অসমত চিকিৎসা খণ্ডৰ বিভিন্ন কেৰিয়াৰ : (ড° বুলজিৎ বুঢ়াগোহাঁই)

অসমত এম.বি.বি.এছ.(M.B.B.S.) পাঠ্যক্রমৰ উপৰিও চিকিৎসা খণ্ডত আন কেইবাটাও পাঠ্যক্রম আছে । এইবোৰৰ ভিতৰত বি.ডি.এছ. , আয়ুৰ্বেদিক, হোমিঅ’পেথিক , ফাৰ্মাচী , নাৰ্চিং , পেৰামেডিকেল চায়েঞ্চ (Paramedical Sciences) আদি উল্লেখযোগ্য ।

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রম (MBBS) শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৬০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে আৰু এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি হয় । চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্রম (MBBS) পঢ়াৰ সুবিধা থকা অসমৰ চিকিৎসা মহাবিদ্যালয়বোৰ হ’ল-
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (http://www.gmchassam.gov.in/) , গুৱাহাটী ;
অসম চিকিৎসা মহাবিদ্যালয় (http://www.assammedicalcollege.in/),ডিব্রুগড়;
শিলচৰ চিকিৎসা মহাবিদ্যালয় (http://www.smcassam.gov.in/), শিলচৰ;
যোৰহাট চিকিৎসা মহাবিদ্যালয় (http://www.jmch.org.in/), যোৰহাট;
ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় ( http://faamcassam.co.in/) , বৰপেটা
আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় , তেজপুৰ ।

চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত স্নাতকোত্তৰ অধ্যয়ণৰ সুবিধা থকা অসমৰ চিকিৎসা মহাবিদ্যালয়বোৰ হ’ল-গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (http://www.gmchassam.gov.in/) , গুৱাহাটী ;অসম চিকিৎসা মহাবিদ্যালয় (http://www.assammedicalcollege.in/),ডিব্রুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় (http://www.smcassam.gov.in/), শিলচৰ ।

তেজপুৰৰ মানসিক চিকিৎসালয় (http://www.lgbrimh.org/)ত থকা স্নাতকোত্তৰ পাঠ্যক্রম হ’ল – Psychiatry, Psychiatric Nursing and Psychiatric Social আৰু ডিপ্লমা পাঠ্যক্রম হ’ল Psychiatric Nursing (DPN) ।

অসমৰ গুৱাহাটীত থকা আঞ্চলিক দন্ত মহাবিদ্যালয়ত বি.ডি.এছ. (B.D.S.) পাঠ্যক্রম পঢ়াৰ সুবিধা আছে। বি.ডি.এছ. (B.D.S.) পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৬০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে আৰু এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি হয় ।

অসমৰ গুৱাহাটীত থকা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়(http://gacassam.webs.com/ )ত আয়ুৰ্বেদিকৰ স্নাতক পাঠ্যক্রম (B.A.M.S.) পঢ়াৰ সুবিধা আছে। এই পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে আৰু এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তি হয় । ইয়াত স্নাতকোত্তৰ পাঠ্যক্রম আৰু দুবছৰীয়া ডি ফার্মা(আয়ু) পাঠ্যক্রম পঢ়া সুবিধা আছে।

হোমিঅ’পেথিকৰ স্নাতক (BHMS) পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয় সৈতে উত্তীৰ্ণ হ’ব লাগে। এই পাঠ্যক্রম পঢ়াৰ সুবিধা থকা শিক্ষানুষ্ঠান কেইখন হ’ল : অসম হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় ,নগাঁও ; শ্বহীদ যাদৱ নাথ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় , গুৱাহাটী ; ডাঃ জে. এন. শইকীয়া হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় ,যোৰহাট।

নাৰ্ছিঙৰ স্নাতক পাঠ্যক্রম পঢ়াৰ সুবিধা থকা শিক্ষানুষ্ঠান কেইখন হ’ল :আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়, গুৱাহাটীত ; নাৰ্ছিং মহাবিদ্যালয় , ডিব্রুগড়; নাৰ্ছিং মহাবিদ্যালয় শিলচৰ । নাৰ্ছিঙৰ পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয় সৈতে উত্তীৰ্ণ হ’ব লাগে ।

নাৰ্ছিঙৰ বি এছ চিৰ ওপৰিও এম এছ চি পাঠ্যক্ৰম গুৱাহাটী আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ত আছে ।

ফাৰ্মাচীৰ ডিপ্ল’মা পাঠ্যক্রম (D.Pharm.) পঢ়াৰ সুবিধা থকা শিক্ষানুষ্ঠান কেইখন হ’ল : অসমৰ
ইনষ্টিটিউট অৱ ফাৰ্মাচী , গুৱাহাটী চিকিৎসা মহাবিদ্যালয় , গুৱাহাটী ; ইনষ্টিটিউট অৱ ফাৰ্মাচী ,অসম চিকিৎসা মহাবিদ্যালয়,ডিব্রুগড়;ইনষ্টিটিউট অৱ ফাৰ্মাচী ,শিলচৰ চিকিৎসা মহাবিদ্যালয় ,শিলচৰ । এই পাঠ্যক্রমত শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয় সৈতে উত্তীৰ্ণ হ’ব লাগে ।

পেৰামেডিকেল চায়েঞ্চ(Paramedical Sciences)ৰ বিভিন্ন বিভাগত (Cardiac Care Technology,Dialysis Technician Course, Emergency & First Aid,ICU Technology,Medical Laboratory Technology,Medical Radiographic Technology,O.T. Technology (OT + Anaesthesia + Endoscopy), Physicians Assistance Course,Physiotherapy) ডিপ্লমা শিক্ষা গ্রহণ কৰিব বাবে সুবিধা থকা অসমৰ চৰকাৰী শিক্ষানুষ্ঠান কেইখন হ’ল : ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ , ডিব্রুগড়;ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ , গুৱাহাটী;ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ , শিলচৰ; ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ, যোৰহাট । পেৰামেডিকেলৰ বিভিন্ন বিভাগত ডিপ্লমা শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।

ভাৰতৰ যি কোনো চিকিৎসা বিশ্ববিদ্যালয়/মহাবিদ্যালয়/শিক্ষানুষ্ঠানত নামভর্তি কৰা পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে । এই তথ্যবোৰৰ বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । যেনে- ভাৰতীয় চিকিৎসা পৰিষদ (www.mciindia.org ),ভাৰতীয় নাৰ্ছিং পৰিষদ (http://www.indiannursingcouncil.org/), আদি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হ’লেই নহ’ব। যি বিভাগত অধ্যয়ন কৰিব বিচাৰে,সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । অসমত বহুতো অস্বীকৃতিপ্ৰাপ্তি মেডিকেল শিক্ষানুষ্ঠান আছে৷ বিদেশৰ ডাক্তৰী ডিগ্ৰী লোৱা সকলে ভাৰতীয় চিকিৎসা পৰিষদ( ইণ্ডিয়ান মেডিকেল কাউঞ্চিল)ৰ স্ক্ৰিনিং পৰীক্ষাত উত্তীৰ্ণ হ’লেহে ভাৰতত প্ৰেকটিচ কৰিব পাৰিব৷

ছাত্র-ছাত্রীসকলে অসমত চিকিৎসা খণ্ডৰ বিভিন্ন কেৰিয়াৰ সবিশেষ জানিবলৈ অসমৰ শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ৱেবছাইট(www.ssuhs.in)ত চাব পাৰে ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!