অসমীয়া কল্পবিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান বিষয়ক উপন্যাস ‘অজান অতিথি’– ধীৰেণ শইকীয়া


সাহিত্যৰ এটা উল্লেখযোগ্য ধাৰা হ’ল কল্পবিজ্ঞান সাহিত্য, যাক ইংৰাজীত কোৱা হয় ‘চায়েঞ্চ ফিক্সন’ বুলি। বৈজ্ঞানিক সত্য আৰু কল্পনাৰ সুমধুৰ মিলনৰ ফলত কল্পবিজ্ঞানৰ জন্ম। ইংৰাজ লেখক H.G Wells ক কল্পবিজ্ঞানৰ পিতৃ বোলা হয়। H.G Wells ক সম্পূৰ্ণকৈ Herbert George Wells নামেৰে জনা যায়, ‘দা টাইম মেছিন’, ‘দা ইনভিজিবল মেন’ আদি হ’ল তেওঁৰ জনপ্ৰিয় সাহিত্যসৃষ্টি। ইয়াৰোপৰি জৰ্জ অৰৱেল, আৰ্থাৰ চি ক্লাৰ্ক, মেৰি শ্বেলী, জুল ভাৰ্ণে আদি বৰেণ্য লেখকেও এই জাতীয় লেখাই লিখি অহাৰ দৰে ভাৰতৰ সমীত বসু, প্ৰয়াগ আকবৰ, অনিল মেনন, বন্দনা সিং, মঞ্জুলা পদ্মনাভন আদি ভাৰতীয় লেখক লেখিকায়ো এই বিষয়ত লিখি আহিছে। বলিউদৰ জনপ্ৰিয় হিন্দী ছবি ক্ৰিচ, ক্ৰিচ থ্ৰি, মিষ্টাৰ ইণ্ডিয়া, কোই মিল গয়া, মিছন মংগল, পিকে আদি কেইবাখনো কল্পবিজ্ঞানভিত্তিক জনপ্ৰিয় হিন্দী চিনেমা। প্ৰখ্যাত ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে ১৮৯৬ চনত প্ৰথমটো কল্পবিজ্ঞানৰ গল্প লিখি উলিয়ায়। এই লেখাটোকে ভাৰতত কল্পবিজ্ঞানৰ আৰম্ভণি বুলি কোৱা হয়। পিছলৈ মাৰাঠী, বাংলা, তামিল আদি ভাষাতো বহু কল্পবিজ্ঞান সাহিত্যৰ চৰ্চা হয়। ভাৰতবৰ্ষত এই বিষয়ক সাহিত্য আৰম্ভ হোৱাৰ প্ৰায় চাৰিটা দশকৰ পাছতহে অসমীয়া ভাষাত লাহে লাহে কল্পবিজ্ঞান সাহিত্যৰ চৰ্চা আৰম্ভ হয়। যদিও আজিও ই নিচেই কম। ১৯৩৭ চনত ‘আৱাহন’ কাকতত হৰিপ্ৰসাদ বৰুৱাদেৱে ‘বীৰ চতিয়াৰ দেশ’ শীৰ্ষক গল্পটোৰে কল্পবিজ্ঞান সাহিত্যৰ চৰ্চা আৰম্ভ কৰে বুলি জনা যায়। জনপ্ৰিয় ‘বিষ্ময়’ আলোচনীখনতো কল্পবিজ্ঞান ভিত্তিক বহু গল্প, উপন্যাস আদি প্ৰকাশ হৈছিল। এই বিষয়ত ড০ বিজয়কৃষ্ণ দেৱশৰ্মা, ড০ দীনেশ চন্দ্ৰ গোস্বামী, শান্তনু তামুলী, ৰঞ্জু হাজৰিকা, বন্দীতা ফুকন, ৰথীন্দ্ৰ নাথ গোস্বামী, চাকিল জামাল ইত্যাদি বহু লেখকে কল্পবিজ্ঞান বিষয়ক বহু লেখা বিভিন্ন কাকত আলোচনীত লিখি আহিছে। 

অক্ষয় কুমাৰ নাথৰ কল্পবিজ্ঞান ভিত্তিক কাহিনী ‘অজান অতিথি’

