অসমীয়া-গোৱালপৰীয়া (- উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা)

অসমীয়া-গোৱালপৰীয়া
………….
উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা
——————-

ৰিমঝিম শইকীয়া আৰু ঈপ্সিতা দাস দুয়ো অসমৰ বাহিৰৰ সৰ্বভাৰতীয় প্ৰতিষ্ঠান এখনত পঢ়িবলৈ সুযোগ পালে৷ ৰিমঝিমৰ ঘৰ গুৱাহাটীৰ নিকটৱৰ্তী ঠাই এখনত৷ আনহাতে ঈপ্সিতা ধুবুৰীৰ৷ দুয়ো একেটা হোষ্টেলতে থাকিবলগীয়া হ’ল৷ ৰিমঝিম আৰু ঈপ্সিতা দুয়োয়ে মনত সকাহ পালে ঘৰৰ পৰা হেজাৰ কিলোমিটাৰ দূৰত অন্ততঃ নিজৰ ভাষাত কথা কবলৈ কোনোবা আছে৷ পিছে ঈপ্সিতাৰ কথা বতৰাত গোৱালপৰীয়া চাপ বিদ্যমান৷ তাকে শুনি ৰিমঝিমে কোনো পধ্যেই মানি নলয় ঈপ্সিতা অসমীয়া বুলি৷ তদুপৰি ঈপ্সিতাই ফোনত ঘৰৰ মানুহৰ সৈতে কথা পতাও ৰিমঝিমে শুনিছে, সেই ভাষাটোও তাইৰ মতে অসমীয়া নহয়, বঙালীহে! ইপিনে ঈপ্সিতাই বুজাই বঢ়াই সৈমান কৰিব নোৱাৰে যে তাই অসমীয়াই হয়৷

ওপৰোক্ত ঘটনাটো কাল্পনিক নহয়, সম্পূৰ্ণ সঁচা৷ একে ধৰণৰ কাহিনী এটা মাৰ মুখতো শুনিছো….তেতিয়া ভাষা আন্দোলনৰ সময় আছিল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে হেনো অসমীয়া কব নোৱাৰাত ৰোষত পৰিছিল; জাতীয়তাবাদীসকলৰ মতে তেওঁ হেনো অসমীয়া নহয়৷ পিছে ছাত্ৰীগৰাকীয়ে ভঙা ভঙা মান্য অসমীয়াত হেনো বাৰে বাৰে কৈছিল ‘ মই অসমীয়াই হয়’ বুলি৷ এই ছাত্ৰীগৰাকীও গোৱালপৰীয়া ( উপভাষা) ভাষী আছিল৷

এখন ৰাজ্যত এটা মান্যভাষা আৰু কেইবাটাও উপভাষা থাকিব পাৰে৷ ভিন্ন উপভাষা ব্যৱহাৰ কৰা মানুহৰ লোকাচাৰ ইত্যাদি ভিন্ন হব পাৰে; তেওঁলোকৰ মনত উপভাষাটোক ভিত্তি কৰি উচ্চমন্যতা, হীনমন্যতাৰ ভাৱ অহাও স্বাভাৱিক৷ এটা উপভাষা ব্যৱহাৰ কৰাৰ বাবেই অনা-অসমীয়া বুলি গণ্য কৰাটো অন্যায় ৷

বৃহত্তৰ গোৱালপাৰা অসমৰ পশ্চিম সীমান্তত অৱস্থিত হোৱা সূত্ৰে পশ্চিমবংগৰ গাতে লাগি থকা বাবে বাংলা ভাষাৰ প্ৰভাৱ গোৱালপৰীয়া ভাষাত বিদ্যমান৷ ই এক স্বতঃস্ফুৰ্ত পৰিঘটনা; ভাষা এটা সৃষ্টি হওতে ই ইয়াৰ ৰাজনৈতিক পৰিসীমা সম্পৰ্কে জ্ঞাত নাথাকে৷ যিদৰে গোৱালপৰীয়াত বাংলাৰ চাপ বিদ্যমান, ঠিক তেনেদৰেই কৰ্ণাটকাৰ কোলাৰ অঞ্চলত প্ৰচলিত কানাৰাৰ উপভাষাত তেলেগুৰ চাপ বিদ্যমান৷ কিন্তু সমস্যাটো হ’ল সেই ভাষা আন্দোলনৰ পৰা আজি প্ৰায় তিনিটা দশক পিছতো বৃহৎ সংখ্যক মান্য অসমীয়া ভাষা ভাষী লোকে গোৱালপৰীয়া আৰু বাংলাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰিব নোৱাৰাটোহে৷ ইংৰাজী, হিন্দী শিকাৰ লগতে আমাৰ ল’ৰা ছোৱালীৱে অলপ নিজৰ চৌপাশখনৰ বিষয়েও জনাটোও প্ৰয়োজন; অন্যথা ভাই-ভনীৰ মাজতেই অঁৰিয়া-অঁৰিখন লাগি থাকিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!