অষ্ট্ৰিক সংস্কৃতি আৰু বিহু উৎসৱ

লেখক- দেৱব্ৰত শৰ্মা

সমগ্ৰ ভাৰতবৰ্ষতে এসময়ত অষ্ট্ৰিক জাতি বিয়পি পৰিছিল। অষ্ট্ৰিকসকলৰ বিশেষ অৱদান হৈছে গ্ৰাম্য সংস্কৃতি। খেতি বা কৃষি কাৰ্য আৰু গাঁও পাতি বসবাস কৰা, এয়া হৈছে স্বৰূপাৰ্থত অষ্ট্ৰিক সংস্কৃতি। অষ্ট্ৰিকসকলে হাবিত জুই লগাই ঝুম খেতিৰ দৰে যাঠি বা তেনে চোকা অস্ত্ৰৰে মাটি খান্দি গুটি সিঁচিছিল। বহু পণ্ডিতৰ মতে ‘নাঙল’ শব্দটো মূলতঃ অষ্ট্ৰিক। ড॰ সুনীতি কুমাৰ চট্টোপধ্যায়ৰ মতে সম্ভৱতঃ দ্ৰাবিড়সকলৰপৰাই এওঁলোকে নাঙলত গৰু-ম’হ যুঁতি মাটি চহাই খেতি কৰিবলৈ শিকিছিল। বাৰিষাৰ ধান, জহাধান, জহাভোল, জহামাল, জহাকোমোৰা ইত্যাদি অৱদান অষ্টিকসকলৰ। বিভিন্ন ঠাইৰ নাম, খেতি-বাতি, সা-সঁজুলি, বিশেষ ৰীতি-নীতি, সমন্ধবাচক শব্দ আদি দৰাচলতে অষ্ট্ৰিক সংস্কৃতিৰেই বিশেষ অৱদান।

এইকথা অৱশ্যেই স্বীকাৰ্য যে অষ্ট্ৰিক সংস্কৃতি দৰাচলতে কৃষিমূলক সংস্কৃতি। গ্ৰাম্য সংস্কৃতিৰ প্ৰতিভূ অষ্ট্ৰিকসকলে যথাৰ্থতেই নানান তৰহৰ কৃষিকাৰ্য্য কৰিছিল। খ্ৰীষ্টপূৰ্ব প্ৰায় দুহেজাৰ বছৰৰ পূৰ্বেই অষ্ট্ৰিকসকল গংগা আৰু ব্ৰহ্মপূত্ৰ উপত্যকাত বিয়পি পৰিছিল। গংগা অৱশ্যেই অষ্ট্ৰিক মূলৰ নদীবাচক শব্দ। এই সন্দৰ্ভত আৰৱসকলৰ গংগা শব্দটো বিশেষভাৱে বহুতো নৈৰ পিছত ব্যৱহাৰ কৰা হয়, যেনে- ভাগীৰথী গংগা, কপিলী গংগা, কৰতোয়া গংগা, ভোগৱতী গংগা ইত্যাদি। অষ্ট্ৰিকসকল নৈৰ উপত্যকাত বসবাস কৰিছিল, যদিও তেওঁলোকে মূলত পৰ্বতত বসবাস কৰিছিল যেন ভাৱ হয়। কাৰণ পৰ্বতৰ লগত বিশেষভাৱে সমন্ধ থকা টিলা, মৈদাম, পাহাৰ আদি শব্দবোৰ যথাৰ্থতেই অষ্ট্ৰিক শব্দ। প্ৰসংগক্ৰমে উল্লেখ কৰা বাঞ্ছনীয় যে অষ্ট্ৰিকভাষী খাছিয়াসকলে সমানেও পৰ্বতত বসবাস কৰি খেতি-বাতি কৰে। আদা, কচু, লাও, বেঙেনা, নাৰিকল, হালধি, কল, আলু, জলকীয়া, টেঙা, সৰিয়হ আদি শাক-পাচলিৰ খেতি কৰিছিল। অষ্ট্ৰিকসকলে অসমত বসবাস কৰি গ্ৰাম্য সংস্কৃতিৰ প্ৰাচুৰ্যক বিয়পাই পেলোৱাৰ সময়তহে মংগোলীয় আৰু আৰ্য সংস্কৃতিৰ মানুহ অসমলৈ আহিছিল- এনে ভাব হয়। স্বীকাৰ্য যে আধ্যাত্মিক বা ধৰ্মীয় দিশটোৰ বাহিৰে অসমৰ মানুহৰ জাগতিক জীৱনত স্বৰূপাৰ্থত অষ্ট্ৰিক আৰু মংগোলীয় সংস্কৃতিৰ প্ৰভাৱেই সৰ্বাধিক। অসমীয়া মানুহৰ গ্ৰাম্য জীৱনধাৰণৰ পদ্ধতি তথা সা-সম্পদলৈ লক্ষ্য কৰিলেই এই কথা গম পাব পাৰি।