     আজি আমি বিশিষ্ট বিজ্ঞান লেখক অক্ষয় কুমাৰ নাথদেৱৰ অচিন গ্ৰহৰ প্ৰাণীৰ পৃথিৱীত প্ৰথম খোজ বিষয়ত এখন উপন্যাসৰ গ্ৰন্থ পৰিচয় জ্ঞাপক এটা লেখা লিখিব ওলাইছোঁ। ‘অসম বিজ্ঞান লেখক সংস্থা’ৰ দ্বাৰা পুৰস্কৃত কল্প বিজ্ঞান কাহিনীৰ উপন্যাস অক্ষয় কুমাৰ নাথদেৱৰ ‘অজান অতিথি’ ছিপাঝাৰৰ মেজাংকৰি প্ৰকাশনে ২০১৭ বৰ্ষতে প্ৰকাশ কৰিছে। অৰ্থবহ বেটুপাত, সুন্দৰ ছপাৰে প্ৰকাশ কৰা গ্ৰন্থখনৰ ভাষা প্ৰাঞ্জল আৰু বৰ্ণনা মনোগ্ৰাহী। একে বহাতে পঢ়ি শেষ কৰিব পৰা এইখন কল্পকাহিনীৰ বিষয়ে অসমীয়া সুধীসমাজৰ মাজত চৰ্চা হোৱাৰ অৱকাশ যথেষ্ট আছে। অসমত বিজ্ঞান বিষয়ক গ্ৰন্থ আজিও আঙুলিৰ মূৰত লিখিব পৰা হৈয়েই আছে, এনে সময়ত ‘অজান অতিথি’ কেইবাটাও বিষয়ত চৰ্চালৈ অহাৰ যোগ্য বুলি ভাবিছোঁ। উপন্যাসখন আজিৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী তথা অন্যান্য পাঠকৰ মাজতো ইয়াৰ বিষয়বস্তুৰ অভিনৱত্বৰ বাবেই জনপ্ৰিয় হব বুলি নিঃসন্দেহে ক’ব পাৰোঁ। গ্ৰন্থখন সম্পূৰ্ণ গ্ৰাম্য সৰলতাৰ পটভূমিত ৰচিত বাবেও অসমৰ গ্ৰাম্যাঞ্চলৰ পাঠকে গ্ৰন্থখন পঢ়ি ভাল পাব। নৱম শ্ৰেণীত অধ্যয়নৰত ভাৰ্গৱ নামৰ ল’ৰা এজনক অচিন গ্ৰহৰ প্ৰাণীয়ে লৈ গৈ পোন্ধৰ দিনমান ৰাখি পুনৰ ওভতাই দিয়াৰ কাহিনীটোৱেই ‘অজান অতিথি’ৰ কাহিনী। ভাৰ্গৱ নামৰ ল’ৰা এজনৰ ক্লন এটা অচিন যান এখনেৰে নমাই থৈ গৈছিল ভাৰ্গৱৰ ঘৰৰ কাষৰ নদী পাৰত। কোনোবা বৰ্হিঃবিশ্বৰ প্ৰাণীয়ে চাৰি বছৰ আগতেই ভাৰ্গৱৰ পৰা গোপনে জীৱন্ত কোষ সংগ্ৰহ কৰি ভাৰ্গৱৰ ক্লন (সাইলাখ ভাৰ্গৱ এজন) বনাই পৃথিৱী সম্বন্ধে বহু তথ্য গোপনে সৰবৰাহ কৰিবলৈ বুদ্ধি পাঙিছিল। এখন নীলা কাঁহী আকৃতিৰ বিশেষ যানেৰে সোঁ সোঁৱাই বৰ্হিঃবিশ্বৰ উচ্চ সভ্যতাৰ অচিন অজান প্ৰাণীয়ে ভাৰ্গৱৰ দেহৰ নিৰ্মাণ অভ্যন্তৰত অতি সূক্ষ্ম অথচ উচ্চ ক্ষমতাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কম্পিউটাৰ সংলগ্ন কৰিছিল। সেইবাবেই কৃত্ৰিম বুদ্ধিমত্তাৰ ক্লন ভাৰ্গৱ প্ৰাকৃতিক ভাৰ্গৱতকৈ যথেষ্ট স্মৃতিশক্তিযুক্ত আৰু পূৰ্বতকৈ খেল-ধেমালি সকলোতে অবিশ্বাৰ্যভাবে দক্ষ হৈ পৰিছিল। কিন্তু, ভাৰ্গৱৰ সৰু ভায়েক পাৰ্থৰ নজৰত