অসমীয়া ওমলা গীত(-অঞ্জল বৰা)

অসমীয়া ওমলা গীত

ডঃ নিৰ্মলপ্ৰভা বৰদলৈ

(টোকা : ফে’চবুকত সংগ্ৰহ কৰি ৰাখিবৰ বাবে মূল উৎসৰ পৰা অনুমতি লোৱা হোৱা নাই৷ ওমলা গীতসমূহ প্ৰচাৰ কৰাহে আমাৰ মূল উদ্দেশ্য৷)

 

 

 

(১)

শামুক অ’ শামুক

খাবা নেকি জালুক?

জালুক যদি নোখোৱা

ওলাবহি ভালুক৷

(২)

হাঁহ হাঁহ হাঁহ

হৈছেনে কাহ?

দৰৱ বুলি খাবানে

বাৰীৰ এতা বাঁহ??

(৩)

জেঠী অ’ জেঠী

কথা কওঁ এটি

আঁকিবানে বেৰত

মোৰ এখন ছবি?

(৪)

কু….উ

খচ খচ খচ খচ খচ

ডাঙৰ ৰেল,

সৰু ৰেল

ক’ত বাৰু যায়?

দিল্লী!

কলিকতা!

মোকো লৈ যোৱা ভাই

মোকো লৈ যোৱা ভাই৷

(৫)

অ’ ঘোঁৰা, ঘোঁৰা

কাঠৰ সৰু ঘোঁৰা

নেজডাল খঁৰা

দাঁতবোৰ লৰা

কেনেকৈ খাবা বাৰু

বুটমাহ পোৰা??

(৬)

মেকুৰী আহ, আহ

মিউ, মিউ, মিউ

গাখীৰ আছে, মাছ আছে

আৰু আছে ঘিঁউ৷

(৭)

বে কৰে ছাগলীয়ে

মিউ মিউ মেঁৱে

কক কক কুকুৰাই

পেক পেক হাঁহে৷

লাক পাকুৰ কুৰ

কয় পাৰবোৰে

তাকে দেখি ভলুকাই

ভুক ভুক কৰে৷

(৮)

নীলা গাড়ী

ক’লা গাড়ী

ৰঙা গাড়ী যায়

ভোঁ ভোঁ কৰি গুচি যায়

কোনে চলায়?

হৰ্ণ দি ভাইটিয়ে

নিয়ে চলাই

তিতঁ তিতঁ, পেঁট পেঁট

কৰি গুচি যায়৷

(৯)

বেলি, বেলি, বেলি

ৰুটীৰ লগত খাবানে

আমৰ মিঠা জেলি??

(১০)

ৰ’দ দিছে ৰঙা

বৰশীৰ পুঙা

চুঙা পিঠা খাবলৈ

ক’ত আছে চুঙা?

(১১)

আইচক্ৰীম বৰ মজা

আইচক্ৰীম খাম

আবেলি শুই উঠি

ফুৰিবলৈ যাম৷

(১২)

টফি, টফি, টফি

দিয়াচোন মামণি

খাওঁ চুপি, চুপি৷

(১৩)

তিলপিঠা দীঘলীয়া

ঘিলাপিঠা গোল

বিহু হ’লে খাম দেই

বজাই এটা ঢোল৷

(১৪)

ৰাতিপুৱাই কাউৰীয়ে

কৰে কা কা

কোমল চাউল, দৈ গাখীৰ

পকা কঠাল খা৷

(১৫)

নমো কৰা, নমো কৰা, নমো কৰা ভাই

মায়ে নমো কৰে সদায় সদায়৷

দাঁত ঘঁহা, দাঁত ঘঁহা, দাঁত ঘঁহা ভাই

দেউতাই দাঁত ঘঁহে সদায় সদায়৷

গাখীৰ খোৱা, গাখীৰ খোৱা, গাখীৰ খোৱা ভাই

ভাল ল’ৰাই গাখীৰ খায় সদায়, সদায়৷

কিতাপ পঢ়া, কিতাপ পঢ়া, কিতাপ পঢ়া ভাই

দাদাই কিতাপ পঢ়ে সদায় সদায়৷ (আৰ্হিৰে)

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!