অসমীয়া সমাজত বহুলভাৱে ব্যৱহৃত তামোল-পাণ যথাথতেই অষ্ট্ৰিক সংস্কৃতিৰ প্ৰতিভূ। আৰ্য্যসকলৰ মাজত তামোল শব্দৰ মূল আৰু ব্যৱহাৰ অৱশ্যেই দেখা নাযায়। তামোলৰ লগত সংপৃক্ত অনেক সাংস্কৃতিক ৰীতি-নীতি আৰু তামোলৰ খেতি যথাৰ্থতেই অষ্ট্ৰিকৰ পৰাহে অসমীয়া সংস্কৃতিলৈ আহিছে, সেয়া স্বীকাৰ্য। উল্লেখনীয় যে অষ্ট্ৰিক আৰু মংগোলীয় এই দুয়োটা সংস্কৃতিৰ মাজত ভালেমান সাদৃশ্য দেখা যায়। এনে সাদৃশ্য থকা হেতুকেই এই দুয়োটা সংস্কৃতিৰ সমন্বয় সহজভাৱেই সাধিত হৈছিল। যথাৰ্থতেই অষ্টিকসকলৰ তামোল খেতিৰ প্ৰমাণ দাঙি ধৰে।

অষ্টিকসকল মূলতঃ কৃষিজীৱী। কৃষিৰ লগত জড়িত আনুষংগিক সম্পদবোৰ প্ৰত্যক্ষভাৱে অষ্টিক সংস্কৃতিৰ লগত সম্পৃক্ত নহ’লেও দৰাচলতে অষ্ট্ৰিক-মংগোলীয় সংস্কৃতিৰ সমন্বয়ৰ মাজেদিয়েই আহি অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ হৈছেহি। অষ্টিকসকল অতি পাকৈত খেতিয়ক হোৱাৰ উপৰিও এওঁলোক চিকাৰতো পাকৈত আছিল। এওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ডাঠ হাবিত বনৰীয়া হাতী অনায়াসে ধৰি পোহ মনায়। বিশিষ্ট পণ্ডিত ড° বাগচীয়ে ‘পালকাপ্য’ মুনিৰ নামটো অষ্টিক বুলি উল্লেখ কৰাটো এই প্ৰসংগত প্ৰণিধানযোগ্য কথা। ভাৰতবৰ্ষৰ দাক্ষিণাত্যতো হাতী পোহাৰ প্ৰমাণ পোৱা যায়। বোধহয় এনে ৰীতি অষ্টিকসকলৰ পৰাই দ্ৰাবিড়সকলে অনুসৰণ কৰিছিল। স্বীকাৰ্য যে মাতংগ, গজ, হাতী এই শব্দবোৰ যথাৰ্থতেই অষ্ট্ৰিক ভাষাৰ। হাতী শিকোৱা, হাতী চিকাৰ, হাতী চিকিৎসা তথা হাতীক বাহন হিচাপে ব্যৱহাৰ কৰা ৰীতি অষ্টিক জাতিৰেই বিশিষ্ট বৰঙনি। অসমীয়া জাতি যিদৰে এটা সংমিশ্ৰিত জাতি, তেনেদৰে অসমীয়া সংস্কৃতিও সংমিশ্ৰিত সংস্কৃতি। যথাৰ্থতেই বহাগ বিহু অসমীয়া সংস্কৃতিৰ অতীব সুন্দৰ প্ৰতীক। অসমীয়া পঞ্জিকাৰ নতুন বছৰৰ আৰম্ভণিৰ বাবেহে এই উৎসৱ পালন কৰা হয় বুলি ভবা হয়, যদিও দৰাচলতে প্ৰাকৃতিক নতুন বছৰৰ বাবেহে এই উৎসৱ পালিত হৈছিল। এই কথা স্বীকাৰ্য যে, শক গণনা প্ৰকৃততে ভাৰতবৰ্ষত প্ৰচলিত হোৱা এতিয়াও দুহেজাৰ বছৰ পূৰ্ণ হোৱাই নাই, অথচ বসন্তকালত উদযাপিত এই উৎসৱ আদিম কৃষিজীৱী মানুহে কেইবাহাজাৰো বছৰৰ পূৰ্বৰেপৰাই পালন কৰি আহিছে। ভাৰতবৰ্ষলৈ সৰ্বমুঠ ছটা জাতিৰ প্ৰৱজন হৈছিল। ইয়াৰে দ্বিতীয় দলটোৱেই আছিল প্ৰট’-অক্স’লয়ড। এওঁলোকক নিষাদ বুলিও কোৱা হয়। এই নিষাদসকলৰ সংস্কৃতিয়েই হৈছে অষ্টিক সংস্কৃতি। এসময়ত সমগ্ৰ ভাৰতবৰ্ষতে অষ্টিক সংস্কৃতি বিয়পি পৰিছিল। দ্ৰাবিড় আৰু আৰ্য্যসকল নিষাদসকল অহাৰ বহু পাছতহে ভাৰতবৰ্ষলৈ আহিছিল। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেই ভাৰতবৰ্ষত কৃষি তথা গাম্য সভ্যতা পৰিপূৰ্ণ অৰ্থত প্ৰতিষ্ঠা কৰি নিষাদসকল নিজ বৈশিষ্ট্যক যথাৰ্থতেই প্ৰতিপন্ন কৰাত সফল হৈছিল।