ভালকৈয়ে পৰিছিল ক্লন ভাৰ্গৱৰ ৰেহৰূপ। পাৰ্থই সেয়ে এবাৰ সুধিয়েই পেলাইছিলঃ ‘শুনা তুমি যিমানেই বুধিয়ক নোহোৱা, মই তোমাক ধৰা পেলাইছো। তুমি আমাৰ দাদাৰ হুবহু নকল। তদুপৰি তোমাৰ দেহৰ ভিতৰত বৈদ্যুতিক যন্ত্ৰ পাতি লুকুৱাই থোৱা আছে। কাৰণ তুমি টিভি, ৰেডিঅ’ আদিৰ ওচৰলৈ গ’লে চেৰ চেৰণি ধৰে। তোমাৰ দেহৰ পৰা ইলেকট্ৰিকেল চিগনেল অনবৰতে ক’ৰবালৈ গৈ আছে। তুমি কোন, ইয়ালৈ কিয় আহিছা আৰু আমাৰ দাদাক কি কৰিলা কোৱা।’ লাহে লাহে পাৰ্থই ঘৰলৈ অহা উচ্চ শিক্ষিত মোমায়েকক কথাবোৰ কৈছিল। মামাকে লগে লগে তেওঁৰ শিক্ষাগুৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশিষ্ট বিজ্ঞানী ড৹ সুকুমাৰ পাঠক ছাৰক অৱগত কৰি তেওঁৰ জৰিয়তে ভাৰ্গৱে খেলিবলৈ যাওঁতে আকাশৰ পৰা নীলা ৰঙৰ যান এখন নামি অহাৰ পৰা সমগ্ৰ কাহিনীটো কৈ সম্প্ৰতি নকল ভাৰ্গৱৰ অবিশ্বাস্য মুখস্থ শক্তিকে ধৰি অন্যান্য শক্তি বৃদ্ধিৰ কথাবোৰ কোৱাত বিশিষ্ট বিজ্ঞানী ড৹ সুকুমাৰ পাঠকে ভাৰ্গৱক লগ কৰি এই বিষয়ত গৱেষণা অব্যাহত ৰাখিছিল। এটা সময়ত ড৹ সুকুমাৰ পাঠক, ড৹ বিজয় গোস্বামীৰ দৰে বৰেণ্য ব্যক্তিয়ে সিদ্ধান্তলৈ আহিল যে ভাৰ্গৱৰ শৰীৰৰ কোষৰ নমুনা সংগ্ৰহেৰে বনোৱা এইগৰাকী ক্লন ভাৰ্গৱহে, আচল ভাৰ্গৱজনক কোনোবা বৰ্হিঃবিশ্বৰ প্ৰাণীয়ে কেইদিনমান আগতেই লৈ গৈছে। এটা সময়ত আৰু অধিক বিজ্ঞানী সমাজৰ লগত পৰামৰ্শ কৰি যশস্বী বিজ্ঞানী ড৹ সুকুমাৰ পাঠকে শ্ৰীহৰিকোট্টাত থকা দেশীয় মহাকাশ কেন্দ্ৰ আৰু ৰাজ্য আৰু জিলা আৰক্ষী অধীক্ষককো বিষয়টো অৱগত কৰি কেনেকৈ আচল ভাৰ্গৱক বৰ্হিঃবিশ্বৰ প্ৰাণীসমূহৰ পৰা উদ্ধাৰ কৰিব পাৰি তাৰ বুদ্ধি তথা কৌশল ভাবিব ধৰিলে। পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ পৰা ভ্ৰাম্যমাণ গৱেষণাগাৰটো ভাৰ্গৱহতৰ গাঁৱৰ ঘৰলৈ অনা হ’ল। অচিলেচন ফ্ৰিকুৱেঞ্চি, এম্পলিফিকেচন ফেক্টৰ, ইলেকট্ৰমেগনেটিক ছিগনেল ইমেজাৰ, উচ্চ ক্ষমতা সম্পন্ন মেগনেটিক ৱেভ ট্ৰেন্সমিছন যন্ত্ৰ তথা অন্যান্য প্ৰযুক্তিৰ সহায়ত ভাৰ্গৱক উক্ত গৱেষণাগাৰটো থকা গাড়ীখনত তুলি পৰীক্ষা অব্যাহত ৰাখোতে কোনোবা বৰ্হিঃবিশ্বৰ প্ৰাণীৰ ফালৰ পৰা ক্লন ভাৰ্গৱক ভালদৰে নিৰাপদে ৰাখিবলৈ আহ্বান জনালে, ইফালে বিজ্ঞানী দলটোৱেও প্ৰকৃত ভাৰ্গৱক ওভতাই দিবলৈ অনুৰোধ কৰিলে। এটা সময়ত জনালে সিফালৰ পৰাঃ wait hundred hours, we are your friends.