অসমীয়া কোন?

ছগনলাল জৈন(অগ্রদূত, শাৰদীয় সংখ্যা, ১৯৭৮ পৃষ্ঠা-আঠ)
——————

প্রকৃত ‘অসমীয়া’ হোৱাৰ বাবে আপুনি সুদীৰ্ঘ কাল ইয়াত থাকিবও নালাগে, ব্যৱসায়-বাণিজ্য বা চাকৰিৰে আপোনাৰ মানসিক-দৈহিক সেৱাও আগবঢ়াব নালাগে ।আপোনাৰ অসমীয়া ভাষা জ্ঞান থকাৰ প্রয়োজন নাই। কেৱল মাত্ৰ লাগে ইয়াৰ মাটি, ইয়াৰ মানুহ, ভাষা-সাহিত্য-সংস্কৃতি আৰু… জীৱন পদ্ধতিৰ প্রতি এক নিশ্চল আন্তৰিক প্রেম । যদি কোনোবাই আপোনাৰ সন্মুখত এইবোৰক নিন্দা কৰে , বেয়া বুলি কয়- তেতিয়া আপোনা-আপুনি আপোনাৰ তেজ গৰম হ’ব লাগিব, খং উঠিব লাগিব । যদি এনে হয় তেতিয়া বুজিব লাগিব আপুনি হাড়ে-হিমজুৱে খাটি ‘অসমীয়া’ হৈ উঠিছে । এনে হোৱাৰ পাছত আপোনাক কোনেও অনা-অসমীয়া বুলি ক’বলৈ সাহস কৰিব নোৱাৰে ।

Don`t copy text!