অসমীয়া ভাষা-সাহিত্য আৰু তথ্য-প্রযুক্তি – (ড° বুলজিৎ বুঢ়াগোহাঁই)

বৰ্ত্তমান হ’ল তথ্য-প্রযুক্তিৰ যুগ । ইয়াৰ সুবিধা অসমীয়া ভাষা সাহিত্যই গ্রহণ কৰিছে আৰু ই-ব্ৰহ্মাণ্ড(ইণ্টাৰনেট)ত অসম আৰু অসমীয়া বিষয়ক তথ্য-পাতিবোৰ সুলভ হৈ উঠিব ধৰিছে । ই এটা ভাল খবৰ । কিন্ত অনাগত দিনবোৰত কিদৰে অধিক সুলভ হৈ উঠিব সেই বিষয়ে আলোচনা কৰাৰ আগতে এটা কথা উল্লেখ কৰা উচিত হ’ব যে ইউনিক’ড মানেনো কি । ইউনিক’ড হৈছে এটা কাৰিকৰী মান বা ষ্টেণ্ডাৰ্ড । ইয়াত মুখ্যতঃ পৃথিৱীৰ বিভিন্ন ভাষাৰ বিভিন্ন আখৰবোৰ, বৰ্ণবোৰৰ প্রতিটোকে একোটা নিৰ্দিষ্ট সংখ্যা বা সংকেতেৰে সূচীত কৰা হয় আৰু এই সংখ্যা বা সংকেত সমূহ ক’ডে সূচীত কৰা আখৰ বা চিহ্নটো বিভিন্ন প্রসংগত যেনে – কীবৰ্ডত টাইপ কৰা, মনিটৰত ডিছপ্লে’ কৰা নতুবা প্রিণ্টাৰত প্রিন্ট কৰোঁতে কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ নিৰ্দেশনা আৰু লগতে অন্যান্য প্রয়োজনীয় তথ্য পাতিও সন্নিবিষ্ট কৰি দিয়া হয় । ইউনিক’ড ব্যৱহাৰ কৰি আখৰ লিখিলে পৃথিবীৰ যিকোনো স্থানতে যিকোনো কম্পিউটাৰত সেয়া পঢ়িব পাৰিব কাৰণ আজিকালি যিকোনো কম্পিউটাৰতে ইউনিক’ড ব্যৱহাৰ কৰিব পৰাকৈ তৈয়াৰ কৰা হয়। ইউনিক’ড ষ্টেন্ডাৰ্ড মতে প্রস্তুত কৰা ফণ্ট ব্যৱহাৰ কৰিলে সেই ফণ্ট থকা কম্পিউটাৰত তাক পঢ়িব পাৰিব ।
বৰ্তমান ইউনিক’ডত অসমীয়া লিখন সঁজুলি সহজে উপলব্ধ (http://www.xahitya.org/useful-links/) , ইয়াৰ ফলস্বৰূপে কম্পিউটাৰ , ম’বাইল, টেবলেট , ই-ব্ৰহ্মাণ্ড মাধ্যমত ইউনিক’ডত অসমীয়া লিখা এক আন্দোলন অসমত গঢ় লৈ উঠা দেখা গৈছে । অৱশ্যে, ইউনিক’ডত অসমীয়া লিখিলেহে অসমীয়া বিষয়ক তথ্য-পাতি আৰু বিভিন্ন উপাদানবোৰ ই-ব্ৰহ্মাণ্ডৰ ছাৰ্চ ইঞ্জিনৰ যোগেদি সন্ধান কৰিলে বিচাৰি পোৱা যাব । বৰ্তমান ইউনিক’ডত অসমীয়া লিখা ই-আলোচনী , বিভিন্ন বেৱছাইট , ব্লগ আদিৰ সংখ্যা বাঢ়িব ধৰিছে তথা ছোচিয়েল নেটৱৰ্কিং ছাইটবোৰতো বহুতে অসম আৰু অসমীয়া বিষয়ক বিভিন্ন তথ্য-পাতি সন্নিবিষ্ট কৰাৰ প্রয়াস কৰিছে । ই এক আনন্দৰ বাৰ্তা ।