কথামতেই অচিন গ্ৰহৰ প্ৰাণীয়ে লৈ গৈ পোন্ধৰ দিনমান লুকুৱাই ৰাখি ভাৰ্গৱক আগতে লৈ যোৱা যানখনতে তুলি ওভতাই দিলেহি। ইতিমধ্যে সংবাদ মাধ্যমৰ লোকেও খবৰটো তপতে তপতে প্ৰচাৰ কৰিব ধৰিলে। সৰ্বশেষত, এখন সংবাদ মেল সম্বোধনো কৰিলে বিশিষ্ট বিজ্ঞানী ড৹ সুকুমাৰ পাঠকে, য’ত সমগ্ৰ ঘটনাটোত জড়িত অধ্যাপক, ছাত্ৰ তথা অন্যান্য লোকসকলক ধন্যবাদো জনালে ড৹ সুকুমাৰ পাঠকে। লগতে কৈ গ’লঃ ‘গোপনে কোনো গ্ৰহ বা উপগ্ৰহৰ অভ্যন্তৰত তেওঁলোকৰ গৱেষণা কেন্দ্ৰ বা উপনিৱেশ প্ৰতিষ্ঠা কৰাটো আচৰিত নহয়-য’ত কৃত্ৰিম বায়ুমণ্ডল আৰু কৃত্ৰিম উষ্ণতা সৃষ্টি কৰি বৰ্তি থকা সম্ভৱ। …. তথাপি আমি হিচাপ কৰিলে দেখা পাও খুব বেছি বৃহস্পতিৰ সমান দূৰত্বৰ পৰা এই যোগাযোগ চলিছে। …….মোৰ যদি ভুল নহয়, বুদ্ধিমান প্ৰাণীয়ে পৃথিৱীক নিৰীক্ষনৰ বাবে এনে গ্ৰহ বা উপগ্ৰহ বা পৃথিৱীৰ পৰা ভালেমান দূৰৈৰ এটি উপগ্ৰহীয় কক্ষপথ নিৰ্বাচন কৰি লৈছে। এই কথাবোৰ এতিয়া আৰু বেছি দিন সাঁথৰ হৈ নাথাকিব। …. .আমি ভবাতকৈ এনে প্ৰাণী বহু ওখ খাপৰ, উন্নত মস্তিস্কৰ, তেওঁলোকৰ সভ্যতা আমাতকৈ, বহুত আগবঢ়া।’ আঁকাৰত সৰু হলেও উক্ত উপন্যাসোপম ৰহস্যঘন কল্পকাহিনীখন অসমীয়া সাহিত্যৰ পৰম সম্পদ। 

3 thoughts on “অসমীয়া কল্পবিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান বিষয়ক উপন্যাস ‘অজান অতিথি’– ধীৰেণ শইকীয়া

  • September 26, 2020 at 5:30 am
    Permalink

    অনিন্দ্যসুন্দৰ লেখা, বৰ আমোদ আৰু ৰস পালোঁ।

    Reply
  • September 26, 2020 at 6:22 am
    Permalink

    বহুতেই উপকাৰী লিখনি ৷ এনেবোৰ লিখনিয়ে সমাজৰ উপকাৰ সাধন কৰিব ৷ অভিনন্দন

    Reply
  • October 6, 2020 at 8:50 pm
    Permalink

    বৰ সুন্দৰ পৰ্যালোচনা। আপোনাৰ পৰ্যালোচনাই কিতাপখন পঢ়াৰ প্ৰতি মনত আগ্ৰহ সৃষ্টি কৰিলে। কিতাপখন ৰ আভাস দিয়াৰ বাবে আপোনালৈ ধন্যবাদ জনালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!