অসমীয়াৰ শত্ৰু অসমীয়া -ড: বিৰাজ কুমাৰ শৰ্মা

অসমীয়াৰ শত্ৰু কোন? উত্তৰ: অসমীয়া
উদাহৰণঃ ১
বাঢ়নী পানীয়ে নতুনকৈ নিৰ্মিত মথাউৰিটো ভাঙি গাঁওখন জলমগ্ন কৰিলে। সকলোৰে ঘৰ পানীৰ তলত। নামঘৰত ৰাইজ একগোট হৈছে। নামঘৰত ঠিকাদাৰক অভিশাপ দিছে। অথচ একেখিনি মানুহেই যোৱাবছৰ একেজন ঠিকাদাৰকেই নায়ক সজাইছিল, যেতিয়া ৰাইজে নামঘৰৰ বাবে ঠিকাদাৰজনে আগবঢ়োৱা এক বুজন পৰিমাণৰ ধন বৰঙনি হিচাপে গ্ৰহণ কৰিছিল। তেতিয়া তেওঁলোকে পাহৰি গৈছিল যে ঠিকাদাৰজনৰ ইমান ধনৰ উৎস ক’ত। বৰঙনি আগবঢ়াই ঠিকাদাৰজনে নিম্ন মানৰ কাম আৰম্ভ কৰিছিল আৰু নিজৰ আয় বঢ়াইছিল। মানুহবোৰে সচেতন হৈ সেই নিম্নমানৰ কামৰ প্ৰতিবাদ কৰা নাছিল। সকলোৱে চকু মুদা কুলিৰ ভাও লৈছিল। চতুৰ ঠিকাদাৰজনে গাঁৱৰেই দুজনমানক কেইটামান বটলেৰে মুখ বন্ধ কৰিছিল। কাৰণ নামঘৰত বৰঙনি দি তেখেত ভাল মানুহ হৈ পৰিছিল আৰু সকলোৰে মুখ বন্ধ কৰিছিল। মথাউৰিত মাটিৰ পৰিৱৰ্তে বালি পৰিছিল আৰু বাৰিষাৰ বানত সেই বালিৰে নিৰ্মিত মথাউৰি উটি গৈছিল। ঈশ্বৰে যেন মানুহক একপ্ৰকাৰ বাৰ্তা দিছিল “মই দিছিলোঁ কিন্তু তোমালোকে ল’ব নাজানিলা। এতিয়া নিজৰ কৰ্মফল নিজে ভোগ কৰা।”

উদাহৰণঃ ২
নতুনকৈ নিৰ্মাণ কৰা পথটি এবছৰ নহওঁতেই খহি গ’ল। চৰকাৰ আৰু ঠিকাদাৰক সকলোৱেই সমালোচনা কৰাত ব্যস্ত হ’ল। চাৰিআলিৰ চাহৰ দোকানত ইয়াকেই লৈ সৰব চৰ্চা। অথচ, সেইজন ঠিকাদাৰৰ পৰাই বহুকেইখন অনুষ্ঠানত শকত অংকৰ ধন বৰঙনি হিচাপে গ্ৰহণ কৰি ঠিকাদাৰজনৰ ডিঙিত গামোচা পিন্ধোৱা হৈছিল। ৰাইজে ধন গ্ৰহণ কৰি নাচ-গানৰ অনুষ্ঠান চাই আপোন পাহৰা হৈছিল আৰু আৰু ঠিকাদাৰে নিম্নমানৰ কামেৰে বৰঙনি দিয়া ধনতকৈ দুগুন-চাৰিগুণ ধন উলিয়াই লৈছিল। বৰঙনি দি সকলোৰে মুখ বন্ধ কৰিছিল। এতিয়া ৰাস্তা খহি গ’ল। চাইকেল চলোৱা সকলৰ ককাঁলৰ বিষ আৰম্ভ হ’ল, কিন্তু ঠিকাদাৰজনে এতিয়া এই বাটেৰে নাহে। ৰাইজক বিভিন্ন অনুষ্ঠান আয়োজনৰ বাবে ধন আগবঢ়াই ডিঙিত গামোচা পিন্ধি ৰাস্তাৰ কাম শেষ কৰি এতিয়া বিলাসী গাড়ীত ঘূৰি ফুৰিছে। আৰু ৰাইজে এতিয়া ভগা ৰাস্তাৰে যাতায়ত কৰি চৰকাৰক সমালোচনা কৰাত লাগিছে। দোষ কাৰ?

