অসমীয়াত্বৰ সন্ধানত চাৰিটা দফা (গুৰুগোবিন্দ তামুলী)

(এক)

অসমীয়া ভাষা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেইটো জনাটো সম্ভৱ নহয়। বৰ্তমান চলি থকা ৰূপটো অৰুণোদইৰ সময়ৰ পৰা প্ৰচলিত হৈ আহি এই ৰূপ পাইছেহি বুলি ক’ব পাৰি। অসমীয়া ভাষাৰ স্বকীয়তাৰ বাবে আমি প্ৰায় ১৫০০ বছৰৰ ইতিহাসৰ কথা উনুকিয়াওঁ। অসমত যুগ-যুগান্তৰৰে পৰা চলি থকা বিভিন্ন ভাষা সমূহৰ মিশ্ৰণেৰে বিকশিত হৈ বৰ্তমানৰ চলিত অসমীয়া ভাষাটোৰ ৰূপ পাইছে নেকি? অসমৰ থলুৱা ভূমিপুত্ৰ (যি সকল আনঠাইৰ পৰা প্ৰব্ৰজন কৰি বৰ্তমানৰ অসম নামৰ ভূখণ্ডলৈ অহাৰ কোনো ইতিহাস নাই) সকলে যিকেইটা ভাষা ব্যৱহাৰ কৰে বা কৰি আহিছে (নিজা লিপি থকা নথকাৰ কথা বাদ) সেইকেইটা আৰু ‘অসমীয়া ভাষা’ৰ সাদৃশ্যতা কিমান? মংগোলীয় মূলৰ ভূমিপুত্ৰ সকলৰ ভাষা (দোৱান?) আৰু মান্য অসমীয়া ভাষাৰ মাজত সমন্ধ বিচাৰি উলিওৱাটো কষ্টসাধ্য নহয়নে? অসমীয়া ভাষা এক আৰ্যমূলীয় সাংস্কৃতিক সাম্ৰাজ্যবাদৰ আগ্ৰাসনৰ ফল নহয়তো ? ভূমিপুত্ৰ সকলৰ অনাৰ্য ভাষা-সংস্কৃতিক পৰাধীন কৰি ৰাখি এক বহিঃসঁচৰ আৰ্য সাংস্কৃতিক সাম্ৰাজ্যই শাসন চলাই থকা নাইতো ? মান্য অসমীয়া ভাষাত থলুৱা বড়ো, ৰাভা, মিচিং, কাৰ্বি, তিৱা, ডিমাছা, হাজংকে আদি কৰি অসমৰ নিজৰ মাটিৰ থলুৱা ভাষা সমূহ নাইবা অসমৰ কাষৰীয়া অঞ্চল সমূহৰ ভাষাৰ প্ৰাধান্য ক’ত ? একে কথা উপাস্য দেৱ-দেৱতাৰ ওপৰতো। জনজাতীয় দেৱদেৱতা আৰু আৰ্য মূলৰ আৰাধ্য দেৱ-দেৱতা সকল একেই নেকি? হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, ইছলাম আদি আনুষ্ঠানিক ধৰ্মবোৰ এই অঞ্চললৈ আমদানিকৃত বহিঃসঁচৰ ধৰ্ম নহয় নেকি ? আৰ্য উত্তৰ ভাৰত কেন্দ্ৰিক শ্ৰীৰাম নাইবা শ্ৰীকৃষ্ণই বুঢ়াগোসাঁইৰ থানবোৰৰ সংস্কৃতি বিলুপ্ত কৰা নাইনে? একে কথা বাকী আমদানিকৃত ধৰ্মবোৰৰ ক্ষেত্ৰতো। দঞি-প’ল’ক ঘৰতে গৃহহাৰা কৰিছে কোনোবা আগ্ৰাসনকাৰী ছেইন্ট অথবা নবীয়ে। য়ু.পি.ৱালা শ্ৰীকৃষণ ভগৱানৰ বুঢ়াগোঁসাই নাইবা আনকোনো স্থানীয় জনজাতীয় উপাস্যজনৰ ওপৰত আগ্ৰাসন, জেৰুজালেমৰ যীচু নাইবা মক্কাৰ হজৰত মহম্মদৰ আগ্ৰাসনৰ কিবা পাৰ্থক্য আছে নেকি? এই আগ্ৰাসনৰ ফলত সকলোৱে ক্ৰমাৎ হেৰুৱাই পেলাইছে নিজৰ নৃগোষ্ঠীয় ইউনিক ধাৰণাবোৰ। সাংস্কৃতিক সামাজ্যবাদৰ এই আগ্ৰাসনৰ পৰা বচাৰ কিবা উপায় কোনে দিব ? নে যি হ’ল হৈ গ’ল আৰু সময়ৰ সোঁতত নিজস্ব সকলো হেৰুৱাই দাসত্বৰ শিকলিকেইডালতে আবদ্ধ থকাৰ বাদে গত্যন্তৰ নাই ??