বিহু নিতান্তই কৃষি উৎসৱ। বিশেষভাৱে ধান খেতিৰ লগত এই উৎসৱৰ তাত্ত্বিক সম্পৰ্ক আছে। উল্লেখযোগ্য যে, ব’হাগ বিহুৰ সময়ত আহুধান লহপহকৈ বাঢ়ি আহে আৰু শালি খেতি আৰম্ভ হ’বৰ হয়। আৰ্য্যসকল ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰাৰ সময়লৈকে দ-মাটিৰ শালি খেতিৰ লগত পৰিচিত হোৱাই নাছিল। তেওঁলোকে তেতিয়ালৈকে পশুপালনৰ আনুষংগিক জীৱিকা ৰূপে ধান আৰু ঘেঁহুৰ খেতিহে কৰিছিল। এইক্ষেত্ৰত ঋকবেদত উল্লেখিত ধান্য শব্দই যথাৰ্থতে মাহ, তিল আদি শস্যকহে বুজাইছিল। এই অৰ্থত নিষাদসকলেহে মূলতঃ কৃষি উৎসৱৰ আৰম্ভণি কৰিছিল বুলি ভবাৰ থল অৱশ্যেই আছে।

বহাগ বিহুৰ বিবিধ অপৰিহাৰ্য লোকাচাৰত অষ্ট্ৰিক খোৱা, গৰু গা ধোৱাবলৈ লাও, বেঙেনা, কেৰেলা- এনেবোৰ পৰম্পৰা যথাৰ্থতেই অষ্ট্ৰিক প্ৰতিভূ। বিহুত হালধি আৰু আছৈ চাউল বাটি গা থুৰীয়া তমোলৰ ব্যৱহাৰ তথা মাঘ বিহুৰ উৰুকাৰ দিনা তামোল গছবোৰ খেৰেৰে বন্ধাৰ যি নিয়ম সেয়াও দৰাচলতে অষ্ট্ৰিক সংস্কৃতিৰেই প্ৰভাৱ।

কণীযুঁজ যথাৰ্থতেই বহাগ বিহুৰ এটি আমোদজনক অনুষ্ঠান। অষ্ট্ৰিকসকলে কণীক বিশেষকৈ পবিত্ৰ আৰু প্ৰজনন শক্তিৰ প্ৰতীক বুলি বিশ্বাস কৰে। বেইৰ তলত এতিয়াও কণী পোতা হয়। বহাগৰ বিহুত কণী যুঁজাই সেয়ে অষ্টিকসকলে শস্যৰ উৎপাদন বৃদ্ধিৰ বিশেষ কামনা কৰিছিল। সৰিয়হৰ খেতি আৰু মিঠাতেলৰ ব্যৱহাৰ অষ্ট্ৰিকসকলে বহুলভাৱে কৰিছিল। বিহুত তেল পিঠা এটা অপৰিহাৰ্য পৰম্পৰা। গা-গছত গাঁত খুলি অষ্টিকসকলৰেই অৱদান। এনে অৰ্থত অসমীয়া সমাজৰ তাঁতশালৰ প্ৰাচুৰ্য আৰু বিহুত চেনেহ তথা শ্ৰদ্ধাৰ চিন স্বৰূপে দিয়া বিহুৱানৰ প্ৰথাও যে মূলতঃ অষ্ট্ৰিকসকলৰেই অৱদান সেয়াও স্বীকাৰ্য। এনেদৰে বিচাৰ কৰিলে গম পোৱা যায় অষ্টিকসকলৰ অৱদানেৰে যথাৰ্থতেই অসমীয়া জাতীয় জীৱন আৰু বিহু উৎসৱ মহিমাণ্ডিত।

 

তথ্যসূত্ৰঃ

বিহু এটি সমীক্ষা-ড° লীলা গগৈ

বহাগী-নকুল চন্দ্ৰ ভূঞা

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!