঠাণ্ডা৷ তাতে অসময়ত অহা ফিৰিফিৰিয়া বতাহজাকে পৰিৱেশটো অধিক আমনিদায়ক কৰি তুলিছে৷ হাতত লৈ অহা টৰ্চটোৰ পোহৰ পেলাই দিলোঁ ৰাস্তাটোত৷ নাই৷ দূৰ-দূৰণিলৈ কোনো নৰ-নাৰীৰ উপস্থিতি চকুত নপৰিল৷ গৰৈমাৰীৰ এই সৰু গাঁওখনৰ মানুহবোৰ সোনকালে ভাত-পানী খাই বিছনাত পৰে বুলি শুনি আহিছিলোঁ৷ তাতে বুঢ়াৰ অকাল মৰণৰ পাছত মানুহবোৰ ফুট-গধূলিতে ঘৰত সোমায়৷ অৱশ্যে মানুহ নাথাকিলে মোৰেই ভাল৷ মোৰ কামটো কৰাত সুবিধা হ’ব৷ যোৱা দহবছৰ ধৰি এই কাম কৰি আহিছোঁ৷ আজিলৈকে কেতিয়াও বিফল হোৱা নাই৷ ঘৰখনো ভালদৰেই চলাই আছোঁ কোনো অসুবিধা নোহোৱাকৈ৷ সঁচা কথা ক’বলৈ গ’লে আকালো নাই, ভঁৰালো নাই৷

 

 

(৩)

যোৱা সপ্তাহত বেতবাৰীৰ কৃষ্ণৰামৰ ঘৰৰ পৰা সৰকাই অনা ছ’নাটাৰ ঘড়ীটোত সময়টো চালোঁ৷ ভালকৈ দেখা নোপোৱাত টৰ্চটো মাৰিলোঁ৷ নিশা প্ৰায় ১ বাজিছে৷ আৰু মোৰ ষষ্ঠ ইন্দ্ৰিয়ই মোক বাৰে বাৰে সঁকিয়াই দিলে যে কামটো কৰাৰ বাবে এইয়াই উত্তম সময়৷

 

মাধৱীয়ে মোক গৰৈমাৰীলৈ আহিবলৈ মানা কৰিছিল৷ তাইৰ মতে বুঢ়াৰ আত্মাই শান্তি পোৱা নাই৷ আত্মঘাতী হোৱা মানুহবোৰে হেনো য’তে ত’তে ঘূৰি ফুৰে৷ সিহঁতৰ আত্মাই শান্তি নাপায় ইত্যাদি ঢেৰ কথা ক’লে তাই৷ মোৰ মতে ভূত-চূত একো নাথাকে৷ আজিলৈকে দেখা নাই ভূত৷ ভয়েই ভূত বুলি মোৰ বিশ্বাস৷ মাধৱীৰ কথাবোৰ এখন কানেৰে শুনি আনখন কানেৰে উলিয়াই দিলোঁ৷  ভূতৰ চিন্তাতকৈ এতিয়া মোৰ বুঢ়াৰ সা-সম্পত্তিলৈহে বেছি চিন্তা৷ হাতত লৈ অহা বেগ দুটা ‘ফুল’ কৰি নিব পাৰিলেই মোৰ কাম শেষ৷ বাকী ভূত যাওক জহন্নামলৈ৷ এইবোৰ অদৰকাৰী চিন্তা মনলৈ আহিলে কামটো ভালকৈ কৰা নহ’ব৷

 

(৪)