(দুই)

অসমীয়া জাতীয়তাবাদ বোলা বস্তুটোৱেই এটা জোৰজবৰদস্তি সাজি লোৱা বস্তু নেকি ? ইয়াক সম্পূৰ্ণৰূপে প্ৰব্ৰজনকাৰী সকলেই নিজৰ সুবিধাৰ কাৰণে সাজি লোৱা নাইতো ? নহ’লে তথাকথিত অসমীয়া জাতিসত্বাৰ প্ৰতি থলুৱা ভূমিপুত্ৰ সকলৰ অবিশ্বাসযোগ্যতা কিয়? অসমীয়া ভাষাত থলুৱা ভাষাবোৰৰ অস্তিত্ব ক’ত ? বহুতে ক’ব খোজে, অসমীয়া হাজাৰ বছৰৰ সাংস্কৃতিক আদান প্রদানৰ ফলত গঠিত হোৱা এক বৃহত্তৰ জাতি, য’ত আৰ্য্, মংগোলীয় সকলো গোষ্ঠী, জনগোষ্ঠীৰ নিজস্ব অৱদান আছে। এই গোটেই প্ৰক্ৰিয়াটো যদি আদান-প্ৰদানৰ মাজেদিয়ে হৈছিল তেন্তে এই থলুৱা ভাষাবোৰৰ লগত মান্য অসমীয়াৰ মিল নেদেখিহে আচৰিত নহৈ নোৱাৰিছোঁ। গোটেই অসমীয়াত্বৰ ধাৰণাটোৱেই এক কৰাৰ নামত বাকীবোৰক ধংস কৰা এক কাৰ্য যেন লগা নাইনে? মিলনৰ নাম দি আধিপত্যৰ বিস্তাৰ, সাত ৰাজ্য মাৰি এক ৰাজ্য ৰাজনৈতিক ভাৱে হ’ল, কিন্তু সাংস্কৃতিক মিলন হোৱা যেন নালাগিল। পৃথিৱীৰ বেলেগ ভাষা, সংস্কৃতি, জাতি সত্বাবোৰলৈ চালে দেখোঁ যে যিবোৰ অতীতৰ জাতি সত্বা, সংস্কৃতিৰ মিলন হৈ সেইবোৰৰ জন্ম সেইমূলৰ প্ৰভাৱ সকলোতে বিদ্যমান। তাত অসমীয়াত থলুৱাত্ব বিচৰাৰ দৰে বিচাৰিব নালাগে। প্ৰচলিত মান্য অসমীয়া জাতীয়তাবাদী জীৱনশৈলীৰ অনুশীলনত ভূমিপুত্ৰ সকলৰ জীৱনশৈলীৰ উপাদানবোৰ বিচাৰি হাবাথুৰি খোৱা অৱস্থা এটা কিয় হয় ??

 

(তিনি)

প্ৰব্ৰজন, মিলন, আগ্ৰাসন আদি বৈৱৰ্তনিক স্বাভাৱিক প্ৰক্ৰিয়া। মূল কথাটো হৈছে, অসমত ইমান দিনে মিলন হোৱা (সকলোৰে উপাদান থকা) বুলি যিটো ধাৰণাৰ প্ৰচাৰ চলাই থকা হৈছে, সেই প্ৰচাৰ সত্যৰ পৰা আঁতৰত। আচলতে আগ্ৰাসনহে হৈছে। অসমত এক সময়ত চৰকাৰী ভাষা হিচাপে বাংলা জাপি দিয়া আৰু অসমীয়া ভূমিপুত্ৰ সকলৰ ওপৰত তেওঁলোকৰ সংস্কৃতিৰ কোনো উপাদান বিচাৰি পাবলৈ টান ‘অসমীয়া’ জাপি দিয়াটৌ একে ধৰণৰ পৰিঘটনা নহয় নে? অসমীয়া আৰু বাংলাৰ সামঞ্জস্য যিমান, অসমৰ থলুৱা ভাষাবোৰ আৰু অসমীয়া মান্য ভাষাৰ সামঞ্জস্য তাৰ তুলনাত নাইৰ সমান। বাংলা আৰু অসমীয়া হয়তো একে উমৈহতীয়া পূৰ্বপুৰুষৰ পৰা উদ্ভুত। কিন্তু ‘সাংস্কৃতিক মিলন প্ৰক্ৰিয়া’ৰে গঠন হোৱা বুলি কোৱা তথাকথিত অসমীয়া জাতিসত্বাত ইয়াৰ মাটিৰ উপাদানবোৰৰ অভাৱ কিয় ?

 

(চাৰি)

‘অসমীয়া জাতি’ গঠন প্ৰক্ৰিয়াটোৱেই গোটেইখন খেলিমেলি নহয়নে! প্ৰৱক্তাসকলে প্ৰচাৰ চলোৱাৰ নিচিনাকৈ মিলন হৈ গঠিত হোৱা জাতি সত্বা এটাৰ বাস্তৱ অস্তিত্ব বিচাৰি হাবাথুৰি খাব লগা হয় কিয়! অসমীয়া এটা সন্মিলিত নৃগোষ্ঠীয় সাংস্কৃতিক জাতিসত্বাতকৈ ৰাজনৈতিক ৰাষ্ট্ৰসত্বাহে বেছি নহয়নে ? দিল্লীৰ পৰা সকলোকে খুৱাই থকা ভাৰতীয়তাৰ শাসকীয় ৰাষ্ট্ৰসত্বাৰ পিলটোৰ নিচিনাকৈ অসমীয়াত্বটোও দিছপুৰ কেন্দ্ৰিক শাসকীয় ৰাজ্যসত্বাহে নেকি ?

 

(এটা পুৰণি আলোচনাৰ পৰা)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!