অসমত ব্ৰুচেল’ছিছ – (ভগৎলাল দত্ত)

-ভগৎলাল দত্ত

অসমত ব্ৰুচেল’ছিছ (Brucellosis), ক্ৰিমিয়ান জ্বৰ (Crimean fever) বা মাল্টা জ্বৰ (Malta fever) নামৰ এবিধ মানুহলৈ সংক্ৰমিত হ’ব পৰা পশুৰোগ ধৰা পৰিছে বোলে। আতংকিত হ’ব নালাগে। কেৱল অলপ সাৱধান হওঁক।

১. গাখীৰ ভালদৰে উতলাই খাব। দৈ কৰিলেও আগতে ভালদৰে পগাই নোলোৱাকৈ নকৰিব। [নিৰ্বীজাণুকৰণ নকৰা (unpasteurized) দুগ্ধজাত সামগ্ৰী এৰাই চলক।]

২. পশুৰ সংস্পৰ্শলৈ অহা লোক সকল অলপ সাৱধান হ’ব। পৰাপক্ষত চিকিৎসকৰ হাতমোজা (surgical gloves) জাতীয় হাতমোজা ব্যৱহাৰ কৰিব। (ফাৰ্মাছীত পাই যাব, দাম বেছি নহয়)

৩. গোমূ্ত্ৰ-যোনিজাত তৰল( Vaginal fluid)-প্ৰসৱৰ ফুল (placenta) আদি খালি হাতেৰে চোৱা-মেলা নকৰিব (দেহৰ সংস্পৰ্শলৈ আহিবলৈ নিদিব)।

৪. যোনিজাত তৰল( Vaginal fluid)-প্ৰসৱৰ ফুল (placenta) আদি অইন গৰুৰ সংস্পৰ্শলৈ নহাকৈ ৰাখিব পাৰিলে অন্য গৰু সংক্ৰমিত হোৱাৰ সম্ভাৱণা কমি যাব।

(এই বিষয়ে পিছত অলপ বহলাই লিখি আছোঁ। এয়া প্ৰাথমিক সতৰ্কতামূলক আহ্বানহে। আকৌ কৈছোঁ আতংকিত নহ’ব, কেৱল সাৱধান হওঁক।)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!