অসমীয়া বছৰ- মনোৰঞ্জন গোস্বামী

লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া জাতিৰ উদ্দেশ্যি কৈছিল—- “(আমাৰ) সকলো আছিল সকলো আছে, নুগুণো নলওঁ গম৷” লক্ষ্মীনাথ বেজবৰুৱাৰ সেই কথাৰ জেৰ টানি প্ৰামাণ্য দলিল হিচাপে উদাহৰণ এটা দাঙি ধৰিব খুজিছো৷

থাকিও নথকা, গম নোলোৱা আৰু প্ৰায় আমাৰ গোটেই জাতিটোৱে নজনা, ব্যৱহাৰ নকৰা বিষয়টো হৈছে অসমীয়া বছৰ৷ খৃষ্টীয় বৰ্ষৰেই আমি কাম চলাওঁ৷ যদিও আমাৰ বিয়া-বাৰু, সকাম-নিকাম আদি কিছুমান কামত অসমীয়া তাৰিখটো লিখো, বছৰটো কিন্তু নিলিখো৷ লিখিলেও শক লিখো৷ যিটো অসমীয়া বৰ্ষ নহয়৷ কাৰণ শক আৰম্ভ হয় অসমীয়া চ’ত মাহৰ ২২, ২৩ বা কেতিয়াবা ২৪ তাৰিখত৷ কিন্তু অসমীয়া নতুন বছৰ আৰম্ভ হয় পহিলা বহাগত৷ সেয়ে অসমীয়া বছৰ হিচাপে ৫৯৩ খৃষ্টাব্দৰ পহিলা বহাগত কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজ অভিষেকৰ দিনটোকে ভাস্কৰাব্দ হিচাপে অসমীয়া বৰ্ষ গণনা কৰা হৈ আহিছিল৷ পুৰণি কালত কামৰূপত জ্যোতিষ চৰ্চা এই তাৰিখ মতেই হৈছিল৷ এই তাৰিখকে চৰকাৰীভাৱেও স্বীকৃত৷ পশ্চিম বাংলাৰ ‘সাল’ আৰু আমাৰ ভাস্কৰাব্দৰ সময় একে৷ বহুতে ভবাৰ দৰে ‘সাল’ টোকে অসমীয়া ভাস্কৰাব্দ বুলি ধৰা হৈছে বুলি ধৰি লোৱাটো শুদ্ধ নহয়৷ ভাস্কৰাব্দ ইসলামৰ হিজৰীঅব্দতকৈ প্ৰায় ২৮ বছৰতকৈও অধিক আগৰ৷ কাৰণ ৬২২ খৃষ্টাব্দৰ ১৬ জুলাই তাৰিখে হজৰত মহম্মদ মক্কাৰ পৰা মদিনালৈ যোৱাৰ দিনৰ পৰা হিজৰীঅব্দ আৰম্ভ হৈছে৷ কিন্তু হিজৰীঅব্দ ৩৫৪ দিনীয়া বছৰ হোৱা বাবে ভাস্কৰাব্দতকৈ আগবাঢ়ি গৈছে৷ এতিয়া হিজৰীঅব্দ হৈছে ১৪৩৯৷ ভাস্কৰাব্দ হৈছে ১৪২৪৷ এসময়ত খৃষ্টাব্দতকৈও হিজৰী আগবাঢ়ি যাব৷

বংগ দেশ মুছলমান শাসন কৰ্তাৰ অধীনত থকাৰ কাৰণে বংগত বহু কাল মুছলিম হিজৰীয়েই চলিছিল৷ কিন্তু ৯৬৯ হিজৰী অব্দত (১৫৬১ খৃষ্টাব্দত) সম্ৰাট আকবৰ বঙ্গদেশলৈ আহোঁতে হিন্দু প্ৰজা সকলে সম্ৰাটক ইছলামৰ চান্দ্ৰ মাহ গণনা পদ্ধতিৰ পৰিৱৰ্তে সূৰ্য্যগণনা পদ্ধতি গ্ৰহণ কৰাৰ অনুমতি বিচাৰে৷ উদাৰমতি আকবৰে ততালিকে অনুমতি প্ৰদান কৰে৷ তেতিয়াৰ পৰাই বঙ্গৰ হিন্দু সকলে ‘সাল’ বা বঙ্গাব্দ ব্যৱহাৰ কৰিবলৈ লয়৷ সেই সময়ৰ কামৰূপৰ জ্যোতিষ গণনা ভাস্কৰাব্দ অনুযায়ী চলিছিল৷ আকৌ পুৰণি কামৰূপৰ পৰিসৰ বৰ্তমানৰ কোচবিহাৰ আৰু পূৰ্ব বঙ্গৰ বহু এলেকা জুৰি আছিল৷ গতিকে কামৰূপৰ হিন্দু জ্যোতিষ গাণনিকৰ ওচৰ চাপি নিজ ধৰ্মীয় ঐতিহ্য ৰক্ষা কৰিব লগা হৈছিল৷ সেয়েহে ৯৬৯ হিজৰীৰ পিছৰ দিনটোতকৈ ২৫ বছৰৰ আগৰ দিনটোকে গ্ৰহণ কৰিবলৈ যুক্তি বিচাৰি পালে৷ তদুপৰি বঙ্গৰ নতুন বছৰৰ আৰম্ভণিও পহিলা বহাগেই৷

অসমৰ একমাত্ৰ “অগ্ৰদূত” কাকতৰ বাহিৰে কোনো বাতৰি কাকতত এই অসমীয়া বৰ্ষটো ব্যৱহাৰ নকৰে৷

বহুতে শঙ্কৰদেৱৰ জন্ম তিথিটো ‘শঙ্কৰাব্দ’ নামেৰে প্ৰচলন কৰাৰ পোষকতা কৰে৷ সেইমতে কৰিলে আৰু খেলিমেলি হ’ব৷ কাৰণ শঙ্কৰদেৱৰ জন্ম আহিনৰ শুক্লা দশমী তিথিত৷ তিথি আৰু তাৰিখৰ তফাৎ বহুত৷ ইসলামৰ চান্দ্ৰ মাহ পদ্ধতি হ’বগৈ৷ তদুপৰি আগতেই কোৱা হৈছে যে অসমীয়া বছৰৰ আৰম্ভ হয় পহিলা ব’হাগত৷ সেয়েহে অসমীয়া জাতিটোৰ বাবে সুবিধাজনক, সন্মানজনক আৰু সকলো ফালৰ পৰা গ্ৰহণ যোগ্য বছৰ ভাস্কৰাব্দক আমি নৈতিক, ভাষিক আৰু জাতীয় স্বাৰ্থত ব্যৱহাৰ কৰা উচিত৷
■■

One thought on “অসমীয়া বছৰ- মনোৰঞ্জন গোস্বামী

  • September 5, 2020 at 10:34 pm
    Permalink

    খুৱ সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!