বুঢ়াৰ পদূলিত থিয় হৈ আকৌ হাতৰ ঘড়ীটোলৈ চালোঁ৷ ১ বাজি ১৫ মিনিট৷ নিশাৰ অন্ধকাৰবোৰে মোক যেন গিলি পেলাইছে৷ ক’ৰবাৰ পৰা ভাঁহি অহা ফেঁচা এটাৰ ভয়ানক কিৰিলিয়ে পৰিৱেশটো অধিক জয়াল কৰি তুলিছে৷ ফিৰফিৰিয়া বতাহজাকো কমা নাই৷ বৰষুণ অহাৰ সম্ভাৱনা আছে৷ আহিলে আহক বৰষুণ৷ মই সেইবোৰলৈ কেৰেপ নকৰোঁ৷ মোৰ এতিয়া ধান্দা বুঢ়াৰ ঘৰৰ পৰা যিমান পাৰি সিমান ধন-ধান লৈ ঘৰলৈ উভতা৷

জপনাখন খোলাই আছিল৷ সোমাই আহিলোঁ৷ বুঢ়াৰ ঘৰটো বহু পুৰণা৷ শুনামতে প্ৰায় ১০০ বছৰ পুৰণি৷ আজোককাকে সাজি থৈ যোৱা ঘৰ৷ পুৰণা যদিও ঘৰটো বুঢ়াই বৰ আটোম-টোকাৰীকৈ ৰাখিছিল৷ ঘৰটোৰ পিছফালে ফলমূলৰ ডাঙৰ বাৰী৷ বুঢ়াৰ ঘৰত খাঁওতা কোনো নাই৷ গাৱঁৰ  ল’ৰা-ছোৱালীৰ পেটলৈহে যায় সেইবোৰ৷

বুঢ়াৰ ঘৰৰ চাৰিওফালে ইমান অন্ধকাৰ যে একোকে মনিব নোৱাৰি৷ টৰ্চটো লাহেকৈ জ্বলালোঁ৷ বুঢ়াৰ ওচৰ-চুবুৰীয়া দুয়োঘৰ মানুহ হেনো এতিয়া গাঁৱত নাই৷ বুঢ়াৰ ভূতে পাই বুলি ভয়তে ফুৰিবলৈ নিজৰ আত্মীয়ৰ ঘৰলৈ গৈছে৷ মাধৱীৰ লগৰ সৰুমাইৰ মুখতে কথাষাৰ আজি আহোতে শুনিলোঁ৷ কথাষাৰ শুনি হাঁহিও উঠিছিল৷ মোৰ আজি গাখীৰতে ম’হৰ খুঁটি৷

(৫)

লাহে লাহে আগবাঢ়ি আহিলোঁ মোৰ লক্ষ্য অভিমুখে৷  ঘৰটোৰ ভিতৰলৈ সোমাই যোৱা দুৱাৰখন খোলাই আছিল ৷ দুৱাৰখন ঠেলি ভিতৰলৈ সোমাই আহিলোঁ৷ সোমোৱাৰ লগে লগে কিবা এটা ভেকেটা-ভেকেট গোন্ধ নাকত আহি লাগিল৷ বেৰত থকা ছুইচবৰ্ডখন দেখি টৰ্চটো বন্ধ কৰি থ’লোঁ৷ ছুইচবোৰ এটা এটাকৈ ‘অন’ কৰি দিলোঁ৷ কোঠাৰ লাইট, ফেন জ্বলি উঠিল৷ বাকীবোৰ চুইচ অফ কৰি কেৱল লাইটৰ চুইছটো ‘অন’ কৰিলোঁ৷ হঠাতে কিবা এটা মনত পৰাত বাহিৰলৈ ওলাই আহি পদূলিলৈ চালোঁ৷ কোনোবা আহিছে নেকি৷ নাই, কোনো অহা নাই৷ এই ৰাতিখন বুঢ়াৰ ঘৰত মৰিবলৈ কোননো আহিব? এনেই মানুহবোৰৰ ভূতলৈ যিহে ভয়!! ইমানখিনি অন্ততঃ গ্যাৰেন্টি দিব পাৰোঁ যে কোনেও আজি মোক বাধা দিব নোৱাৰে৷

ইতিমধ্যে বাহিৰত বৰষুণ আৰম্ভ হৈছে৷

 

(৬)