অসমীয়া ভাষাৰ ই-আলোচনী কেইখনমান হ’ল –
অভিজ্ঞানম : http://abhigyanom.com/
আই : http://www.aai.ind.in/
আখৰ : http://www.aakhar.in/
আমি অসমীয়া : http://www.amiasomiya.com/
আৰম্ভণি : http://www.arambhani.com/
এনাজৰী : http://www.enajori.com/
গণিত চ’ৰা : http://as.gonitsora.com/
জোনাকীৰ বাটেৰে : http://www.junakirbatere.com/
নিজাইন : http://nezine.com/
নীলা চৰাই : http://nilacharai.com/
প্রজন্ম : https://prajonma.wordpress.com/
ফেহুঁজালি : http://fahujali.com/
বৌদ্ধিক বিচাৰ : http://bouddhikbichar.com
মণিকূট :https://manikut.wordpress.com/
মুক্ত চিন্তা : http://muktosinta.org/
সন্ধান : http://xondhan.com/
সাহিত্য : http://www.xahitya.org/
সৃষ্টিৰ জিলিঙনি : https://sristirjiligoni.wordpress.com/
সেউজী ধৰণী : http://sadik2crs.blogspot.in/

“ডিজিটেল লাইব্ৰেৰি অৱ ইণ্ডিয়া(http://www.dli.ernet.in/)” ত ২১৫২ খন অসমীয়া কিতাপ পি ডি এফ ফৰ্মেটত আছে আৰু ডাউনলোড কৰি অফলাইনতো পঢ়িব পাৰি ।

বৰ্ত্তমান অসমীয়া বাতৰি কাকত ইণ্টাৰনেট সংস্কৰণ আছে । বাতৰি কাকতবোৰ ইণ্টাৰনেট সংস্কৰণৰ ঠিকনাবোৰ হ’ল –
১। আমাৰ অসম : http://amarasom.glpublications.in)
২। দৈনিক অগ্রদূত :http://www.dainikagradoot.com)
৩। নিয়মীয়া বার্তা : http://www.niyomiyabarta.org)
৪। অসমীয়া খবৰ : http://www.assamiyakhabor.com)
৫। অসমীয়া প্রতিদিন : http://www.asomiyapratidin.in)
৬। জনসাধাৰণ : http://www.janasadharan.in
৭। দৈনিক জনমভূমি :http://www.dainikjanambhumi.co.in
৮। দৈনন্দিন বাৰ্তা :http://www.dainandinbartagroup.in
৯। দৈনিক অসম : http://dainik.assamtribune.com
১০। আমি অসমৰ জনগণ : http://www.aajnews.in
১১। গণ অধিকাৰ : http://www.ganaadhikar.com
১২। নিউজ ৩০ : http://news30.co.in
১৩। অসম বাণী : http://www.asambani.com
১৪।সাদিন : http://sadin.co.in
১৫।অৰুণোদয় সংবাদ : http://www.aroonudaisangbad.com

‘নন্দিনী’ আলোচনীৰ ইণ্টাৰনেট সংস্কৰণৰ ঠিকনাটি হ’ল – http://nandinimagazine.in।

সেইদৰে অনলাইন অসমীয়া অভিধান ‘শব্দ’: http://www.xobdo.org আৰু চন্দ্ৰকান্ত অভিধানৰ ইণ্টাৰনেট সংস্কৰণৰ ঠিকনাটি হ’ল http://dsal.uchicago.edu/dictionaries/candrakanta/ ।
মুক্ত বিশ্বকোষ অসমীয়া ৱিকিপিডিয়াৰ ঠিকনাটি হ’ল : https://as.wikipedia.org ।

অন্যহাতে , অতি পৰিতাপৰ বিষয় যে অসমত অসমীয়া পঢ়িব আৰু লিখিব পৰা লোকৰ সংখ্যা দিনে দিনে কমি আহিছে । যিকোনো মাধ্যমতে শিক্ষা গ্রহণ কৰিলেও অসমত থকা সকলো লোকে যাতে অসমীয়া ভাষাতো পঢ়িব আৰু লিখিব পাৰে তাৰ ব্যৱস্থা গ্রহণ কৰাটো খুবেই প্রয়োজন । এই বিষয়ে সজাগতা আনিবৰ বাবে স্বেচ্ছাসেৱী , বেচৰকাৰী অনুষ্ঠান তথা অসমৰ উন্নতিৰ হকে কাম কৰিব বিচৰা ছোচিয়েল নেটৱর্কিং ছাইটৰ বিভিন্ন গোটসমূহে আগ বাঢ়ি আহিলে ভাল হয় । তদুপৰি বিভিন্ন বাতৰি কাকত , আলোচনীসমূহৰ লেখক তথা পঢ়ুৱৈসকলেও এই বিষয়ে সজাগতা বৃদ্ধিত অৰিহণা যোগাব পাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!