উদাহৰণঃ ৩
চাকৰিৰ তাগিদাত মানুহজনে চহৰখনলৈ নতুনকৈ বদলি হৈ আহিছে। চৰকাৰী কাম সূচাৰুৰূপে কৰিম বুলি মানুহজন দৃঢ়প্ৰতিজ্ঞ আছিল আৰু দুৰ্নীতি সহ্য নকৰিছিল। কিন্তু চহৰখনত পাবত গজা সংগঠনৰ অভাৱ নাছিল। তেখেতৰ কাৰ্যালয়লৈ জাতিৰক্ষাৰ বাবে চান্দা বিছৰা লোকৰ প্ৰকোপ বৃদ্ধি পাইছিল। দৰমহাৰ পইচাৰে দাবী কৰা ধন দি দি মানুহজন একপ্ৰকাৰ দেউলীয়া হোৱাৰ উপক্ৰম হৈছিল। ধন নিদিলে বিভিন্ন মিছা অভিযোগেৰে মানুহজন লাঞ্ছিত হ’বলৈ ধৰিছিল। সন্তুষ্ট কৰিব নোৱাৰাৰ বাবে কাকতত তেখেতৰ বিৰুদ্ধে বিভিন্ন মিছা বাতৰি প্ৰকাশ হ’বলৈ ধৰিছিল। উপায়হীন মানুহজনে দুৰ্নীতিৰ আশ্ৰয় লৈ ধন আৰ্জন কৰি সেইসকলক বৰঙনি দি নিজেও লাভান্বিত হ’বলৈ লৈছিল। মিছা অভিযোগৰ পৰা তেওঁ মুক্তি পাইছিল যদিও এনেকৈয়ে এজন দুৰ্নীতিগ্ৰস্থ বিষয়াৰ সৃষ্টি কৰাত জাতিৰক্ষাৰ ঠিকাদাৰ সকলৰ পৰোক্ষ অৰিহনা আছিল।

উদাহৰণঃ ৪
মানুহজনৰ ৰূপিত মাটি আছিল দুপুৰা। ৰাস্তাৰ কাষত। সকলোৱে একেমুখেই কৈছিল সোণৰ মূল্যৰ সদৃশ মাটি। তেওঁৰ পিছফালে গঞাৰ মুকলি পথাৰ। আহিনত পথাৰখনত সোণগুটি ওপচি পৰে। এদিন মাটিখিনিত চকু পৰিল অনা-অসমীয়া ব্যৱসায়ীৰ। তেতিয়াৰ মূল্যতকৈ চাৰিগুণ লোভ দেখুৱালে। ইমানখিনি ধনৰ লোভ দেখি মানুহজন মান্তি হ’ল নিজৰ পৈতৃক সম্পত্তি আনৰ হাতত গটাই দিবলৈ। গাঁৱৰে আন এজন আহিছিল মাটিখিনি অনা-অসমীয়াক দিয়াৰ পৰিবৰ্তে নিজে কিনিম বুলি। মানুহজনে গৰ্বৰে কৈছিল “তই ইমান টকা দিব পাৰিবি জানো? মোৰ মাটি, য’ত টকা বেছি পাম তাতেই বিক্ৰী কৰিম।” চাৰিগুণৰ পৰিৱৰ্তে মানুহজনে ছয়গুণ অধিক দামত অনাঅসমীয়াৰ হাতত নিজৰ পৈতৃক ভূমি গটাই দিছিল। অনা-অসমীয়াজনে ৰাতিটোৰ ভিতৰতে মাটিখিনিত প্ৰকাণ্ড ৱাল সাজিছিল আৰু পিছফালৰ মাটিৰ মালিকসকলৰ অহাযোৱাৰ পথ একপ্ৰকাৰ বন্ধ কৰাৰ দৰে কৰিছিল। উপায়ন্তৰ মানুহখিনিয়ে অনা-অসমীয়াজনক কাবৌ-কাকূতি কৰিছিল যদিও তেখেতে উদাসীন হোৱাৰ ভাও লৈছিল। উৎপাদন নথকা আৰু ক্ৰমান্বয়ে চন পৰিবলৈ ধৰা মাটিখিনি উপায়ান্তৰ ৰাইজে অনাঅসমীয়াজনকে কিনিবলৈ অনুৰোধ কৰিছিল। অনাঅসমীয়াজনে তেখেতক আৰু মাটিৰ প্ৰয়োজন নাই বুলি মিছাকে কৈ কৰি উপায়ন্তৰ হোজা ৰাইজক মিছা সহানুভূতি দেখুৱাই পানীৰ দৰত মাটিখিনি ৰাইজৰ পৰা ক্ৰয় কৰিছিল। এনেদৰেই খিলঞ্জীয়া ৰাইজে ভূমি হেৰুওৱাত এজন খিলঞ্জীয়াৰেই অৱদান আছিল আৰু এনেদৰেই এখন পথাৰ নোহোৱা হৈছিল।

                                                                    -----------------------অন্ত ---------------------------

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!