“গোবিন ,তই আহিলি৷ ”———– ভিতৰৰ কোনোবা এটা কোঠাৰ পৰা ভাঁহি অহা কাৰোবাৰ গহীন কন্ঠস্বৰত মই থমকি ৰ’লোঁ৷ মাতটোও অচিনাকি৷ কাৰ মাত এইটো? এই ৰাতিখন আকৌ বুঢ়াৰ ঘৰত কোন? মোৰ আগতেই আকৌ কোনোবা বেলেগ আহি ৰৈ আহিছে নেকি? সি চববোৰ সৰকালে নেকি? সেইটো হ’লে চব শেষ হৈ হ’ব৷ ইমান আশা মষিমূৰ হ’ব মোৰ৷ কিমান ভাবিছিলোঁ ,কিমান প্লেন কৰিছিলোঁ৷ চব পণ্ড হৈ যাব৷

ধেৎ !! কি যে চিন্তা মনলৈ আহিছে নহয়!! সেইবোৰ ভাবি থাকিলে নহ’ব এতিয়া৷ কামটো কৰি সোনকালে যাব পাৰিলেই হয় আৰু৷ মানুহ নথকা ঘৰত এনেই কিবা কিবি মাত শুনা যায়৷

 

“গোবিন আহিলি তই ৷ ”—-আকৌ সেই একেটাই কন্ঠস্বৰ৷ একেই গহীন মাত৷ ৰাতিখন কোননো অ’ এইটো? কোনোবাই মোৰ লগত ধেমালি কৰিছে নেকি!! চিনি পোৱা নাই বাপেকক?? এনে মজা দিম যে গোটেই জীৱন মনত ৰাখিব৷ মুহূৰ্ত্ততে এটা সাংঘাটিক খঙে আহি মোৰ মূৰ চুলেহি৷

 

“আহ গোবিন ,মোৰ শোৱনি কোঠালৈ আহ৷ তাতেই তই বিচৰা বস্তুবিলাক আছে  ”—এইবাৰ আৰু মই ৰৈ থাকিব নোৱাৰিলোঁ৷ ধৈৰ্য হেৰাই গৈছে মোৰ৷ খঙতে একো নাই হৈ বেগত লৈ অনা দা খন হাতত লৈ বুঢ়াৰ শোৱনি কোঠা পালোঁহি৷ কোনো নাই দেখোন কোঠাটোত৷ কোঠাটোৰ চুকত বুঢ়াৰ লাখুটিদালহে পৰি আছে৷

 

(৭)

বাহিৰত এতিয়া দোপাল-পিটা বৰষুণ৷ অথনিৰ বতাহজাকে এতিয়া ধুমুহাৰ ৰূপ লৈছে৷ ঠাণ্ডাতে থক-থককৈ কঁপিবলৈ ধৰিছোঁ৷ পিন্ধি অহা ছুৱেটাৰটোৱেও ঠাণ্ডা কমাব পৰা নাই৷ বৰষুণ-ধুমুহাৰ লগতে বুঢ়াৰ ঘৰত এইয়া কাৰোবাৰ অচিন কণ্ঠস্বৰ৷ বিপদৰ উপৰি বিপদ৷

 

“কোন? কোন তই? ক’ত লুকালি এতিয়া?”—কোঠাৰ লাইটটো জ্বলাই চাৰিওফালে সেই বিশেষ কণ্ঠস্বৰৰ গৰাকীৰ সন্ধান কৰিলোঁ৷ নাই ৷ কাকো দেখা নাপালোঁ৷ লাহে লাহে এক ভয়ে মোৰ অন্তৰত খোপনি পুতিছেহি৷ কোন হ’ব পাৰে এইটো? আৰু দেখা নিদিয়ে কিয় ই? হাতত লৈ অহা দা খন লৈ বুঢ়াৰ শোৱনি কোঠাৰ বিচনাতলখন চালোঁ এবাৰ৷ বিচনা তলতো কোনো নাই৷ তেন্তে কোনে মোক মাতি আছে অথনিৰে পৰা? কোন হ’ব পাৰে এইটো? আৰু মোৰ নাম কেনেকৈ জানিলে ই?

 

“বৰপেৰাত ঢেৰ সো-ৰূপৰ আ-অলংকাৰ আছে ১৫০০০ মান টকাও আছে৷ চাবিটো মোৰ বিচনাৰ মূৰত থকা গাৰুটোৰ তলতে আছে৷ চাচোন গোবিন”—আকৌ সেই গহীন কণ্ঠস্বৰ৷ নিচেই কাষতে সেই মাতটো শুনা পালোঁ৷ বুকুখন চিৰিংকৈ মাৰিল৷ মাতটো এইটো কোঠাৰ পৰাই আহিছে৷ মাতটো যদি আছে, মানুহটো কিয় নাই? কোন এইটো? মোৰ বাৰু ভয় লাগিছে নেকি? বাৰে বাৰে একেকেইটা প্ৰশ্নই মোৰ মাথাটো গৰম কৰি তুলিলে৷ মোক মাতি থকাটো বুঢ়াৰ ভূত নহয়টো? কথাতো মনলৈ অহাৰ লগে লগে দেহৰ মাজেৰে এক প্ৰবল বিদ্যুৎ সোঁত পাৰ হৈ যোৱা যেন পালোঁ৷ বুকুখন ধান বনাদি বানিবলৈ ধৰিছে৷ কপালত ঘামৰ টোপাল৷ মোৰ বাৰু ভয় লাগিছে নেকি? ইমান কঁপিছো কিয়? নাই,নাই হ’ব নোৱাৰে৷ ভূত নাই দুনীয়াত৷ ভয়েই ভূত৷ গম পাওঁ যে ভূত নাই৷ আজিলৈকে নেদেখা বস্তু এটাক কিয় ভয় কৰিম? কিন্তু তথাপিও নাজানো কিয় পুহমহীয়া ঠাণ্ডাতো জ্বৰ উঠা মানুহৰ দৰে সৰ্বশৰীৰ কঁপিবলৈ ধৰিছ ৷ কি কৰোঁ, কি নকৰোঁ? মাধৱীৰ কথাইবোৰেই সঁচা নেকি বাৰু?

 

“গোবিন৷ নাযাঁও কিয়? যা বৰপেৰাটো খোল৷ তাতেই তই বিচৰা বস্তুবোৰ পাবি৷ চাবিটো লৈ ল৷ তোৰ একো নহয়৷ যা গোবিন যা৷ হাঃ হাঃ হাঃ ভয় কৰিছ কিয় ইমান গোবিন? যা সোনকালে ”—-

…………………………………………………………………………………………

হে ভগৱান!! এইবোৰ কি হ’বলৈ ধৰিছে? কেনেকুৱা ভয়লগা হাঁহি!!!! গোটেই ঘৰটো কঁপি গৈছে তাৰ হাহিঁটোত৷ ধেৎ তেৰি৷ বিৰাট বেয়াকৈ ফচি গ’লোঁ আজি৷ কি কৰোঁ? কি কৰোঁ? মৰিলোঁ আজি মই৷ এতিয়াও সময় আছে৷ পলাই যাওঁ নেকি ঘৰলৈ?? মূৰটোও লাহে লাহে ঘূৰাব ধৰিছে৷ গুছিয়েই যাওঁ ঘৰলৈ৷ নালাগে বুঢ়াৰ ধন৷ ইমান ৰিস্ক ল’ব নোৱাৰি৷

 

ধুৰ!! নাই নাই৷ এইবোৰ মনৰ ভ্ৰম৷ বুঢ়াৰ ধনখিনি পালে মোৰ বহুত কামত আহিব৷ এইবোৰ ভূত-চুত একো নাই৷ নিশ্চয় কোনোবাই মোক বুৰ্বক সাজি আছে৷ আজি পলাই গ’লে মোৰ লাভ ন’হব৷ আজি যিকোনো প্ৰকাৰেৰে এই কামটো কৰিবই লাগিব৷ কিন্তু মোক কোনে আদেশ দি আছে? কোনোবাই কিবা টেপ-ছেপ লগাই থৈ গৈছে নেকি? আজিকালি বহুত টেকনিক ওলাইছে৷ কোনোবাই কৰিবও পাৰে৷ কথাবোৰ সহজভাৱে ল’বলৈ যিমানে চেষ্টা  কৰিছোঁ সিমানেই দেখোন মোৰ ভয়টো বেছি বাঢ়ি আহিছে৷

(৮)

‘মৰিলে মৰিম’ বুলি ভাবি লৈ মনটো অলপ ডাঠ কৰি বুঢ়াৰ বিচনাৰ সিমূৰে থোৱা গাৰুটোৰ ওচৰ পালোঁগৈ৷ চাবি এটা দেখিলোঁ৷ চাবিটো ল’ম, ন’লম ভাবি থাকোঁতেই আকৌ এবাৰ সেই কণ্ঠস্বৰ শুনা পালোঁ৷

“গোবিন পালিনে চাবিটো? এতিয়া খোল বৰপেৰাটো৷ ভয় নাখাবি৷ খোল। তোৰ একো নহয়৷ হাঃ হাঃ হাঃ৷ তোৰ দৰে সাহসী এটাই ইমান ভয় খালে কেনেকৈ হ’ব?”

 

ই দেখোন মোক ইনছাল্ট কৰিছে৷ ছাল্লা চিনি পোৱা নাই!! চব গম পাইছোঁ মই৷ এইবোৰ নিশ্চয় কাৰোবাৰ কাৰচাজি৷ মই যাতে বুঢ়াৰ সম্পত্তি নিব নোৱাৰোঁ তাৰ বাবেই এই ব্যৱস্থা৷ চাবিটো হাতত লৈ বৰপেৰাটোৰ ফালে আগবাঢ়িলোঁ৷ পুৰণা যদিও বহুত ডাঙৰ বৰপেৰা৷ বৰপেৰাটোৰ ওপৰত অলপ ধূলি পৰি আছে৷ হাতত লৈ অহা গামোচাখনেৰে ধূলিখিনি আতঁৰাই চাবিটোৰে তলাটো লাহে লাহে পকালোঁ৷ গাৰ কপঁনি কমা নাই মোৰ৷ বাহিৰৰ বৰষুণজাকৰ শব্দও বাঢ়ি আহিছে৷

(৯)

কেৰেক….কেৰেক…কেৰেক…বৰপেৰাটো লাহে লাহে খুলিলোঁ৷ বৰপেৰাৰ ভিতৰখন দেখোন ঘন অন্ধকাৰ৷ চকুৰে একোকে মনিব পৰা নাই৷ কোঠাৰ লাইটৰ পোহৰটোও আহি মোৰ ওচৰতে শেষ হৈছেহি৷ কি কৰোঁ কি নকৰোঁ  ভাবি থাকোতেও হাতত লৈ অহা টৰ্চটোলৈ মনত পৰিল৷ বেগৰ পৰা টৰ্চতো উলিয়াই ল’লোঁ৷ সৰ্বশৰীৰতে এক অজান কঁপনি অনুভৱ কৰিলোঁ৷ এনেকুৱা লাগিছে যেন চাৰিওফালে বৰফৰ পাহাৰ৷ আৰু তাৰ মাজত মই অকলে প্ৰচণ্ড ঠাণ্ডাত কঁপি কঁপি থিয় হৈ আছোঁ৷

বুঢ়াৰ সম্পত্তি পোৱাৰ লোভটোৱে মাজে মাজে মোক সাহসী কৰি তোলে৷ পিচমূহুৰ্ততে আকৌ সেই কণ্ঠস্বৰ আৰু সেই অট্টহাস্যৰ কথা ভাবি গা কঁপে৷ যি হ’ব দেখা যাব বুলি কামটো কৰিমেই বুলি ঠিৰাং কৰিলোঁ৷ ইমানদূৰ আহিছোঁ যেতিয়া কামটো কৰিবই লাগিব৷

 

(১০)

টৰ্চটো দুবাৰমান জোকাৰি দিয়াতহে জ্বলিল৷ য’তে বাঘৰ ভয় ত’তে ৰাতি হয়৷ বিপদৰ সময়ত চবেই পাল মাৰে৷ গাটো ঘামি অৱস্থা নাই৷ কণ্ঠস্বৰটোৰ মাতটোও নুশুনা হ’লোঁ৷ ক’ত গ’ল সি আকৌ? মোৰ পিছফালে থিয় হৈ মোক চাই আছে নেকি? দুবাৰমান সেপ গিলি বহি থকা জেগাৰ পৰা পিছফালে টৰ্চটো মাৰি চালোঁ৷ নাই, কোনো নাই৷ কেৱল বুঢ়াৰ লাখুটি দাল আগৰদৰেই চুকটোত পৰি আছে৷ সোঁহাতত জ্বলন্ত টৰ্চ আৰু বাওঁহাতত মেচি দাখন৷ কিবা উল্টা-পুল্টা হ’লে দাখনৰ ব্যৱহাৰ কৰিম৷ ‘গোবিনে কাকো ভয় নকৰে’- এইবুলি নিজেই নিজকে সান্ত্বনা দিলোঁ৷ তেৰাৰ নাম ল’লোঁ বহুবাৰ৷ বুকুত সাহ লৈ লাহেকৈ টৰ্চৰ পোহৰ পেলাই দিলোঁ বৰপেৰাটোত ……. তাৰপিছত………….

 

“আাআআআআআইইইইইইইইইইইইইইইইইইইইইইইইইই ঔ…………….”

 

………………………………………………………………………………………………………………………………………………………………………………………………

 

গোবিনৰ ৰাতিৰ সেই চিঞৰটো গৰৈমাৰী গাঁৱৰ কোনেও নুশুনিলে৷ ঘটনাটোৰ পিছদিনা গোবিনক লাখুটি এদালৰ সৈতে বৰনামঘৰৰ কাষত অচেতন হৈ পৰি থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰিলে৷ বৰপেৰাটোত গোবিনে কি দেখিলে সেইয়া কোনেও গম নাপালে৷ কোনেও জানিবৰ ইচ্ছাও নকৰিলে৷ সেই ঘটনাটোৱে গোবিনৰ জীৱনলৈ  অন্ধকাৰ নমাই আনিলে৷ আজিকালি সি চুৰ কৰিবলৈ নাযায়৷ গোবিন এতিয়া সম্পূৰ্ণ পাগল৷ মাধৱীয়ে তাৰ চিকিৎসা কৰি কৰি ভাগৰি পৰিছে৷ ৰাতি কেতিয়াবা হঠাতে সাৰ পাই সি “বৰপেৰাটোত কিবা এটা আছে, বুঢ়া মৰা নাই,” আদি প্ৰলাপ বকে৷ প্ৰায়েই গোবিনে চিঞৰি চিঞৰি হাঁহে৷ বৰ আচহুৱা আৰু ভয়ানক তাৰ সেই অট্টহাস্য৷ তাক দেখিলে ল’ৰা-ছোৱালী পলায়৷ ওচৰ-চুবুৰীয়া কোনো মানুহ সিহঁতৰ ঘৰলৈ নাযায়৷ একেখন ঘৰত থাকিও পোনাকন বাপেকৰ ওচৰলৈ নোযোৱা দুমাহমানেই হ’ল৷ সেই ৰাতি হৰিকান্ত মহাজনৰ শোৱনি কোঠাৰ বৰপেৰাত গোবিন চোৰে কি দেখিলে সেয়া আজিও ৰহস্য ৷৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!